Home Blog Page 2598

মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিযোগ নসাৎ কৰি প্ৰত্যুত্তৰ দিলে ভূপেন বৰাই!

ভূপেন বৰাৰ বিৰুদ্ধে ফ্লেট বেদখলৰ অভিযোগৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যুত্তৰ ভূপেন বৰাৰ।দীৰ্ঘদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্ৰী পিযুষ হাজৰিকৰ মাজত অব্যাহত আছে বাকযুদ্ধ। এইবাৰ মন্ত্ৰী পিযুষ হাজৰিকাই ভূপেন বৰাৰ পত্নীৰ নামত হাউছিঙৰ ফ্লেট থকা বুলি মন্তব্য কৰাৰ পিছতেই মাটিৰ প্ৰসংগ তুলি ভূপেন বৰাই আজি মন্তব্য কৰি কৈছে “মই ভুল মানিছোঁ বাৰু কিন্তু ,৪৩৫ স্কোৱেৰফুটৰ ফ্লেটতোৰ লগত ২৯ বিঘা মাটিৰ তুলনা হয় জানো?” লগতে কয় “ফ্লেটটো মোৰ নামত নাই পত্নীৰ নামতহে আছে, শাস্তি দিলে দিব পাৰে, কিন্তু ফ্লেটটোৰ লগত ২৯ বিঘা মাটিৰ কোনো তুলনাই নহয়।”এইদৰে মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

বৰপেটাত দুদিনীয়া কাৰ্যসূচীৰে সংকল্প মেলা                  

আজিৰে পৰা বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জীৱিকাৰ জ্ঞান আহৰণ আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে দুদিনীয়াকৈ “সংকল্প” শীৰ্ষক জিলা ভিত্তিক সজাগতামূলক কৰ্মশালা আৰম্ভ হৈছে। জিলা পুথিভঁৰাল চৌহদত আয়োজিত এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। দিনজোৰা কৰ্মশালাৰ সৈতে সঙ্গতি ৰাখি এখন আকৰ্ষণীয় মেলাও অনুষ্ঠিত কৰা হৈছে। মেলাত ৰেচম, হস্ততাঁত বস্ত্ৰ শিল্প, উদ্যোগ, পশুপালন আৰু পশু চিকিৎসা, গ্ৰামীণ জীৱিকা অভিযান আদি বিভিন্ন বিভাগৰ তৰফৰ পৰা বিপনী স্থাপন কৰি স্থানীয়ভাবে উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয়। তদুপৰি মহিলা সকলৰ মাজত পিঠা-পনাৰ ৰন্ধন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ভাষণত উপায়ুক্ত ভূচালে কয় যে, আমাৰ আধুনিক বিশ্বত বহু ধৰণৰ সংস্থাপনৰ সুযোগ-সুবিধা আছে যদিহে সেই ক্ষেত্ৰত উপযুক্ত দক্ষতা থাকে। অৰ্হতাৰ লগতে নিজক প্ৰতিষ্ঠিত কৰিবলৈ বা সংস্থাপিত কৰিবলৈ উপযুক্ত দক্ষতা আহৰণ কৰাৰ খুবেই আৱশ্যক বুলি উল্লেখ কৰি তেওঁ কয় যে, এইদিশত সহায় কৰি আমাৰ নিবনুৱা যুবক-যুৱতী সকলক সংস্থাপনৰ পথ দেখুৱাই দিয়াই এই “সংকল্প” শীৰ্ষক কৰ্মশালাৰ মূল উদ্দেশ্য। ইয়াৰ দ্বাৰা যুৱক-যুৱতী সকলে আশাৰ ৰেঙণী দেখিবলৈ পাব বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ মতে দক্ষতাৰ বিকাশে এজন ব্যক্তিৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিকাশো নিশ্চিত কৰে।  সভাৰ আৰম্ভণীতে জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে আদৰণী ভাষণ দিয়ে। অসম দক্ষতা বিকাশ অভিযানৰ জেষ্ঠ ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক দীপাংকৰ বৰ্মন, আৰু সহকাৰী প্ৰকল্প প্ৰৱন্ধক পিংকু চৌধুৰী, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ শৰ্মা, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাস আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে স্থানীয় সফল উদ্যোগীৰ সৈতে মত- বিনিময় অনুষ্ঠান এটি অনুষ্ঠিত হয়। ইয়াত অৰিন্দম সেনগুপ্ত, আনোৱাৰ হুছেইন, মোৱাৰক হুছেইন, জয়ন্ত বায়ন, সাহাদত হুছেইন আৰু নিৰ্মলা বেগম আদি থলুৱা সফল উদ্যোগী সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মাজতে স্থানীয় শিল্পীৰ দ্বাৰা ভোৰতাল নৃত্য, বিহু নৃত্য আৰু সমবেত সংগীতো প্ৰদৰ্শন কৰা হয়। কাইলৈ দ্বিতীয় দিনৰ অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক প্ৰৱন্ধক বীৰেণ দাসে দক্ষতা বিকাশ আৰু বিত্তীয় সাক্ষৰতাৰ বিষয়ত বক্তৃতা প্ৰদান কৰিব। তদুপৰি মীণ আৰু উদ্যোগ বিভাগ বিষয়াৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠানো অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তা সকলে জনায়।

লাহৰীঘাটৰ গেৰুৱাত POCSO ACT ৰ সজাগতা সভা

লাহৰীঘাটৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত POCSO ACT 2012 আৰু বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতা সভাত মৰিগাঁও জিলাৰ ভয়াবহ ব্যাধিৰ সন্দৰ্ভত কেবাটাও দিশ উন্মোচিত হয়। মৰিগাঁৱত অসমৰ ভিতৰতে অভিলেখ সংখ্যক শিশু যৌন নিৰ্যাতন, বাল্য বিবাহ আৰু হিউমেন ট্ৰেফিকিঙৰ ঘটনা সংঘটিত হৈ আহিছে। এই মন্তব্য জ্যেষ্ঠ অধিবক্তা ছাহনাজ বেগমৰ। জিলা আইনসেৱা  প্ৰাধিকৰণ মৰিগাঁৱৰ উদ্যোগত মঙ্গলবাৰে গেৰুৱা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শিশু যৌন অপৰাধৰ বিৰুদ্ধে প্ৰতিৰোধ আইন ও বাল্য বিবাহ (POCSO) সন্দৰ্ভত এক সজাগতা সভাত অংশ গ্ৰহণ কৰি জ্যেষ্ঠ অধিবক্তা ছাহনাজ বেগমে কেবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে।

মৰিগাঁও জিলাৰ ভূৰাগাঁও, মৈৰাবাৰী অঞ্চলৰ পৰাই সৰ্বাধিক হিউমেন ট্ৰেফিকিং হৈ আহিছে। অঞ্চলটোৰ বান গৰাখহনীয়াই অৰ্থনৈতিক ভেটি ভাঙি পেলোৱাৰ বাবেই এই সুবিধা লৈ আহিছে অপৰাধীয়ে।বিহাৰৰ পৰাও উদ্ধাৰ হৈছে মৰিগাঁৱৰ কেবাগৰাকীও যুৱতী।জিলাখনত হিউমেন ট্ৰেফিকিঙৰ বলি হৈছে যুৱকো।

ছাত্ৰীসকলক উদেশ্য কৰি শিশু যৌন নিৰ্যাতনৰ সন্দৰ্ভত সজাগ হবলৈ জ্যেষ্ঠ অধিবক্তা তথা শিক্ষাবিদ নিৰঞ্জন বৰুৱাই কয় – তোমালোকৰ দেহাটোৰ ওপৰত তোমালোকৰ সৰ্বোচ্চ ক্ষমতা আইনে দিছে।উল্লেখ্য যে মৰিগাও জিলাত প্ৰতিদিনেই পঞ্জীয়ন হৈ আহিছে শিশু যৌন নিৰ্যাতনৰ দৰে বহু ঘটনা। সজাগতা সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ বুবু মনি গোস্বামীয়ে ।

ঘগ্ৰাপাৰত নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান

ভাল মানুহক সমাজে স্মৰণ আৰু শ্ৰদ্ধা কৰে।সমৰ্পিত মনোভাৱেৰে আত্মীয় ,সহোদৰ আৰু ৰাইজক সময় দিব লাগে।সেই সময়েই দস্টাবেজৰ সৃষ্টি কৰে ; এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ।নলবাৰীৰ প্ৰাক্তন বিধায়ক,বিশিষ্ট ৰাজনীতিবিদ তথা জননেতা প্ৰয়াত মদন কলিতাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি শৰ্মাই মানুহে মানুহৰ বাবে জীয়াই থকাটোৱে সঁচাৰ্থত মানৱতা বুলি উল্লেখ কৰি কৰ্মৰ চানেকিৰে গ্ৰন্থৰ বুকুত স্থান পাই পুৰুষোত্তম হব পাৰে বুলি মন্তব্য কৰি প্ৰয়াত মদন কলিতা তেনে গুণৰ অধিকাৰী আছিল বুলিও মন্তব্য কৰে।নলবাৰী সমষ্টিৰ দল মত নিৰ্বিশেষে বিভিন্ন ক্ষেত্ৰতৰ  ৰাইজৰ উদ‍্যোগত কালি  ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত উক্ত স্মৃতিচাৰণৰ সভাখন  আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বনভাগ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ‍্যক্ষ যোগেন্দ্ৰ কলিতাই। নিজ ভাষণত শিক্ষাবিদগৰাকীয়ে প্ৰয়াত মদন কলিতাই অঞ্চলটোৰ অনুষ্ঠান-প্ৰতিষ্ঠান  প্ৰতিস্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা গ্ৰহণ কৰা বুলি ৰোমন্থন কৰি তৃণমূল পৰ্যায়ৰ ৰাইজে এগৰাকী অভিভাৱক হেৰালে বুলি মন্তব্য কৰে।সমাজকৰ্মী প্ৰভাত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই মদন কলিতাৰ স্মৃতিচাৰণ কৰি প্ৰয়াত বিধায়কগৰাকীয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তুলিছিল বুলি উল্লেখ কৰি ঘগ্ৰাপাৰ অঞ্চলত ৰাইজক নেতৃত্বত দিব পৰা নেতা দ্বিতীয়জন নোলাব বুলি মন্তব্য কৰে।বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ ফণীধৰ ডেকাই সভাখনত অংশগ্ৰহণ কৰি অঞ্চলটোৰ উত্তৰণৰ আঁৰত মদন কলিতা আছিল বুলি উল্লেখ কৰি মদন কলিতা ঘগ্ৰাপাৰৰ সাহস,আদৰ্শ আৰু  মাগদৰ্শক আছিল বুলি মন্তব্য কৰে।পুলেন মজুমদাৰে উদ্দেশ্য বাখ্যা কৰা স্মৃতি চাৰণ সভাখনত সমাজকৰ্মী দক্ষৰাম বৰ্মন, মহিধৰ পাটোৱাৰী,গৌৰী দাস আদিয়েও  প্ৰয়াত মদন কলিতাৰ কৰ্মৰাজিৰ ওপৰত স্মৃতিচাৰণ কৰে।স্মৃতিচাৰণ সভাখনৰ পুৰ্বে আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত মদন কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল‍্যাৰ্পন কৰে । ক্ৰমে প্ৰয়াত কলিতাৰ সহধৰ্মিনী চাৰু বালা কলিতা আৰু পুত্ৰ ৰাজকুমাৰ কলিতাই।ইয়াৰ পিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী প্ৰদ্যুৎ কুমাৰ ভূঞা, দিলীপ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ, সদৌ নলবাৰী জিলা ছাত্র সন্হাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা,সমাজকৰ্মী গনেশ তামূলী,সাংবাদিক তপন দাস,বিৰেন কলিতা, দ্বিজেন ডেকা, ৰামসেনাৰ নেতা সঞ্জীৱ দাসৰ লগতে বিশিষ্ট ব্যাক্তিসকলে।শ্বাহ আলাম আহমেদে আঁতধৰা অনুষ্ঠানটিত নলবাৰী সমষ্টিটোৰ পাঁচশতাধিক ৰাইজে অংশগ্ৰহণ কৰে।ইফালে সন্ধিয়াৰ ভাগত প্ৰয়াত মদন কলিতাৰ প্ৰতিচ্ছবিত অঞ্চলটোৰ বিশিষ্ট ব‍্যাক্তিসকলে বন্তি প্ৰজ্বলন কৰে।

এখনৰ পাছত আন এখন দক্ষিণৰ ছুপাৰ হিট ছবি!

বলিউদক পিছ পেলাইছে দক্ষিণৰ ছবি সমূহে।এইবাৰ আহিছে আন এখন ছুপাৰ হিট ছবি।পুষ্পাৰ বৃহৎ সফলতা পিছতেই এইবাৰ আন এখন ছুপাৰ হিট ছবি যেন বক্স অফিচত জুই লগাব।মুক্তি পূৰ্বেই চমক সৃষ্টি কৰিছে ছবি RRR য়ে।বাহুবলী নিৰ্মাতা এছ এছ ৰাজা মৌলীয়ে এইবাৰ নিৰ্মাণ কৰিছে ছবি RRR ।RRR ত অভিনয় কৰিছে বলিউদৰো দুই ছুপাৰ ষ্টাৰেও।RRR ছবি খনৰ বাজেট ৪০০ কোটি টকা।বাহুবলী ৰেকৰ্ড ভংগ কৰি আহি আছে ছবি RRR।

RRR ত অভিনয় কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা জুনিয়ৰ NTR,ৰামচৰণ আৰু বলিউদৰ দুই ছুপাৰ ষ্টাৰ অজয় দেৱগণ আৰু আলিয়া ভাটেও অভিনয় কৰিছে।ইতিমধ্যেই RRR ট্ৰেইলাৰ মুক্তি হৈছে।কিন্তু ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা নাই।৭ জানুৱাৰীত মুক্তি হোৱাৰ কথা আছিল যদিও কভিড পৰিৱেশৰ বাবে ছবিখনৰ দিন পিছুৱাই আছে।আনহাতে হিন্দী,তামিল,তেলেগু,মালায়ালম ভাষাত মুক্তি পাব ছবি RRR।ছবিখনৰ বাবে জুনিয়ৰ NTR আৰু ৰামচৰণে পৰিশ্ৰমিক লৈছে ৪৫ কোটি টকা।আনহাতে অজয় দেৱগণ ছবি খনৰ পাৰিশ্ৰমিক লৈছে ২৫ কোটি আৰু আলিয়া ভাটে লৈছে ৭।সকলোৱে এতিয়া ছবি খনৰ মুক্তিৰ অপেক্ষাত আছে।

পঞ্জাৱত চনু সুদৰ বিৰুদ্ধে এজাহাৰ দাখিল!

পঞ্জাৱত ভোটদানৰ দিনা ভগ্নী মালবিকাৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগত চনু সুদৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। পঞ্জাৱ বিধানসভা নিৰ্বাচন চলি থকা ৰ সময়ত চনু সুদৰ গাড়ীখন পঞ্জাৱ আৰক্ষীয়ে এটা ভোটকেন্দ্ৰত দেখা পোৱাৰ পিছত জব্দ কৰিছিল। ইয়াৰ পিছত, আৰক্ষীয়ে মোগাৰ লেণ্ডেকে গাঁৱত তেওঁৰ ভগ্নীৰ হৈ প্ৰচাৰ চলাই থকাৰ অভিযোগত অভিনেতাজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে।

অভিনেতাজনৰ বিৰুদ্ধে মোগা মহানগৰ আৰক্ষী থানাত আইপিচিৰ ধাৰা ১৮৮ (ৰাজহুৱা কৰ্মচাৰীৰ দ্বাৰা যথাযথভাৱে জাৰী কৰা আদেশ অমান্য) অধীনত গোচৰ ৰুজু কৰা হৈছে। চনু সুদে কয় যে তেওঁ কেৱল ভোট কেন্দ্ৰত নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছিল।আমি নিৰপেক্ষ নিৰ্বাচন পৰীক্ষা কৰা আৰু নিশ্চিত কৰাটো আমাৰ কৰ্তব্য। সেইবাবে আমি বাহিৰলৈ গৈছিলো। এতিয়া, আমি ঘৰত আছোঁ। নিৰপেক্ষ নিৰ্বাচন হ’ব লাগে,” চনু সুদে এএনআইক এইদৰে মন্তব্য কৰিছিল।

উন্নয়নৰ শ্লোগানে স্পৰ্শ কৰা নাই !এখন বাঁহৰ দলঙৰ ওপৰেৰে বছৰ বছৰ ধৰি বিপদ সংকুল যাত্ৰা

শাসনাধিষ্ঠিত মিত্ৰযোঁটৰ বিজেপি চৰকাৰ খনৰ উন্নয়নৰ শ্লোগানে স্পৰ্শ কৰা নাই বিটিএডি ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ এখন বাঁহৰ দলঙক । যাৰ ফলত সমষ্টিটোত গেলাবিল, বেঙেনাবাৰী,হিৰামাটি, শইকীয়া চুবুৰী ইত্যাদি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বিপদ সংকুলতাৰে যাতায়ত কৰি আহিছে এইখন বাঁহৰ দলঙেৰে ।  উল্লেখ্য যে উক্ত বৃহৎ এলেকাটোক সামৰি পাগলাদিয়া নদীৰ এটা মৰাসুঁতিৰ ওপৰত প্ৰায় দুইশ, ফুট দৈঘ্যৰ এখন কাঠৰ দলং মাজবাট সমষ্টিৰ বিধায়ক তথা তদানীন্তন  কংগ্ৰেছ চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী প্ৰয়াত চিলবিউছ কন্দপানে সুঁতিটোৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল ।মাজে সময়ে মন্ত্ৰীগৰাকীৰ তত্ত্বাৱধানত বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে উক্ত দলং খন মেৰামতিৰ কৰি আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে গৰু মৰিল পোক সৰিল লেখিয়াকৈ মন্ত্ৰী চিলবিউছ কন্দপানৰ মৃত্যু হোৱাৰ পাছত কোনো এখন চৰকাৰৰ এজন জনপ্ৰতিনিধিও এই দলংখন জৰাজীৰ্ণ হৈ পৰাৰ পাছতো পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।ক্ৰমান্বয়ে দলং খন জহি খহি যোৱাৰ পাছত গাঁওবাসীয়ে একাঁঠু পানী পাৰ হৈ অহা -যোৱা কৰি আহিছিল ।যদিও বাৰিষাৰ সময়ত ৰাইজৰ যাতায়তৰ  ক্ষেত্ৰত ভীষন সমস্যাৰ সৃষ্টি হৈছিল । সেয়েহে বেঙেনাবাৰী,হিৰামাটি,গেলাবিল,শইকীয়া চুবুৰী,ভোগদল,ৰৌমাৰী ইত্যাদি অঞ্চলৰ ৰাইজে যাতায়তৰ সামান্য সুবিধাৰ বাবে এখন বাহৰ দলং নিৰ্মাণ কৰি উক্ত দলঙৰ ওপৰেৰে বছৰ বছৰ ধৰি যাতায়ত কৰি আহিছে। প্ৰতি বছৰে বাৰীষাৰ আগে আগে ৰাইজে দলংখন মজবুতকৈ নিৰ্মাণ কৰি লয়। আনহাতে  উক্ত পথটোৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন হৈ ইফালে কৌপাটী হৈ  দলগাঁৱত যোৱাৰ সুবিধা থকাৰ লগতে ওৰাঙৰ পৰা ওৰাং ৰাষ্টীয় উদ্যানলৈ যাব পাৰে ।যদিও মৰাসুঁতিটোৰ ওপৰত দলং নোহোৱাৰ বাবে এই সুবিধাৰ পৰা ৰাইজ বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে । সেয়েহে উন্নয়নৰ শ্লোগান দি শূন্যতে গদা ঘুৰাই থকা শাসনাধিষ্ঠিত মিত্ৰযোঁটৰ বিজেপি চৰকাখনক এই দলংখন নিৰ্মাণ কৰি দিবলৈ ৰাইজে অনুৰোধ জনায় ।

২৬ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জিলা প্ৰশাসন সষ্টম হৈ পৰা দেখা গৈছে। প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে সদৰী কৰা অনুসৰি অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ বিয়লি কাজিৰঙাত উপস্থিত হৈ উদ্যানখনৰ বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কহঁৰা বনাঞ্চলত হাতী চাফাৰী অথবা জীপ চাফাৰীৰে কাজিৰঙা দৰ্শন কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে এতিয়া গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰৰ বাট-পথ মেৰামতিত ব্যস্ত হৈ পৰিছে।

দেওবাৰে বিয়লি প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে স্বয়ং কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। উল্লেখ্য যদি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এইবাৰ কাজিৰঙালৈ আহে তেন্তে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰিপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ হ’ব। ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰি ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰীপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল।  ইয়াৰ পিছত অৰ্থাৎ ১৯৮৩ চনত ভাৰতৰ উপ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাও একেটা পৰ্যটন নিবাসত ৰাত্ৰিযাপন কৰাৰ লগতে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। ইয়াৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সেনাপ্ৰধানকে আদি কৰি দেশ-বিদেশৰ বহু VVIP-এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল।

গোৱালপাৰা জিলাৰ ৰংজুলিত বন্ধনৰ এককালীন সাহায্য প্ৰদান

বন্ধন বেংকে বেংকিং সেৱাৰ সমান্তৰালকৈ  বিভিন্ন সামাজিক আৰু উন্নয়নমূলক কাম- কাজৰ মাজেৰে ৰাইজৰ   অতি আপোন হৈ পৰিছে ৷ তাৰে ভিতৰত  ২০০৬ চনত আৰম্ভ কৰা  বন্ধন “অতি দৰিদ্ৰ সহায়ক কৰ্মসূচী” নামৰ আচঁনিটোৱে আমাৰ সমাজৰ বিধৱা ,স্বামী পৰিত্যক্তা আৰু বিবাহৰ বয়স পাৰ হোৱা মহিলাসকলৰ  মুখত হাঁহি উভতাই আনিবলৈ সক্ষম হৈছে ৷ অসমৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ ৰংজুলিতো যোৱা শনিবাৰে  ২৭ গৰাকী মহিলা হিতাধিকাৰীক  স্বাৱলম্বী কৰি সমাজৰ মূলসুঁতিলৈ উভতাই আনিবলৈ বিনামূলীয়াভাৱে  গেলামালৰ সামগ্ৰী, ৰেডিমেড কাপোৰ,তাতঁশাল,চিলাই মেচিন ,পানদোকানৰ সামগ্ৰী আদি বিতৰণ কৰা হয়   ৷এই কৰ্মসূচীৰ জৰিয়তে সমাজৰ অতি দৰিদ্ৰ বিধৱা স্বামী পৰিত্যক্তা, আৰু বিবাহৰ বয়স পাৰ হোৱা  অবিবাহিত মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ বন্ধনে কৰা এক শলাগ লবলগীয়া প্ৰচেষ্টা বুলি সদৰি কৰে ৰংজুলি গাওঁ পঞ্চায়তৰ সভাপতি স্বপনা ৰাভাই ৷ইতিমধ্যে এই শাখাটোৰ পৰা ১৪৫ জনী হিতাধিকাৰীক স্বাৱলম্বী কৰি তুলিবলৈ সামগ্ৰী বিতৰণ কৰা হৈছে ৷

ইতিমধ্যে সম্পদ লাভ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়তো সম্পদ বিতৰণ কৰা হব বুলি ব্যক্ত কৰে এৰিয়া কৰডিনেটৰ গৌৰাঙ্গ ৰায়ে ৷ সভাখনত ৰংজুলি ব্লক যুটীয়া বিডিও ঘনশ্যাম বড়ো , ৰংজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মদন ডেকা,ৰংজুলি গাওঁ পঞ্চায়তৰ উপ সভাপতি সঞ্জয় ৰাভা ,ৰংজুলি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষাগুৰু তথা বিশিষ্ট সমাজসেৱক অমল দাসৰ লগতে বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ এই আচঁনিটো অসমৰ আন আন জিলালৈ  পৰ্যৱসিত কৰাৰ বাবে বন্ধন কৰ্তপক্ষই ইতিমধ্যে পৰিকল্পনা হাতত লৈছে ৷ অনুষ্ঠানটোত বন্ধনৰ ফালৰ পৰা অফিচাৰ অতুল চন্দ্ৰ শীল , ৰংজুলি শাখাৰ শাখা পৰিচালক উদয় বৰ্মনৰ লগতে দয়াল ৰায়,কন্দৰ্প ৰায়, লব সৰকাৰ আৰু বিৰাজ বৰ্মনো  উপস্থিত থাকে ৷

মৰিয়নীত শিক্ষক সমাজক লজ্জিত কৰা ভয়ঙ্কৰ ঘটনা

মৰিয়নীত বিজ্ঞান বিষয়ৰ শিক্ষকৰ কলা অধ্যায় ৷ এগৰাকী শিক্ষকৰ বাবে এতিয়া বিদ্যালয়লৈ ছাত্ৰী পঠিয়াবলৈ ভয় অভিভাৱকৰ। মৰিয়নীৰ ৰেলৱে বেংগলী হাইস্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ অধ্যয়নৰত বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা অভিযোগ এজন সহকাৰী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ প্ৰাৰ্থ সাৰথি ভট্টাচাৰ্য নামৰ মৰিয়নী ৰেলৱে বেংগলী হাইস্কুলৰ বিজ্ঞান বিভাগৰ শিক্ষক গৰাকীয়ে বিদ্যালয় খনৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক শ্ৰেণী কোঠাত সহপাঠীৰ সন্মুখত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ছাত্ৰী গৰাকী লগতে সহপাঠী, পৰিয়ালৰ ।

ইতিমধ্যে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বিদ্যালয় খনৰ প্ৰধান শিক্ষকক ঘটনা বিষয়ে অৱগত কৰা হৈছে যদিও প্ৰধান শিক্ষক ৰথীন্দ্ৰ কুমাৰ দে সম্পূৰ্ণ ঘটনা গাপ দিয়াৰ চেষ্টা কৰা পৰিলক্ষিত হয়।বিদ্যালয়ৰ খনৰ বিজ্ঞান শিক্ষক প্ৰাৰ্থ সাৰথি ভট্টাচাৰ্যৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা ছাত্ৰী সকলক যৌন নিৰ্যাতন চলোৱাৰ ভয়ঙ্কৰ অভিযোগ উত্থাপিত কৰিছে আন আন ছাত্ৰীৰ ৷