Breaking

বিকল ধাৰাপুৰ পানী যোগান আঁচনি

0 215

গুৱাহাটী মহানগৰীৰ পশ্চিম -প্ৰান্তৰ ধাৰাপুৰ পানী যোগান আঁচনিখন বিগত প্ৰায় দহ দিন ধৰি বিকল হৈ থকাৰ ফলত স্থানীয় গাওঁবাসী পৰিয়াল ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । উল্লেখ্য যে ধাৰাপুৰ পানী যোগান আঁচনিখনৰ অধীনত বৃহত্তৰ ধাৰাপুৰ মাজৰবাহাৰ , গাঁওমাজ , কোছপাৰা , ধোপৰতল , নতুনবস্তি , খানামুখ আদি অঞ্চলৰ প্ৰায় সহস্ৰাধিক পৰিয়ালে খোৱা পানীৰ সুবিধা লাভ কৰি আহিছিল ।

আঁচনিখনৰ জৰিয়তে প্ৰতিদিনে পুৱাৰ ভাগত পানী যোগান ধৰি আহিছিল যদিও সম্প্রতি আঁচন খন হঠাতে বিকল হৈ পৰাৰ লগে লগে স্থানীয় গাওঁবাসীৰ মাজত হাহাকাৰ লাগিছে । জানিব পৰা মতে গুৱাহাটীৰ দক্ষিণ-পশ্চিম পানী যোগান আঁচনিখনৰ অধীনত কাম কৰি থকা গেমন ইণ্ডিয়াৰ হঠকাৰী কামৰ বাবেই ধাৰাপুৰ পানী যোগান আঁচনিখন বিকল হৈ পৰিছে । ধাৰাপুৰ পানী যোগান আঁচনিৰ এক সূত্ৰই সদৰী কৰা মতে গেমন ইণ্ডিয়াই বিগত কিছু বছৰ পূৰ্বে দক্ষিণ-পশ্চিম পানী যোগান আঁচনিখনৰ অধীনত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ মূল পথৰ দাঁতিত বৃহদাকাৰ নীলা ৰঙৰ পানী পৰিবাহী পাইপ সমূহ বহুৱাইছিল ।

কিন্তু দিন বাগৰাৰ লগে লগে সেই বৃহদাকাৰ পানী পৰিবাহী নীলা ৰঙৰ পাইপ সমূহৰ অধিকাংশ স্থান নমনীয় হৈ পৰাৰ পৰিপ্ৰেক্ষিতত সেই স্থান সমূহেৰে অনবৰতে পানী ওলাই থাকে । গেমন ইণ্ডিয়াৰ কৰ্মচাৰীয়ে স্থানসমূহক পুনৰ নিৰীক্ষণ কৰিবলৈ এস্কেভেটৰৰ জৰিয়তে বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ মূল পথৰ দাঁতি সমূহত বৃহৎ দ-গাঁত খন্দাৰ ফলত দুৰ্ভাগ্যজনক ভাবে সেই নীলা ৰঙৰ পানী পৰিবাহী পাইপ সমূহৰ তেনেই কাষতে থকা ধাৰাপুৰ পানী যোগান আঁচনিৰ পৰিবাহী পাইপ সমূহ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰিছে । যাৰ ফলত ধাৰাপুৰ পানী যোগান আঁচনিৰ জৰিয়তে যোগান ধৰি থকা খোৱাপানী যোগান বন্ধ ৰাখিব লগীয়া হৈছে । পৰিতাপৰ কথা এই যে এনেবোৰ কাৰ্য দেখি-শুনিও ধাৰাপুৰ পানী যোগান আঁচনি খনৰ দায়িত্বত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা গৰাকীয়ে পলায়নবাদী মনোভাৱ গ্ৰহণ কৰি থকাত স্থানীয় জনসাধাৰণ বিতুষ্ট হৈ পৰিছে । তেনেক্ষেত্ৰত অতি সোনকালে ধাৰাপুৰ পানী যোগান আঁচনিখন সুচল কৰি তুলিবলৈ সংশ্লিষ্ট দায়িত্ববাহী কৰ্তৃপক্ষক দাবী জনাইছে বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ স্থানীয় জনসাধাৰনে ।

Leave A Reply