Breaking

উন্নয়নৰ শ্লোগানে স্পৰ্শ কৰা নাই !এখন বাঁহৰ দলঙৰ ওপৰেৰে বছৰ বছৰ ধৰি বিপদ সংকুল যাত্ৰা

0 123

শাসনাধিষ্ঠিত মিত্ৰযোঁটৰ বিজেপি চৰকাৰ খনৰ উন্নয়নৰ শ্লোগানে স্পৰ্শ কৰা নাই বিটিএডি ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ এখন বাঁহৰ দলঙক । যাৰ ফলত সমষ্টিটোত গেলাবিল, বেঙেনাবাৰী,হিৰামাটি, শইকীয়া চুবুৰী ইত্যাদি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বিপদ সংকুলতাৰে যাতায়ত কৰি আহিছে এইখন বাঁহৰ দলঙেৰে ।  উল্লেখ্য যে উক্ত বৃহৎ এলেকাটোক সামৰি পাগলাদিয়া নদীৰ এটা মৰাসুঁতিৰ ওপৰত প্ৰায় দুইশ, ফুট দৈঘ্যৰ এখন কাঠৰ দলং মাজবাট সমষ্টিৰ বিধায়ক তথা তদানীন্তন  কংগ্ৰেছ চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী প্ৰয়াত চিলবিউছ কন্দপানে সুঁতিটোৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল ।মাজে সময়ে মন্ত্ৰীগৰাকীৰ তত্ত্বাৱধানত বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে উক্ত দলং খন মেৰামতিৰ কৰি আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে গৰু মৰিল পোক সৰিল লেখিয়াকৈ মন্ত্ৰী চিলবিউছ কন্দপানৰ মৃত্যু হোৱাৰ পাছত কোনো এখন চৰকাৰৰ এজন জনপ্ৰতিনিধিও এই দলংখন জৰাজীৰ্ণ হৈ পৰাৰ পাছতো পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।ক্ৰমান্বয়ে দলং খন জহি খহি যোৱাৰ পাছত গাঁওবাসীয়ে একাঁঠু পানী পাৰ হৈ অহা -যোৱা কৰি আহিছিল ।যদিও বাৰিষাৰ সময়ত ৰাইজৰ যাতায়তৰ  ক্ষেত্ৰত ভীষন সমস্যাৰ সৃষ্টি হৈছিল । সেয়েহে বেঙেনাবাৰী,হিৰামাটি,গেলাবিল,শইকীয়া চুবুৰী,ভোগদল,ৰৌমাৰী ইত্যাদি অঞ্চলৰ ৰাইজে যাতায়তৰ সামান্য সুবিধাৰ বাবে এখন বাহৰ দলং নিৰ্মাণ কৰি উক্ত দলঙৰ ওপৰেৰে বছৰ বছৰ ধৰি যাতায়ত কৰি আহিছে। প্ৰতি বছৰে বাৰীষাৰ আগে আগে ৰাইজে দলংখন মজবুতকৈ নিৰ্মাণ কৰি লয়। আনহাতে  উক্ত পথটোৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন হৈ ইফালে কৌপাটী হৈ  দলগাঁৱত যোৱাৰ সুবিধা থকাৰ লগতে ওৰাঙৰ পৰা ওৰাং ৰাষ্টীয় উদ্যানলৈ যাব পাৰে ।যদিও মৰাসুঁতিটোৰ ওপৰত দলং নোহোৱাৰ বাবে এই সুবিধাৰ পৰা ৰাইজ বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে । সেয়েহে উন্নয়নৰ শ্লোগান দি শূন্যতে গদা ঘুৰাই থকা শাসনাধিষ্ঠিত মিত্ৰযোঁটৰ বিজেপি চৰকাখনক এই দলংখন নিৰ্মাণ কৰি দিবলৈ ৰাইজে অনুৰোধ জনায় ।

Leave A Reply