গোৱাত ৩০ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত ৩৬ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ছেপাক টাক্ৰ’ চেম্পিয়নশ্বিপত অসমৰ মহিলা দলে স্বৰ্ণ পদক আৰু পুৰুষ দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অসম ছেপাক টাক্ৰ’ সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিছাই আজি এটা বিবৃতিৰে এই কথা জনাইছে । ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ মহিলাৰ ডাবল ইভেণ্টত অসমৰ দলটোৱে ওড়িষাক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে। ফাইনেলত অসমে ওড়িষাক-১৫-১১, ১৫-১২ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অসমে ছেমিফাইনেলত মধ্যপ্ৰদেশক ১৫-০৮, ১৫-০৬ ব্যৱধানত পৰাস্ত কৰে। অসমৰ মহিলা দলে অসাধাৰণ দক্ষতা, দৃঢ়তা আৰু দলীয় প্ৰচেষ্টাৰে বিজয়ী হৈ স্বৰ্ণ পদক লাভ কৰে। আনহাতে পুৰুষৰ ৰেগু ইভেণ্টত অসমে ব্ৰঞ্জৰ পদক জয় কৰে।
ছেমিফাইনেলত অসম মণিপুৰৰ হাতত যুঁজ দি ১৫-১২, ১২-১৫, ১৩-১৫ ব্যৱধানত পৰাস্ত হয়। অসম ছেপাক টাক্ৰ’ সন্থাৰ সভাপতি ভবেশ কলিতা, সাধাৰণ সম্পাদক ড° বিষ্ণু ৰাম নুনিছা আৰু সন্থাৰ সকলো সদস্যই অসম দলৰ এই অসাধাৰণ সাফল্যৰ বাবে খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰ আৰু সহায়ক কৰ্মচাৰীসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই গৌৰৱময় সাফল্যই অসমলৈ অপাৰ গৌৰৱ আৰু সন্মান কঢ়িয়াই অনা বুলি কয়।। অসম ছেপাক টাক্ৰ’ সন্থাই সকলো খেলুৱৈৰ ভৱিষ্যত প্ৰতিযোগিতাত আৰু অধিক সফলতা কামনা কৰিছে আৰু আশা কৰিছে যে তেওঁলোকে ৰাজ্যলৈ এনেদৰেই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব।

