Breaking

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

0 252

কামৰূপ জিলাৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী সকলে আজি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ১৭ ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ অন্তিম দিনা মহাবিদ্যালয়খনৰ ১৭ টা বিভাগে আজি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰে। সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো দিশ প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয় চৌহদৰ পৰা পুখুৰীপাৰা হৈ নগৰবেৰা বজাৰৰ মাজমজিয়াৰে বিভিন্ন শ্লোগান দি শোভাযাত্ৰাকাৰী সকলে পুনৰ মহাবিদ্যালয় খেল -পথাৰত একত্ৰিত হৈ শোভাযাত্ৰাৰ সামৰণি পেলায়। মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ প্ৰস্তুতিৰ প্ৰাক্ মূহুৰ্তত ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী সকলে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই বিশেষ বাৰ্তা বহন কৰিব বুলি ব্যক্ত কৰিছে সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা পৰিচালনা সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই ।

Leave A Reply