Breaking

ঘগ্ৰাপাৰত নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান

0 24

ভাল মানুহক সমাজে স্মৰণ আৰু শ্ৰদ্ধা কৰে।সমৰ্পিত মনোভাৱেৰে আত্মীয় ,সহোদৰ আৰু ৰাইজক সময় দিব লাগে।সেই সময়েই দস্টাবেজৰ সৃষ্টি কৰে ; এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ।নলবাৰীৰ প্ৰাক্তন বিধায়ক,বিশিষ্ট ৰাজনীতিবিদ তথা জননেতা প্ৰয়াত মদন কলিতাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি শৰ্মাই মানুহে মানুহৰ বাবে জীয়াই থকাটোৱে সঁচাৰ্থত মানৱতা বুলি উল্লেখ কৰি কৰ্মৰ চানেকিৰে গ্ৰন্থৰ বুকুত স্থান পাই পুৰুষোত্তম হব পাৰে বুলি মন্তব্য কৰি প্ৰয়াত মদন কলিতা তেনে গুণৰ অধিকাৰী আছিল বুলিও মন্তব্য কৰে।নলবাৰী সমষ্টিৰ দল মত নিৰ্বিশেষে বিভিন্ন ক্ষেত্ৰতৰ  ৰাইজৰ উদ‍্যোগত কালি  ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত উক্ত স্মৃতিচাৰণৰ সভাখন  আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বনভাগ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ‍্যক্ষ যোগেন্দ্ৰ কলিতাই। নিজ ভাষণত শিক্ষাবিদগৰাকীয়ে প্ৰয়াত মদন কলিতাই অঞ্চলটোৰ অনুষ্ঠান-প্ৰতিষ্ঠান  প্ৰতিস্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা গ্ৰহণ কৰা বুলি ৰোমন্থন কৰি তৃণমূল পৰ্যায়ৰ ৰাইজে এগৰাকী অভিভাৱক হেৰালে বুলি মন্তব্য কৰে।সমাজকৰ্মী প্ৰভাত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই মদন কলিতাৰ স্মৃতিচাৰণ কৰি প্ৰয়াত বিধায়কগৰাকীয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তুলিছিল বুলি উল্লেখ কৰি ঘগ্ৰাপাৰ অঞ্চলত ৰাইজক নেতৃত্বত দিব পৰা নেতা দ্বিতীয়জন নোলাব বুলি মন্তব্য কৰে।বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ ফণীধৰ ডেকাই সভাখনত অংশগ্ৰহণ কৰি অঞ্চলটোৰ উত্তৰণৰ আঁৰত মদন কলিতা আছিল বুলি উল্লেখ কৰি মদন কলিতা ঘগ্ৰাপাৰৰ সাহস,আদৰ্শ আৰু  মাগদৰ্শক আছিল বুলি মন্তব্য কৰে।পুলেন মজুমদাৰে উদ্দেশ্য বাখ্যা কৰা স্মৃতি চাৰণ সভাখনত সমাজকৰ্মী দক্ষৰাম বৰ্মন, মহিধৰ পাটোৱাৰী,গৌৰী দাস আদিয়েও  প্ৰয়াত মদন কলিতাৰ কৰ্মৰাজিৰ ওপৰত স্মৃতিচাৰণ কৰে।স্মৃতিচাৰণ সভাখনৰ পুৰ্বে আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত মদন কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল‍্যাৰ্পন কৰে । ক্ৰমে প্ৰয়াত কলিতাৰ সহধৰ্মিনী চাৰু বালা কলিতা আৰু পুত্ৰ ৰাজকুমাৰ কলিতাই।ইয়াৰ পিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী প্ৰদ্যুৎ কুমাৰ ভূঞা, দিলীপ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ, সদৌ নলবাৰী জিলা ছাত্র সন্হাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা,সমাজকৰ্মী গনেশ তামূলী,সাংবাদিক তপন দাস,বিৰেন কলিতা, দ্বিজেন ডেকা, ৰামসেনাৰ নেতা সঞ্জীৱ দাসৰ লগতে বিশিষ্ট ব্যাক্তিসকলে।শ্বাহ আলাম আহমেদে আঁতধৰা অনুষ্ঠানটিত নলবাৰী সমষ্টিটোৰ পাঁচশতাধিক ৰাইজে অংশগ্ৰহণ কৰে।ইফালে সন্ধিয়াৰ ভাগত প্ৰয়াত মদন কলিতাৰ প্ৰতিচ্ছবিত অঞ্চলটোৰ বিশিষ্ট ব‍্যাক্তিসকলে বন্তি প্ৰজ্বলন কৰে।

Leave A Reply