Breaking

পথ -দুৰ্ঘটনাত মৃত্যু পাটাছাৰকুছিৰ বিশিষ্ট সমাজকৰ্মী মনোমোহন গোস্বামীৰ

0 55

পাটাছাৰকুছিৰ সৰিহসত্ৰ নিবাসী  বিশিষ্ট সমাজকৰ্মী তথা সৰিহ চাকলা প্ৰাথমিক বিদ্যলয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, পাটাছাৰকুছি উন্নয়ন সমিতি , পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ  উদযাপন  সমিতি আৰু অসম জাতীয় পৰিষদৰ পাটাছাৰকুছি সমষ্টি কমিটিৰ সভাপতি তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক  সম্পাদক আৰু অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য  মনোমোহন গোস্বামীৰ যোৱা নিশা প্ৰায় ১০ বজাত পাটাছাৰকুছি বজাৰত  ৩১ নং  ৰাষ্ট্ৰীয় ঘাইপথত পৰি থকা অৱস্থাত দেখি ততাতৈয়াকৈ পাঠশালা অসামৰিক চিকিৎসালয় নিয়া হয় যদিও চিকিৎকে মৃত্যু হোৱা বুলি ঘোষণা কৰে ।  মৃত্যুৰ সময়ত তেখেতৰ  বয়স হৈছিল প্ৰায় ৬৩ বছৰ।  মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুগৰাকী পুত্ৰৰ লগতে বহুতো আত্মীয় স্বজন তথা গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। অঞ্চলটোৰ  বিভিন্ন ৰাজহুৱা অনুষ্ঠান -প্ৰতিষ্ঠানৰ  লগত  জৰিত গোস্বামীযে  আগন্তুক পাটাছাৰকুছি  পৌৰ সভাৰ নিৰ্বাচনত ৭ নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে  অৱতীৰ্ণ হৈছিল ৷ আজি পাটাছাৰকুছি উন্নয়ন সমিতিৰ কাৰ্যালয়ৰ সন্মুখত তেখেতৰ নশ্বৰদেহত বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্নজনে  ৰাজহুৱাভাবে শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰে। সৰিহ চাকলা প্ৰাথমিক বিদ্যলয়তো তেখেতৰ নশ্বৰদেহত  শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰা হয়। তেওঁৰ মৃত্যুত পাটাছাৰকুছি উন্নয়ন সমিতি, পাটাছাৰকুছি দূগাপূজা সমিতি, পাটাছাৰকুছি ৰাস মহোৎসৱ সমিতি,পাটাছাৰকুছি শিৱ মন্দিৰ আৰু নিৰ্মাণ সমিতি, প্ৰাচ‍্য সংঘ,প্ৰাগজ্যোতি ক্লাব,ৰূপান্তৰ সংঘ,পাটাছাৰকুছি সাহিত্য সভা, টিহু বজালী সংগ্ৰামী সতীৰ্থ মঞ্চ, প্ৰেছ ক্লাব আদি অনুষ্ঠান প্ৰতিষ্ঠান সমূহে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকতপ্ত পৰিয়ালবৰ্গলৈ  সমবেদনা জ্ঞাপন কৰে ।

Leave A Reply