Breaking

আধাৰশিলাৰ এটা বছৰৰ পাছতো নিৰ্মাণ নহল বালিঘাট মিলনপুৰ পথ

0 39

নাজিৰা মহকুমাৰ গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালিঘাট অঞ্চলৰ এটা অতি পুৰণি আৰু ব্যস্ত পথ হৈছে বালিঘাট মিলনপুৰ পথ। চৰকাৰী নাম বালিঘাট আতনপুৰ পথ। ৰাজ্যিক লোক -নিৰ্মাণ বিভাগৰ অধীনস্থ এই পথটোৰ দুৰৱস্থাই স্হানীয় জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত জ্বলা – কলা খোৱাই আহিছে। লোক -নিৰ্মাণ বিভাগে পথটোত শিলগুটি দুটামান ছটিয়ায়েই উন্নয়নৰ কাম সামৰিলে। মিলনপুৰবাসীৰ বহু আবেদন – নিবেদন কৰাৰ পিছত বিগত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীত তদানীন্তন ৰাজহ, দুৰ্যোগ প্ৰশমন আৰু লোক -নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক যোগেন মহনে পথটো উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰিলে। এচ অ’ পি ডি (জি) আঁচনিৰ অধীনত পথটো উন্নয়নৰ বাবে আধাৰশিলা স্হাপন কৰা হ’ল যদিও এটা বছৰে পথটোৰ কোনো কাম নহল। উল্লেখযোগ্য যে – গড়গাঁও পানীদুৱাৰ আলি আৰু ঐতিহাসিক ধোদৰ আলি সংযোগী এই মিলনপুৰ (আতনপুৰ) পথটোৱে গড়গাঁও, পানীবিল, ভোগবাৰী, বৰক’লা, বকতা, নঙলামৰা, হাৰিপৰা আদি অঞ্চলকে ধৰি বহু অঞ্চলৰ ৰাইজৰ যাতায়তৰ অতি সুগম আৰু চমু পথ।

স্হানীয় জনসাধাৰণৰ লগতে এই পথটোৱে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীয়েও অহা – যোৱা কৰে। বাৰিষাত বোকা -পানী গচকি অহা -যোৱা কৰা সকলো প্ৰকাৰৰ জনসাধাৰণে এই পথত জীয়াতু ভূগিবলগীয়া হয়। পৰিতাপৰ কথা এয়ে যে – যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো অঞ্চলৰ বাট – পথৰ উন্নয়ন সাধন, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান, দৰিদ্ৰ জনলৈ পকীঘৰ, স্বাস্থ্য, শিক্ষা তথা বিনামূলীয়াকৈ কেইবাবিধো অত্যাৱশকীয় সামগ্ৰী ,দৰিদ্ৰ জনতাক যোগান ধৰি দেশক প্ৰগতিৰ পথত আগুৱাই নিয়াৰ লক্ষ্যৰে দ্ৰুতগতিত বিভিন্ন কাম হাতত লৈছে তেনে সময়তে আধাৰশিলাৰ এটা বছৰৰ পাছতো এটা পথৰ উন্নয়ন নোহোৱাটো অতি আশ্চৰ্য্যজনক। সেয়েহে অঞ্চলটোৰ ভূক্তভোগী জনসাধাৰণে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীৰ ওচৰত বাৰিষা অহাৰ পূৰ্বেই বালিঘাট মিলনপুৰ পথ সুচল কৰি দিবলৈ দাবী উত্থাপন কৰে।

Leave A Reply