Home Blog Page 2601

পথ -দুৰ্ঘটনাত মৃত্যু পাটাছাৰকুছিৰ বিশিষ্ট সমাজকৰ্মী মনোমোহন গোস্বামীৰ

পাটাছাৰকুছিৰ সৰিহসত্ৰ নিবাসী  বিশিষ্ট সমাজকৰ্মী তথা সৰিহ চাকলা প্ৰাথমিক বিদ্যলয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, পাটাছাৰকুছি উন্নয়ন সমিতি , পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ  উদযাপন  সমিতি আৰু অসম জাতীয় পৰিষদৰ পাটাছাৰকুছি সমষ্টি কমিটিৰ সভাপতি তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক  সম্পাদক আৰু অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য  মনোমোহন গোস্বামীৰ যোৱা নিশা প্ৰায় ১০ বজাত পাটাছাৰকুছি বজাৰত  ৩১ নং  ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা অৱস্থাত দেখি ততাতৈয়াকৈ পাঠশালা অসামৰিক চিকিৎসালয় নিয়া হয় যদিও চিকিৎকে মৃত্যু হোৱা বুলি ঘোষণা কৰে ।  মৃত্যুৰ সময়ত তেখেতৰ  বয়স হৈছিল প্ৰায় ৬৩ বছৰ।  মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুগৰাকী পুত্ৰৰ লগতে বহুতো আত্মীয় স্বজন তথা গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। অঞ্চলটোৰ  বিভিন্ন ৰাজহুৱা অনুষ্ঠান -প্ৰতিষ্ঠানৰ  লগত  জৰিত গোস্বামীযে  আগন্তুক পাটাছাৰকুছি  পৌৰ সভাৰ নিৰ্বাচনত ৭ নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে  অৱতীৰ্ণ হৈছিল ৷ আজি পাটাছাৰকুছি উন্নয়ন সমিতিৰ কাৰ্যালয়ৰ সন্মুখত তেখেতৰ নশ্বৰদেহত বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্নজনে  ৰাজহুৱাভাবে শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰে। সৰিহ চাকলা প্ৰাথমিক বিদ্যলয়তো তেখেতৰ নশ্বৰদেহত  শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰা হয়। তেওঁৰ মৃত্যুত পাটাছাৰকুছি উন্নয়ন সমিতি, পাটাছাৰকুছি দূগাপূজা সমিতি, পাটাছাৰকুছি ৰাস মহোৎসৱ সমিতি,পাটাছাৰকুছি শিৱ মন্দিৰ আৰু নিৰ্মাণ সমিতি, প্ৰাচ‍্য সংঘ,প্ৰাগজ্যোতি ক্লাব,ৰূপান্তৰ সংঘ,পাটাছাৰকুছি সাহিত্য সভা, টিহু বজালী সংগ্ৰামী সতীৰ্থ মঞ্চ, প্ৰেছ ক্লাব আদি অনুষ্ঠান প্ৰতিষ্ঠান সমূহে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকতপ্ত পৰিয়ালবৰ্গলৈ  সমবেদনা জ্ঞাপন কৰে ।

পানীদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষাৰ আৰু জাকত –জিলিকা কৰি তোলাৰ সংকল্প

পানীদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষাৰ আৰু জাকত -জিলিকা কৰি তোলাৰ সংকল্প । শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্য সন্মিলিত সুৰক্ষা সমিতিৰ উদ্যোগত ১৪ ফেব্ৰুৱাৰীত  ঐতিহাসিক চৰ’গুৱাত জিলা প্ৰশাসন, বন বিভাগ, আৰু স্থানীয় সমাজ সচেতন ৰাইজৰ মাজত এক আলোচনাচক্ৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ ফালৰ পৰা উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিতোপন নেওঁগ, বন বিভাগৰ হৈ সহকাৰী বন সংৰক্ষক বিষয়া সয়মব্ৰিতা দত্ত  উপস্থিত থাকে।  পানিদিহিং পক্ষী অভয়াৰণ্য সুৰক্ষা আৰু জাকতজিলিকা কৰিতোলাৰ সংকল্পৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কম দিনৰ ভিতৰতে আটাইকেইটা সিদ্ধান্ত কাৰ্যকৰী হব বুলি বন বিভাগে আশ্বাস প্ৰদান কৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোপালদেৱ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তীৰ মুকলি সভাত ভবেন্দ্ৰ নাথ ডেকা

পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰি নাম ধৰ্মৰ জৰিয়তে এক আধ্যাত্মিক আন্দোলনৰ গুৰি ধৰি এখন নিকা সমাজ গঠন কৰিছিল ৷ জীৱনৰ প্ৰমূল্যবোধৰ শিক্ষা প্ৰদান কৰিছিল ৷ যাৰ বাবে মহাপুৰুষ শংকৰদেৱে শৰণৰ ব্যৱস্থা কৰিছিল ৷ হৰিনামত শৰণ লৈ পাপমতি মানৱক মুক্তিৰ মাৰ্গ দেখুৱাইছিল ৷ এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকাৰ ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ অন্তৰ্গত গোপালদেৱ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱৰ মুকলি সভাত আজি মুখ্য অতিথি হিচাপে অংশ লৈ ভবেন্দ্ৰ নাথ ডেকাই শংকৰদেৱক সমগ্ৰ বিশ্বৰে সৰ্বশ্ৰেষ্ঠ গুৰু বুলি অভিহিত কৰে ৷ তেওঁ কয় যে বিশ্বৰে সৰ্বশ্ৰেষ্ঠ গুৰু শংকৰদেৱক অসমবাসীয়ে লাভ কৰিছিল ৷ যি গৰাকী গুৰুৱে হৰি নামকে শ্ৰেষ্ঠ ধৰ্ম বুলি মানৱ সমাজক দি থৈ গৈছে ৷ যি গৰাকী গুৰুৱে গেলিলিওৰ দৰে বিজ্ঞানীয়ে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি আৱিষ্কাৰ কৰাৰ পূৰ্বে বিশ্ব ব্ৰহ্মাণ্ডৰ অস্তিত্বৰ কথা কীৰ্তনঘোষাত লিপিৱদ্ধ কৰি গৈছে ৷ সেয়ে শংকৰদেৱ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গুৰু ৷ গোপালদেৱ প্ৰাথমিক শাখাৰ উপদেষ্টা শিৱৰাম কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে সংঘৰ প্ৰাক্তন মূলৰ সদস্য গিৰীশ চন্দ্ৰ বৰ্মনে ৷ উদ্বোধনী ভাষণত গিৰীশ চন্দ্ৰ বৰ্মনে শ্ৰীমন্ত শংকৰদেৱ সংঘই সমগ্ৰ ৰাজ্যখনতে এক আধ্যাত্মিক আন্দোলনৰ লগতে সাহিত্য, সংস্কৃতিৰো গুৰিবঠা ধৰা বুলি উল্লেখ কৰি কয় যে জাতি, ভাষা নিৰ্বিশেষে সংঘই সকলোকে আদৰি লৈ এখন সাম্যবাদী সমাজ গঠনত অগ্ৰসৰ হৈছে ৷ মুকলি সভাত বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, শৰণীয়া-কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ চন্দ্ৰ দাস, বাক্সা জিলাৰ সম্পাদক উদ্ধৱ চন্দ্ৰ বৈশ্য, সংঘৰ প্ৰাক্তন মূলৰ সদস্য পবিত্ৰ পাঠক প্ৰমূখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷ মুকলি সভাতে সাংবাদিক মনোহৰ ৰাজবংশীয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ দীনবন্ধু উন্মোচন কৰে যতীন সাউদে ৷ ইয়াৰ পূৰ্বে পুৱা নামপ্ৰসংগৰ পিচতে সংঘৰ পতাকা উত্তোলন কৰে প্ৰাথমিক শাখাৰ সভাপতি গোপালদেৱ প্ৰাথমিক শাখাৰ সভাপতি দীপক দাসে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় ভাগৱত শোভাযাত্ৰা ৷ শংকৰদেৱ সংঘৰ শৰণ সদস্য ভূমিধৰ পাঠকে উদ্বোধন কৰা ভাগৱত শোভাযাত্ৰাত গায়ন-বায়নসহ পাঁচ শতাধিক ভকত-বৈষ্ণৱে হৰিনামৰ ধ্বনিৰে অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ সন্ধিয়া দিলীপ কুমাৰ শৰ্মাই উদ্বোধন কৰা সাংস্কৃতিক কাৰ্যসূচীৰে সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি পৰে ৷

বকোত এৰি মূগাৰ সূতা কটা ৫ দিনীয়া প্ৰশিক্ষণৰ কৰ্মশালা সম্পন্ন।

কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ উদ্যোগত আৰু জ্ঞান- বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত বকো উন্নয়ণ খণ্ডৰ তত্বাৱধানত বকোত আয়োজন কৰা হৈছিল মূগা এৰিৰ সূতা কটা প্ৰশিক্ষণ কৰ্মশালা। প্ৰাপ্ত তথ্য অনুসৰি ; সোণালিকা কোম্পানীৰ মেচিনৰ দ্বাৰা এৰি মূগাৰ সুতা কটা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় বকোৰ গ্ৰাম্য জীৱিকা অভিযানৰ কাৰ্যালয়ত। জ্ঞান -বিজ্ঞান সমিতি কামৰূপ জিলাৰ সভাপতি মুনিন্দ্ৰ দাসে জনোৱা মতে ; যোৱা ১৫ ফেব্ৰুৱাৰীত শুভাৰম্ভ হোৱা এৰি মূগাৰ সুতা কটা প্ৰশিক্ষণ কৰ্মশালাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অৰ্ণৱ বৰুৱাই। বকো অঞ্চলৰ প্ৰায় বিশ গৰাকী হস্ত তাত শিল্পৰ লগত জড়িত মহিলাক প্ৰশিক্ষণ দিয়া হয়। ৫ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ খানাপাৰাস্থিত কাৰ্য্যালয়ৰ বিজ্ঞানী ড: ডি জয়ন্ত ঘোষ আৰু ড: ৰাজীৱ মুঞ্চিয়ে। ইফালে প্ৰশিক্ষণ কৰ্মশালা উপস্থিত থাকি উৎসাহ উদ্দীপনা প্ৰদান কৰে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস ; বকোৰ বিশিষ্ট শিক্ষাবিদ ড : গণেশ্বৰ চহৰীয়া ; বি পি এম বন্তি শিখা হাজৰিকা ; ৰেচম বোৰ্ডৰ প্ৰশিক্ষক দীপালী ৰাভাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। প্ৰশিক্ষাৰ্থী সকলক এৰি মূগাৰ সুতা কটা উপৰিও এনে কাৰ্য্যৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী হ’ব পৰা কৌশল আৰু চৰকাৰী সুবিধাৰ ওপৰত আলোকপাত কৰে। ইফালে যোৱা ১৯ ফেব্ৰুৱাৰীত উক্ত প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি পৰে। সামৰণিৰ দিনা প্ৰশিক্ষাৰ্থী সকলোক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান কৰা হয় ।

শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি

শণিবাৰৰ পৰা হৰি নামৰ ধৰ্ব্বনিৰে মুখৰীত হৈ থকা  শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ আজি সফল সামৰণি পৰে ৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামেৰে নামাংকৃত শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ অন্যতম এখন সবল শাখা মৰিগাঁও জিলাৰ শিলপুখুৰী আঞ্চলিক শাখাটি ৷ দুকুৰি পাঁচ বছৰ অতিক্ৰম কৰা জিলা শাখাখনে বাৰ্ষিক অধিৱেশন ভাগ প্ৰতি বছৰে ভিন ভিন আঞ্চলিক শাখাৰ আমন্ত্ৰণ ক্ৰমে ভিন ভিন স্থানত অনুষ্ঠিত কৰি গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা।

এইবেলি শিলপুখুৰী আঞ্চলিক শাখাৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে গোপালঘাটত শঙ্কৰ-মাধৱ সমন্বয়  ক্ষেত্ৰত অনুষ্ঠিত হয় ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনখন। দ্বিতীয়দিনা সঙঘৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই ৷ ইয়াৰ পাছতেই প্ৰায় পাঁচ কিলোমিটাৰ যোৰা এক দীঘলীয়া পথেৰে ভাগৱত আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। 

মৰিগাঁও জিলা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ বৰাৰ সঞ্চালনাত হোৱা বঁটা প্ৰদান আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। প্ৰাক্তন সভাপতি ডাঃ পুণিৰাম পাতৰে উদ্বোধন কৰা মুকলি সভাখনতে ড৹ জীৱকান্ত নাথে বিশিষ্ট অতিথিৰ ভাষণ ৰাখে। লগতে নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড়ৰ জিলা শাখাৰ সুবক্তা হেমন্ত কুমাৰ দাস আৰু যুৱ বক্তা জিমি ডেকাই সংস্কৃত ভাষাত গুৰু গম্ভীৰ ভাবে বক্তব্য ৰাখি উপস্থিত সকলোকে আপ্লুত কৰে।

উলেখ্য যে এই সভাতেই ২০২১-২২ বৰ্ষৰ বাবে বিভিন্ন ক্ষেত্ৰত  একান্ত সাধনাৰে নিজৰ জীৱনৰ লগতে সমাজৰ বাবে অৰিহণা আগবঢ়াই অহা নিৰ্বাচিত ছগৰাকীক পুণ প্ৰথম বাৰৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয়। বঁটা সমূহ ক্ৰমে-১) সাহিত্য সাধনা বঁটা- ডা: পুণিৰাম পাতৰলৈ, ২) সংস্কৃতি সাধক বঁটা- সোমেশ্বৰ হীৰালৈ,৩) আইমাতৃ প্ৰেৰণা বঁটা –  লাৱণ্য দেবীলৈ,৪) প্ৰচাৰ সাংগঠনিক বঁটা- গনেশ ৰাজকুমাৰলৈ, ৫) সেনাবাহিনীৰ যুৱ উদ্যমিতা বঁটা- জোনাকী খাটনিয়াৰলৈ আৰু ৬) গুৰু দক্ষিণা বঁটা- অকন চন্দ্ৰ ডেকালৈ আগ বঢ়োৱা হয়। জানিব পৰা মতে এই বঁটা সমূহ জিলা শাখাই আগন্তুক সময়টো আগ বাঢ়াই যাব বুলি জানিব পৰা গৈছে ৷

গোৱালপাৰা চহৰত বালিৰ চিণ্ডিকেট, নিৰ্বিকাৰ বন বিভাগ

ৰাজ্যত এতিয়া যেন অনিয়মেই নিয়মত পৰিণত হৈছে। চৰকাৰৰ শূণ্য সহনশীলতাৰ শ্লোগান যে ভূৱা এয়া প্ৰমাণ কৰিছে গোৱালপাৰা জিলাৰ বন বিভাগে। উল্লেখ্য যে, গোৱালপাৰা জিলাত একাংশ অসৎ ব্যৱসায়ীয়ে বন বিভাগৰ কৰ্মীক মেনেজ কৰি চলাইছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। ব্ৰহ্মপুত্ৰৰ লগতে উপ নৈ সমুহৰ পৰা অবৈধ ভাৱে সৰবৰাহ কৰি আহিছে বালি। প্ৰত্যক্ষ কৰা মতে গোৱালপাৰা চহৰৰ কাৰবালাৰ নিচেই কাষত থকা  হুৰ্‌কাকুচি নামৰ ঠাইত একাংশ বালি মাফিয়াই বালিৰ চিণ্ডিকেট চলাই আছে।

প্ৰকাণ্ড প্ৰকাণ্ড ডাম্পাৰত অভাৰ লোডিং কৰি  দিনে নিশাই চহৰ অঞ্চলত এনেদৰে বালি মাফিয়াই বালিৰ চিণ্ডিকেট চলাই আছে। ইফালে চৰকাৰৰ ফালৰ পৰা ট্ৰাকত অভাৰ লোডিংৰ অনুমতি নথকা সত্তেও কাৰ সাহসত এনেদৰে অভাৰ লোডিং কৰি ডাম্পাৰৰে বালিৰ ৰমৰমীয়া বেহা চলাই আছে এইসকল বালিমাফিয়াই বুলিও বন বিভাগক প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে। গোৱালপাৰা চহৰৰ অঞ্চলত এনেদৰে অভাৰ লোডিং চলি থকা ডাম্পাৰক কিয় নাকি নলগায় বিভাগৰ মুৰব্বী সকলে বুলি চৰকাৰক প্ৰশ্ন কৰে চহৰবাসীয়ে। এই ক্ষেত্ৰত চৰকাৰে নিৰবতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উত্তৰ দিবনে বন বিভাগে।

লাহৰীঘাটত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰুধী অভিযানত  ১২.৯ গ্ৰাম  চাবোনৰ  ড্ৰাগছ ভৰ্তি  বাকছ এটা সহ দুজনক গ্ৰেপ্তাৰ। মৰিগাঁও আৰক্ষীৰ অভিযানত বৰবৰিৰ পৰা  নজৰুল ইছলাম, আৰু বাহাৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আটক কৰা ২ ড্ৰাগছ সৰবৰাহ কাৰীৰ ২ খন বাইকো জব্দ কৰে আৰক্ষীয়ে।

ধৃত ড্ৰাগছ সৰবৰাহ কাৰীৰ জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ১২.৯ গ্ৰাম বুলি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিম উদ্দিন আহমেদে জনাইছে। ধৃত দুয়ো ড্ৰাগছ সৰবৰাহ কাৰীৰ বিৰুদ্ধে 120/22, U/S 21(b) /29  NDP’S   Act ৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। 

হিজাব ইছলামৰ অপৰিহাৰ্য ধৰ্মীয় অংগ নহয়, উচ্চ ন্যায়ালয়ক জনালে কৰ্ণাটক চৰকাৰে

হিজাব বিতৰ্কই এতিয়া দেশৰ লগতে বিদেশতো জোকাৰণিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এনে সময়তে কৰ্ণাটক চৰকাৰে শুকুৰবাৰে উচ্চ ন্যায়ালয়ত এই বুলি কয় যে হিজাব ইছলামৰ এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয় আৰু ইয়াৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিলে ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদ উলংঘা কৰা নহ’ব। উল্লেখ্য ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদে ধৰ্মীয় স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰে। কৰ্ণাটক চৰকাৰে আজি কয় —’আমি এই কথা অনুধাৱন কৰিছো যে হিজাব পিন্ধাটো ইছলামৰ এক অপৰিহাৰ্য ধৰ্মীয় অংশ নহয়’। কৰ্ণাটকৰ এডভোকেট জেনেৰেল প্ৰভুলিং নাভাদগীয়ে ন্যায়াধীশ ৰিতু ৰাজ অৱস্থী, ন্যায়াধীশ জে এম খাজী আৰু ন্যায়াধীশ কৃষ্ণা এম দীক্ষিতক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ বিচাৰপীঠক আজি এনেদৰে কয়।
তেওঁ একাংশ মুছলমান ছোৱালীৰ অভিযোগো নাকচ কৰে। ইছলামধৰ্মী ছাত্ৰীসকলে চৰকাৰে উদ্দেশ্যপ্ৰণোদিতভাবে তেওঁলোকক হিজাব পিন্ধিবলৈ দিয়া নাই বুলি অভিযোগ কৰিছিল।

ছাত্ৰীসকলে আনকি ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আদালতত গোচৰ তৰিছিল। ছাত্ৰীসকলৰ এনে স্থিতিৰ বিপৰীতে কৰ্ণাটক চৰকাৰে এই কথা স্পষ্ট কৰি দিছে যে চৰকাৰী আদেশটোৱে সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক) উলংঘন নকৰে। উল্লেখ্য একাংশ ছাত্ৰীৰ অধিবক্তাই শুকুৰবাৰ আৰু পবিত্ৰ ৰমজান মাহত ছাত্ৰীসকলক হিজাব পৰিধানৰ অনুমতি দিব লাগে বুলি আদালতত আবেদন জনাইছিল। আবেদনকাৰী শিক্ষাৰ্থীসকলে কয় যে হিজাব নিষিদ্ধ কৰাটো পবিত্ৰ কোৰাণ নিষিদ্ধ কৰাৰ দৰে কথা হ’ব। আবেদনকাৰী ছাত্ৰীসকলৰ অধিবক্তা বিনোদ কুলকাৰ্ণীয়ে কয় ‘মুছলমান ছোৱালীসকলক হিজাব পিন্ধাৰ পৰা বিৰত কৰাৰ ফলত তেওঁলোক মানসিক অন্তৰ্দ্বন্দ্বত ভুগি আছে। মই আদালতক অনুৰোধ জনাইছো যে ছোৱালীসকলক শুকুৰবাৰে হিজাব পিন্ধিবলৈ অনুমতি দিয়াৰ নিৰ্দেশ দিয়া হওঁক, কাৰণ এই দিনটো মুছলমানসকলৰ বাবে জুম্মাৰ দিন।

একেদৰে পবিত্ৰ ৰমজান মাহতো তেওঁলোকক হিজাব পৰিধান কৰাৰ অনুমতি দিয়ক।’ আবেদনকাৰী ছাত্ৰীসকলে তেওঁলোকৰ আবেদন মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থি, ন্যায়াধীশ জে এম খাজী আৰু ন্যায়াধীশ কৃষ্ণএছ দীক্ষিতক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ বিচাৰপীঠৰ ওচৰত দাখিল কৰে। কুলকাৰ্ণীয়ে দাবী কৰিছিল যে হিজাবে এতিয়া দেশত এক “গণ হিষ্টেৰিয়া”ৰ সৃষ্টি কৰিছে। হিজাব “স্বাস্থ্য বা নৈতিকতাৰ বিৰোধী নহয়” বুলিও তেওঁ মন্তব্য কৰে।

সাংকেতিক ভাষা বুজিব পৰা যন্ত্ৰ আৱিষ্কাৰ কৰিলে কুৰি বছৰীয়া ভাৰতীয় ছাত্ৰীয়ে

মুক-বধিৰ সকলক কোনো একোটা বিষয়ৰ কথা বুজোৱাতো কিমান কষ্টকৰ সেয়া এই বিষয়ৰ সৈতে জৰিত সকলেহে ভালদৰে অনুভৱ কৰিব পাৰে। কিন্তু এই সমস্যাৰ এক উজু সমাধান উলিয়াবলৈ সক্ষম হৈছে এগৰাকী কুৰি বছৰীয়া ছাত্ৰীয়ে। যিসকলে সঠিকভাৱে কথা ক’ব নোৱাৰে বা শুনা নাপায় তেওঁলোকক সাংকেতিক ভাষাৰে বহু কথা বুজাব পাৰি। লক্ষ্যণীয় কথাটো হ’ল এই সাংকেতিক ভাষা আকৌ সকলোৰে বাবে বোধগম্য নহয়। এনে সমস্যাৰে সমাধান উলিয়াইছে এগৰাকী ছাত্ৰীয়ে। দিল্লীস্থিত অভিযান্ত্ৰিক শাখাৰ ছাত্ৰী প্ৰিয়াঞ্জলী গুপ্তাই এটা এআই মডেল সৃষ্টি কৰিছে। যিটো যন্ত্ৰৰ জৰিয়তে সহজতে সাংকেতিক ভাষা বুজিব পৰা যাব।

তামিলনাডুৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ ছাত্ৰী প্ৰিয়াঞ্জলীয়ে বৰ্তমান অভিযান্ত্ৰিক শাখাত অধ্যয়ন কৰি আছে। প্ৰিয়াঞ্জলিৰ মাক দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আৰু তেওঁৰ দেউতাকে স্পাইচজেটত কৰ্মৰত। কন্যাৰ নৱতম সৃষ্টিৰ বিষয়ে প্ৰিয়াঞ্জলীৰ মাকে কয়— “আজিকালি মানুহে বহুতো ষ্টাৰ্টআপ কৰি আছে, উদ্ভাৱন কৰি আছে, মোৰ কন্যা অভিযান্ত্ৰিক শাখাত অধ্যয়নৰত ছাত্ৰী, তেঁৱো কিবা কৰা উচিত বুলি আমি ভাবিছিলো।” ২০ বছৰীয়া প্ৰিয়ঞ্জলীয়ে কয় যে তেওঁ আৱিষ্কাৰ কৰা এলেক্সা ডিভাইচটোৱে বিশেষ নিৰ্দেশ গ্ৰহণ কৰিব পাৰে। এজন ব্যৱহাৰকাৰীয়ে কথা কয় তেতিয়া লগে লগে যন্ত্ৰটোৱে সেই সাংকেতিক ভাষাৰ তৰ্জমা কৰিব পাৰে। প্ৰিয়াঞ্জলীয়ে ২০২১ চনৰ ফেব্ৰুৱাৰীত এই যন্ত্ৰ উদ্ভাৱনৰ কাম হাতত লৈছিল।

তেওঁ যোৱা বছৰৰ ডিচেম্বৰত কম্পিউটাৰৰ সহায় লৈ যন্ত্ৰটোৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছিল। তেওঁৰ এই প্ৰকল্পটো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে বুলি মন্তব্য কৰি প্ৰিয়াঞ্জলীয়ে কয় যে যন্ত্ৰটোৱে সঠিক ভাবে কাম কৰি আছে আৰু ইয়াক পূৰ্ণাংগ ৰূপ দিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। নিঃসন্দেহে প্ৰিয়াঞ্জলীৰ এই আৱিষ্কাৰ এক যুগান্তকাৰী আৱিষ্কাৰ হিচাবে পৰিগণিত হ’ব।

পৰিসৰ বৃদ্ধি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ, দশম সংযোজন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ

এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। সেইমৰ্মে ৰাষ্ট্ৰীয় উদ্যান খনত দশম সংযোজনৰ পৰিসৰ বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ধাৰা ৩৫ ৰ ব্যৱস্থা অনুসৰি, অসম চৰকাৰে ভূমিৰ এক নিৰ্দিষ্ট এলেকা সামৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দশম সংযোজনৰ ঘোষণা কৰিব বিচাৰিছে। ইতিমধ্যে বিশ্বনাথ জিলাৰ উপায়ুক্তক এই সম্পৰ্কীয় অধ্যয়ন চলোৱাৰ লগতে নিৰ্ধাৰিত সীমাৰ ভিতৰত থকা ভূমি সম্পৰ্কত ক্ষতিপূৰণ আদি আদায় দিয়া বিষয়সমূহ চালি-জাৰি চাবলৈ দায়িত্ব অৰ্পন কৰা হৈছে।


নিৰ্ধাৰিত প্ৰ-পত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দশম সংযোজনৰ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত হ’বলগীয়া ভূমিৰ গৰাকীয়ে জাননী জাৰি কৰাৰ দিনটোৰ পৰা দুমাহৰ ভিতৰত বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন বিষয়া তথা বিশ্বনাথ চাৰিআলিৰ উপ-সঞ্চালকৰ ওচৰত যাৱতীয় তথ্য দাখিল কৰিব লাগিব। নিৰ্ধাৰিত ভূমিৰ পূব সীমা ৰাষ্ট্ৰীয় উদ্যান খনৰ ষষ্ঠ সংযোজনৰ সীমাৰ মনাবাৰী কেন্দ্ৰৰ দক্ষিণ-পূব কোণৰ পৰা আৰম্ভ হ’ব। উল্লেখ্য অসম চৰকাৰে ২০২১ চনৰ ৮ নবেম্বৰত বিশ্বনাথৰ মোনাবাৰী অঞ্চলৰ ৪৫২ হেক্টৰ ভূমিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাবে ঘোষণা কৰিছিল ৷ এই ঘোষণাৰে অসম চৰকাৰে মোনাবাৰী চাহ বাগিচাৰ লগতে থকা এই ৪৫২ হেক্টৰ ভুমিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল৷

বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিছাৰ সৈতে সংলগ্নিত এই ৪৫২ হেক্টৰ ভূমিত ভূমি সংৰক্ষণ বিভাগে ১৯৬২ চনতে বৃক্ষ ৰোপণ কৰিছিল আৰু তেতিয়াৰে পৰাই গঢ়ি উঠিছিল এক বনাঞ্চল৷ ২০০৬ চনতে এই বনাঞ্চলক বন বিভাগক অৰ্পণ কৰা হৈছিল যদিও আনুষ্ঠানিক ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পণ কৰা হোৱা নাছিল৷ দেওচূড় আৰু পালখোৱাৰ ১৭৬ হেক্টৰ ভূমিক সপ্তম সংযোজন, বান্দৰডুবি এলেকাৰ ৩০৭ হেক্টৰ ভূমিক অষ্টম সংযোজন আৰু শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ কাষৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকোৱা চাপৰি ২৫৭০ হেক্টৰ ভূমিক কাজিৰঙাৰ নৱম সংযোজন হিচাবে ঘোষণা কৰাৰ পিচত শেহতীয়াকৈ মোনাবাৰীৰ ৪৫২ হেক্টৰ বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাবে ঘোষণা কৰিছিল অসম চৰকাৰে৷
ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ সম্প্ৰতি ৯১৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯২৫ বৰ্গ কিলোমিটাৰলৈ লৈ বৃদ্ধি পাব।