Home Blog Page 2623

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বৰপেটাত কম্পিউটাৰ প্ৰশিক্ষণ

বৰপেটা চহৰৰ মাজ মজিয়াত থকা এছিয়ান মিছন ইনষ্টিটিউট কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত অলপতে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনত থকা নেহেৰু যুৱ কেন্দ্ৰ সংগঠন বৰপেটাৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সক্ৰিয় স্বেচ্ছাসেৱী সংগঠন এছিয়ান মিছন ইনষ্টিটিউটৰ সহযোগত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ পঁচিশগৰাকী যুৱক যুৱতীক সামৰি দক্ষতা বিকাশৰ বাবে ‘বেছিক ইডুকেশন অন ভূকেশন’ আঁচনিৰ যোগেদি কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এছিয়ানৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে এছিয়ান মিছন ইনষ্টিটিউটৰ সম্পাদক দিপাংকৰ দাসে। উক্ত সভাত সাম্প্ৰতিক অত্যাধুনিক টেকন’লজিৰ সময়ত ছাত্ৰ – ছাত্ৰী তথা যুৱক যুৱতী সকলৰ মাজত কম্পিউটাৰ প্ৰশিক্ষণৰ যোগেদি বিভিন্ন বিভাগত তথা স্বনিয়োজনৰ সুযোগ আৰু স্হল সম্পৰ্কে বক্তব্য আগবঢ়ায় লৱাৰ আসাম একাডেমি কয়াকুছিৰ অধ্যক্ষ দেলুৱাৰ হুছেইনে। আনহাতে প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা, অসম দক্ষতা বিকাশ যোজনাৰ অধীনত থকা দক্ষতা উন্নয়নৰ প্ৰশিক্ষণৰ যোগেৰে যুৱক যুৱতী সকলক বা আত্মসহায়ক গোট অথবা যুৱ ক্লাৱ গঠন কৰি নৱ প্ৰজন্মক কেনেকৈ আগবঢ়াই নিব পাৰি সেই বিষয়ে বক্তৃতা প্ৰদান কৰে সমল ব্যক্তি আব্দুল হাই আহমেদে। সভাপতিৰ মন্তব্যত ডাঃ আব্দুল কদ্দুছ শিকদাৰে সকলো যুৱক যুৱতীক মনোযোগেৰে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি নিজৰ কৰ্ম দক্ষতাৰে আগবাঢ়ি গৈ নিজৰ লগতে সমাজ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। সদৌশেষত শলাগৰ শৰাই আগবঢ়ায় এছিয়ান মিছন ইনষ্টিটিউটৰ উপ-সভাপতি বৰসা পাঠকে।

#BREAKING দৰঙৰ হুছেইনচুবুৰীত দুষ্প্ৰাপ্য শগুণৰ মৃত্যু

দৰঙৰ হুছেইনচুবুৰীত দুষ্প্ৰাপ্য শগুণৰ মৃত্যু ৷

সুতী নদীৰ পাৰৰ পথাৰত ৪ টা শগুণৰ মৃত্যু ৷

৯ টা সংকটজনক অৱস্থাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

কাৰণ জানিব পৰা হোৱা নাই ৷

এমহীয়া শিশু নাট কৰ্মশালাৰ অন্তত মঞ্চস্থ “মাৰফৎ বকুলতল”

 এজাক শিশুৰ কলকলনিত মুখৰিত হ’ল ধনশিৰি নৈৰ বলুকা নুমলীগড়ৰ ধোদাং গাওঁ । ৰশ্মি ৰেখা শিল্পী সমাজৰ উদ্যোগত, সন্মিলিত যুৱক সংঘ তথা ধোদাং বাসী ৰাইজৰ সহযোগত ৬ জানুৱাৰী ২০২২ খ্ৰীষ্টাব্দৰ পৰা ৬ ফেব্ৰুৱাৰী ২০২২ খ্ৰীষ্টাব্দলৈ এমহীয়া শিশু নাট কৰ্মশালাৰ অন্তত ৬ ফেব্ৰুৱাৰী ২০২২ খৃষ্টাব্দ দেওবাৰে সন্ধ্যা ৭-০০ বজাত তিনিকুৰি শিশুৱে মঞ্চস্থ কৰিলে নাট্যকাৰ পবিত্র ৰাজখোৱাৰ শিশুনাট “মাৰফৎ বকুলতল” । তৰুণ তীৰ্থ শইকীয়াৰ মূখ্য পৰিচালনাত ধোদাং বিষ্ণু জ্যোতি কলা নিকেতনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা শিশু নাটকৰ অভিনয় শিল্পী সকলে দৰ্শক ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হ’ল ।

সাবলিল কন্ঠস্বৰ, মনোগ্রাহী অভিনয়েৰে মঞ্চত আত্মনিয়ন্ত্রণৰ মাজেৰে শিশু সকলে একো একোজন চিৰিয়াচ নাট্য কৰ্মীৰ পৰিচয় দিলে । তৰুন তীৰ্থ শইকীয়াৰ লগতে শিশুনাট কৰ্মশালাৰ প্ৰশিক্ষক সকল আছিল ক্ৰমে প্ৰনব শইকীয়া, প্ৰিয়াংশু প্ৰাঞ্জল আৰু নিলীম ফুকন । সংগীতত আছিল তন্ময় শইকীয়া আৰু জিতুমনী কটকী ৷ শব্দ আৰু পোহৰত আছিল মুনৰ । নাট্য সন্ধ্যাটি উদ্বোধন কৰে তিনি নং মহুৰা জিলা পৰিষদৰ সদস্য তথা গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্রী শ্ৰীযুতা ৰশ্মি কাকতিয়ে । নাট্য সন্ধ্যাৰ প্ৰাক মুহুৰ্তত কুকীল কন্ঠী গায়িকা লতা মাংগেশকাৰৰ বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি শিল্পী গৰাকীৰ আলোকচিত্ৰৰ কাষত বন্তী প্ৰজ্বলন কৰে নাট্যকাৰ পবিত্র ৰাজখোৱা আৰু শিল্পী অৰুন গগৈয়ে ।

উল্লেখ্য যে  কৰ্মশালাটোত শিশু সকলক নাটক আৰু ব্যৱহাৰিক জীৱনত কামত অহাকৈ কথন শৈলী, আবৃত্তি, মুখা শিল্প, মঞ্চ সজ্জা, ৰূপসজ্জা আদি বিষয়ৰ ওপৰতো প্ৰশিক্ষণ দিয়া হয় । প্ৰশিক্ষাৰ্থী সকলে নাটক খনত  প্ৰয়োজন হোৱা মঞ্চ সজ্জাৰ সামগ্রী সমূহ সেয়েহে নিজেই তৈয়াৰ কৰি উলিওৱাৰ লগতে ৬২ টা শিশুৱে ৰূপসজ্জাৰ কামো ইজনে সিজনক কৰি দি এমহীয়া নাট কৰ্মশালাৰ সফলতা বুটলিবলৈ সক্ষম হ’ল । গ্ৰাম্য পটভুমিৰ এখন ব্যতিক্ৰমী নাটক আৰু শিশুৰ লগতে প্ৰতিজন মানুহৰে মন মগজুত চুই যাব পৰাকৈ নাট্যকাৰে উপহাৰ দিয়া নাটকখন তৰুন তীৰ্থ শইকীয়াই উপযুক্ত উপস্থাপন শৈলীৰে সজাই দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হ’ল ।

নাটকৰ শেষত কণ কণ শিশু শিল্পী সকলৰ লগত নাট্য প্ৰশিক্ষক, নাট্যকাৰ আৰু দৰ্শক ৰাইজৰ মাজত এঘন্টীয়া এটি অন্তৰংগ আলাপ অনুষ্ঠান সম্পাদিত কৰে প্ৰদীপ কুমাৰ বৰাই । প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলে গুৰু প্ৰনাম অনুষ্ঠানো সম্পাদন কৰে । শিশু সকলক উৎসাহ যোগোৱা প্ৰতিগৰাকী শুভাকাঙ্ক্ষী তথা দৰ্শক ৰাইজক আয়োজক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে প্ৰভাত হাজৰিকা আৰু ৰিতুল হাজৰিকাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

ধোদাং ৰশ্মিৰেখা শিল্পী সমাজ তথা সন্মিলিত যুৱক সংঘৰ শিল্পী সকলে অহা ১২ ফেব্ৰুৱাৰী তাৰিখে শংকৰ জ্যোতি নাট্য মন্দিৰত পুনৰ আগবঢ়াব আন এক নাট্য নিবেদন “অজলা ককাইৰ পগলা মৰম” ৷ সেয়েহে সাদাশয় সকলো নাট্যপ্রেমী ৰাইজকে আয়োজক সমিতিয়ে পুনৰ অহা ১২ ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা ৭-০০ বজাত আৰম্ভ হবলগীয়া নাট্য নিবেদনলৈ সাদৰ নিমন্ত্রণ জনাইছে ।

আউনীআটী উচ্চ মাধ্যমিকত সম্বৰ্ধনা অনুষ্ঠান

আজি মাজুলী আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত এক ব্যতিক্ৰমী কাৰ্যসূচীৰে বিদ্যালয়ৰ পছপন্ন গৰাকী শিক্ষাৰ্থী আৰু দুগৰাকী শিক্ষকক সম্বৰ্ধনা জনাই। ২০২২ বৰ্ষত শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা বিদ্যালয়ৰ দশম শ্ৰেণীৰ এই ছাত্ৰ ছাত্ৰীসকলক নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা একোজনে একোজনক একোখনকৈ শুভেচ্ছা পত্ৰ আৰু একোটাকৈ কলম দি পৰীক্ষাৰ সফলতা কামনা কৰি ওলগ জনাই। অন্যহাতে ২০১০ চনৰ পৰা বিদ্যালয়ত শিক্ষকতা কৰি ২০২১ চনত স্থায়ী পদত নিযুক্তি পাই অন্য বিদ্যালয়লৈ বদলি হৈ যোৱা দুগৰাকী শিক্ষয়িত্ৰী ৰীতা দুৱৰীয়া আৰু বৰাকো আজি আনুষ্ঠানিকভাৱে বিদ্যালয়খনিৰ পৰা বিদায় সম্বৰ্ধনা জনাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ সভাপতিত্বত হোৱা আৰু বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ সম্বৰ্ধনা সভাখনৰ আঁত ধৰে একতা সভাৰ সভাপতি কমল দত্তই। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৱম শ্ৰেণীৰ ছাত্ৰ অনিৰ্বাণ বৰাই। দশম শ্ৰেণীৰ ছাত্ৰী ছাত্ৰীসকলে শিক্ষক সকলক একোখন গামোচা আৰু একোটা কলমেৰে আদৰণি জনোৱা কাৰ্যসূচী আঁতধৰে ছাত্ৰ অভিলাষ বৰাই। সভাত অতিথি ৰূপে অংশ লোৱা মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষক ডিম্বেশ্বৰ ভুঞা আৰু সাংবাদিক দীপু বৰাই বিদ্যালয়ৰ এই ব্যতিক্ৰমী কাৰ্যসূচীক প্ৰশংসা কৰে আৰু বিদায়ী ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিয়ে। বিদায়ী দুয়োগৰাকী শিক্ষয়িত্ৰী আৰু নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰ প্ৰণৱ জ্যোতি বৰাৰ আবেগভৰা বক্তব্যত সভাৰ সকলো আবেগবিহ্বল হৈ পৰে। তাৰবাবে সভাৰ স্বাভাৱিক অৱস্থা ঘুৰাই আনিবলৈ সভাপতিয়ে সেই কাৰ্যসূচী প্ৰত্যাহাৰ কৰি দুগৰাকী ছাত্ৰ জয়ন্ত জিৎ ভুঞা আৰু ৰাজশ্ৰী দাসৰ দ্বাৰা যৌথ এটি সংগীত পৰিৱেশন কৰিবলৈ দিয়ে।

সভাত সৰস্বতী পূজাৰ আয় ব্যয় দাখিল কৰাৰ লগতে ৰাহি টকাৰে বিদ্যালয়ৰ সৌন্দৰ্যৱদ্ধৰ্ণৰ বাবে চৌহদৰ দেৱালত ৰং দিয়া আৰু চিত্ৰ অংকণ কৰাৰ একতা সভাৰ সিদ্ধান্ত ৰ বিষয়ত একতা সভাৰ সভাপতিয়ে ঘোষণা কৰে। সভাত শিক্ষকসকলৰ হৈ অমিয়া দেৱী বৰঠাকুৰে বক্তব্য দিয়ে। সভাই বিদ্যালয়লৈ দুখনি তিৰ্পাল আগবঢ়োৱা বাবে প্ৰাক্তন ছাত্ৰ বেদান্ত বৰাক ধন্যবাদ জনাই আৰু পুৰণা দশম শ্ৰেণীৰ ২০২০-২১ আৰু ২০২১-২০২২ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে ক্ৰমে দুজোৰা গামলা আৰু দ্ৰাম ছেট অৰ্পণ কৰাৰ বাবে ধন্যবাদ জনায়। বিদ্যালয়ৰ দেৱাল অংকনৰ বাবে  কমল দত্তই নিজে পাঁচশ আগবঢ়োৱা বুলি ঘোষণা কৰা লগতে ৰাইজৰ সহযোগ আহ্বান কৰে। বদলি হৈ যোৱা শিক্ষয়িত্ৰী নৱনিতা বৰাই এহেজাৰ টকা আগবঢ়োৱাৰ লগতে মাজুলী চিত্ৰকলা বিদ্যালয় “ৰূপবৰণ” ৰ পৰা নিম্নতম ব্যয়ৰে এই প্ৰকল্প অসম ভাওনা সমাৰোহৰ পূৰ্বে গঢ়ি তুলিব বুলি অধ্যক্ষ দীপু বৰাই সভাত প্ৰকাশ কৰে। সভাপতিৰ ভাষণত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে বদলি হৈ যোৱা শিক্ষয়িত্ৰী দুগৰাকীক ভূয়সী প্ৰশংসা কৰে আৰু বিদায়ী ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা গুণগত ফলাফল পোৱাৰ আশা ব্যক্ত কৰে।

চিৰাং জিলাৰ বাসুগাওঁৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা অমানুষিক অত্যাচাৰৰ গৰিহণা

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱক সাংবাদিক সমাজৰ সুৰক্ষা এই খন অসমত নোহোৱা হৈছে। ইয়াৰ জলন্ত উদাহৰণ চিৰাং জিলাৰ বাসুগাওঁৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা অমানুষিক অত্যাচাৰৰ ঘটনা। উল্লেখ্য যে ; চিৰাং জিলাৰ আৰক্ষীয়ে সাংবাদিক জয়ন্ত দেৱনাথক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দি আজি ৰাজ্যখনৰ প্ৰতিটো প্ৰেছ ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীয়ে সাংবাদিক গৰাকীক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে  ৰাজ্যৰ প্ৰতিটো প্রেছ ক্লাবৰ সদস্য সকলে কলা বেজ পৰিধান কৰি আজি পুৱাৰ ভাগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। জানিব পৰা মতে চিৰাং জিলাৰ প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰ পৰিচয় দি আক্ৰমণ কৰে।

এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি প্রেছ ক্লাবৰ সদস্য সকলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱক সাংবাদিকক সুৰক্ষা প্ৰদান কৰক ; সাংবাদিক নিগ্ৰহ বন্ধ হওক ; সাংবাদিকৰ সুৰক্ষা সু-নিশ্চিত কৰক ; সাংবাদিকক সুৰক্ষা প্ৰদান কৰক ; সাংবাদিক জয়ন্ত দেৱনাথক ন্যায় প্ৰদান কৰক ; সাংবাদিকক আক্ৰমণ কৰা আৰক্ষীক শাস্তি প্ৰদান কৰক আদি বিভিন্ন শ্লোগান লিখা প্লে’কাৰ্ড লৈ আৰু কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে অতি শীঘ্ৰে বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায়।

বৰ্ষীয়ান সাংবাদিক তথা ‘হিন্দুস্থান সমাচাৰ’ৰ গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাপক ৰমাশংকৰ ৰায়ৰ দেহাৱসান

বৰ্ষীয়ান সাংবাদিক, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক সংবাদ সংস্থা ‘হিন্দুস্থান সমাচাৰ’ৰ গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাপক ব্যুৰোচীফ ৰমাশংকৰ ৰায়ৰ দেহাৱসান ঘটিছে। সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ মৌ জিলাৰ অন্তৰ্গত হাথিনি অঞ্চলৰ চোৰপাখুৰ্দ গাঁৱত থকা তেওঁৰ পৈতৃক ঘৰত বয়োজ্যেষ্ঠ সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। মৃত্যুৰ সময়ত স্বৰ্গীয় ৰমাশংকৰ ৰায়ে দুজন পুত্ৰ, দুই বোৱাৰী, ছগৰাকী নাতি-নাতিনীসহ অসংখ্য গুণমুগ্ধক এৰি গৈছে। তেওঁৰ পৰিয়ালৰ সূত্ৰ অনুসৰি, ৰমাশংকৰ ৰায়ৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

নগৰবেৰাৰ টুপামাৰীত যৌতুকৰ বাবেই কেৰাচিন ঢালি বোৱাৰীক হত্যা, গ্ৰেপ্তাৰ স্বামী

কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং টুপামাৰী গাওঁত যৌতুকৰ বাবে এগৰাকী বোৱাৰীক হত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত টুপামাৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত কাছুমাৰা এনছি গাওঁৰ ছহিদ আলীৰ জিয়ৰী ছজিৰণ নেচাক টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং টুপামাৰী গাওঁৰ প্ৰয়াত তৈয়ব আলীৰ পুত্ৰ ইছমাইল হুছেইনৰ লগত প্ৰায় ১৩ বছৰ পূৰ্বে সামাজিক ৰীতি-নীতি মতে বিবাহ হয়। বিয়াৰ পিছৰে পৰাই স্বামী ইছমাইল হুছেইন আৰু তেওঁৰ পৰিয়ালৰ লোকে ছজিৰণ নেচা (২৬) ক যৌতুক বিচাৰি বিভিন্ন প্ৰকাৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে। অভিযোগ অনুসৰি যোৱা ১৯ জানুৱাৰীত পিতৃ গৃহৰ পৰা বিচৰা মতে যৌতুক আনি দিব নোৱাৰাৰ বাবেই স্বামী ইছমাইল হুছেইন আৰু তেওঁৰ দুই ভাই-ককায়েকে মিলি মহিলা গৰাকীৰ দেহত কেৰাচিন ঢালি জুঁই জ্বলাই দিয়ে। পিছে পিতৃ গৃহৰ লোকে খৱৰ পাই সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে মহিলা গৰাকীক জি এম ছি এইচ ল’ই যায় পিছত জীৱন-মৃত্যুৰে যুঁজি সোমবাৰে অগ্নিদাহ্য ছজিৰণ নেছাই অৱশেষত মৃত্যুৰ শীতল কোলাত চিৰদিনলৈ শুই পৰে। নিৰ্যাতিত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সোমবাৰে সন্ধিয়া যৌতুক লিপ্সা স্বামী ইছমাইল হুছেইনক নগৰবেৰা   আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে ভোক্তভোগী পৰিয়ালৰ লগতে গাঁওবাসী ৰাইজে দোষীক নজিৰবিহীন শাস্তিৰ দাবীৰে মৃত্যু দেহ সন্মুখত লৈ চেঙাৰ কাছুমাৰাত সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। এতিয়া অঞ্চলটোৰ সচেতন ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক ন্যায় পাব নে ছজিৰণ নেছাই ? সচাঁকে হবনে শাস্তিৰ দিহা, ধনবলেৰে সাৰি যাব আইনৰ সুৰুঙাৰে।

বৰছলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ ৩ ড্ৰাগছ সৰবৰাহকাৰী আটক

বৰছলা আৰক্ষী চকীৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ  ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি এগৰাকী মহিলা সহ ২জন পুৰুষক ড্ৰাগছ সহ কৰায়ত্ত কৰে। ধৃত ড্ৰাগছ সৰবৰাহ কাৰী কেইজন ক্ৰমে বটদ্ৰৱা থানাৰ অন্তৰ্গত ধনিয়াভেটিৰ  আব্দুল মতিন (৪১ ), মমতাজ বেগম ( ৩৪) আৰু মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰীৰ খাইৰুল আলী(২৫ )। ধৃত ড্ৰাগছ সৰবৰাহ কাৰী সকলৰ পৰা আৰক্ষীয়ে ১ টা ড্ৰাগছ ভৰ্তি  চাবোনৰ বাকচ  জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১৩গ্ৰাম। সম্প্রতি ধৃত ড্ৰাগছ সৰবৰাহ কাৰী তিনিওকে আৰক্ষীয়ে থানাত সোধ পোচৰ বাবে জিম্মাত ৰখা হৈছে।

মুম্বাইত জিলিকিল অসম কন্যা সুচমা বৰ্মন

নিজৰ প্ৰতিভা আৰু সৌন্দৰ্য্যৰ গুণত ২০২১ বৰ্ষৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰা কাছাৰ জিলাৰ জীয়ৰী সুচমা বৰ্মণক বিপুল আদৰণি জনায় জন্ম স্থান কনকপুৰত। প্ৰাপ্ত তথ্য অনুসৰি অলপতে মুম্বাইৰ লনাবালাৰ কুমাৰ ৰিছোৰ্টছত আয়োজন কৰা হৈছিল মিছ ইণ্ডিয়া ২০২১ বৰ্ষৰ প্ৰতিযোগীতা। কাছাৰৰ বীৰেন্দ্ৰ চন্দ্ৰ বৰ্মণ আৰু সুনিৰা বৰ্মণৰ জীয়ৰী সুচমা বৰ্মণে শিলচৰ অসম বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰাৰ লগতে ভিন্ন প্ৰতিভাৰ অধিকাৰী।

জানিব পৰা মতে ; মহাৰাষ্ট্ৰৰ মিডিয়া পাৰ্টনাৰ আজটকৰ সহযোগত আয়োজন কৰা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা ফাইনেল ৰাউণ্ডৰ ইভেন আয়োজন কৰা হৈছিল আয়ুশ ৰিছোৰ্টজত। ফেছন ডিজাইনাৰ উমং মেহতাই আত ধৰা অনুস্থানত উৰিষ্যাৰ জীৎ আৰু বিপাষাপট্টনমৰ প্ৰীয়া প্ৰিয়ম্বদা নামৰ মেকাপ মেনৰ তৎপৰতাত লেকমি একাডেমীৰ কৰ্মকৰ্তাই সহযোগ আগবঢ়াই। ইফালে মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা সুচমা বৰ্মণক জন্ম স্থান গাওঁত বিপুল আদৰণি জনোৱা হয়।মন কৰিবলগীয়া যে এনেদৰে অসমৰ নাম উজ্জ্বল কৰাৰ পিছতো সুচমাই লাভ কৰা নাই কোনো চৰকাৰী সা সুবিধা।

ছমৰীয়াত শিলা বৃষ্টিৰ ক্ষয়-ক্ষতিৰ বুজ ললে বিধায়িকা নন্দিতা দাসে

কামৰূপ জিলা বকো সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ লগতে ছমৰীয়া সত্ৰ অঞ্চলত যোৱা ৫ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰৱল শিলা বৃষ্টিয়ে কৰা ক্ষয়-ক্ষতিৰ  আজি ঘৰে ঘৰে গৈ বুজ ললে সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ উল্লেখ্য, উক্ত শিলা বৃষ্টিয়ে ছমৰীয়া সত্ৰ এলেকাৰ কৃষকৰ কৃষি পথাৰকে ধৰি সৰ্বসাধাৰণ ৰাইজৰ ঘৰ- দূৱাৰৰ বিস্তৰ ক্ষতি সাধন কৰে । শিলা বৃষ্টিৰ প্ৰকোপ ইমানেই বেচি আছিল যে সমষ্টিখনৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ছমৰীয়া,কাহিবাৰী, হাউলীটাৰী, শালমাৰা, পুঠিমাৰী, আলোকজাৰি আদি গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰ -দুৱাৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে চালনি ফুটাদি ফুটা কৰি থৈ যায় ঘৰৰ চালিৰ টিন ৷

বিশেষকৈ কৃষকৰ ৰাজহাড় ভাঙি পেলোৱা এই শিলাবৃষ্টিয়ে পথাৰৰ সঁৰিয়হ, ডেমচি, শাক- পাচলি আদি সম্পূৰ্ণ মাটিৰ লগত মিলাই থৈ যায় ৷ এনে পৰিস্থিতিত আজি বিধায়িকা গৰাকীয়ে ছমৰীয়া সত্ৰৰ প্ৰায় প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ গৈ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে এই দূৰ্যোগৰ বলি হোৱা দৰিদ্ৰৰ দুখৰ সমভাগী হয় আৰু সান্তনা দিয়ে ৷ ইয়াৰোপৰি চৰকাৰী সাহাৰ্যৰ বাবে পৰিয়ালসমূহে গ্ৰহন কৰিবলগীয়া পদক্ষেপ সম্পৰ্কতো  ক্ষতিগ্ৰস্থ ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ বিধায়ক গৰাকীয়ে এই পৰিদৰ্শন কালত ৰাইজৰ এই দূৰ্যোগৰ সময়তো প্ৰশাসনে কোনো খা-খৱৰ নোলোৱা কাৰ্যতো ক্ষোভ প্ৰকাশ কৰে ৷ বিধ্বস্থ চিনৰ চালিৰ তলতে একাংশ ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগা হোৱা পৰিস্থিতিৰ বাবে বিধায়িকা গৰাকীয়ে দুখ প্ৰকাশ কৰি ক্ষতিগ্ৰস্থ এই পৰিয়ালসমূহক শীঘ্ৰে উপযুক্ত ক্ষতি পূৰণ আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷