Breaking

মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিযোগ নসাৎ কৰি প্ৰত্যুত্তৰ দিলে ভূপেন বৰাই!

0 66

ভূপেন বৰাৰ বিৰুদ্ধে ফ্লেট বেদখলৰ অভিযোগৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যুত্তৰ ভূপেন বৰাৰ।দীৰ্ঘদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্ৰী পিযুষ হাজৰিকৰ মাজত অব্যাহত আছে বাকযুদ্ধ। এইবাৰ মন্ত্ৰী পিযুষ হাজৰিকাই ভূপেন বৰাৰ পত্নীৰ নামত হাউছিঙৰ ফ্লেট থকা বুলি মন্তব্য কৰাৰ পিছতেই মাটিৰ প্ৰসংগ তুলি ভূপেন বৰাই আজি মন্তব্য কৰি কৈছে “মই ভুল মানিছোঁ বাৰু কিন্তু ,৪৩৫ স্কোৱেৰফুটৰ ফ্লেটতোৰ লগত ২৯ বিঘা মাটিৰ তুলনা হয় জানো?” লগতে কয় “ফ্লেটটো মোৰ নামত নাই পত্নীৰ নামতহে আছে, শাস্তি দিলে দিব পাৰে, কিন্তু ফ্লেটটোৰ লগত ২৯ বিঘা মাটিৰ কোনো তুলনাই নহয়।”এইদৰে মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Leave A Reply