Home Blog Page 2597

আৰ্থিকভাৱে জুৰুলা ভাৰতৰ এখন চুবুৰীয়া দেশ!

আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ! এই দেশখন হৈছে শ্ৰীলংকা। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনি হোৱা বাবে সদায় ব্যৱহাৰ কৰা পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিবলৈ ধনৰ নাটনি হৈ পৰিছে হৈছে দেশখনৰ।

ফলত দেশখনৰ বহুতো পেট্ৰ’ল পাম্পত অভাৱ হৈছে ইন্ধনৰ। আনহাতে যিকেইটা পেট্ৰ’ল পাম্পত ইন্ধন উপলদ্ধ হয়, তাতো দীঘলীয়া শাৰী শাৰী পাতে। শ্ৰীলংকা চৰকাৰে তেওঁলোকৰ এই পৰিস্থিতিৰ কথা নিজেই প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে।ফৰেক্স ৰিজাৰ্ভ সংকটৰ বাবে এনে অৱস্থা হৈছে দেশখনৰ।

বিহালীত বাঘৰ আতংকৰ মাজতে অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ!

বিহালীৰ বিভিন্ন স্থানত এতিয়াও বাঘৰ আতংক অব্যাহত আছে।কিন্তু তাৰ মাজতে বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বিহালীত। মঙলবাৰে এখন ব্যক্তিগত চাহ বাগিছাত উদ্ধাৰ হৈছে এই মৃতদেহটো ।জানিব পৰা মতে লোক জনে ২০ দিনমান পূৰ্বে বিহালীৰ বৰাজুলী গাৱঁত বাঘে আতংকিত পৰিবেশৰ সৃষ্টি কৰিছিল আৰু সেই সময়ত নিজৰ পৰিয়ালক ঘৰৰ ভিতৰত থাকিবলৈ দি বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হৈছিল লোকজন।

পৰবৰ্তী সময়ত লোক জনক পৰিয়ালৰ লোকে বিচাৰি নাপাই আত্মীয় স্বজনক খবৰ লোৱাৰ পাছতো সন্ধান পোৱা নাছিল লোকজনৰ।কিন্তু মংগলবাৰে হঠাৎ নিৰুদ্দেশ হোৱা লোকজনৰ মৃতদেহ এখন চাহ বাগিছাৰ মাজত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত এক চাঞ্চল্যৰ সৃষ্টি হৈছে বিহালীত।মৃতদেহৰ মুণ্ড আৰু দেহ পৃথক পৃথক ভাবে বাগিচাখনত অৰ্ধ গলিত অবস্থাত উদ্ধাৰ হোৱাত আৰু আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।বিহালীত বহু দিনৰ পৰাই বাঘে পশুধন আক্ৰমণত ৰাইজৰ ক্ষতি সাধন কৰি আহিছিল যদিও আজিকোপতি মানুহক আক্ৰমণ কৰা নাছিল।

এতিয়া মৃতদেহ উদ্ধাৰ হোৱাত বিহালীবাসী আৰু আতঙ্কিত হৈ পৰিছে।ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লোকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ অনাৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিহালী আৰক্ষীয়ে। স্থানীয় ৰাইজৰ সন্দেহ বাঘৰ আক্ৰমণতে এই লোক জনক মৃত্যু হৈছে ।এই ক্ষেত্ৰত এই দৰিদ্ৰ পৰিয়ালটোৰ ঘৰৰ মুৰব্বী জনৰ মৃত্যুৰ ক্ষতি পুৰণ পোৱাৰ দাবী জনাইছে বিহালীৰ সচেতন লোকে।

উত্তৰ-পূবকে ধৰি আগন্তুক পাঁ‌চ দিনত প্ৰায় ১৯ খন ৰাজ্যত হ’ব প্ৰবল বৰষুণ !

প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ! অনাগত পাঁচ দিনত ১৯ খন ৰাজ্যৰ লগতে উত্তৰ-পূবৰ এই বহুকেইখন ৰাজ্যত হ’ব প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা।

এই কথা জনাই ভাৰতীয় বতৰ বিজ্ঞানে।ভাৰতীয় বতৰ বিজ্ঞানে জনোৱাৰ মতে ,আগন্তুক পাঁ‌চ দিনত দেশৰ ১৯ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলতো প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা বুলি জনায়।আগন্তুক পাঁ‌চ দিনত পাঞ্জাৱ,হাৰিয়ানা,চণ্ডীগড়,উত্তৰ প্ৰদেশ,বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগত প্ৰৱল বৰষুণ হ’ব বুলি জনাই বতৰ বিজ্ঞানে।লগতে অসম,মণিপুৰ,মিজোৰাম,মেঘালয়,নাগালেণ্ড,ছিকিম,ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশতো বৰষুণৰ সম্ভাৱনা বুলি জনাই।আগন্তুক বৰষুণৰ পিছতে হয়তো এই ৰাজ্যৰ সমূহত শীতৰ প্ৰকোপ বেছি হোৱাৰো সম্ভৱনা বুলি জনাই ভাৰতীয় বতৰ বিজ্ঞানে।

মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ আঠজন অসমৰ ভুক্তভোগী

গুজৰাটৰ পৰা উদ্ধাৰ কৰা হৈছে আঠজন অসমৰ ভুক্তভোগী।দেওবাৰে এক যুটীয়া অভিযানত সশস্ত্ৰ সীমা বল (এছএছবি)ৰ ২৪ তম বেটেলিয়ন আৰু আৰক্ষীয়ে অসমৰ পৰা গুজৰাটলৈ সৰবৰাহ কৰা আঠজন ভুক্তভোগীক উদ্ধাৰ কৰে।উদ্ধাৰ কৰি মঙলবাৰে তেওঁলোকৰ পৰিয়ালক গতাই দিয়ে। চাৰিগৰাকী মহিলা, এজন পুৰুষ আৰু তিনিগৰাকী নাবালক উদ্ধাৰ কৰে। অসমৰ বাক্সা জিলাৰ দৰঙ্গা কালিপুৰ অঞ্চলৰ বাসিন্দা এইসকলক গিৰ সোমনাথ জিলাৰ ভেৰাভাললৈ লৈ যোৱা হৈছিল।আৰক্ষীয়ে জনোৱা মতে মঞ্জনা নামৰ এগৰাকী মহিলাৰ নেতৃত্বত এটা দলে তেওঁলোকক চাকৰি দিয়াৰ অজুহাতত গুজৰাটলৈ লৈ গৈছিল।

মহিলাগৰাকীয়ে ভুক্তভোগীসকলক প্ৰতাৰণা কৰি তেওঁলোকৰ দৰমহা ৫ লাখ টকালৈ লৈ গৈছিল।”তেওঁলোকক এটা কোম্পানীত নিযুক্তি দিয়া হৈছিল,দলটোৱে তেওঁলোকৰ মোবাইল ফোনবোৰ কাঢ়ি লৈ গৈছিল। তেওঁলোকক আনকি দৰমহাও দিয়া হোৱা নাছিল,” এইদৰে তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই কয়।তেওঁলোকক এটা কোম্পানীত নিযুক্তি দিয়া হৈছিল আৰু দলটোৱে তেওঁলোকৰ মোবাইল ফোনবোৰ কাঢ়ি লৈ গৈছিল। তেওঁলোকক আনকি দৰমহাও দিয়া হোৱা নাছিল,” তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই কয়।


ভুক্তভোগী সকলৰ পৰিয়ালৰ সদস্যসকলে তামুলপুৰ আৰক্ষী থানাত দলটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছত, এছ.এছ.বি.-য়ে আৰক্ষীৰ সহযোগত ভুক্তভোগীসকলক উদ্ধাৰ কৰে।
বিষয়াজনে কৈছিল যে দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱ হৈছে দুটা মুখ্য কাৰণ যাৰ বাবে এই লোকসকল সৰবৰাহকাৰী ৰেকেটৰ দ্বাৰা সহজে আৱদ্ধ হৈ পৰে। তেওঁ লগতে কয়, “মহামাৰীয়ে পৰিস্থিতিৰ অৱনতি ঘটাইছে কিয়নো ই মানুহক কোনো উপাৰ্জন নকৰাকৈ ৰাখিছে।”যাৰ বাবে চাকৰি আশাত এই সকল ব্যক্তিয়ে গুজৰাটলৈ গৈ ভয়ংকৰ পৰিস্থিতিৰ পৰা কথমপি ৰক্ষা পৰিছে।

CAA সন্দৰ্ভত কি ক’লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?

গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পিছতে CAA বিৰুদ্ধে সৰৱ হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য!

গৃহমন্ত্ৰী অমিত শ্বাহে অতি শীঘ্ৰেই কা বলবৎ কৰিম বুলি মন্তব্য কৰিছিল।তেওঁৰ এই মন্তব্য পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যে।তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে “অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিব লাগিব, কোনো এখন চৰকাৰে আজিলৈকে অসম চুক্তি ৰূপায়ণ কৰবলৈ সক্ষম নহল।CAAক লৈ আমাৰ যি স্থিতি সেই স্থিতিত আমি অটল থাকিম, অসমত CAA কেতিয়াও বলৱৎ হ’বলৈ দিয়া নহ’ব আৰু CAA ৰ বিৰুদ্ধে যি সংগ্ৰাম সেই সংগ্ৰাম চলিয়ে থাকিব”।এইদৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যত প্ৰত্যুত্তৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বিকল ধাৰাপুৰ পানী যোগান আঁচনি

গুৱাহাটী মহানগৰীৰ পশ্চিম -প্ৰান্তৰ ধাৰাপুৰ পানী যোগান আঁচনিখন বিগত প্ৰায় দহ দিন ধৰি বিকল হৈ থকাৰ ফলত স্থানীয় গাওঁবাসী পৰিয়াল ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । উল্লেখ্য যে ধাৰাপুৰ পানী যোগান আঁচনিখনৰ অধীনত বৃহত্তৰ ধাৰাপুৰ মাজৰবাহাৰ , গাঁওমাজ , কোছপাৰা , ধোপৰতল , নতুনবস্তি , খানামুখ আদি অঞ্চলৰ প্ৰায় সহস্ৰাধিক পৰিয়ালে খোৱা পানীৰ সুবিধা লাভ কৰি আহিছিল ।

আঁচনিখনৰ জৰিয়তে প্ৰতিদিনে পুৱাৰ ভাগত পানী যোগান ধৰি আহিছিল যদিও সম্প্রতি আঁচন খন হঠাতে বিকল হৈ পৰাৰ লগে লগে স্থানীয় গাওঁবাসীৰ মাজত হাহাকাৰ লাগিছে । জানিব পৰা মতে গুৱাহাটীৰ দক্ষিণ-পশ্চিম পানী যোগান আঁচনিখনৰ অধীনত কাম কৰি থকা গেমন ইণ্ডিয়াৰ হঠকাৰী কামৰ বাবেই ধাৰাপুৰ পানী যোগান আঁচনিখন বিকল হৈ পৰিছে । ধাৰাপুৰ পানী যোগান আঁচনিৰ এক সূত্ৰই সদৰী কৰা মতে গেমন ইণ্ডিয়াই বিগত কিছু বছৰ পূৰ্বে দক্ষিণ-পশ্চিম পানী যোগান আঁচনিখনৰ অধীনত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ মূল পথৰ দাঁতিত বৃহদাকাৰ নীলা ৰঙৰ পানী পৰিবাহী পাইপ সমূহ বহুৱাইছিল ।

কিন্তু দিন বাগৰাৰ লগে লগে সেই বৃহদাকাৰ পানী পৰিবাহী নীলা ৰঙৰ পাইপ সমূহৰ অধিকাংশ স্থান নমনীয় হৈ পৰাৰ পৰিপ্ৰেক্ষিতত সেই স্থান সমূহেৰে অনবৰতে পানী ওলাই থাকে । গেমন ইণ্ডিয়াৰ কৰ্মচাৰীয়ে স্থানসমূহক পুনৰ নিৰীক্ষণ কৰিবলৈ এস্কেভেটৰৰ জৰিয়তে বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ মূল পথৰ দাঁতি সমূহত বৃহৎ দ-গাঁত খন্দাৰ ফলত দুৰ্ভাগ্যজনক ভাবে সেই নীলা ৰঙৰ পানী পৰিবাহী পাইপ সমূহৰ তেনেই কাষতে থকা ধাৰাপুৰ পানী যোগান আঁচনিৰ পৰিবাহী পাইপ সমূহ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰিছে । যাৰ ফলত ধাৰাপুৰ পানী যোগান আঁচনিৰ জৰিয়তে যোগান ধৰি থকা খোৱাপানী যোগান বন্ধ ৰাখিব লগীয়া হৈছে । পৰিতাপৰ কথা এই যে এনেবোৰ কাৰ্য দেখি-শুনিও ধাৰাপুৰ পানী যোগান আঁচনি খনৰ দায়িত্বত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা গৰাকীয়ে পলায়নবাদী মনোভাৱ গ্ৰহণ কৰি থকাত স্থানীয় জনসাধাৰণ বিতুষ্ট হৈ পৰিছে । তেনেক্ষেত্ৰত অতি সোনকালে ধাৰাপুৰ পানী যোগান আঁচনিখন সুচল কৰি তুলিবলৈ সংশ্লিষ্ট দায়িত্ববাহী কৰ্তৃপক্ষক দাবী জনাইছে বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ স্থানীয় জনসাধাৰনে ।

আজি বাংলোত মোৰ ব্যক্তিগত বাথৰুম যিমান ডাঙৰ হয়, মোৰ ঘৰটো তাতোকৈ সৰু আছিল :নৱাজুদ্দিন চিদ্দিকী

অভিনেতা নৱাজুদ্দিন চিদ্দিকী মুম্বাইত তেওঁৰ বাংলোৰ বাবে যোৱা কেইবাদিনো ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। কেইদিনমান আগতে এই ‘সপোনৰ প্ৰাসাদ’লৈ স্থানান্তৰিত হৈছে অভিনেতাগৰাকী । এতিয়া এটা শেহতীয়া সাক্ষাৎকাৰত, নৱাজে কৈছে যে আজি, এই বাংলোটোত তেওঁৰ ব্যক্তিগত বাথৰুম যিমানে ডাঙৰ হয়, তাতোকৈ সৰু ঘৰটোত তেওঁ বাস কৰিছিল। নৱাজৰ নতুন ঘৰটো চহৰখনৰ অভিজাত এলেকা ভাৰ্ছোভাত অৱস্থিত। নৱাজুদ্দিনে এই বাংলোটো পুনৰ নিৰ্মাণ কৰিবলৈ ৩ বছৰ সময় লৈছিল। তেওঁ তেওঁৰ দেউতাকৰ স্মৃতিত বাংলোটোৰ নাম ‘নৱাব’ ৰাখিছে। নৱাজৰ বগা ৰঙৰ এই সুন্দৰ বিশাল বাংলোটোৰ ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈছিল ।

নৱাজুদ্দিন চিদ্দিকীয়ে কয়, “মোৰ তেনে কোনো মনোযোগ নাছিল। এই সকলোবোৰ সুবিধা মোৰ কঠোৰ পৰিশ্ৰমৰ ফল। মই কেতিয়াও এটা বাংলোত বাস কৰাৰ সপোন দেখা নাছিলো। এয়া মোৰ ভাইটি যিয়ে মোক প্লটটো দেখুৱাইছিল। তেতিয়া মোৰ আগ্ৰহ বাঢ়িছিল আৰু তাৰ পিছত ফলাফলটো আপোনাৰ সন্মুখত আছে। আজি, মোৰ ব্যক্তিগত বাথৰুম যিমানে ডাঙৰ হয়, মোৰ ঘৰটো সিমানেই সৰু আছিল। যেতিয়া মই মুম্বাইলৈ স্থানান্তৰিত হৈছিলোঁ, মই এটা অতি সৰু ঠাইত বাস কৰিছিলো, যিটো আৰু চাৰিজন লোকৰ সৈতে ভাগ বতৰা কৰিব লগা হৈছিল। সেই কোঠাটো ইমান সৰু আছিল যে যদি মই দুৱাৰখন খুলিলো, ই কাৰোবাৰ ভৰিত পৰিব, । লাহে লাহে মই মোৰ কোঠাটো তিনিজন মানুহৰ সৈতে ভাগ -বতৰা কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰ পিছত দুটাৰ সৈতে আৰু ২০০৫ চনৰ পৰা, মই অকলে থাকিবলৈ আৰম্ভ কৰিলোঁ।

বাংলোটোৰ নাম তেওঁৰ দেউতাকৰ নামেৰে ৰখাৰ সন্দৰ্ভত চিদ্দিকীয়ে কয়, “মোৰ মনত আছে যেতিয়া মোৰ দেউতাই কেইবছৰমান আগতে মুম্বাইত মোক লগ কৰিবলৈ আহিছিল, তেতিয়া তেওঁ বৰ বিচলিত হৈছিল আৰু কৈছিল, ‘আপোনালোক কেনেধৰণৰ চৰাইৰ ঘৰত বাস কৰে। মই সেই সময়ত ৩ টা বি.এইচ.কে. এপাৰ্টমেণ্টত বাস কৰি আছিলো, যিটো আমাৰ গৃহচহৰৰ ঘৰতকৈ বহুত সৰু আছিল, যিটো দেউতাই বহুত ভাল পাইছিল। তেওঁৰ মন মুম্বাইৰ ঘৰত নাছিল। সেয়েহে, মই সদায় ভাবিছিলো যে মই তেওঁক এদিন মুম্বাইৰ এটা ডাঙৰ ঠাইলৈ লৈ যাম, কিন্তু তাৰ আগতে তেওঁৰ মৃত্যু হৈছিল। মই আশা কৰিছিলো যদি মোৰ দেউতাই এই বাংলোটো চাব পাৰিলেহেঁতেন।

ইণ্টাৰনেট সংবেদনৰ প্ৰতি সন্মান: তাঞ্জানিয়াত ভাৰতীয় উচ্চআয়োগে সন্মানিত কৰিলে কিলি পলক।

বিনায়া প্ৰধানে কিলি পলৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখিছিল, “আজি তাঞ্জানিয়াত ভাৰতীয় উচ্চআয়োগৰ কাৰ্যালয়লৈ এজন বিশেষ অতিথি আহিছিল। তাঞ্জানিয়াৰ বিখ্যাত শিল্পী কিলি পলে তেওঁৰ বহুতো ভিডিঅ’ত বলীউডৰ বহুতো গানৰ সৈতে লিপ-চিং কৰি ভাৰতৰ লাখ লাখ লোকৰ হৃদয় জয় কৰিছে। বিনায়াই দুখন ফটো শ্বেয়াৰ কৰিছে, প্ৰথমখনত তেওঁলোকে কিলিক সন্মান জনোৱা দেখা গৈছে। দ্বিতীয় ফটোখনত, বিনিয়া, কিলি পল আৰু আন এজন বিষয়াক বহি কথা পাতি থকা দেখা গৈছে।

কিলি পলে বলীউডৰ গানৰ সৈতে লিপ-চিং কৰিছিল । ইণ্টাৰনেট সংবেদন কিলি পলক শেহতীয়াকৈ তাঞ্জানিয়াত ভাৰতীয় উচ্চআয়োগে পুৰস্কৃত কৰিছে। ভাৰতীয় কূটনীতিবিদ বিনায়া প্ৰধানে তাঞ্জানিয়াত ভাৰতীয় উচ্চ আয়োগৰ কাৰ্যালয়ত কিলি পলক এই সন্মান প্ৰদান কৰে। তেওঁ কিলি পলৰ সৈতে বৈঠকৰ কিছুমান ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। বিনিয়াই ফটোবোৰৰ সৈতে এটা টোকাও লিখিছে, য’ত তেওঁ কিলি পলক তীব্ৰ প্ৰশংসা কৰিছে।

ইনষ্টাগ্ৰামত কিলি পলৰ 2.2 নিযুত অনুসৰণকাৰী ।কিলি পলৰ ইনষ্টাগ্ৰামত ২.২ নিযুত অনুসৰণকাৰী আছে। আয়ুষ্মান খুৰানা, গুল পানাগ, ৰিচা চাধাকে ধৰি বহুতো চেলিব্ৰেটীয়েও দুয়োজন ভাই-ভনীক অনুসৰণ কৰি আছে। বলীউডৰ জনপ্ৰিয় গানবোৰৰ সৈতে লিপ-চিং কৰাৰ উপৰিও, কিলি পলে ভিডিঅ’বোৰত তেওঁ নৃত্যৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈও ভাল পায়।

কিলি আৰু নীমা দুয়োজনেই ‘শ্বেৰশাহ’ চলচ্চিত্ৰৰ ‘ৰাতন লম্বিয়ান’ গানটোত লিপ-চিং কৰা ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতহে ভাৰতত জনপ্ৰিয় হৈ পৰিছিল। তেওঁলোক দুয়োৰে এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত, ‘ৰাতন লেম্বিয়ান’ৰ সংগীত পৰিচালক তানিষ্ক বাগচীয়েও কিলি পললৈ এটা বাৰ্তা প্ৰেৰণ কৰে আৰু একেলগে কাম কৰাৰ প্ৰস্তাৱ দিয়ে ।

আধাৰশিলাৰ এটা বছৰৰ পাছতো নিৰ্মাণ নহল বালিঘাট মিলনপুৰ পথ

নাজিৰা মহকুমাৰ গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালিঘাট অঞ্চলৰ এটা অতি পুৰণি আৰু ব্যস্ত পথ হৈছে বালিঘাট মিলনপুৰ পথ। চৰকাৰী নাম বালিঘাট আতনপুৰ পথ। ৰাজ্যিক লোক -নিৰ্মাণ বিভাগৰ অধীনস্থ এই পথটোৰ দুৰৱস্থাই স্হানীয় জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত জ্বলা – কলা খোৱাই আহিছে। লোক -নিৰ্মাণ বিভাগে পথটোত শিলগুটি দুটামান ছটিয়ায়েই উন্নয়নৰ কাম সামৰিলে। মিলনপুৰবাসীৰ বহু আবেদন – নিবেদন কৰাৰ পিছত বিগত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীত তদানীন্তন ৰাজহ, দুৰ্যোগ প্ৰশমন আৰু লোক -নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক যোগেন মহনে পথটো উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰিলে। এচ অ’ পি ডি (জি) আঁচনিৰ অধীনত পথটো উন্নয়নৰ বাবে আধাৰশিলা স্হাপন কৰা হ’ল যদিও এটা বছৰে পথটোৰ কোনো কাম নহল। উল্লেখযোগ্য যে – গড়গাঁও পানীদুৱাৰ আলি আৰু ঐতিহাসিক ধোদৰ আলি সংযোগী এই মিলনপুৰ (আতনপুৰ) পথটোৱে গড়গাঁও, পানীবিল, ভোগবাৰী, বৰক’লা, বকতা, নঙলামৰা, হাৰিপৰা আদি অঞ্চলকে ধৰি বহু অঞ্চলৰ ৰাইজৰ যাতায়তৰ অতি সুগম আৰু চমু পথ।

স্হানীয় জনসাধাৰণৰ লগতে এই পথটোৱে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীয়েও অহা – যোৱা কৰে। বাৰিষাত বোকা -পানী গচকি অহা -যোৱা কৰা সকলো প্ৰকাৰৰ জনসাধাৰণে এই পথত জীয়াতু ভূগিবলগীয়া হয়। পৰিতাপৰ কথা এয়ে যে – যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো অঞ্চলৰ বাট – পথৰ উন্নয়ন সাধন, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান, দৰিদ্ৰ জনলৈ পকীঘৰ, স্বাস্থ্য, শিক্ষা তথা বিনামূলীয়াকৈ কেইবাবিধো অত্যাৱশকীয় সামগ্ৰী ,দৰিদ্ৰ জনতাক যোগান ধৰি দেশক প্ৰগতিৰ পথত আগুৱাই নিয়াৰ লক্ষ্যৰে দ্ৰুতগতিত বিভিন্ন কাম হাতত লৈছে তেনে সময়তে আধাৰশিলাৰ এটা বছৰৰ পাছতো এটা পথৰ উন্নয়ন নোহোৱাটো অতি আশ্চৰ্য্যজনক। সেয়েহে অঞ্চলটোৰ ভূক্তভোগী জনসাধাৰণে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ ওচৰত বাৰিষা অহাৰ পূৰ্বেই বালিঘাট মিলনপুৰ পথ সুচল কৰি দিবলৈ দাবী উত্থাপন কৰে।

আহি গ’ল ডনাল্ড ট্ৰাম্পৰ ‘ট্ৰুথ ছ’চিয়েল’ ছ’চিয়েল মিডিয়া এপ!

আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে এক বিশেষ খবৰ ! ডনাল্ড ট্ৰাম্পৰ নতুন মিডিয়া কোম্পানীৰ ছ’চিয়েল মিডিয়া এতিয়া আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে উপলব্ধ।অনাগত দিনত এণ্ড্ৰইড সংস্কৰণতো মুকলি কৰিব। ডনাল্ড ট্ৰাম্পৰ নতুন মিডিয়া কোম্পানীৰ পৰা বহু প্ৰতীক্ষিত সামাজিক মাধ্যম এপটো অৱশেষত ইয়াত আছে আৰু আশা কৰা অনুসৰি, এপ্পটো এতিয়া কেৱল আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, আই.ও.এছ. ২১ ফেব্ৰুৱাৰীৰ মাজনিশাৰ আগতে এ’পল এপ ষ্টোৰত উপলব্ধ হৈছিল। ‘ট্ৰুথ ছ’চিয়েল’ৱেবছাইটতো কাম কৰি থকা যেন লাগিছে, বিশেষকৈ যিহেতু এই কাহিনীটো লিখাৰ সময়ত ৱেবছাইটটো এইচ টি টি পি এছ ইউ আৰ এলৰ সৈতে সুৰক্ষিত কৰা হোৱা নাই। এ’পল এপ ষ্টোৰত উপলব্ধ ট্ৰুথ ছ’চিয়েল এপটো কেৱল আইফোনৰ সৈতে সুসংগত, সেয়েহে আইপেডত এপটো বিচাৰিবলৈ চেষ্টা নকৰিব। এপল এপ ষ্টোৰত উপলব্ধ এপৰবিৱৰণ অনুসৰি, ট্ৰুথ ছ’চিয়েলে ব্যৱহাৰকাৰীসকলক কাষ্টম প্ৰ’ফাইল সৃষ্টি কৰাৰ সামৰ্থ্য প্ৰদান কৰে। তেওঁলোকে আৱিষ্কাৰ সুবিধা ব্যৱহাৰ কৰি আন লোকৰ সন্ধান কৰিব পাৰে আৰু শেষত, আপুনি প্লেটফৰ্মত আন ব্যৱহাৰকাৰীৰ সৈতে ভিডিঅ’ পোষ্ট আৰু শ্বেয়াৰ কৰিব পাৰে। ট্ৰুথ ছ’চিয়েলৰ আন্তঃপৃষ্ঠটো টুইটাৰৰ সৈতে একে আৰু মাইক্ৰ’ব্লগিং প্লেটফৰ্মৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠৰ সৈতে মানুহ কিমান অভ্যস্ত হৈ পৰিছে সেয়া বিবেচনা কৰি আচৰিত নহয়। কিন্তু টুইট, উত্তৰ আৰু লাইকৰ বিপৰীতে, ‘ট্ৰুথ ছ’চিয়েলে সত্য, সত্য,উত্তৰ আৰু মিডিয়া আগবঢ়ায়।এপটো টি মিডিয়া টেক এল এল চিৰ দ্বাৰা বিকশিত কৰা হৈছে যিটো ডনাল্ড ট্ৰাম্পৰ মিডিয়া কোম্পানীৰ নাম। এপ তালিকাত কোৱা হৈছে যে সত্য সামাজিক এপ ব্যৱহাৰ কৰিবলৈ আপোনাক আই অ এছ ১৩ সংস্কৰণত চলি থকা এটা আইফোনৰ প্ৰয়োজন। এপটো ১২.৪ এম বিত আহে আৰু ব্যৱহাৰকাৰীসকলৰ বাবে বিনামূলীয়া। এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে অতি সোনকাৰে এই এপটো লাভ কৰিব।