Breaking

বৰপেটাত দুদিনীয়া কাৰ্যসূচীৰে সংকল্প মেলা                  

0 67

আজিৰে পৰা বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জীৱিকাৰ জ্ঞান আহৰণ আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে দুদিনীয়াকৈ “সংকল্প” শীৰ্ষক জিলা ভিত্তিক সজাগতামূলক কৰ্মশালা আৰম্ভ হৈছে। জিলা পুথিভঁৰাল চৌহদত আয়োজিত এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। দিনজোৰা কৰ্মশালাৰ সৈতে সঙ্গতি ৰাখি এখন আকৰ্ষণীয় মেলাও অনুষ্ঠিত কৰা হৈছে। মেলাত ৰেচম, হস্ততাঁত বস্ত্ৰ শিল্প, উদ্যোগ, পশুপালন আৰু পশু চিকিৎসা, গ্ৰামীণ জীৱিকা অভিযান আদি বিভিন্ন বিভাগৰ তৰফৰ পৰা বিপনী স্থাপন কৰি স্থানীয়ভাবে উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয়। তদুপৰি মহিলা সকলৰ মাজত পিঠা-পনাৰ ৰন্ধন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ভাষণত উপায়ুক্ত ভূচালে কয় যে, আমাৰ আধুনিক বিশ্বত বহু ধৰণৰ সংস্থাপনৰ সুযোগ-সুবিধা আছে যদিহে সেই ক্ষেত্ৰত উপযুক্ত দক্ষতা থাকে। অৰ্হতাৰ লগতে নিজক প্ৰতিষ্ঠিত কৰিবলৈ বা সংস্থাপিত কৰিবলৈ উপযুক্ত দক্ষতা আহৰণ কৰাৰ খুবেই আৱশ্যক বুলি উল্লেখ কৰি তেওঁ কয় যে, এইদিশত সহায় কৰি আমাৰ নিবনুৱা যুবক-যুৱতী সকলক সংস্থাপনৰ পথ দেখুৱাই দিয়াই এই “সংকল্প” শীৰ্ষক কৰ্মশালাৰ মূল উদ্দেশ্য। ইয়াৰ দ্বাৰা যুৱক-যুৱতী সকলে আশাৰ ৰেঙণী দেখিবলৈ পাব বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ মতে দক্ষতাৰ বিকাশে এজন ব্যক্তিৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিকাশো নিশ্চিত কৰে।  সভাৰ আৰম্ভণীতে জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে আদৰণী ভাষণ দিয়ে। অসম দক্ষতা বিকাশ অভিযানৰ জেষ্ঠ ৰাজ্যিক প্ৰকল্প প্ৰৱন্ধক দীপাংকৰ বৰ্মন, আৰু সহকাৰী প্ৰকল্প প্ৰৱন্ধক পিংকু চৌধুৰী, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ শৰ্মা, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাস আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে স্থানীয় সফল উদ্যোগীৰ সৈতে মত- বিনিময় অনুষ্ঠান এটি অনুষ্ঠিত হয়। ইয়াত অৰিন্দম সেনগুপ্ত, আনোৱাৰ হুছেইন, মোৱাৰক হুছেইন, জয়ন্ত বায়ন, সাহাদত হুছেইন আৰু নিৰ্মলা বেগম আদি থলুৱা সফল উদ্যোগী সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মাজতে স্থানীয় শিল্পীৰ দ্বাৰা ভোৰতাল নৃত্য, বিহু নৃত্য আৰু সমবেত সংগীতো প্ৰদৰ্শন কৰা হয়। কাইলৈ দ্বিতীয় দিনৰ অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক প্ৰৱন্ধক বীৰেণ দাসে দক্ষতা বিকাশ আৰু বিত্তীয় সাক্ষৰতাৰ বিষয়ত বক্তৃতা প্ৰদান কৰিব। তদুপৰি মীণ আৰু উদ্যোগ বিভাগ বিষয়াৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠানো অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তা সকলে জনায়।

Leave A Reply