Breaking

লাহৰীঘাটৰ গেৰুৱাত POCSO ACT ৰ সজাগতা সভা

0 80

লাহৰীঘাটৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত POCSO ACT 2012 আৰু বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতা সভাত মৰিগাঁও জিলাৰ ভয়াবহ ব্যাধিৰ সন্দৰ্ভত কেবাটাও দিশ উন্মোচিত হয়। মৰিগাঁৱত অসমৰ ভিতৰতে অভিলেখ সংখ্যক শিশু যৌন নিৰ্যাতন, বাল্য বিবাহ আৰু হিউমেন ট্ৰেফিকিঙৰ ঘটনা সংঘটিত হৈ আহিছে। এই মন্তব্য জ্যেষ্ঠ অধিবক্তা ছাহনাজ বেগমৰ। জিলা আইনসেৱা  প্ৰাধিকৰণ মৰিগাঁৱৰ উদ্যোগত মঙ্গলবাৰে গেৰুৱা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শিশু যৌন অপৰাধৰ বিৰুদ্ধে প্ৰতিৰোধ আইন ও বাল্য বিবাহ (POCSO) সন্দৰ্ভত এক সজাগতা সভাত অংশ গ্ৰহণ কৰি জ্যেষ্ঠ অধিবক্তা ছাহনাজ বেগমে কেবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে।

মৰিগাঁও জিলাৰ ভূৰাগাঁও, মৈৰাবাৰী অঞ্চলৰ পৰাই সৰ্বাধিক হিউমেন ট্ৰেফিকিং হৈ আহিছে। অঞ্চলটোৰ বান গৰাখহনীয়াই অৰ্থনৈতিক ভেটি ভাঙি পেলোৱাৰ বাবেই এই সুবিধা লৈ আহিছে অপৰাধীয়ে।বিহাৰৰ পৰাও উদ্ধাৰ হৈছে মৰিগাঁৱৰ কেবাগৰাকীও যুৱতী।জিলাখনত হিউমেন ট্ৰেফিকিঙৰ বলি হৈছে যুৱকো।

ছাত্ৰীসকলক উদেশ্য কৰি শিশু যৌন নিৰ্যাতনৰ সন্দৰ্ভত সজাগ হবলৈ জ্যেষ্ঠ অধিবক্তা তথা শিক্ষাবিদ নিৰঞ্জন বৰুৱাই কয় – তোমালোকৰ দেহাটোৰ ওপৰত তোমালোকৰ সৰ্বোচ্চ ক্ষমতা আইনে দিছে।উল্লেখ্য যে মৰিগাও জিলাত প্ৰতিদিনেই পঞ্জীয়ন হৈ আহিছে শিশু যৌন নিৰ্যাতনৰ দৰে বহু ঘটনা। সজাগতা সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ বুবু মনি গোস্বামীয়ে ।

Leave A Reply