এয়াৰটেল এ এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে

ভাৰতৰ আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেল -এ ₹999 আৰু তাৰ ওপৰৰ ফেমিলি পোষ্টপেইড প্লেনত এতিয়া এপল আইক্লাউড+, এপল টিভি আৰু এপল আৰ্কেড সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে গ্ৰাহকে এটা প্লেনৰ ভিতৰতে অধিক সুবিধা লাভ কৰিব পাৰিব।
এই নতুন অফাৰৰ জৰিয়তে এয়াৰটেলৰ গ্ৰাহকে মোবাইল সেৱাৰ লগতে ক্লাউড ষ্ট’ৰেজ, মনোৰঞ্জন আৰু গেমিংৰ সুবিধাও লাভ কৰিব।
আইক্লাউড+ৰ জৰিয়তে গ্ৰাহকে নিজৰ ফটো, ফাইল, পাছৱৰ্ড, কনটেক্ট আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ আৰু এপল-ৰ বিভিন্ন ডিভাইচত ব্যৱহাৰ কৰিব পাৰিব। ডাটাৰ সুৰক্ষিত বেকআপৰ সুবিধাও থাকিব, যাৰ ফলত নতুন এপল ডিভাইচলৈ তথ্য স্থানান্তৰ কৰাটো সহজ হ’ব।
গ্ৰাহকে এপল টিভিৰ জৰিয়তে এপল-ৰ বিভিন্ন অ’ৰিজিনেল ছিৰিজ আৰু চিনেমা উপভোগ কৰিব পাৰিব। আনহাতে, এপল আৰ্কেডৰ জৰিয়তে বিজ্ঞাপন আৰু অতিৰিক্ত ইন-এপ ক্ৰয় নোহোৱাকৈ বিভিন্ন গেম খেলাৰ সুবিধা লাভ কৰিব।
₹999 ফেমিলি পোষ্টপেইড প্লেনত তিনিজনীয়া পৰিয়ালৰ বাবে সুবিধা আছে। ইয়াত ফাষ্টলেন প্ৰযুক্তিৰ সৈতে আনলিমিটেড ডাটা, স্পেম প্ৰটেকচন আৰু বিভিন্ন মনোৰঞ্জনমূলক ছাবস্ক্ৰিপচনৰ সুবিধা অন্তৰ্ভুক্ত আছে। এতিয়া এপল আইক্লাউড+, এপল টিভি আৰু এপল আৰ্কেড সংযোজন হোৱাৰ ফলত পৰিয়ালৰ বাবে এই প্লেনত আৰু অধিক সুবিধা উপলব্ধ হ’ব।
গ্ৰাহকে সহজে এয়াৰটেল এপ ৰ জৰিয়তে এই প্লেনলৈ আপগ্ৰেড কৰিব পাৰে অথবা ওচৰৰ এয়াৰটেল ষ্টোৰ লৈ গৈ এই সুবিধা গ্ৰহণ কৰিব পাৰে।
ভাৰতী এয়াৰটেলৰ ডাইৰেক্টৰ – মাৰ্কেট অপছ, অমিত ত্ৰিপাঠী -এ কয়, “এয়াৰটেলত আমি সদায় গ্ৰাহকৰ জীৱন সহজ কৰি তোলা আৰু আমাৰ প্লেনৰ জৰিয়তে অধিক সুবিধা দিয়াৰ বাবে কাম কৰি আহিছোঁ। আমাৰ ফেমিলি পোষ্টপেইড প্লেনসমূহত পৰিয়ালৰ সকলো সদস্যৰ বাবে কানেক্টিভিটি, মনোৰঞ্জন আৰু ডিজিটেল সেৱা একেলগে আগবঢ়োৱা হয়। এপল আইক্লাউড+, এপল টিভি আৰু এপল আৰ্কেড সংযোজনৰ জৰিয়তে আমি এতিয়া গ্ৰাহকক এটা প্লেনৰ ভিতৰতে আৰু অধিক সুবিধা আগবঢ়াইছোঁ।”

