Breaking

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বৰপেটাত কম্পিউটাৰ প্ৰশিক্ষণ

0 2,071

বৰপেটা চহৰৰ মাজ মজিয়াত থকা এছিয়ান মিছন ইনষ্টিটিউট কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত অলপতে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনত থকা নেহেৰু যুৱ কেন্দ্ৰ সংগঠন বৰপেটাৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সক্ৰিয় স্বেচ্ছাসেৱী সংগঠন এছিয়ান মিছন ইনষ্টিটিউটৰ সহযোগত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ পঁচিশগৰাকী যুৱক যুৱতীক সামৰি দক্ষতা বিকাশৰ বাবে ‘বেছিক ইডুকেশন অন ভূকেশন’ আঁচনিৰ যোগেদি কম্পিউটাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এছিয়ানৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে এছিয়ান মিছন ইনষ্টিটিউটৰ সম্পাদক দিপাংকৰ দাসে। উক্ত সভাত সাম্প্ৰতিক অত্যাধুনিক টেকন’লজিৰ সময়ত ছাত্ৰ – ছাত্ৰী তথা যুৱক যুৱতী সকলৰ মাজত কম্পিউটাৰ প্ৰশিক্ষণৰ যোগেদি বিভিন্ন বিভাগত তথা স্বনিয়োজনৰ সুযোগ আৰু স্হল সম্পৰ্কে বক্তব্য আগবঢ়ায় লৱাৰ আসাম একাডেমি কয়াকুছিৰ অধ্যক্ষ দেলুৱাৰ হুছেইনে। আনহাতে প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ যোজনা, অসম দক্ষতা বিকাশ যোজনাৰ অধীনত থকা দক্ষতা উন্নয়নৰ প্ৰশিক্ষণৰ যোগেৰে যুৱক যুৱতী সকলক বা আত্মসহায়ক গোট অথবা যুৱ ক্লাৱ গঠন কৰি নৱ প্ৰজন্মক কেনেকৈ আগবঢ়াই নিব পাৰি সেই বিষয়ে বক্তৃতা প্ৰদান কৰে সমল ব্যক্তি আব্দুল হাই আহমেদে। সভাপতিৰ মন্তব্যত ডাঃ আব্দুল কদ্দুছ শিকদাৰে সকলো যুৱক যুৱতীক মনোযোগেৰে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি নিজৰ কৰ্ম দক্ষতাৰে আগবাঢ়ি গৈ নিজৰ লগতে সমাজ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। সদৌশেষত শলাগৰ শৰাই আগবঢ়ায় এছিয়ান মিছন ইনষ্টিটিউটৰ উপ-সভাপতি বৰসা পাঠকে।

Leave A Reply