Home Blog Page 2599

ভিক্ষা খোজা ব্যতিক্ৰমী পদ্ধতি! ডিঙিত আঁৰি লৈছে QR Code

আজিকালি সকলো ডিজিটেল।সকলো লোকেই ডিজিটেল পেমেণ্টৰ কথা জানেই।বৰ্তমান সময়ত সকলোৱে ডিজিটেল পেমেণ্ট কৰি ভাল ভাই।পাচলি ব্যৱসায় জনৰ পৰা আৰম্ভ কৰি সকলোৱে হাতে হাতে এতিয়া ডিজিটেল পেমেণ্টৰ সুবিধা।এইবাৰ ডিজিটেল পদ্ধতিৰে ভিক্ষাবৃত্তি এজন লোকৰ।ডিঙিত আঁৰি লৈছে QR Code।

এই ভিক্ষাৰী জনক দেখা পোৱা গৈছে
মধ্য প্ৰদেশৰ ছিন্দৱাৰাত।তেওঁ ছিন্দৱাৰাৰ পথত ভিক্ষা মাগি ফুৰে। ডিঙিত আঁৰি লয় কিউআৰ কোড। কোনোৱে দিব বিচাৰিলে ভিক্ষাৰী মহেন্দ্ৰ সূৰ্যবংশীয়ে কোড দেখুৱাই দিয়ে স্কেন কৰাৰ বাবে।স্থানীয় বেংকত একাউণ্ট আছে সূৰ্যবংশীৰ।

পুনৰ দেশৰ ৰাজধানী চহৰত দলবদ্ধ ধৰ্ষণ! বন্ধ দোকানত উদ্ধাৰ মৃতদেহ

দিল্লীৰ নাৰেলা অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিশোৰী গৰাকী মৃতদেহটো শনিবাৰে এটা বন্ধ দোকানত উদ্ধাৰ হয়। দুজন লোকৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল ১৪বছৰীয়া কিশোৰী গৰাকী।অভিযুক্ত দুজনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে।উত্তৰ দিল্লী নাৰেলা অঞ্চলত এই ঘটনা সংঘটিত হৈছে । কিশোৰী গৰাকী মৃতদেহ টো শনিবাৰে নাৰেলা ঔদ্যোগিক এলেকাৰ এখন বন্ধ দোকানত উদ্ধাৰ হৈছিল।
‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদনত আৰক্ষী উপায়ুক্ত ব্ৰজেন্দ্ৰ কুমাৰ যাদৱক উদ্ধৃত কৰি কোৱা হৈছে যে ১০৭ জন লোকক জেৰা কৰি সাতটা দল গঠন কৰাৰ পিছত আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
১২ ফেব্ৰুৱাৰীত, ১৪ বছৰীয়া কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল। কিশোৰী গৰাকী মাক দেউতাক আৰু ভাতৃয়ে এক অনুসন্ধান আৰম্ভ কৰিছিল। কিন্তু তিনিদিন ধৰি কোশোৰী গৰাকীক বিচাৰি উলিয়াব নোৱাৰাৰ পিছত, তেওঁলোকে আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল।

আৰক্ষীয়ে তালাচী চলাই আৰু তাৰ পিছত এটা অপহৰণৰ গোচৰ ৰুজু কৰিছিল।শনিবাৰে, আৰক্ষীয়ে নাৰেলা ঔদ্যোগিক এলেকাৰ চানোথ গাঁৱৰ এজন দোকানীৰ পৰা ফোন পাইছিল। তেওঁ আৰক্ষীক জনাইছিল যে তেওঁ কেইদিনমান দোকান বন্ধ ৰাখিছিল পিছত ঝান্সিৰ পৰা উভতি আহি যেতিয়া তেওঁ দোকান খোলে তেতিয়া তেওঁৰ দোকানৰ পৰা দুৰ্গন্ধ ওলাই।আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু দোকানখনত বগা মোনাত গৰুৰ গোবৰৰ পিঠাৰ স্তূপৰ তলত সন্ধানহীন ছোৱালীজনীৰ এটা আংশিক পচা মৃতদেহ পাইছিল।তেওঁ আৰক্ষীক জনাই যে তেওঁৰ দুজন কৰ্মচাৰী সন্ধানহীন হৈ আছে। আৰক্ষীয়ে দুয়োজন কৰ্মচাৰীৰ ঘৰত অভিযান চলাইছিল কিন্তু তেওঁলোকক বিচাৰি পোৱা নাছিল। পিছত কৰ্মচাৰী দুজনৰ ওপৰ সন্দেহ কৰে আৰক্ষীয়ে, এজন অভিযুক্তক সোমবাৰে চানোথত আটক কৰা হৈছিল আৰু আনজন বৰ্তমান পলায়ন।দোকান কৰ্মচাৰী দুজন অৰ্থাৎ অভিযুক্ত বুলি সন্দেহ কৰা হৈছে এই দুয়োজন ব্যক্তি উত্তৰ প্ৰদেশৰ হাৰদোইৰ বাসিন্দা আৰু দিল্লীত দুয়োজনে একেলগে বাস কৰে।

ৰাছিয়াই ইউক্ৰেইনৰ বিদ্ৰোহী অঞ্চলক সমৰ্থন কৰাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ “নতুন নিষেধাজ্ঞা”ৰ পৰিকল্পনা

বিচ্ছিন্নতাবাদীসকলৰ সৈতে ইউক্ৰেইনৰ পূব ফ্ৰণ্টলাইনত প্ৰচণ্ড গুলীবৰ্ষণৰ প্ৰাদুৰ্ভাৱৰ পিছত শেহতীয়া ভাৱে উত্তেজনা বৃদ্ধি পাবলৈ লৈছে। যেতিয়া ৰাছিয়াই পূৱ ইউক্ৰেইনৰ দুটা বিচ্ছিন্নতাবাদী অঞ্চলৰ স্বাধীনতাক স্বীকৃতি দিছিল তেতিয়া ইউক্ৰেইন আক্ৰমণ প্ৰতিহত কৰাৰ প্ৰচেষ্টাক আঘাত কৰা হৈছিল। আমেৰিকাই বিদ্ৰোহী অঞ্চলসমূহৰ বিৰুদ্ধে বিত্তীয় নিষেধাজ্ঞা ঘোষণা কৰিছিল আৰু ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিব।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সোমবাৰে ক্ৰেমলিনত বিদ্ৰোহী নেতাসকলৰ সৈতে পাৰস্পৰিক সাহায্য আৰু বন্ধুত্ব চুক্তি স্বাক্ষৰ কৰে। তেওঁ কয়, “মই বিশ্বাস কৰোঁ যে দীৰ্ঘম্যাদী সিদ্ধান্ত লোৱা, ডনেটস্ক পিপলছ ৰিপাব্লিক আৰু লুগানস্ক পিপলছ ৰিপাব্লিকৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বক তৎক্ষণাৎ স্বীকৃতি দিয়াটো প্ৰয়োজনীয়।”আনহাতে পশ্চিমে ৰাছিয়াক ইউক্ৰেইনৰ বিদ্ৰোহীসকলক স্বীকৃতি দিয়াৰ বিৰুদ্ধে বাৰে বাৰে সতৰ্ক কৰি দিছিল। কিন্তু ৰাছিয়াৰ শেহতীয়া আদেশ সমূহে সংঘৰ্ষ নিয়ন্ত্ৰণ কৰা এক ভঙ্গুৰ শান্তি চুক্তিক কাৰ্যকৰী ভাৱে সমাধিস্থ কৰিছে।

ইউক্ৰেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৫ খন ইউৰোপীয় ৰাষ্ট্ৰ আৰু মেক্সিকোৰ অনুৰোধত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সোমবাৰে এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে।এই বৈঠকত ভাৰতে সংকট হ্ৰাস কৰিবলৈ আহ্বান জনায়। “আমি সামৰিক বৃদ্ধি বহন কৰিব নোৱাৰো। আমি সকলো ফালৰ পৰা সংযম ৰখাৰ আহ্বান জনাইছো। আমি নিশ্চিত যে এই সমস্যাটো কেৱল কূটনৈতিক আলোচনাৰ জৰিয়তে হে সমাধান কৰিব পাৰি,” ভাৰতৰ প্ৰতিনিধিজনে ইউক্ৰেইনৰ সংকট সন্দৰ্ভত ইউএনএছচিৰ বৈঠকত এইদৰে কয়।ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ দূত ভাচিলি নেবেঞ্জিয়াই সোমবাৰে কৈছিল যে মস্কো “কূটনীতিৰ বাবে মুক্ত” হৈ আছে কিন্তু তেওঁ ইউক্ৰেইনৰ এগ্চিচন বুলি অভিহিত কৰাৰ পৰা বিচ্ছিন্নতাবাদী অঞ্চলসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। “আমি কূটনৈতিক সমাধানৰ বাবে কূটনীতিৰ বাবে মুক্ত হৈ আছো। অৱশ্যে, ডনবাছত নতুন ৰক্তপাতৰ অনুমতি দিয়াটো আমি কৰিব বিচৰা নাই,” ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক জৰুৰী বৈঠকত তেওঁ এইদৰে মন্তব্য কৰে।আনহাতে ৰাছিয়াৰ সেনা বাহিনী ইউক্ৰেইনৰ সীমান্তৰ পৰা মাত্ৰ কেই কিলোমিটাৰ দূৰত, যুঁজাৰু বিমান, টেংক, হেলিকপ্টাৰ আৰু গধুৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে নিয়োজিত হৈ আছে। এই সকলোবোৰে ৰাছিয়াৰ অঞ্চলটোত সম্পূৰ্ণ যুদ্ধ আৰম্ভ কৰাৰ অভিপ্ৰায়ৰ ফালে আঙুলিয়াই দিয়ে, এইদৰে পশ্চিমীয়া ৰাষ্ট্ৰ সমূহে দাবী কৰিছে।

একেটা পৰিয়ালৰ দুই বোৱাৰী নামিছে নিৰ্বাচনী যুদ্ধত

গোৱালপাৰা চহৰৰ প্ৰান্তে প্ৰান্তে পৌৰ নিৰ্বাচনৰ গৰম বতাহ, নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই প্ৰতি গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ শক্তি শালী কৰি তুলিছে । এইবাৰ গোৱালপাৰা পৌৰ সভা নিৰ্বাচনৰ, ৩ নং ৱাৰ্ডত চলিছে বোৱাৰী যুদ্ধ, একেটা পৰিয়ালৰ দুগৰাকী বোৱাৰী প্ৰতিদ্বন্দিতা কৰিব ওলাইছে, বিজেপিৰ মনোনীত প্ৰাৰ্থী সৰু বোৱাৰী অপৰূপা দাসৰ বিপৰীতে ডাঙৰ বোৱাৰী মানসী নাথে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিব ওলাইছে। উল্লেখনীয় যে দূয়োগৰাকী বোৱাৰীয়ে জয়ৰ বাবে নিশ্চিত বুলি মন্তব্য প্ৰদান কৰিছে।দূখীয়া দৰীদ্ৰ লোকৰ সমস্যা দুৰ কৰিব পৰা প্ৰাৰ্থী ক  হে  ৰাইজে ভোট দিব বুলি মানসী নাথৰ দাবী লগতে এইবেলি পৌৰ সভাৰ বোৰ্ড গঠন কৰোতে নিৰ্দলীয় প্ৰাৰ্থী হে বিবেচনা কৰিব কোন দলক অগ্ৰাধিকাৰ দিয়া হ’ব।

 মানসী নাথৰ দাবী- সমস্যা সমাধানৰ বাবে ৩ নং ৱাৰ্ডৰ ৰাইজে ভোট দিব নিৰ্দলীয় প্ৰাৰ্থীক। মূল প্ৰতিদ্বন্দ্বী কোন হ’ব বুলি কৰা প্ৰশ্নত মানসী নাথে জনায় যে ৰাইজ হৈছে শক্তি আৰু এশ শতাংশ ৰাইজ যেতিয়া লগত আছে সেই স্থলত অহা নিৰ্বাচনত তেখেতৰ কোনো প্ৰতিদণ্ডীয়ে নাই,আনপিনে সৰু বোৱাৰী অপৰূপা দাসে কয় যে ৩ নং ৱাৰ্ডৰ ৰাইজৰ সকলো সমস্যাই তেখেতে দুৰ কৰিব পাৰিব, কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা শক্তিশালী দলৰ পৰা যিহেতু প্ৰতিদ্বন্দিতা আগবঢ়াইছে,জয়লাভ কৰাৰ পিছত বিজেপিৰ নেতৃবৃন্দৰ পৰা সকলো ধৰনৰ আঁচনি আনিব পাৰিব বুলি দাবী কৰিছে লগতে জনায় এইবেলি পৌৰসভাৰ বোৰ্ডখন ভাৰতীয় জনতা পাৰ্টীৰ দখলত থাকিব। একেটা পৰিয়ালৰ দূয়োগৰাকী বোৱাৰীয়ে প্ৰতিদ্বন্দিতা কৰাত গোৱালপাৰাৰ লগতে সমগ্ৰ অসমতে বিষয়টো চৰ্চিত হৈ পৰিছে।মুঠৰ ওপৰত  ৬ মাৰ্চৰ ভোট যুদ্ধ লৈ সাজু হৈছে দুই বোৱাৰীৰ লগতে  এতিয়া প্ৰতিটো ৱাৰ্ডৰ প্ৰতিগৰাকী প্ৰাৰ্থী।

কামৰূপৰ অতিৰিক্ত উপায়ুক্ত মানালী জৈনক বিদায় সম্বৰ্ধনা

বদলীকৰণৰ বাবে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত পদৰ পৰা বিদায় ল’বলগীয়া কামৰূপৰ অতিৰিক্ত উপায়ুক্ত মানালী জৈনক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়৷ জিলা প্ৰশাসনৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সভাত বিদায়ী বিষয়াগৰাকীক সম্বদ্ধৰ্না জ্ঞাপন কৰা হয়৷

সভাত উপস্থিত কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীয়ে বিষয়াগৰাকীৰ কৰ্মপটুতা¸ নিষ্ঠা আৰু সৰলতাৰ বিষয়ে উল্লেখ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত বিদায়ী বিষয়া মানালি জৈনে কামৰূপ জিলাত আগবেঢ়াৱা শান্তিপূৰ্ণ সেৱাৰ এই সময়ছোৱা স্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰে৷

জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে এনে শ্ৰীমতী জৈনে নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে উল্লেখ কৰি আগন্তুক দিনতো নতুন পদবীত কৰ্মদক্ষতাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ সক্ষম হ’ব‌ বুলি শুভেচ্ছা জ্ঞাপন কৰে৷ 
আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বে’, অতিৰিক্ত উপায়ুক্ত ক্ৰমে ধ্ৰুৱজ্যোতি দাস,  সিদ্ধাৰ্থ গোস্বামী আৰু  কমল বৰুৱাকে ধৰি অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। 

শ্ৰীৰামকৃষ্ণ সেৱা সমিতিৰ উদ্যোগত জামুগুৰি-কুৰুৱাবাহী ৰাজ্যিক পথৰ কাষত গছপুলি ৰোপন

শ্ৰীৰামকৃষ্ণ বিবেকানন্দ সেৱা সমিতি হয়বৰগাঁও নগাঁৱৰ উদ্যোগত আজি জামুগুৰিৰ পৰা কুৰুৱাবাহীলৈ যোৱা ৰাজ্যিক পথচোবাৰ দুয়োকাষে পথচাৰী সকলৰ সুবিধা হব পৰাকৈ প্ৰায় শতাধিক গছপুলি ৰোপন কৰে ৷ গছপুলি ৰোপনৰ এই কাৰ্যসূচীটি শুভ উদ্বোধন কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ গোস্বামীয়ে ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে জামুগুৰি শাখা কবি সন্মিলনৰ সম্পাদক নন্দেশ্বৰ নাথ,গম্ভীৰ নাথ,ধেনুৰাম নাথ,পুনাৰাম নাথ,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথ আদি উপস্থিত থাকে ৷

এই বছৰ বিবাহপাশত আৱদ্ধ হ’ব নেকি পুষ্পাৰ ‘স্ৰিভাল্লী’ ৰশ্মিকা মান্দন্না আৰু বিজয় দেৱেৰাকোণ্ডা?

দক্ষিণৰ চুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দন্না আজিকালি সম্পৰ্কত থকাৰ অভিযোগত বাতৰিলৈ আহিছে। এতিয়া বাতৰি ওলাইছে যে দুয়োএই বছৰ বিবাহপাশত আৱদ্ধ হ’ব পাৰে। অৱশ্যে, দুয়োজনে এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই আৰু নীৰৱ হৈ আছে।

ৰশ্মিকা-বিজয় আজিকালি মুম্বাইত বাস কৰি আছে।
ৰশ্মিকা মান্দন্না আৰু বিজয় দেৱেৰাকোণ্ডা দুয়োসোনকালেই বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। তেওঁলোক দুয়ো মুম্বাইত বাস কৰি আছে। বিজয় দেৱেৰাকোণ্ডা বৰ্তমান মুম্বাইত তেওঁৰ প্ৰথম ছবি ‘লিগাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। পুৰী জগন্নাধৰ দ্বাৰা পৰিচালিত ছবিখনত বিজয়ৰ বিপৰীতে অনন্যা পাণ্ডেও অভিনয় কৰিব। বাতৰি অনুসৰি, ৰশ্মিকাই অলপতে মুম্বাইত এটা এপাৰ্টমেণ্ট কিনিছিল। বিজয় আৰু ৰশ্মিকা দুয়োনতুন বছৰ উদযাপন কৰিবলৈ গোৱালৈ গৈছিল। দুয়োকে কেইবাবাৰো একেলগে দেখা গৈছে।

দুয়োজনে ২ খন চলচ্চিত্ৰত একেলগে কাম কৰিছিল।
ৰশ্মিকা আৰু বিজয়ে দুখন চুপাৰহিট ছবি ‘গীতা গোবিন্দম’ আৰু ‘ডিয়াৰ কমৰেড’ত একেলগে কাম কৰিছিল। এই দুয়োখন চলচ্চিত্ৰতে যুটিটো ভালদৰে পছন্দ কৰা হৈছিল। তেতিয়াৰ পৰা, দুয়োজনৰ সম্পৰ্ক আৰু ডেটিংৰ বাতৰি ওলাই আহিবলৈ আৰম্ভ কৰে। ৰশ্মিকা মান্দন্নাই বৰ্তমান তেওঁৰ বলীউডৰ প্ৰথম ছবি ‘মিছন মজনু’ৰ দৃশ্যগ্ৰহণ কৰি আছে। এই ছবিখনত, তেওঁক সিদ্ধাৰ্থ মালহোত্ৰাৰ বিপৰীতে দেখা যাব।

ৰশ্মিকাই বিয়াৰ বিষয়ে এইটো কৈছিল।
শেহতীয়াকৈ, 25 বছৰীয়া ৰশ্মিকাই এক সাক্ষাৎকাৰত বিবাহসম্পৰ্কে নিজৰ চিন্তা প্ৰকাশ কৰিছিল। ৰশ্মিকাই কৈছিল যে তাই এতিয়ালৈকে তাইৰ বিয়াৰ বিষয়ে সঁচাকৈয়ে ভবা নাই। কিন্তু তেওঁলোকে অনুভৱ কৰে যে সঙ্গী জন এনে এজন ব্যক্তি হ’ব লাগে যাৰ সৈতে এক আৰামদায়ক অনুভৱ আছে।
ৰশ্মিকাক অমিতাভ বচ্চনৰ সৈতে ‘গুড বয়’ত দেখা যাব
‘মিছন মজনু’ৰ উপৰিও, ৰশ্মিকাক শীঘ্ৰেই ‘গুড বয়’ত দেখা যাব। ৰশ্মিকাৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্চন আৰু নীনা গুপ্তাই। বিকাশ বহেলে ছবিখন পৰিচালনা কৰি আছে। শেহতীয়াকৈ, ৰশ্মিকাক আল্লু অৰ্জুনৰ সৈতে চুপাৰহিট ছবি ‘পুষ্পা’ত ”স্ৰিভাল্লী’ৰ চৰিত্ৰত দেখা গৈছিল। এই চলচ্চিত্ৰখনৰ গানবোৰো যথেষ্ট সফল হৈছে।

তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা নেকি?

বিশ্বজুৰি উত্তেজনা সৃষ্টি হৈছে!পূব সীমান্তত ৰাছিয়াৰ ৰণসজ্জা!ইউক্ৰেইন আক্ৰমণৰ বিশাল প্ৰস্তুতি ৰাছিয়াৰ।যিকোনো মূৰ্হুততে ৰাছিয়াই ইউক্ৰেইন দখল কৰাৰ সম্ভাৱনা।প্ৰশ্ন উত্থাপন হৈছে ব্যাপক ক্ষতিৰ সন্মুখীন হ’ব নেকি ইউক্ৰেইন ?ইতিমধ্যেই বহু নাগৰিকে এৰিলে ইউক্ৰেইন।ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ সেনা মোতায়েন কৰিছে।কেৱল ৰাছিয়াৰ সেনা মোতায়েন কৰাই নহয়,ইউক্ৰেইন সীমান্ত আৰু চুবুৰীয়া ৰাষ্ট্ৰ বেলাৰুছৰ সীমান্তত ৰাছিয়া সেনা মোতায়েন কৰি অনুশীলনত ব্যস্ত।এনে পৰিৱেশৰ মাজত বিশ্ব সম্প্ৰদায়ৰ মাজত এখন সম্ভাব্য যুদ্ধক লৈ শংকিত হৈ পৰিছে বিশ্ববাসী।


আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া দেশসমূহে প্ৰচাৰ চলাইছে যে ইউক্ৰেইনক তিনিও দিশৰ পৰা ৰাছিয়াৰ সেনাই আক্ৰমণৰ পৰিকল্পনা চলাইছে!কিন্তু,আমেৰিকাৰ সকিয়নী ৰাছিয়াক!ইউক্ৰেইনক আক্ৰমণ কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ৰাছিয়া।আনহাতে ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত সেনা মোতায়েন কৰিলেও কোনো কাৰণতে ইউক্ৰেইন আক্ৰমণ কৰাৰ পৰিকল্পনা নাই বুলি বাৰে বাৰে কৈ আছে যদিও আমেৰিকা যুক্তৰাষ্ট্ৰই পশ্চিমীয়া দেশ সমূহৰ সৈতে মিলি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাটো নিশ্চিত বুলি প্ৰচাৰ চলাই আছে।ইয়াকে লৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত চলি আছে তৰ্ক।আনহাতে সম্ভাৱ্য যুদ্ধৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্কিন নাগৰিকক ইউক্ৰেইন ত্যাগ কৰিবলৈ নিদেৰ্শ দিছে আমেৰিকাই।আমেৰিকা লগতে গ্ৰেট ব্ৰিটেইনসহ দহ বিদেশ ৰাষ্ট্ৰৰ নাগৰিকে ইতিমধ্যে এৰিছে ইউক্ৰেইন।ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ সম্ভাৱ্য যুদ্ধখনক লৈ বিশ্বজুৰি উত্তেজনা অব্যাহত থকাৰ মাজতে আন্তজাৰ্তিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে।আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইনে সাম্ভাব্য যুদ্ধৰ শংকা প্ৰকাশ কৰাৰ পাছতে আন্তঃজাৰ্তিক বজাৰত খাৰুৱা তেলৰ মূল্য দ্ৰুত গতিত বৃদ্ধি পাইছে। খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১.৩ শতাংশ বৃদ্ধি পাইছে।প্ৰতি বেৰেলত প্ৰায় ৯৫ মাৰ্কিন ডলাৰলৈ বৃদ্ধি হৈছে।লক্ষণীয় কথাটো এয়ে যে খাৰুৱা তেলৰ মূল্য সাত বছৰৰ ভিতৰত অধিক হৈছে


আনপিনে,ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা উত্তেজনাৰ বাবে ভাৰতৰ শ্বেয়াৰ বজাৰতো অভাবনীয় ভাৱে প্ৰভাৱ পৰিছে ।দেশৰ শ্বেয়াৰ বজাৰত পতন ঘটি আছে ছেনছেক্স ১৭৪৭ পইণ্ট নিম্নগামী হৈছে।এনে পৰিৱেশৰ মাজত শংকিত হৈ পৰিছে বিশ্ববাসী।প্ৰশ্ন হৈছে তৃতীয় যুদ্ধৰ দামামা চলিছে নেকি।পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া আমি জনাই যাম প্ৰতিবেদনৰ জৰিয়তে।

৭৩ বছৰীয়া লালু প্ৰসাদ যাদৱক দিয়া হৈছে ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

বিহাৰৰ শক্তিশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ পুনৰ জে’ললৈ যাব!৭৩ বছৰীয়া লালু প্ৰসাদ যাদৱক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে।পশুখাদ্য কেলেংকাৰিৰ দৌৰাণ্ডা ট্ৰেজাৰী গোচৰত ৫ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছে চিবিআই আদালতে।লগতে বিহা হৈছে ৬০ লাখ টকাৰ জৰিমনা।১৩৯ কোটি টকাৰ কেলেংকাৰীত দোষী সাব্যস্ত কৰা হৈছে লালুপ্ৰসাদ যাদৱক।বিহাৰৰ বিশেষ আদালতৰ ন্যায়ধীশ এছ কে শশীয়ে এই ৰায় প্ৰদান কৰিছে।


লালু প্ৰসাদ যাদৱৰ উপৰি এই পশুখাদ্য কেলেংকাৰিৰ গোচৰত আন ৩৭ জন দোষীকো দোষী সাব্যস্ত কৰা হৈছে।সোমাবাৰে ১.৫৮ মিনিটত এই শাস্তি ঘোষণা কৰা হয়।চিবিআই আদালতে লালু প্ৰসাদ যাদৱক দৌৰন্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱা বুলি অভিযুক্ত কৰি দোষী সাব্যস্ত কৰে এই ৰায়ত।১৯৯০ৰ পৰা ১৯৯৫ চনৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰি।
এই গোচৰত মুঠ ১৭০জন অভিযুক্ত হৈছিল।ইয়াৰে ৫৫ জনৰ মৃত্যু হৈছে এতিয়া এই গোচৰত ৯৯ জন অভিযুক্ত আছে।

হৃত্বিক ৰোশনৰ পৰিয়ালক লগ কৰিলে ছাবা আজাদে!গাৰ্লফ্ৰেণ্ড ছাবা আজাদে লিখিলে “শ্ৰেষ্ঠ দেওবাৰ”

বলিউদত প্ৰেমৰ যেন জোৱাৰ উঠিছে।বহুকেইটা যুটিয়ে ইতিমধ্যে চ’চিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে।এইবাৰ হৃত্বিক আৰু ছাবাৰ সম্পৰ্কই জনপ্ৰিয়তা লাভ কৰিছে।হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কক লৈ বলীউডত আৰম্ভ হৈছে চৰ্চা। হৃত্বিক ৰোশনে দেওবাৰে তেওঁৰ প্ৰেমিকা ছাবা আজাদক পৰিয়ালৰ সৈতে পৰিচয় কৰাই দিছিল।ছাবাক হৃত্বিকৰ পৰিয়ালে আহাৰৰ বাবে নিমন্ত্ৰণ দিছিল। দেওবাৰে দুপৰীয়া এসাজ সকলোৱে একেলগে গ্ৰহণ কৰিলে।হৃত্বিক ৰোশনৰ পৰিয়াল সৈতে ছাবা আজাদে উঠা এখন ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।বিশিষ্ট সংগীত পৰিচালক ৰাজেশ ৰোশন অথাৎ হৃত্বিক ৰোশনৰ খুড়াক ৰাজেশ ৰোশনে ইনষ্টাগ্ৰামত এই ফটোখন শ্বেয়াৰ কৰিছিল।ফটোখনত হৃত্বিক আৰু ছাবাক তেওঁলোকৰ পৰিয়ালটোৰ সৈতে বহি থকা দেখা গৈছে।কিন্তু, তেওঁলোকৰ দুয়োৱে কোনোৱেই এতিয়ালৈকে তেওঁলোকৰ সম্পৰ্কলৈ কোনো কথা সদৰী কৰা নাই।অৱশ্যে ছাবা আৰু হৃত্বিকৰ এই নতুন ফটোখনে অনুৰাগীসকলৰ পৰা মৰম পাইছে।