Home Blog Page 263

India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?

India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?
India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা,(India-Pakistan ceasefire)পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা আদি বিষয়সমূহৰ মাজতে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনালে৷ কংগ্ৰেছে সংসদৰ বিশেষ অধিৱেশন আহ৩ান কৰি পেহেলগাম কাণ্ড, অপাৰেচন সিন্দূৰ আৰু ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি, সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ চুক্তিৰ বিষয়ে বিতংভাৱে আলোচনাৰ দাবী উত্থাপন কৰে৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে চৰকাৰৰ প্ৰতি এই বিষয়ত কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে- নতুন দিল্লীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তৃতীয় পক্ষৰ হস্তক্ষেপৰ দুৱাৰ মুকলি কৰিছে নেকি, পাকিস্তানৰ সৈতে কূটনৈতিক আলোচনাৰ পথ মুকলি হৈছে নেকি? আদি৷

তেওঁ কয়, ‘ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক আৰু পেহেলগাম কাণ্ড, অপাৰেচন সিন্দূৰ আৰু ভাৰত আৰু পাকিস্তান চৰকাৰে যুদ্ধবিৰতি ঘোষণা আদি বিষয়ত বিশেষ অধিৱেশনৰ দাবী জনাইছে৷’ ৰমেশে লগতে কয় যে কংগ্ৰেছে অনুভৱ কৰে যে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ভাৰত আৰু পাকিস্তানৰ মাজত ‘নিৰপেক্ষ স্থান’ৰ বিষয়ে কৰা উল্লেখে বহু প্ৰশ্নৰ উত্থাপন কৰিছে৷ ‘আমি ছিমলা চুক্তি পৰিত্যাগ কৰিছোনে? তৃতীয় পক্ষৰ মধ্যস্থতাৰ দুৱাৰ মুকলি কৰিছো নেকি?’

panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম

panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম
panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম

অসমৰ জল সম্পদ, তথ্য আৰু জনসংযোগ(panchayat election result 2025) মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে তামুলপুৰ জিলাৰ কেইবাটাও নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াবৰ্গক লৈ তামুলপুৰ জিলাৰ হাঁহকাটা বালাবাৰী অঞ্চললৈ গৈ পলোকাটাৰ পৰা বালাবাৰীলৈ নিৰ্মাণ কৰি থকা প্ৰায় চ্ছ্ৰ.জ্জ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰাৰ লগতে জিঅ’ মেগা টিউব ব্যৱহাৰ কৰি শক্তিশালীভাৱে নিৰ্মাণ কৰি থকা এই মথাউৰিটোৰ কামৰ অগ্ৰগতিৰ বুজ লয়৷ প্ৰায় ৯০ শতাংশ সম্পন্ন হোৱা এই মথাউৰিটোৰ বাকী কামখিনি পোন্ধৰ দিনৰ ভিতৰতে শেষ কৰি উলিয়াবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতে তেওঁ তামুলপুৰৰ চাপাতলৰ পৰা গোহাঁই কমল আলিলৈ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণৰত মথাউৰিটো পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ অত্যাধুনিক জিঅ’ মেগা টিউব স্থাপনেৰে নিৰ্মাণ কৰি থকা এই মথাউৰিটোৰ কামো কিছু দিনৰ ভিতৰতে সম্পন্ন হোৱাৰ কথা৷ ইয়াৰ পূৰ্বে কেবিনেট মন্ত্ৰীগৰাকীয়ে দেওবাৰে পুৱাৰ ভাগত তামুলপুৰ জিলাৰ কাকতিচুবা [ভোলাঝাৰ]ত শুক্লাই নৈৰ বাঁও পাৰত অত্যাধুনিক জিঅ’ মেগা টিউব ব্যৱহাৰ কৰি নতুনকৈ নিৰ্মাণ কৰি থকা প্ৰায় ২.ৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷

এই নিৰ্মীয়মাণ মথাউৰিটোৱে আগন্তুক দিনত বান-খহনীয়া সমস্যা প্ৰতিৰোধ কৰি স্থানীয় বাসিন্দাক সকাহ দিব বুলি মন্ত্ৰীগৰাকী যথেষ্ট বিশ্বাসী বুলি মত প্ৰকাশ কৰে৷ ৰাজ্যত ভৰ বাৰিষাৰ সময় চমু চাপি অহাৰ সময়তে ৰাজ্যবাসীৰ সুৰক্ষা, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ বিভাগৰ অধীনত তীব্ৰগতিত বান-খহনীয়া প্ৰতিৰোধী কামসমূহ চলি আছে৷ বিটিআৰ অঞ্চলকো বান-খহনীয়া সমস্যাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে বিভিন্ন স্থানত প্ৰতিৰোধী কাম অব্যাহত আছে৷ উল্লেখযোগ্য যে তামুলপুৰ জিলাত এই বছৰ প্ৰায় ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ ইয়াৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে– হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ আশীৰ্বাদ আছে৷ পঞ্চায়তত আমি অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়েই চৰকাৰ গঠন কৰিম৷ চৰকাৰ গঠন কৰি ৰাইজৰ আশীৰ্বাদত পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব৷

ৰাইজে দেখিছে এই চৰকাৰখনে অসমৰ বাবে কিমান কাম কৰিছে৷ সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় ভূপেন বৰাই এতিয়া ক’ব চৰকাৰ থাকিলে সৰু সৰু নিৰ্বাচন জিকেই৷ কিন্তু আমাৰ বাবে প্ৰতিটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্য– কংগ্ৰেছ নেতৃত্বই এতিয়া ক’ব যে চৰকাৰ থাকিলে সৰু-সুৰা নিৰ্বাচনত শাসকীয় দল জিকেই৷ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতো নগৰ সমিতিৰ নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক ধূলিসাৎ কৰিছিল৷ আমাৰ বাবে পঞ্চায়ত, নগৰ সমিতি, বিটিআৰ নিৰ্বাচন, বিধানসভা সকলো সমান৷ আজি মথাউৰি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিজেপিৰ কেন্দ্ৰীয় যুৱ নেতা ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, সম্পাদক লক্ষী দাসৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীসকলে সংগ দিয়ে৷

panchayat election result 2025: পঞ্চায়ত নিৰ্বাচনঃ চলি আছে ভোট গণনা, ভাগ্য আছে যাৰ চিট্‌-পট্‌তো জয় তাৰ

panchayat election result 2025: পঞ্চায়ত নিৰ্বাচনঃ চলি আছে ভোট গণনা
panchayat election result 2025: পঞ্চায়ত নিৰ্বাচনঃ চলি আছে ভোট গণনা

ভোট গণনা চলি থকাৰ সময়তে শিলচৰৰ গণনা হলত প্ৰচণ্ড মাৰপিটৰ(panchayat election result 2025) ঘটনা সংঘটিত হৈছে৷ শিলচৰ আই এছ টি টিত চলি থকা শিলচৰ সমষ্টিৰ ভোট গণনা হলত দুগৰাকী নিৰ্দলীয় সদস্যৰ সমৰ্থকৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা৷ এই ঘটনাত প্ৰাৰ্থীৰ এজন সমৰ্থক আৰু এজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয়৷ আহত সমৰ্থকজনৰ নাম চন্দ্ৰসেন দাস৷ মাৰপিটত জড়িত থকা ৪জনক আৰক্ষীয়ে আটক কৰিছে৷ জানিব পৰা মতে, বৰখলা সমষ্টিৰ তাপাং জিলা পৰিষদৰ অন্তৰ্গত চেংকুৰি এলেকাৰ দুগৰাকী গ্ৰুপ সদস্যৰ সমৰ্থকৰ মাজত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা৷

এগৰাকী প্ৰাৰ্থী ১২টা ভোটৰ ব্যৱধানত অগ্ৰসৰ হোৱাক লৈয়ে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে৷ মাৰপিটৰ ঘটনাৰ বাবে কিছু সময় ভোট গণনা প্ৰক্ৰিয়া বন্ধ হৈ যায়৷ পিছত জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত ভোট গণনা আৰম্ভ হয়৷ ইপিনে পুৱা জ্জ্ব বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত কাছাৰত ভোটগণনা আৰম্ভ হয়৷ কাছাৰত দুটা স্থানত ভোটগণনা আৰম্ভ হয়৷ লক্ষ্মীপুৰ সমজিলা আৰু শিলচৰ ৰামনগৰৰ আই এছ বি টি আৰু আই এছ টি টিত ভোট গণনা হয়৷ কাছাৰ জিলাৰ ২৫খন জিলা পৰিষদৰ আসনত মুঠ ৬৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ২খন জিলা পৰিষদৰ আসন বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিয়ে জয়লাভ কৰাৰ লগে লগে আৰম্ভ হৈছে ২৩খন জিলা পৰিষদৰ আসনৰ গণনা৷ তদুপৰি জিলাখনৰ আঞ্চলিক পঞ্চায়তৰ ১৬২খন আসনৰ বাবে ৩৮১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷

ইয়াৰ উপৰি ১৬২খন গাঁও পঞ্চায়তৰ ১৬২০ টা ৱাৰ্ডত মুঠ ৪০৫১জন প্ৰাৰ্থীৰ ভোট গণনা চলিছে ৷ এই দিনা বিয়লি পৰ্যন্ত কাছাৰৰ ২৫টা জিলা পৰিষদ আসনৰ ভিতৰত ১৯খন জিলা পৰিষদ আসনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আগুৱাই আছে৷ তদুপৰি শাসকীয় দলৰ শতাধিক আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী আগুৱাই আছে৷ শিলচৰ ৰামনগৰৰ আই এছ বি টি আৰু আইএছটিটিৰ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হয় ৰাজ্যৰ মন্ত্ৰী কৌশিক ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক নীহাৰ ৰঞ্জন দাস, বিধায়ক মিহিৰকান্তি সোম, বিধায়ক খলিল উদ্দীন মজুমদাৰ, বিজেপি জিলা সভাপতি ৰূপম সাহা প্ৰমুখ্যে উপস্থিত হৈ দলীয় প্ৰাৰ্থীৰ খবৰ লয়৷

panchayat election result 2025: সৰুপথাৰ সমষ্টিৰ চাৰিখন আসনত বিজেপিৰ জয়লাভ, কংগ্ৰেছ শূণ্য

panchayat election result 2025: সৰুপথাৰ সমষ্টিৰ চাৰিখন আসনত বিজেপিৰ জয়লাভ, কংগ্ৰেছ শূণ্য
panchayat election result 2025: সৰুপথাৰ সমষ্টিৰ চাৰিখন আসনত বিজেপিৰ জয়লাভ, কংগ্ৰেছ শূণ্য

গোলাঘাট জিলা পৰিষদৰ সৰুপথাৰ সমষ্টিৰ অন্তগৰ্ত চাৰিখন আসনত বিজেপি দলৰ প্ৰাৰ্থীৰ জয়লাভ।(panchayat election result 2025)


১৭ নং বৰপথাৰ জিলা পৰিষদৰ খিৰেশ্বৰ বড়ো। (২০৪০৮ টা ভোট )


১৮ নং সৰুপথাৰ জিলা পৰিষদৰ শংকৰ শইকীয়া। (১৩৮০৭ টা ভোট)


১৯ নং নৱজ্যোতি জিলা পৰিষদৰ নিৰল খেছ। ( ১৬৮৩২ টা ভোট )


২০ নং চুঙাজান জিলা পৰিষদৰ জয়শ্ৰী গগৈৰ জয় লাভ। (১২৬৭০ টা ভোট )

২১ খন আঞ্চলিক পঞ্চায়ত বিজেপি মিত্ৰজোঁটৰ দখলত।


১৭ খন বিজেপি আৰু ৪ খন অগপ দলৰ জয় লাভ ৷


কংগ্ৰেছ শূণ্য ৷

Crime News: মাতৃ দিৱসৰ দিনাই নিষ্ঠুৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজ পুত্ৰক

Crime News: মাতৃ দিৱসৰ দিনাই নিষ্ঠুৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজ পুত্ৰক
Crime News: মাতৃ দিৱসৰ দিনাই নিষ্ঠুৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজ পুত্ৰক

মাতৃ দিৱসৰ দিনাই দয়াহীন মাতৃয়ে(Crime News) প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজৰ পুত্ৰক। ১১ মে’ দেওবাৰে আছিল মাতৃ দিৱস। মাতৃ দিৱস উপলক্ষে সকলোৱে সামাজিক মাধ্যমত মাতৃক প্ৰতি শ্ৰদ্ধা-মৰম প্ৰকাশ কৰা সময়তে পোহৰলৈ আহিল এই ভয়ংকৰ জঘন্য ঘটনাটো।

ঘটনাৰ স্থান মহানগৰীৰ বশিষ্ঠ। নিজৰ ১০ বছৰীয়া পুত্ৰৰ প্ৰাণ ল’লে মাতৃয়ে, মাতৃ আৰু তেওঁৰ পৰকীয়া প্ৰেমিকে মিলি এই জঘন্য ঘটনাটো কৰিলে। ট্ৰলি বেগৰ ভিতৰত উদ্ধাৰ কণমানি মৃন্ময়ৰ নিথৰদেহৰ অংশ। আৰক্ষীৰ জালত মাতৃ আৰু অবৈধ প্ৰেমিক। মাতৃ গৰাকী নাম হৈছে দীপালী ৰাজবংশী আৰু অবৈধ প্ৰেমিকৰ নাম হৈছে জিতুমণি হালৈ।

মাতৃ দিৱসৰ দিনাই মহানগৰীত এই ভয়ানক ঘটনা সংঘটিত হয়। কোন দিশে গৈছে আজিৰ সমাজ। দয়া-মমতাহীন হৈছে একংশ ! এনে ঘটনাই সমাজলৈ কেনে বাৰ্তা প্ৰেৰণ কৰিব ?

India-Pakistan DGMO: আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক, যুদ্ধবিৰতিৰ চৰ্তসমূহ শক্তিশালী কৰাৰ সম্ভাৱনা

India-Pakistan DGMO: আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক, যুদ্ধবিৰতিৰ চৰ্তসমূহ শক্তিশালী কৰাৰ সম্ভাৱনা
India-Pakistan DGMO: আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক, যুদ্ধবিৰতিৰ চৰ্তসমূহ শক্তিশালী কৰাৰ সম্ভাৱনা

আজি ভাৰত-পাকিস্তানৰ দুই DGMOৰ বৈঠক।(India-Pakistan DGMO)

আজি দুপৰীয়া ১২ বজাত হ’ব বৈঠক।

শনিবাৰে কেইবাঘণ্টা ধৰি দুই DGMOৰ বৈঠকৰ অন্তত হৈছিল যুদ্ধ বিৰতি।

আজি দ্বিতীয় পৰ্যায়ৰ বৈঠক।

দুয়োখন ৰাষ্ট্ৰই যুদ্ধবিৰতিৰ চৰ্তসমূহ শক্তিশালী কৰাৰ সম্ভাৱনা আছে।

যুদ্ধবিৰতি চুক্তিৰ পূৰ্বে চাৰিদিনীয়া সামৰিক তীব্ৰতা বৃদ্ধি পাইছিল।

অপাৰেচন সিন্দুৰে ৯টা সন্ত্ৰাসবাদী স্থানক লক্ষ্য কৰে, ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান (ডিজিএমঅ’)য়ে শেহতীয়াকৈ লাভ কৰা যুদ্ধবিৰতি বুজাবুজিক সুদৃঢ় কৰাৰ বাবে আজি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব।

আজিৰ ডিজিএমঅ’ৰ আলোচনাই যুদ্ধবিৰতিক শক্তিশালী কৰি তুলিব, দুয়ো ৰাষ্ট্ৰই চৰ্তসমূহ মানি চলাটো নিশ্চিত কৰিব, সুস্থিৰ আৰু নিৰাপদ পৰিৱেশ গঢ়ি তুলিব।

White Clothes: সোমবাৰে পিন্ধিব বগা কাপোৰ, জীৱনত ৫টা সফলতা লাভ কৰিব !

White Clothes: সোমবাৰে পিন্ধিব বগা কাপোৰ, জীৱনত ৫টা সফলতা লাভ কৰিব !
White Clothes: সোমবাৰে পিন্ধিব বগা কাপোৰ, জীৱনত ৫টা সফলতা লাভ কৰিব !

যদি আপুনি প্ৰতি সপ্তাহত (White Clothes)অৰ্থাৎ সোমবাৰৰ পৰা বগা কাপোৰ পিন্ধি আৰম্ভ কৰে, তেন্তে বহু উপকাৰ হ’ব পাৰে। ই কেৱল এটা ৰং নহয়, ই জীৱনত ভাৰসাম্য অনাৰ কাৰক হ’ব পাৰে।

জ্যোতিষত ভগৱান শিৱক সোমবাৰৰ অধিপতি আৰু দিনটোৰ গ্ৰহ চন্দ্ৰ বুলি গণ্য কৰা হয়, সেয়েহে এই দিনটোত বগা ৰং পিন্ধাটো শুভ বুলি গণ্য কৰা হয়। এই দিনটোত বগা কাপোৰ পিন্ধিলে চন্দ্ৰৰ শক্তি সক্ৰিয় হ’বলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ব্যক্তিজনে ইয়াৰ উপকাৰ লাভ কৰে।

জ্যোতিষৰ মতে বগা ৰঙৰ শাসক গ্ৰহ চন্দ্ৰ। বগা ৰং বিশুদ্ধতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতীক, গতিকে সোমবাৰে যেতিয়া কোনোবাই বগা কাপোৰ পিন্ধে তেতিয়া ব্যক্তিজনৰ চাৰিওফালে থকা নেতিবাচকতা আঁতৰিবলৈ আৰম্ভ কৰে। মনটো শান্ত হৈ পৰে।

চন্দ্ৰ হৈছে কল্পনা আৰু চিন্তাৰ সৃষ্টিশীলতাৰ কাৰক। বগা ৰঙে এই শক্তিক শক্তিশালী কৰাত সহায় কৰে। লেখা, শিল্প, ডিজাইন বা অনুৰূপ সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলে সোমবাৰে বগা কাপোৰ পিন্ধিব লাগে।

চন্দ্ৰ আমাৰ মনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে আমি যেতিয়া বগা কাপোৰ পিন্ধো তেতিয়া আমাৰ আৱেগ ভাৰসাম্যপূৰ্ণ হৈ থাকে আৰু আমাৰ মনটো স্থিৰ হৈ থাকে। খং, অস্থিৰতা বা খিংখিঙীয়া স্বভাৱ নিয়ন্ত্ৰণত থাকে। আৱেগিক অশান্তি কম হয়।

বগা ৰঙে এজন ব্যক্তিক মহাজাগতিক চক্ৰৰ সৈতে সংযোগ কৰিব পাৰে, গতিকে সোমবাৰে যেতিয়া কোনোবাই বগা ৰং পিন্ধে তেতিয়া আভ্যন্তৰীণ শক্তি আৰু আচৰণ আগস্থানলৈ আহে। মন স্থিৰ হৈ থাকে আৰু কামত মনোনিৱেশ কৰিব পাৰি।

মনটোক শান্ত আৰু স্পষ্ট কৰি ৰাখিবলৈ আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত ল’ব পৰাকৈ সোমবাৰে বগা কাপোৰ পিন্ধিব লাগে। বগা ৰং পিন্ধিলে চন্দ্ৰৰ শক্তি আপোনাৰ চিন্তাত দ্ৰৱীভূত হোৱাত সহায় কৰে, যাৰ ফলত কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ সিদ্ধান্ত লোৱাৰ শক্তি পোৱা যায়।

panchayat election result 2025: হাতী আৰু হাতক উফৰাই নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ

panchayat election result 2025: হাতী আৰু হাতক উফৰাই নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ
panchayat election result 2025: হাতী আৰু হাতক উফৰাই নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ জিলা পৰিষদৰ অধীনৰ বৰবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী অলকা বসুমতাৰীয়ে জয়লাভ কৰিছে।(panchayat election result 2025)

আঞ্চলিক পঞ্চায়তটোৰ পৰা এইবাৰ অলকা বসুমতাৰীৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী সবিতা খাকলাৰী আৰু শাসকীয় মিত্রজোঁট অগপৰ নিভা গগৈয়ে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল।

দুটা প্ৰধান ৰাজনৈতিক দলৰ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পিছতো ফুলকবিৰ প্ৰতীক চিহ্নত নিৰ্দলীয় প্ৰাৰ্থীগৰাকী বিজয়ী হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

Virat Kohli: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’বলৈ সাজু হৈছে কোহলী, নাকচ কৰিলে ব’ৰ্ডৰ অনুৰোধ

Virat Kohli: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’বলৈ সাজু হৈছে কোহলী, নাকচ কৰিলে ব’ৰ্ডৰ অনুৰোধ
Virat Kohli: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’বলৈ সাজু হৈছে কোহলী, নাকচ কৰিলে ব’ৰ্ডৰ অনুৰোধ

বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ব’ৰ্ডৰ বিষয়াসকলক অৱগত কৰিছে। ৰোহিত শৰ্মাৰ পিছত কোহলীৰ এই সিদ্ধান্তত তেওঁলোক চিন্তিত হৈ পৰিল।(Virat Kohli)

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লৈছে বিৰাট কোহলীয়ে। কিন্তু আনুষ্ঠানিক বা ৰাজহুৱাভাৱে নহয়। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আগত কোহলীয়ে নিজৰ স্থিতি স্পষ্ট কৰি দিছে। তেওঁ টেষ্ট কেৰিয়াৰ দীঘলীয়া কৰিব নিবিচাৰে বুলি উল্লেখ কৰিছে।

কিছুদিন পূৰ্বে কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ উদ্দেশ্য বিচিচিআইৰ বিষয়াসকলক অৱগত কৰিছিল। ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চিন্তিত হৈ পৰিছিল যেতিয়া ৰোহিত শৰ্মাৰ পিছত কোহলীয়েও টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। কাৰণ ভাৰতীয় দলটোৰ ২০ জুনৰ পৰা ইংলেণ্ডত পাঁচখন টেষ্টৰ শৃংখলা আছে। ব’ৰ্ডৰ বিষয়াসকলৰ মতে দলটোৰ দুজন জ্যেষ্ঠ বেটছমেন অবিহনে বিদেশত কঠিন শৃংখলা খেলাটো বিপদজনক হ’ব পাৰে। গতিকে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে কোহলীক আৰু এবাৰ চিন্তা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি কোহলীয়ে এই অনুৰোধ নাকচ কৰিছে।

বিচিচিআইৰ এজন বিষয়াই কয়, “কোহলীয়ে দুসপ্তাহ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ বিষয়ে মুখ্য নিৰ্বাচক অজিত আগৰকাৰক অৱগত কৰিছিল। নিৰ্বাচকসকলে কোহলীক অন্ততঃ ইংলেণ্ডৰ শৃংখলালৈকে খেলি থাকিবলৈ অনুৰোধ কৰিছিল। কিন্তু কোহলীয়ে নিজৰ সিদ্ধান্তক লৈ অটল হৈ আছে।


BrahMos Missile: আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প

BrahMos Missile: আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প
BrahMos Missile: আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প

আজি দেশত মুকলি হ’ল ব্রাহ্মোছ নির্মাণ প্রকল্প।(BrahMos Missile)

প্রকল্পটোত নিৰ্মাণ কৰা হ’ব ‘ব্রাহ্মোছ ছুপাৰছনিক ক্ৰুইজ মিছাইল’।

উত্তৰ প্ৰদেশৰ ঔদ্যোগিক কৰিডৰত হ’ব এই প্রকল্প।

বিশ্বৰ ভিতৰতে দ্রুত গতিৰ মিছাইল ব্রাহ্মোছ।

ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত নির্মাণ হ’ব এই প্রকল্প।

পৃথিৱীৰ অন্যতম শক্তিশালী ব্ৰাহ্মোছ মিছাইল।

ব্রাহ্মোছ নির্মাণ প্রকল্প উদ্বোধন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।