Home Blog Page 2600

ছিপাঝাৰত সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক পদ্মশ্ৰী লীল বাহাদুৰ ছেত্ৰীক সম্বৰ্ধনা

ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰ্খা জনগোষ্ঠীৰ বসতিপ্ৰধান টেকেলীয়া কুৰগ্ৰেন্ট গাঁৱত বৰ্ষীয়ান সাহিত্যিক পদ্মশ্ৰী লীল বাহাদুৰ ছেত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ১৯৬৪ চনতে চৰকাৰী পঞ্জীয়নভূক্ত ‘নগোঁসাই কৃষিপাম সমবায় সমিতি’ আৰু ‘নগোঁসাই মীন পৰিচালনা সমিতি’ৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত গাঁওখনৰ দুয়োটা সংস্থাৰ আজীৱন উপদেষ্টা , গুৱাহাটী উলুবাৰী বি,বৰুৱা ৰোড এলেকাৰ স্থায়ী বাসিন্দা , আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক , ১৯৮৭ চনত নেপালী সাহিত্য বিষয়ত সাহিত্য অকাডেমী বঁটাৰ লগতে বিগত সময়ত বিভিন্ন সাহিত্য কৃতীৰ বাবে বিভিন্ন বঁটা প্ৰাপক আৰু শেহতীয়াকৈ ২০২০ চনত পদ্মশ্ৰী বঁটা প্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক লীল বাহাদুৰ ছেত্ৰীক উষ্ম সম্বৰ্ধনা জনোৱা হয় । ৮৯ বছৰীয়া বৰ্ষীয়ান সাহিত্যিক গৰাকীয়ে তেখেতৰ দীঘলীয়া বক্তব্যত সাহিত্যৰ দিশত অতি মূল্যবান বক্তৃতা প্ৰদানৰ লগতে টেকেলীয়া কুৰগ্ৰেণ্ট গাঁৱৰ পুৰণি স্মৃতি বিজড়িত বহু কথা অৱগত কৰে । একেদৰে গাঁওখনৰ পুথিভঁৰাললৈ তেখেতৰ কেইখনমান মূল্যবান গ্ৰন্থ আগবঢ়ায় ।‌ টেকেলীয়া কুৰগ্ৰেন্ট মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক তথা সমবায় আৰু মীন পৰিচালনা সমিতিৰ সভাপতি ভূপাল ছেত্ৰীৰ সভাপতিত্বত আৰু সম্পাদক দুৰ্গা চুব্বাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ ৰাজহুৱা  সভা খনত কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা ঐতিহ্যমণ্ডিত সমবায় সমিতিৰ প্ৰাক্তন সভাপতি বল বাহাদুৰ ছেত্ৰী , ভাটি কুৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মন বাহাদুৰ ছেত্ৰী , লুইতপৰীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিকাশ ছেত্ৰী , গ্ৰেন্ট প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ৰণ বাহাদুৰ ছেত্ৰী , খলিহৈ আঞ্চলিক হাইস্কুলৰ হিন্দী শিক্ষক টংক প্ৰসাদ ভট্টৰায় আৰু অৱসৰী উচ্চ বৰ্গৰ সহায়ক উপেন চন্দ্ৰ নাথ , বাজানা পথাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ধকমান শ্ৰেষ্ঠ , টেকেলীয়া কুৰ গ্ৰেন্ট মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃশিক্ষক দেৱ কুমাৰ চুব্বা আৰু দিপক কুমাৰ শৰ্মা , সমাজকৰ্মী হিতেশ প্ৰধান , গিৰীন থাপা , দিলীপ ছেত্ৰী , ৰূপক ছেত্ৰী , কুল প্ৰসাদ শৰ্মা আদি উপস্থিত থাকি বৃহত্তৰ টেকেলীয়া কুৰ গ্ৰেন্ট গাঁৱৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন তথা আদৰ্শ গাঁওলৈ ৰূপান্তৰকৰণৰ দিশত নিজস্ব মত ব্যক্ত কৰে । উল্লেখ্য যে , এই টেকেলীয়া কুৰ গ্ৰেন্ট গাঁৱৰ পৰাই বৰ্তমান এগৰাকী কৃতী ছাত্ৰই গৱেষণা কৰি থকাৰ লগতে তিনি গৰাকী কৃতি ছাত্ৰই ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰ মেডিকেল কলেজত আৰু চাৰিগৰাকী কৃতি ছাত্ৰই বিভিন্ন ইঞ্জিনিয়াৰীং কলেজত অধ্যয়ন কৰি আছে । তেওঁলোকক আদৰ্শ হাচাপে লৈ নৱ প্ৰজন্মই বাট বুলিব লাগে বুলিও উনুকিয়াই একাধিক বক্তাই ।

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

কামৰূপ জিলাৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী সকলে আজি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ১৭ ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ অন্তিম দিনা মহাবিদ্যালয়খনৰ ১৭ টা বিভাগে আজি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰে। সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো দিশ প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয় চৌহদৰ পৰা পুখুৰীপাৰা হৈ নগৰবেৰা বজাৰৰ মাজমজিয়াৰে বিভিন্ন শ্লোগান দি শোভাযাত্ৰাকাৰী সকলে পুনৰ মহাবিদ্যালয় খেল -পথাৰত একত্ৰিত হৈ শোভাযাত্ৰাৰ সামৰণি পেলায়। মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ প্ৰস্তুতিৰ প্ৰাক্ মূহুৰ্তত ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী সকলে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই বিশেষ বাৰ্তা বহন কৰিব বুলি ব্যক্ত কৰিছে সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা পৰিচালনা সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই ।

বাক্সাৰ সুৱনখাটাত কালিৰে পৰা ঐতিহাসিক ৭০ সংখ্যক মাঘমেলা উদযাপন

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটা বিভিন্ন জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ এক অন্যতম পীঠস্থান। জিলাখনৰ সীমান্তৱৰ্তী এই সুৱনখাটাত কালিৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ঐতিহাসিক ৭০ সংখ্যক সুৱনখাটা মাঘমেলা ৷ উল্লেখ্য ঐতিহাসিক মাঘমেলা বিগত ১৭ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে মেলা স্থগিত ৰাখিছিল আয়োজক সমিতিয়ে ৷ সম্প্ৰতি ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পিছত মাঘমেলা উদযাপন সমিতিয়ে পুনৰ আজিৰে পৰা ২৬ ফেব্ৰুৱাৰীলৈ সাতদিনীয়াকৈ মেলা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে ৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে বছৰ বছৰ ধৰি যৌথভাৱে অনুষ্ঠিত কৰি অহা ভূটান-ভাৰত বন্ধুত্ব মেলা এই বেলি অনুষ্ঠিত নহয় ৷ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত মুখ্যদ্বাৰ উন্মোচন কৰে বাক্সা জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই I পতাকা উত্তোলন কৰে মাঘমেলা সমিতিৰ সভাপতি খগেন পাঠক দাসে I ইয়াৰ পিছত অঞ্চলটোৰ বিভিন্ন জাতি -জনগোষ্ঠীৰ সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে মাঘমেলা সমিতিৰ উপদেষ্টা মহেন্দ্ৰ ৰামছিয়াৰীয়ে I মুখ্য তোৰণ আৰু মীনা বাজাৰ উদ্বোধন কৰে ক্ৰমে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু ৬৪ নং এছ এছ বিৰ কামাণ্ডেন্ট নন্দ কিশোৰ তামতাই ৷ সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰণৰ মাজত আৰ্থ-সামাজিক তথা সাংস্কৃতিক মত -বিনিময়ৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত এই মেলাত ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰৰো ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল।

শিলবৰীৰ কছাৰী ভেটীটোপ গাঁৱত হত্যা কাণ্ড ।

দৰঙৰ শিলবৰী আৰক্ষী চকীৰ অন্তৰ্গত ১ নং কছাৰী ভেটীটোপ গাঁৱত সংঘটিত হৈছে এক চান্চল্যকৰ হত্যা কাণ্ড । গাওঁ খনৰ সুৰুজ আলীৰ পুত্ৰ বাহাৰুল ইছলামক নিশা ফোন যোগে মাতি নি অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটীটোপ গাঁৱৰ পথৰ দাঁতিত পেলায় থৈ যায় বুলি সন্দেহ কৰে পৰিয়ালৰ লোকে । পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ লগে লগে শিলবৰী আৰু ওৰাং আৰক্ষীৰ দুটা দল ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত । উল্লেখযোগ্য যে , কিছু দিন পূৰ্বে এটা পৰিয়ালৰ লগত ট্ৰেক্টৰ লৈ কাজিয়া হৈছিল । উক্ত কাজিয়াৰ পৰিণতিত হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

সদৌ অসম ভূমিজ সমাজৰ কেন্দ্রীয় অধিৱেশন সম্পন্ন।

সদৌ অসম ভূমিজ সমাজৰ কেন্দ্রীয় অধিৱেশন চাংচোৱা চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। বীৰাংগনা শ্বহীদ দুৰ্গী ভূমিজ সমন্বয় ক্ষেত্রত মূল পতাকাৰ লগতে অংশগ্রহণকাৰী ১৩ খন জিলাৰ পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কৰা হয়। গছপুলি ৰোপণৰ পাছতে চাহ জনগোষ্ঠীয় গীতৰ প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিনিধি নাম পঞ্জীয়নৰ পাছতে পৰিচয় বিনিময় হয়। নিশালৈ অনুষ্ঠিত প্ৰতিনিধি সভাত সাপেখাঁতীৰ শালকাঠনিৰ ৰাম নাথ ভূমিজক সভাপতি, বিশ্বনাথৰ ৰূপ চিং ভূমিজক সম্পাদক হিচাপে লৈ কেন্দ্রীয় সমিতিখন গঠন কৰা হয়। দ্বিতীয় দিনা পুৱা সাংস্কৃতিক শোভাযাত্রাই এলেকাটো পৰিভ্ৰমণ কৰে। বিয়লি কমল ভূমিজৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁতধৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি হৰেণ ভূমিজে। ৰাম নাথ ভূমিজে ২০০৯ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা সদৌ অসম ভূমিজ সমাজৰ জৰিয়তে বৰ্তমানলৈকে কৰা কাম-কাজৰ খতিয়ানসহ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সভাত প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেবব্রত শৰ্মা, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সমাজকৰ্মী সঞ্জয়কৃষ্ণ তাঁতী, অসম চাহ জনগোষ্ঠী মহাসভাৰ সাধাৰণ সম্পাদক অৰুণ কাঁৱাৰ প্ৰমুখ্যে ভালেকেইগৰাকীয়ে বক্তব্য আগবঢ়ায়। পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া প্ৰমুখ্যে সাংবাদিক দিগন্ত দাস আৰু ৰাজ্যখনৰ বহুকেইটা সংগঠনৰ বিষয়ববীয়া, ভূমিজ সমাজৰ কেন্দ্রীয়, জিলা, আঞ্চলিক, শাখা সমাজৰ ভালেসংখ্যক প্ৰাক্তন বিষয়ববীয়া, চাহবাগিচাখনৰ কৰ্মচাৰী, স্থানীয় লোক উপস্থিত থকা জনাকীর্ণ সভাখনত ঝাৰখণ্ডৰ পৰা অহা ভালেকেইগৰাকী ব্যক্তিৰ লগতে সমাজৰ প্ৰাক্তন বিষয়ববীয়াক সম্বৰ্ধনা জনায়। নিশালৈ অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত অংশগ্রহণকাৰী জিলাসমূহৰ লগতে আমন্ত্রিত শিল্পীয়ে গীত পৰিবেশন কৰে। অধিবেশন উপলক্ষে আয়োজিত প্ৰদৰ্শনীত চাহ জনগোষ্ঠীৰ পৌৰাণিক সাংস্কৃতিক সমলসমূহ তিতাবৰৰ শিৰীষে প্ৰদৰ্শন কৰে। ভূমিজ সমাজৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক উত্তৰণৰ বাবে ৰাজ্যিক ভিত্তিত ন্যাস গঠনৰ পৰিকল্পনা কৰিছে।

বকোৰ বন্দাপাৰাত ধনিছা সাৰ বিতৰণী অনুস্থান

ৰাজ্যৰ কৃষি খণ্ডৰ জৰিয়তে কৃষকক উপকৃত কৰা আৰু কৃষকৰ ফচল উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষি বিভাগে প্ৰদান কৰি আহিছে বহু প্ৰকাৰৰ উন্নত মানৰ সাৰ। তেনে এবিধ সাৰ হৈছে ধনিছা সাৰ। উল্লেখ্য যে ; মিচন নিউ ইণ্ডিয়াৰ নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চ নামৰ সংস্থাৰ কামৰূপ জিলা সমিতিৰ বিষয়া মনোমোহন ৰাভাই জনোৱা মতে আজি বকোৰ বন্দাপাৰাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৬০ গৰাকী কৃষকক বিতৰণ কৰে ধনিছা সাৰ। জানিব পৰা মতে ; ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বকোস্থিত মহকুমা কৃষি বিষয়াৰ তৎপৰতাত মিচন নিউ ইণ্ডিয়াৰ কৰ্মকৰ্তাৰ সহযোগত বন্দাপাৰাৰ গ্ৰামাঞ্চলত বিতৰণ কৰে সাৰ খিনি। কৃষি ক্ষেত্ৰত সাৰ বিতৰণ সন্দৰ্ভত সংস্থাটোৰ কৰ্মী মনোমোহন ৰাভাই জনোৱা মতে এই উন্নত মানৰ সাৰ বিধে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে আৰু ফচল উৎপাদন বৃদ্ধি হয়।

জলপ্ৰলয়ত ধ্বংস হোৱা চহৰ খনত মৃতকৰ সংখ্যা বৃদ্ধি পালে ১৫২ জনলৈ

জলপ্ৰলয়ে ধ্বংস কৰিলে এখন চহৰ!
প্ৰলয়ংকাৰী বানত বিধস্ত হৈ পৰিল চহৰখন
শ শ লোকৰ প্ৰাণ গ’ল।ব্ৰাজিলৰ পেট্ৰ’পলিচ চহৰত প্ৰবল বৃষ্টিপাত আৰু ভূমিস্খলন।
প্ৰবল বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস পেট্ৰ’পলিচ চহৰখন।
১৫২ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা।


বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে।ব্ৰাজিলতো প্ৰকৃতিয়ে লৈছিল ৰুষ্ট ৰূপ ।প্ৰবল বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত ব্ৰাজিলৰ পেট্ৰ’পলিচ নামৰ মনোমোহা চহৰ খন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল।প্ৰলয়ংকাৰী বানত নদীলৈ পৰিণত হৈ পৰিছিল পেট্ৰ’পলিচ চহৰৰ বাটপথ।বৰ্তমানলৈকে ২৮ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰা সন্দেহ ব্ৰাজিল চৰকাৰৰ।ৰিঅ’ডি জেনেৰিও কাষতে থকা এই পাহাৰীয়া চহৰ খনত বিগত এমাহ ধৰি বৃষ্টিপাত হৈ আছিল।

আস্কমিক ভাৱে ৩ ঘণ্টাৰ বাবে অহা এই ভূমিস্খলনে সকলো চূৰ্ণ -বিচূৰ্ণ কৰি নিলে।বৰ্তমানেও দক্ষিণ-পূবৰ এই চহৰখনত উদ্ধাৰকাৰীসকলে অভিযান অব্যাহত ৰাখিছে৷আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে মঙলবাৰৰ ধুমুহাৰ পাছত ১৬৫জন লোক সন্ধানহীন হৈ আছে।বৰ্তমানলৈকে ২৮টা শিশুসহ ১২৪টা মৃতদেহ চিনাক্ত হৈছে বুলি জানিবলৈ দিয়ে৷ পোপ ফ্ৰান্সিছে দেওবাৰে ভেটিকানৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত এঞ্জেলাছৰ প্ৰাৰ্থনাৰ পাছত তেওঁৰ শেহতীয়া শোকবাৰ্তা প্ৰেৰণ কৰে।

সমন্বয় পুথিভঁৰালত ভবানন্দ দত্তৰ সৃষ্টি আৰু দৰ্শন বিষয়ক আলোকপাত

পশ্চিম   নলবাৰীৰ অঞ্চলৰ  বিহামপুৰস্থিত সমন্বয় পুথিভঁৰালত কালি  অসমৰ এগৰাকী বিদগ্ধ পন্ডিত  ভবানন্দ দত্তৰ সৃষ্টি আৰু দৰ্শন বিষয়ৰ ওপৰত  অনুষ্ঠিত হয় এক মননশীল    বিশেষ সভা  ৷উক্ত সভাত  পুথিভঁৰালৰ কৰ্মকৰ্তাসকলৰ লগতে কেইবাগৰাকীও সমাজপ্ৰেমী , বিদ্যানুৰাগী শুভাকাংক্ষী তথা ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ পূব নলবাৰী শিক্ষাখণ্ডৰ চি.আৰ.চি.চি , নিবন্ধকাৰ সোণমণি দাসে ঐতিহ্যমণ্ডিত কটন কলেজৰ সুখ্যাত অধ্যাপক , সমকালীন অসমৰ বিদগ্ধ পণ্ডিত , চিন্তাবিদ , যুক্তিবাদী লেখক ভবানন্দ দত্তৰ কালজয়ী ৰচনাৰাজি আৰু অন্যান্য সমলৰ আধাৰত প্ৰস্তুত কৰা সুদীৰ্ঘ নিবন্ধ বৈঠকত উপস্থাপন কৰে ৷ পুথিভঁৰালৰ মুখ্য পৰিচালক আবেদুৰ ৰহমানেও বৌদ্ধিক জ্যোতিষ্কস্বৰূপ মনীষীগৰাকীৰ সৃষ্টিকৰ্মৰ ওপৰত চমু আলোকপাত কৰে ৷ চি.আৰ.চি.চি জয়ন্ত ডেকা , পুথিভঁৰালৰ সভাপতি নুৰুল ইছলাম ,  শিক্ষক তথা ভাস্কৰ্য শিল্পী শান্তনু কোঁৱৰে বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায় ৷প্ৰগতিশীল কবি ডাঃ কৌশিক বাস্যস , আবেদুৰ ৰহমান ,শান্তনু কোঁৱৰ , পম্পী বেগম আৰু আবিদ আজাদে স্বৰচিত কবিতা পাঠ কৰে ৷পুথিভঁৰালৰ পদাধিকাৰী ফাইজউদ্দিন আহমেদ , আৰবুদ্দিন আহমেদ , জমিৰুদ্দিন আহমেদ , চি.আৰ.চি.চি তবিবৰ ৰহমান আদি ব্যক্তিসকলে বৈঠকত সক্ৰিয় সহযোগিতা আগবঢ়ায় ৷

ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক আৰু শ্বহীদ সুনন্দ শালৈ এম ই স্কুলৰ শুভেচ্ছামুলক সভা

কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰিব লাগে। ইতিহাস প্ৰসিদ্ধ বাসন্তী বাকৰি অনুস্থিত ৰঙিয়া কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু শ্বহীদ সুনন্দ শালৈ এম ই স্কুলৰ শনিবাৰে অনুষ্ঠিত শুভেচ্ছা মুলক সভাত এনেদৰে কয় বিশিষ্ট শিক্ষাবিদ জয়ন্ত কুমাৰ শৰ্মাই। ফলাফল  ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তীতা দেখি বিশিষ্ট শিক্ষাবিদ জয়ন্ত কুমাৰ শৰ্মাই চৰকাৰক এনে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ আওঁতালৈ আনিবলৈ অনুৰোধ কৰে।আন এগৰাকী বিশিষ্ট অতিথি বিশিষ্ট কবি শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ জৈনে এই  বিদ্যালয় সমূহেই  অসমীয়া মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। সভাত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি প্ৰতিবিম্ব পাবলিকেচন আৰু এন্টাৰটেইন্টমেন্টৰ সঞ্চালক তফিকুদ্দিন আহমেদে বিদ্যালয়ৰ পৰিবেশ,পৰিপাটি আৰু শিষ্টাচাৰ দেখি উদ্বোদ্ধ হৈ পৰে।বিশিষ্ট অতিথিগৰাকীয়ে সমাগত মেট্ৰিক পৰীক্ষাত ক্ৰমে স্থান,ডিষ্টিংচন আৰু স্টাৰ পোৱা ছাত্ৰ -ছাত্ৰী সকলক বাইক,চাইকেল আৰু কিতাপ দি সহায় কৰিব বুলি আশ্বাস দিয়ে। সভাত কৃতিশিক্ষক যাদৱ কুমাৰ কলিতাৰ লগতে দশমমান শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰীক শুভেচ্ছা জনোৱা হয়।বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ জনপ্ৰিয় অভিনেতা পঙ্কজ পল্লৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নৱম শ্ৰেণীৰ ছাত্ৰ ৰিকুমনি কলিতাই গীত আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰাজু কলিতাই কবিতা আবৃত্তি কৰে। শিক্ষক গিৰিজানন্দ ভট্টচাৰ্য্যই আঁত ধৰা সভাৰ আৰম্ভণি গীত শিল্পী অকন কলিতাৰ পৰিচালনাত বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিবেশন কৰে।এম ই শাখাৰ প্ৰধান শিক্ষক গজেন চন্দ্ৰ লহকৰে শুভেচ্ছামূলক ভাষন দিয়ে। সভাত জনপ্ৰিয় শিল্পী নিয়ৰ পৰশ আৰু তুলিকাই সংগীত পৰিবেশন কৰি পৰিবেশটো অধিক মনোগ্ৰাহী কৰি তোলে।

আপুনি আপোনাৰ ১৫ বছৰ আয়ুস বৃদ্ধি হোৱাটো বিচাৰে নেকি?

আপুনি কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?
আমি এনে কিছুমান খাদ্য গ্ৰহণ কৰিব লাগে যাতে আমি আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰো।এনে কিছুমান খাদ্য আছে যি সমূহ খাদ্য গ্ৰহণ কৰিলে আপুনি আপোনাৰ ১৫ বছৰ আয়ুস বৃদ্ধি কৰিব পাৰিব।এনে খাদ্য সমূহৰ ভিতৰত কি কি পৰে জানক!এই পাঁ‌চবিধ খাদ্যৰ ভিতৰত প্ৰথমবিধ হৈছে দৈ।দৈত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু কেলচিয়াম থাকে।প্ৰ’টিনে আপোনাৰ মাংস পেশী শক্তিশালী কৰে।কেলচিয়ামে হাড় শক্তিশালী কৰে।আনহাতে দৈয়ে হজম শক্তি বৃদ্ধি কৰে ।হজম শক্তি বৃদ্ধি হ’লে মানুহৰ বেমাৰ আজাৰো কম হয় তাৰ ফলত মানুহৰ আয়ুস বা বয়স বৃদ্ধি হয়।গৰম দিনত দৈ খোৱাটো স্বাস্থ্যৰ বাবেও ভাল।
দ্বিতীয় খাদ্যবিধ হৈছে কমলা টেঙা।ৰক্ত সঞ্চালনৰ বাবে কমলা অতি উপকাৰী
কমলাই শৰীৰৰ প্ৰতিটো অংগলৈ ৰক্ত সঞ্চালনৰ বাবে সহায় কৰে।তাৰ ফলত আপোনাৰ শৰীৰৰ অংগ সমূহ সুস্থ সবল হৈ থাকিব।হৃদযন্ত্ৰৰ বাবেও কমলা টেঙা ভাল।আপুনি যদি নিয়মীত কমলা খাই তেন্তে আপোনাৰ হাৰ্টৰ অসুখ হোৱাৰ সম্ভাৱনা কম থাকিব।


তৃতীয় বিধ খাদ্য হৈছে গাজৰ ।গাজৰে আপোনাৰ চকুহাল ভালে ৰাখে।গাজৰে দুৰ্বল চকু সবল কৰাত সহায় কৰে।গাজৰ দৈনিক খালে আপোনাৰ দৃষ্টিশক্তি কেতিয়াও নকমে ।গাজৰে স্মৃতি শক্তি বৃদ্ধিতো সহায় কৰে,সেয়ে শিশুৰ খাদ্যৰ তালিকাত গাজৰ থাকিব লাগে।শিশুক যদি দৈনিক গাজৰ বা গাজৰৰ ৰস খোৱাই তেন্তে শিশুটিৰ স্মৃতি শক্তি বৃদ্ধি পাব।
চতুৰ্থ বিধ খাদ্য হৈছে বিলাহী।বিলাহী শৰীৰ বাবে অত্যন্ত উপকাৰী।বিলাহীত ভিটামিন ‘C’ আৰু ‘A’
থাকে।ভিটামিন A য়ে দৃষ্টি শক্তি বৃদ্ধি কৰে।ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে বিলাহীয়ে।আপুনি যদি দৈনিক বিলাহী খাই তেন্তে আপোনাৰ ছাল ভালে থাকিব।বিলাহী ৰস আৰু দৈ মিহলি কৰি যদি আপুনি মুখত লগাই তেতিয়া আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি পাব।

শেষৰ বিধ খাদ্য হৈছে পালেং শাক।পৃথিৱীৰ পুষ্টিকৰ খাদ্য সমূহৰ ভিতৰত অন্যতম পুষ্টিকৰ খাদ্য হৈছে পালেং।পালেংত ভিটামিন ‘K’ থাকে।যিয়ে হাড় মজবুত কৰাত সহায় কৰে।পালেংত জিং আৰু মেগনেছিয়ামো থাকে।ই হাই ব্লাড প্ৰেছাৰো নিয়ন্ত্ৰণ কৰে।ই শৰীৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে টোপনি যোৱাত সহায় কৰে।আপুনি যদি টোপনি সমস্যাত ভুগিছে তেন্তে আপুনি খাদ্য তালিকাত পালেং অন্তভুক্ত কৰিব পাৰে।