Home Blog Page 2620

আমাজন-ইউটিউবক প্ৰত্যাহ্বান জনাই আহি আছে এক নতুন নেটৱৰ্কিং ছাইট

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত নিজৰ নেটৱৰ্কিং ছাইট সৃষ্টি কৰিবলৈ গৈ আছে। সূত্ৰঅনুসৰি, তেওঁ মাৰ্চৰ শেষৰ ফালে এক ব্যক্তিগত সামাজিক নেটৱৰ্ক ছাইট আৰম্ভ কৰিব। ৰাষ্ট্ৰখনৰ স্থানীয় সংবাদ মাধ্যমত এই তথ্য প্ৰকাশ পাইছে। ট্ৰাম্পৰ এই নতুন প্ৰকল্পটোক ট্ৰুথ বুলি কোৱা হব! যদি সকলো ঠিকে থাকে, ট্ৰাম্পৰ নতুন ছচিয়েল মিডিয়া নেটৱৰ্ক নিৰ্ধাৰিত মাহৰ ভিতৰতে সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব।

প্ৰাক্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আহিবলগীয়া প্ৰকল্পটো তেওঁৰ নিজৰ সংস্থা ট্ৰাম্প মিডিয়া এণ্ড টেকন’লজী গ্ৰুপে (টিএমটিজি) তত্বাৱধান কৰে। তেওঁলোকৰ মতে, তেওঁলোকে বৰ্তমান ট্ৰুথ পৰীক্ষাকৰণৰ ওপৰত কাম কৰি আছে। ট্ৰুথ মুকলি হোৱাৰ পিছত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে মোবাইল এপৰ জৰিয়তে তেওঁলোকৰ স্মাৰ্টফোনত ডাউনলোড কৰিব পাৰে। ইয়াৰ উপৰিও, তেওঁলোকে তেওঁলোকৰ নিজৰ নামত সামাজিক একাউণ্টো সৃষ্টি কৰিব পাৰে।

সূত্ৰঅনুসৰি, বৰ্তমানৰ বাবে, ট্ৰাম্পৰ নতুন সামাজিক নেটৱৰ্কিং ৰাইজৰ বাবে মুকলি কৰা হোৱা নাই। অৱশ্যে, যদি সাধাৰণ ৰাইজে বিচাৰে, তেওঁলোকে আগতীয়াকৈ ইয়াৰ সদস্যতা প্ৰাপ্ত কৰিব পাৰে। তেওঁলোকে এপল এপ ষ্টোৰৰ জৰিয়তে ইয়াক প্ৰাপ্ত কৰিব পাৰিব। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ট্ৰুথ প্ৰকৃততে ইউটিউব বা আমাজন ৱেব সেৱাৰ এক বিকল্প এপ। ট্ৰাম্পৰ নতুন সামাজিক নেটৱৰ্কে উল্লেখ কৰা দুটা সামাজিক নেটৱৰ্কৰ দৰে গ্ৰাহকসকলক একেই সেৱা প্ৰদান কৰিব। তেনে ক্ষেত্ৰত, আগন্তুক সময়ত আমাজন আৰু ইউটিউবৰ দৰে প্লেটফৰ্মসমূহে নতুন প্ৰত্যাহ্বানৰ যে সন্মুখীন হ’ব লাগিব, সেইয়া এক প্ৰকাৰৰ নিশ্চিত।

উল্লেখ্য যে, চাৰি বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান হোৱা স্বত্বেও, ডনাল্ড ট্ৰাম্প প্ৰকৃততে এজন সম্পূৰ্ণ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হৈছে। তেওঁ ব্যৱসায়ৰ পৃথিৱীত ইতিমধ্যে এখন সাম্ৰাজ্য গঢ়ি তুলিছে। বিলিয়ন ডলাৰৰ সম্পত্তিৰ গৰাকী ডনাল্ড ট্ৰাম্পে যোৱা সপ্তাহত ঘোষণা কৰিছিল যে তেওঁ অতি সোনকালেই আনক আকৰ্ষিত কৰিব পৰাকৈ নিজৰ সামাজিক নেটৱৰ্ক আৰম্ভ কৰিব। সংশ্লিষ্ট কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁৰ ঘোষণা মাৰ্চৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।

আতংকৰ শেষ ক’ত? আহি আছে ক’ৰণাৰ নতুন ভেৰিয়েণ্ট

 বিপন্ন সময়ৰ পৰা পৰিত্ৰাণ বিচাৰিছে পৃথিৱীয়ে। কৰ’নাতংকৰ কাল বিভীষিকাৰ যেন অন্ত নাই।এইবাৰ আহিছে আন এক উদ্বেগজনক খবৰ। অ’মিক্ৰনে শেষ নহয়। উদ্বেগ বৃদ্ধি কৰিব পৰা আৰু ভিন্ন প্ৰকাৰৰ কৰ’না ভেৰিয়েণ্ট পৃথিৱীলৈ মাতি আনিব পাৰে কাল অমানিশা। বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড বিশেষজ্ঞ মাৰিয়া ভন কেৰ্কভে শেহতীয়াকৈ তেনে বাৰ্তাই প্ৰেৰণ কৰিছে।

তেওঁ কয়, ‘আমি অধিক বিপদজনক ভেৰিয়েণ্ট সন্মুখীন হ’ব পাৰোঁ, সেই আশংকা এতিয়াও আছে। এই ভাইৰাছটোৰ বিষয়ে আমি বহুতো কিবা কিবি জানিবলৈ পাৰিছো। কিন্তু এতিয়ালৈকে আৰু বহুতো কথা জানিবলৈ বাকী আছে।’ স্মৰ্তব্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যুৰ সংখ্যাই ৯লাখ অতিক্ৰম কৰিছে। কৰ’না মহামাৰীয়ে আৰু কিমানৰ প্ৰাণ কাঢ়িব সেই বিষয়ে এতিয়াই কোৱাটো কঠিন। ক’ভিড মহামাৰীত ১লাখ লোকৰ মৃত্যুৰ পাছতে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈ চৈ লাগিছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যথেষ্ট ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।পূৰ্বৰ তুলনাত এতিয়া মৃত্যুৰ সংখ্যা ৯গুণ বৃদ্ধি পাইছে। কালি দেশৰ আইনসভাৰ সদস্যসকলে কেপিটলেত মমৰ পোহৰত ক’ভিডত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত প্ৰাৰ্থনা কৰিছিল। সদনৰ অধ্যক্ষ নেন্সি পেলোছী আৰু ছিনেটৰ সংখ্যাগৰিষ্ঠ নেতাৰ তত্‍পৰতাতে অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। পেলোছীয়ে এটা টুইট যোগে কয়, ‘মৃতকৰ স্মৃতিত এই মহামাৰীৰ সমাপ্তিৰ বাবে আমি সকলোৱে একেলগে যুঁজ অব্যাহত ৰাখিছোঁ।’ স্মাৰক সভাৰ পাছত ৱাশ্বিংটনৰ নেচনেল কেথেড্ৰেলত ৯০০ বাৰ অন্ত্যেষ্টিক্ৰিয়াৰ ঘণ্টা বজোৱা হৈছিল।

জানুৱাৰীৰ মাজভাগৰ পৰা দৈনিক মৃত্যুৰ হাৰ সামান্য হ্ৰাস হৈছে যদিও এই পৰিসংখ্যা কম নহয়। এতিয়াও দিনে ২৪০০লোকৰ মৃত্যু হয় দেশখনত। অৱশ্যে, বিগত মাহৰ মাজভাগত চিকিৎসালয়ত ভৰ্তি হোৱা কৰ’না ৰোগীৰ সংখ্যাৰ তুলনাত এতিয়া ইয়াৰ হাৰ ২৪ শতাংশলৈ হ্ৰাস হৈছে। পৰিসংখ্যা অনুসৰি, সোমবাৰে দেশত মুঠ ১,১০,০০০ ৰোগী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়াও পৃথিৱীৰ ভিতৰতে কৰ’না সংক্ৰমিতৰ হাৰ অধিক। এনে উৰ্ধ্বগামী পৰিসংখ্যাৰ মাজতে কৰ’নাকেন্দ্ৰিক ন ন উদ্বেগজনক খবৰে ভীতি-সন্ত্ৰস্ত কৰি তুলিছে বিশ্ববাসীক।

কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ উদ্যোগত “বিশ্ব মাহজাতীয় শস্য দিৱস” উদযাপন

ফুলপানী বৰুৱা গাওঁ পঞ্চায়ত কাৰ্যালয়ত শিৱসাগৰ নাজিৰাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা “বিশ্ব মাহজাতীয় শস্য দিৱস” (World Pulses Day) ১০ ফেব্ৰুৱাৰীত সফলতাৰে  উদযাপন কৰা হয়। এই অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰটোৰ মুৰব্বী তথা জেষ্ঠ্য বিজ্ঞানী ড০ প্ৰদীপ সন্দিকৈ দেৱকে প্ৰমুখ্যে  কেন্দ্ৰটো আৰু পঞ্চায়তখন উভয়ৰে বিষয়াসকলৰ লগতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অন্তৰ্গত শিৱসাগৰত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অঞ্চলটোৰ কেইবাজনো কৃষক উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি অৰ্থনীতি বিভাগৰ বিশেষজ্ঞা ড০ তৃঞ্চালী শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যাৰ জৰিয়তে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটিত ড০ প্ৰদীপ সন্দিকৈদেৱে মাহজাতীয় শস্য দিৱসৰ তাৎপৰ্য ওপৰত বিষদভাৱে অৱগত কৰে। তাৰ পাছতে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ ভূমি-বিজ্ঞান বিভাগৰ বিশেষজ্ঞা ড০ অৰুন্ধতী বৰদলৈয়ে মাটিৰ গুণাগুণ উন্নীতকৰণত মাহজাতীয় শস্যৰ ভূমিকা সম্পৰ্কে কৃষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে । অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিজ্ঞান বিভাগৰ বিশেষজ্ঞা ড০ প্ৰিয়ংকা দত্তৰ লগতে উপস্থিত কৃষকসকলৰ মাজৰ কেইজনমানেও এই দিৱসৰ ওপৰত বক্তৃতা প্ৰদান কৰে।বক্তৃতাৰ মুল বিষয়বস্তু আছিল আমাৰ দৈনন্দিন জীৱনৰ পুষ্টি পুৰণ আৰু মাটিৰ উৰ্ব্বৰতা বৃদ্ধিত মাহজাতীয় শস্যৰ ভূমিকা তথা গাঁও অঞ্চলত এনে কৃষিৰ দ্বাৰা হ’ব পৰা লাভালাভৰ সম্ভাৱনা। এনেধৰনৰ অনুষ্ঠানৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ’ব বুলি স্থানীয় ৰাইজে মতামত প্ৰকাশ কৰে।

একাংশ দোকানীয়ে ১০টকীয়া মুদ্ৰা কিয় নলয়?

বিভিন্ন সময়ত দেখা যায় যে, ১০টকীয়া মুদ্ৰা বহু দোকানীয়ে ল’ব নিবিচাৰে। আমাৰ অসমতেই বিভিন্ন জিলাত এই অসুবিধাত ভোগে বহুজন লোক। এই অসুবিধাৰ সন্দৰ্ভত ৰাজ্যসভাত শেহতীয়াকৈ এক লিখিত প্ৰশ্নৰ উত্তৰত চৰকাৰে স্পষ্ট কৰি দিছে যে, ১০টকীয়া মুদ্ৰাক লৈ কোনো দোকানীয়ে অনিচ্ছা প্ৰকাশ কৰাটো উচিত নহয়।

এই সকলো মুদ্ৰা আৰ বি আইৰ দ্বাৰা স্বীকৃত আৰু সকলো লেন-দেনৰ বাবে উপযুক্ত। সদনত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে কয়- সমগ্ৰ দেশত বিনাদ্বিধাই প্ৰচলনৰ বাবে উপযুক্ত ১০টকীয়া মুদ্ৰা। যদিহে কোনোবাই এই মুদ্ৰা লোৱাত অনীহা অথবা বন্ধ হব বুলি ভুৱা প্ৰচাৰ চলায় তেন্তে তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে।

মাজবাটৰ মুৰকাটিৰ শান্তি ধামত হনুমান মুৰ্তি স্থাপন

ওদালগুৰি জিলা মাজবাটৰ মুৰকাটিৰ শান্তি ধামত ১০ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে  মাজবাট বজৰং দলৰ উদ্যোগত মাজবাট বাসী  ৰাইজৰ সহযোগত বজৰং দলৰ কাৰ্যালয়ৰ কাষত বজৰং বলিৰ মুৰ্তি স্থাপন কৰা হয়। কাৰ্যসূচীত মাজবাট অঞ্চলৰ বিভিন্ন গাওঁৰ পৰা অহা প্রায় দেড়শৰো অধিক বজৰং কৰ্মী ও ৰাইজ উপস্থিত  মুৰ্তি স্থাপন কৰা হয়।

এই কাৰ্যসূচীত ভাষন ৰাখে মাজবাট প্রখন্ড বজৰং দলৰ উপদেষ্টা তথা অৱসৰ প্রাপ্ত শিক্ষক পুৰ্নৰাম ডেকা, অৱসৰ প্রাপ্ত শিক্ষক ধীৰেন্দ্র ৰাভায়ে। মুৰ্তি স্থাপন কৰা কাৰ্যসূচীত উপস্থিত  থাকে মন্ডল বিজেপিৰ সভাপতি জীৱন ডেকা, সমাজ সেৱক সন্তোছ পাটৱাৰী, আৰ  এচ এচৰ মাজবাট প্রখন্ডৰ সভাপতি বিৰেন নাৰ্জাৰী, মাজবাট প্রখন্ড বজৰং দলৰ প্ৰাক্তন সংযোজক ৰিংকু দৈমাৰী, সমাজ সেৱক পৰিমল  পোদ্দাৰ আদি।

ইন্দিৰা গান্ধী বিদ্যালয়ত প্ৰয়াত প্ৰধান শিক্ষক তৰুণ ৰাজখোৱাৰ স্মৃতিচাৰণ

সদ্য প্ৰয়াত তিনিচুকীয়াৰ বৃহত্তৰ লাইপুলি অঞ্চলৰ ডিমৰুগুৰি গাঁৱৰ কৃতী প্ৰধান শিক্ষক, সাহিত্যিক ,কবি , সমাজকৰ্মী,ধৰ্মপ্ৰান ব্যক্তি তৰুণ ৰাজখোৱাৰৰ এআন স্মৃতিচাৰণ সভা তেখেতৰ কৰ্মস্থলী শিক্ষানুষ্ঠান ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ত ৯ ফেব্ৰুৱাৰীত সম্পন্ন হৈ যায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুন্দ মহন্তই আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা উক্ত স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে শিক্ষক দুৰ্গা নাথ উজিৰে। স্মৃতিচাৰণ সভাত প্ৰয়াত কৃতী প্ৰধান শিক্ষক গৰাকীৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰে দেবেন্দ্ৰ সিঙে আৰু মাল্যাৰ্পন কৰে প্ৰয়াত তৰণ ৰাজখোৱাৰ বৰপুত্ৰ সীমান্ত ৰাজখোৱাই।

সভাত বক্তব্য আগবঢ়োৱা প্ৰতিগৰাকী বক্তাই ৰাজখোৱাদেৱৰ কৰ্মজীৱনৰ ওপৰত বিস্তৃত আলোকপাত কৰে। স্মৃতিচাৰণ সভাত শিক্ষক বুলেশ্বৰ চেতিয়া, বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অমৃত ৰাজখোৱা, মুলেন চেতিয়া, যাদৱ ৰাজখোৱা,মিলন গোহাঁই , সমাজকৰ্মী প্ৰাঞ্জল নেওগ, কৃষ্ণমণি গগৈ , শিক্ষক সামন্ত্য বৰা , হৰিশ দাস , শিক্ষয়িত্ৰী ক্ৰমে মনোৰমা গোহাঁই, ফৰিদা বেগম, মানসী বৰুৱা আৰু ববিতা ৰাজখোৱাই।গতিকে সদাশয় ব্যক্তি ,লেখক, অনুষ্ঠান -প্ৰতিষ্ঠানৰ  তৰফৰ পৰা লেখনিসমূহ ১০ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ কামিনী কুমাৰ গোঁহাই ,স্মৃতিগ্ৰন্থ সম্পাদক  বা ৯৯৫৪৪১৮৪৩৯ ফোন নম্বৰৰ ওৱাটচ এপ যোগেদি  প্ৰেৰণ কৰিবলৈ পৰিয়ালবৰ্গৰ হৈ প্ৰয়াতৰ ভাতৃ অমৃত ৰাজখোৱাই আহ্বান জনাইছে । 

পুনৰ অসম ভিত্তিক পৰীক্ষাত উজলিল নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পাঁচ গৰাকী শিক্ষাৰ্থী

শ্ৰীমন্তশঙ্কৰদেৱ ইউনিভাৰ্চিটী অৱ হেল্থ চাইন্সে অনুষ্ঠিত কৰা (২০১৭–২০২১)বৰ্ষৰ বি.এচ. চি. নাৰ্চিং চুড়ান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অন্তৰ্গত কলেজ অৱ নাৰ্চিং নেমকেয়াৰ ফাউণ্ডেচনৰ প্ৰথম বৰ্ষত অৱৰ্তীণ হোৱা পাঁচ গৰাকী শিক্ষাৰ্থীৰ পাঁচোগৰাকী শিক্ষাৰ্থীয়ে অসমৰ মুঠ ৪৭২গৰাকী শিক্ষাৰ্থীৰ ভিতৰতে স্থান দখল কৰি শৈক্ষিক প্ৰতিষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

অসমৰ ভিতৰতে স্থান দখল কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ আজুৰি অনা কীৰ্তিমান শিক্ষাৰ্থীসকল হ’ল ক্ৰমে – (শ্ৰীমতী ৰিকিমনি দাস ৪নং স্থান ),(শ্ৰীমতী উৰ্মিলা চেট্ৰী ১৬নং স্থান ),(শ্ৰীমতী দিশা বৰা ২৯নং স্থান ),( শ্ৰীমতী হিঁয়া পাঠক ৩৪নং স্থান ) আৰু(শ্ৰীমতী হিমাশ্ৰী দাস ৫১নং স্থান ) ।

আলিয়াৰ পঞ্চপ্ৰেমে আউল লগাব নেকি নিজৰেই বিয়াত?

বলীউডৰ পৰা আহিছে বিয়াৰ বতৰা। ৰৈ ৰৈ হেনো আমনি লাগিছে আলিয়াৰ! ইফালে, আলিয়াৰ ঠেহ ভাঙোতে ভাঙোতে ভাগৰি পৰিছে ৰণবীৰো। সেয়ে প্ৰেমৰ ভাকুটকুটৰ পৰিৱৰ্তে এইবাৰ ঘৰলৈ লখিমী আদৰিবলৈ সাজু ৰণবীৰ। আশ্চৰ্যকৰ যেন লাগিলেও এইবাৰ এপ্ৰিলত ৰণবীৰ-আলিয়াৰ বিয়া। বলীউড এৰিনাত এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীৰ মাজত আনন্দৰ ৰোল উঠা দেখা গৈছে।

বিয়াৰ আনুষ্ঠানিকতা মুম্বাইতে আয়োজন কৰাৰ কথা আছিল কিন্তু এতিয়া অলপ বেলেগকৈ ভাবিছে দুই তাৰকাই। মুম্বাইৰ পৰিৱৰ্তে ৰাজস্থানৰ ‘ৰণথম্বোৰ’ত অনুষ্ঠিত হ’ব বিয়াৰ আনুষ্ঠানিক কাৰ্যসূচী। দুই তাৰকাৰ মাজত বহু প্ৰত্যাশিত বিয়াখনৰ দিন চমু চাপি অহাৰ লগে লগে আলিয়াৰ পঞ্চপ্ৰেমৰ কাহিনী এতিয়া চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে। প্ৰেমৰ দিন চলি থকাৰ সময়তে আলিয়াৰ পঞ্চপ্ৰেম কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আলিয়াৰ প্ৰথম প্ৰেমিক আছিল ৰমেশ ডুবে। তেওঁলোক দুয়োজনে ‘জাম্নাবাই নাৰ্ছিং স্কুল’ত পঢ়িছিল। সামাজিক মাধ্যমত ৰমেশৰ উপস্থিতি সেৰেঙা। দুয়ো একেলগে অধ্যয়ন কৰাৰ সময়তে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সেই প্ৰেমে বিদ্যালয়ৰ চাৰিবেৰৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল।বলীউডত খোজ দিয়াৰ পূৰ্বে আলিয়াই আলী দাদোৰকাৰৰ প্ৰেমত পৰিছিল। দুয়ো বহুদিন ধৰি একেলগে আছিল। সামাজিক অনুষ্ঠান পৰ্বতো বহুসময়ত একেলগে দেখা পোৱা গৈছিল দুয়োকে। বলীউডত খোজ দিয়াৰ পাছতে আলিয়াই দ্বিতীয় প্ৰেমকিৰ সৈতেও ইতিৰেখা টানিলে।

কৰণ জোহৰ পৰিচালিত ‘ষ্টুডেণ্ট অব দা ইয়েৰ’ত প্ৰথমবাৰ অভিনয় কৰাৰ পাছত আলিয়াই এগৰাকী চেলিব্ৰিটীৰ প্ৰেমত পৰিছিল। সেই বিখ্যাত চেলিব্ৰিটীজন আন কোনো নাছিল। তেতিয়াৰ বলীউডৰ নতুন মুখ সিদ্ধাৰ্থ মালহোত্ৰাই হৈ পৰিছিল আলিয়াৰ বয়ফ্ৰেইণ্ড। আলিয়াৰে প্ৰেম হ’লেও এই কথা সকোৰে অগোচৰে ৰাখিবলৈ চেষ্টা কৰি আহিছে সিদ্ধাৰ্থই। তেওঁ কয়, ‘মই আলিয়াক প্ৰথমখন ছবিত অভিনয় কৰাৰ পৰাই চিনি পাওঁ। গতিকে আমাৰ এটা আৱেগিক সম্পৰ্ক আছে। তাতকৈ বেছি একো নহয়। আমি ভাল বন্ধু।’ অৱশ্যে, জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ বাবে আলিয়া আলিয়া-সিদ্ধাৰ্থৰ মাজৰ দূৰত্ব বাঢ়ি গৈছিল বুলিও শুনিবলৈ পোৱা যায়।

ইয়াৰ পাছত, হঠাতে বলীউড এৰিনাত বৰুণ ধাৱানৰে আলিয়াৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বাতৰি বিয়পি পৰিছিল। মহেশ কন্যাৰ সৈতে ‘ষ্টুডেণ্ট অব দ্য ইয়েৰ’ ছবিখনৰ জৰিয়তে বলীউডৰ যাত্ৰা আৰম্ভ কৰিছিল বৰুণে। কিন্তু যেতিয়া বৰুণৰ প্ৰেমিকা তথা পত্নী নাতাশা দালালৰ কথা মুকলিকৈ আলোচনা হৈছিল তেতিয়া এই গুজৱৰো অন্ত পৰে।

এইবাৰ বিনোদনৰ জগতত নহয়। বিখ্যাত ব্যৱসায়ী সুনীল মিত্তালৰ পুত্ৰ কবিনৰ সৈতে আলিয়াৰ প্ৰেমকথাই বিশেষ কৌতুহলৰ সৃষ্টি কৰা দেখা গৈছিল। এটা ব্যৱসায়িক অনুষ্ঠানত সাক্ষাৎ হৈছিল দুয়োৰে। সেয়া যি‌ কি নহওক, আলিয়াই আৰু অতীতৰ হেৰুৱা দিনবোৰলৈ লহৰি যাব বিচৰা নাই। ৰণবীৰকে জীৱনৰ প্ৰতিটো খোজত পাবলৈ মন আলিয়াৰ।

নাগালেণ্ডক খৰাং পীড়িত ৰাজ্য হিচাপে ঘোষণা

খৰাঙে জুৰুলা কৰিব নেকি নাগালেণ্ডক কৃষিখণ্ড। খৰালী দিন সমাগত৷ তাৰ আগতেই নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক জাননীয়ে চিন্তিত কৰিছে ৰাজ্যৰ কৃষক সমাজক৷ নগালেণ্ড চৰকাৰে সমগ্ৰ ৰাজ্যখনক ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি ঘোষণা কৰিছে।

নগালেণ্ডত ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা এই বছৰৰ মাৰ্চলৈকে ছয় মাহৰ বাবে সমগ্ৰ ৰাজ্যখনত ‘মধ্যমীয়া ধৰণৰ খৰাং’ ঘোষণা কৰিছে ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে। বৰষুণৰ অভাৱ আৰু শস্যৰ উৎপাদনৰ ওপৰত লক্ষ্য ৰাখি ‘মধ্যমীয়া ধৰণৰ খৰাং পীড়িত’ ৰাজ্য বুলি বিবেচনা কৰে তথ্য আৰু জনসংযোগ বিভাগে৷ মঙলবাৰে তথ্য আৰু জনসম্পৰ্ক বিভাগে জাৰি কৰা এক চৰকাৰী বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে, ই সম্পূৰ্ণ প্ৰাকৃতিক দুৰ্যোগ, ইয়াৰ দ্বাৰা সংকটত পৰিব ৰাজ্যখনৰ সমগ্ৰ কৃষি ব্যৱস্থা৷ নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাই সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডি.ডি.এম.এ.) উপায়ুক্ত আৰু অধ্যক্ষসকলৰ পৰা তথ্যৰ ভিত্তিত জাৰি কৰে৷

কম আৰু স্বাভাৱিকতকৈ কম বৰষুণৰ বাবে খৰাং হৈ পৰে ৰাজ্যখনৰ কিছু অঞ্চল৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ ৰাজ্যখনত স্বাভাৱিক হাৰতকৈও কম বৃষ্টিপাত হৈছিল৷ যাৰ ফলত খৰাং হৈ পৰে বিগত বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ৬মাহ খৰাঙৰ কৱলত পৰিব ৰাজ্যখন৷ এনএছডিএমএ জাৰি কৰা অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে।

নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন

সদৌ ৰাভা ছাত্ৰ সন্থা আৰু সদৌ ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু ওদালগুৰি জিলা আৰু আঞ্চলিক ৰাভা ছাত্ৰ সন্থা সমূহৰ সহযোগত ওদালগুৰি জিলা ভেৰগাঁ‌ৱত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক যুতিয়া দ্বি-বাৰ্ষিক অধিৱেশন।যাৰ বাবে উদ্যোগক্তা সকলে ব্যাপক ৰূপত আয়োজন চলাই থকাৰ পৰিলক্ষিত হয়।অহা ১৮ ফেব্ৰুৱাৰী তাৰিখৰ পুৱা ১০ বজাৰ পৰা পতাকা উত্তোলণৰ লগতে অতিথি শালা, সভগৃহ,মঞ্চ ইত্যাদি শুভ মুকলি কাৰ্যসূচীৰে আৰম্ভ কৰি ২০ ফেব্ৰুৱাৰী দিনা মুকলি সভা অনুষ্ঠিত কৰিব।

উক্ত মুকলি সভাত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ টংকেশ্বৰ ৰাভাৰ লগতে, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, প্ৰমুখ্যে মুখ্য আতিথী হিচাপে ৰজ্যিক শিক্ষামন্ত্ৰী ড° ৰনুজ পেগুৰ লগতে কেন্দ্ৰীয় ৰাভা ছাত্ৰ সন্থা, কেন্দ্ৰীয় ৰাভা মহিলা পৰিষদৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত কেইবাগৰাকী বিধায়ক ,কাৰ্যবাহী, পাৰিষদ, তথা সমাজ কৰ্মীৰ লগতে, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা নেতৃ বৰ্গৰ উপস্থিতিত ৰাইজৰ বিপুল সমাগমত অনুষ্ঠান সম্পন্ন কৰিব ।সেয়েহে প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজক  উক্ত অধিৱেশনখনিত অংশ গ্ৰহণ কৰি সহায় সহযোগিতাৰ লগতে সফলভাৱে চলাই নিয়াত অৰিহণা  আগবঢ়াবলৈ উদ্যোগক্তা সকলে আহ্বান জনাই।