চিএনএনৰ তথ্য অনুসৰি, বৰ্তমান মধ্যপ্ৰাচ্যত আমেৰিকাৰ ২৭ খনতকৈও অধিক সামৰিক ঘাটি আছে, যাৰ ভিতৰত ১২ খন ১৫ বছৰতকৈও অধিক সময় ধৰি সক্ৰিয়। তথ্য অনুসৰি, ২০২৪ চনৰ জানুৱাৰী মাহত কাতাইব হিজবুল্লাহ-এ ছিৰিয়া-জৰ্ডান সীমান্তৰ ওচৰত থকা আমেৰিকাৰ সৰু আউটপোষ্ট “টাৱাৰ ২২”ত ড্ৰোন আক্ৰমণ চলাইছিল, য’ত ৩ জন আমেৰিকান সেনা নিহত আৰু ৩০ জনৰো অধিক আহত হৈছিল বুলি সন্দেহ কৰা হৈছে।
“আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আহিছে। আমি ইৰাণৰ সৈতে আলোচনাৰ সম্ভাৱনা অস্বীকাৰ নকৰোঁ। এই আলোচনাৰ দ্বাৰ বন্ধ হ’ব বা খোল খাই থাকিব, সেইটো অহা দু সপ্তাহৰ ভিতৰত আমি নিৰ্ধাৰণ কৰিম।”
মোদীৰ এই প্ৰস্তাৱক ১৯৩টা ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰে সমৰ্থন জনাই, যাৰ ফলত কেৱল ৭৮ দিনৰ ভিতৰত—১১ ডিচেম্বৰ, ২০১৪ তাৰিখে—এই দিনটো ৰাষ্ট্ৰসংঘৰ স্বীকৃতি লাভ কৰে। এই সিদ্ধান্তই বিশ্বজুৰি এক নতুন যুগৰ আৰম্ভণি কৰিছিল, য’ত যোগক গ্লোবেল পৰিসৰত মৰ্যাদা দিয়া হ’ল।
☀️ ২১ জুন—এই দিনটোৰ বিশেষত্ব কি?
২১ জুনৰ দিনটো উত্তৰ গোলাৰ্ধৰ বাবে বছৰৰ আটাইতকৈ দীঘলীয়া দিন। এই দিনটোক গ্ৰীষ্মকালীন সংক্ৰান্তি (Summer Solstice) বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ আৰু আধ্যাত্মিক দৃষ্টিৰে এই দিনটোক বৰ পবিত্ৰ আৰু শক্তিশালী বুলি গণ্য কৰা হয়।
বিশ্বাস অনুসৰি, আদিযোগী ভগৱান শিৱ—যাক প্ৰথম যোগী বুলি ধৰ্মগ্ৰন্থসমূহত কোৱা হয়—এই দিনটোতেই নিজৰ প্রথম শিষ্যসকলক যোগৰ শিক্ষা দিয়াৰ আৰম্ভণি কৰিছিল। সেয়েহে এই দিনটোক “যোগৰ উৎপত্তিৰ দিন” হিচাবেও গণ্য কৰা হয়।
🌍 যোগ—বিশ্বৰ বাবে এক উপহাৰ
যোগ ভাৰতৰ প্ৰাচীন ধাৰ্মিক আৰু দাৰ্শনিক পৰম্পৰাৰ এটি অপূৰ্ব উপহাৰ। আজিৰ বিশ্বত, য’ত মানসিক উদ্বেগ, শাৰীৰিক অসুস্থতা আৰু আত্মিক বিভ্ৰান্তি ক্রমবৃদ্ধিশীল, তাত যোগ এক শক্তিশালী সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে।
যোগ মানে কেৱল দেহ গঠন নহয়—ই হৈছে আত্মাৰ শুদ্ধি, মনৰ কেন্দ্রীকৰণ আৰু জীৱনৰ সম্পূৰ্ণ পৰিবর্তন।
🌱 ২০২৫ চনৰ বিষয়বস্তু: “Yoga for One Earth, One Health”
প্ৰতি বছৰে অন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এখন থিম বা বিষয়বস্তু লৈ উদযাপন কৰা হয়। ২০২৫ চনৰ বিষয়বস্তু হৈছে:
“Yoga for One Earth, One Health”
এই বিষয়বস্তুৰ মূল উদ্দেশ্য হৈছে—ভাৰতীয় সভ্যতাৰ “বসুধৈৱ কুটুম্বকম” ধাৰণাক সঁচা কৰি তোলা, য’ত পৃথিৱীৰ সকলো প্ৰাণীক সমানভাবে সুস্থ আৰু শান্তিপূৰ্ণ জীৱন দিয়া হ’ব। এই বিষয়বস্তুত বিশেষকৈ পৰিৱেশ-মানৱ সুস্থতা-আধ্যাত্মিক জীৱনৰ মাজত সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
যোগ কেবল মানুহৰ দেহৰেই নহয়, আমাৰ চাৰিওফালে থকা পৰিৱেশ, প্ৰাণী, উদ্ভিদ, সমাজ আৰু পৃথিৱীৰ সামগ্ৰিক সুস্থতাৰ বাবে এক দিশা।
🧘 বিশ্বজুৰি উদযাপন আৰু অংশগ্ৰহণ
আজিৰ দিনটোত বিশ্বজুৰি লাখ লাখ মানুহে যোগৰ বিভিন্ন আসন, ধ্যান, প্ৰাণায়াম আদি অনুশীলন কৰি এই বিশেষ দিৱসটো উদযাপন কৰে। স্কুল, কলেজ, বিশ্ববিদ্যালয়, চৰকাৰী আৰু বেছৰকাৰী প্ৰতিষ্ঠান, সেনা-জোৱান, চিকিৎসালয়, এন.জি.অ’ আদি সকলোৰে সক্ৰিয় অংশগ্ৰহণ দেখা গৈছে।
প্ৰধানমন্ত্ৰী মোদী নিজেও প্ৰতি বছৰে এই দিৱসত অংশ লৈ বিশ্ববাসীক যোগৰ উপকাৰিতা স্মৰণ কৰায়।
২০০২ চনত অমিতাভ বচ্চনৰ ৬০ সংখ্যক জন্মদিন উপলক্ষে কৰিশ্মা কাপুৰ আৰু অভিষেক বচ্চনৰ (Abhishek-Karishma) বাগ্দান হৈছিল। তেওঁলোকৰ বাগদান অনুষ্ঠান অতি ধুমধামেৰে হৈছিল যদিও কেইমাহমানৰ পিছত তেওঁলোকৰ এংগেজমেণ্ট ভাঙি যায়। অৱশ্যে অনুৰাগীসকলে কেতিয়াও গম পোৱা নাছিল যে কিয় তেওঁলোকৰ বাগদান ভাঙিল। যিটো এবাৰ প্ৰকাশ কৰিছিল অমিতাভ বচ্চনে নিজে।
২০০৩ চনত কৰিশ্মা কাপুৰ আৰু সঞ্জয় কাপুৰৰ মুম্বাইৰ কৃষ্ণ ৰাজ বাংলোত এক বৃহৎ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। তেওঁ সদায় এই সম্পৰ্কৰ বিৰোধী আছিল। বিবাহৰ ১১ বছৰ পিছত ২০১৪ চনত বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছিল যদিও ২০১৬ চনত বিবাহ বিচ্ছেদ হয়।
২০০৫ চনত অমিতাভ বচ্চন আৰু অভিষেক বচ্চনে কৰণ জোহৰৰ ‘কফী উইথ কৰণ’ শ্ব’ত আহিছিল। এই শ্ব’টোত অমিতাভে প্ৰথমবাৰৰ বাবে অভিষেক আৰু কৰিশ্মাৰ এংগেজমেণ্টক লৈ মুখ খুলিছিল। তেওঁ কয় যে এইটো এটা স্পৰ্শকাতৰ মুহূৰ্ত আছিল। যেতিয়া সম্পৰ্ক গঢ় লৈ উঠে বা ভাঙি যায়, তেতিয়া যিকোনো ব্যক্তি আৰু তেওঁৰ পৰিয়ালৰ বাবে ই এক যন্ত্ৰণাদায়ক হ’ব পাৰে। যদি কোনো সম্পৰ্কৰ বাবে পৰিস্থিতি উপযুক্ত নহয়, তেন্তে পৃথক হোৱাটোৱেই ভাল। অমিতাভে কয় যে জীৱনৰ এনে অভিজ্ঞতাই মানুহক ভালে ৰাখে।
তেওঁ কয় যে তেওঁ এইবোৰৰ জৰিয়তে নিজকে শক্তিশালী কৰিবলৈ শিকে। তেওঁ স্বীকাৰ কৰে যে বিশেষকৈ চলচ্চিত্ৰ উদ্যোগৰ দৰে পেছাত এই শিক্ষাবোৰে মানুহক আৱেগিকভাৱে শক্তিশালী কৰি তোলে। অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ শিক্ষাৰ কথাও উল্লেখ কৰে। অমিতাভ বচ্চনে ক’লে যে তেওঁৰ পিতৃয়ে তেওঁক শিকাইছিল যে ইচ্ছা অনুসৰি হ’লে ভাল, আৰু নহ’লে আৰু ভাল, কাৰণ সেয়া ঈশ্বৰৰ ইচ্ছা।
অমিতাভ বচ্চনে আৰু কয় যে ভগৱানে কেতিয়াও আপোনাৰ বেয়া নিবিচাৰে। এই চিন্তাই তেওঁক প্ৰতিটো কঠিন সময় সহজে গ্ৰহণ কৰিবলৈ শিকাইছিল। তেওঁৰ মতে এই চিন্তা তেওঁৰ সমগ্ৰ পৰিয়ালৰ ঐতিহ্য। খবৰ অনুসৰি কৰিশ্মা আৰু অভিষেক প্ৰায় ৫ বছৰ একেলগে আছিল আৰু তেওঁলোকৰ এংগেজমেণ্টৰ পিছত চলচ্চিত্ৰ জগততো সুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। বচ্চন পৰিয়ালৰ অংশ হ’বলৈ পাই নিজেই কৰিশ্মা বৰ উৎফুল্লিত হৈ পৰিছিল। কিন্তু কেইমাহমানৰ ভিতৰতে তেওঁলোকৰ সম্পৰ্ক শেষ হৈ গ’ল।
অৱশ্যে সংবাদ মাধ্যমত বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এই সম্পৰ্কত কৰি্শ্মাৰ মাতৃ ববিতাও সুখী নহয় বুলিও খবৰ ওলাইছিল। খবৰ ওলাছিল যে তেওঁ বিবাহৰ পূৰ্বে চুক্তিৰ দাবী কৰিছিল, য’ত অমিতাভ বচ্চনৰ সম্পত্তিৰ এটা অংশ অভিষেকৰ নামলৈ হস্তান্তৰ কৰিব লাগে। এই চৰ্ত বচ্চন পৰিয়ালৰ বাবে গ্ৰহণযোগ্য নাছিল। অৱশ্যে এই সকলোবোৰ কেৱল উৰাবাতৰিহে আছিল। কিন্তু এই মতানৈক্যৰ বাবে বিবাহ বিচ্ছেদ হ’ল তেওঁলোকৰ। পিছত কৰিশ্মাই ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
Air India Flights: ৰক্ষণাবেক্ষণ, বেয়া বতৰ, আকাশমাৰ্গ বন্ধ!
এয়াৰ ইণ্ডিয়াই বিমান বাতিলৰ বাবে যাত্ৰীসকলৰ আগত দুখ প্ৰকাশ কৰিছে। বিমান সংস্থাটোৱে জনাইছে যে বাতিলৰ বাবে যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব।(Air India Flights)
পুনৰ এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমান বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত ঘৰুৱা বিমান সেৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও আছে। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই বিমান বাতিলৰ বিভিন্ন কাৰণ দাঙি ধৰিছে।
এয়াৰ ইণ্ডিয়াই এক বিবৃতিত উল্লেখ কৰিছে যে ৰক্ষণাবেক্ষণৰ বাবে ডুবাইৰ পৰা চেন্নাইলৈ এআই ৯০৬, দিল্লীৰ পৰা মেলবৰ্ণলৈ এআই ৩০৮, মেলবৰ্ণৰ পৰা দিল্লীলৈ এআই ৩০৯, ডুবাইৰ পৰা হায়দৰাবাদলৈ এআই ২২০৪ বাতিল হৈ আছে। কেৱল সেয়াই নহয়, পুনেৰ পৰা দিল্লীলৈ AI874, আহমেদাবাদৰ পৰা দিল্লীলৈ AI456, হায়দৰাবাদৰ পৰা মুম্বাইলৈ AI2872 আৰু চেন্নাইৰ পৰা মুম্বাইলৈ AI571 বিমান বাতিল কৰা হৈছে। ৰক্ষণাবেক্ষণৰ উপৰিও বেয়া বতৰ আৰু বন্ধ আকাশমাৰ্গৰ বাবে এয়াৰ ইণ্ডিয়াই বিমান সেৱাও বাতিল কৰিছে।
এয়াৰ ইণ্ডিয়াই বিমান বাতিলৰ বাবে যাত্ৰীসকলৰ আগত দুখ প্ৰকাশ কৰিছে। বিমান সংস্থাটোৱে জনাইছে যে বাতিলৰ বাবে টিকটৰ সম্পূৰ্ণ ধন যাত্ৰীসকলক ঘূৰাই দিয়া হ’ব। অৱশ্যে যাত্ৰীসকলে ইচ্ছা কৰিলে এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থা কৰিব। লগতে এয়াৰ ইণ্ডিয়াৰ বিমানত বিভিন্ন পৰীক্ষা সম্পন্ন কৰা হৈছে বুলিও তেওঁলোকে জনাইছে। কোনো বিসংগতি ধৰা পৰিলে মেৰামতিৰ কামো কৰি আছে কৰ্তৃপক্ষই।
বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াই প্ৰতি সপ্তাহত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পথত বিমানৰ সংখ্যা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ২১ জুনৰ পৰা ১৫ জুলাইলৈ তিনিটা পথত বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্তও লোৱা হৈছে। ইৰাণ-ইজৰাইল সংঘাতৰ ফলত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাতো প্ৰভাৱ পৰিছে। এই সংঘাতৰ বাবেই পশ্চিম এছিয়াৰ কেইবাটাও আকাশমাৰ্গ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
আহমেদাবাদ দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱা হ্রাস হৈছে। আনহাতে ২১ জুনৰ পৰা ১৫ জুলাইলৈ কেইবাখনো বিমানৰ যাত্রা বাতিলৰ লগতে ১৮ জুনলৈ ৮৩খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাত্ৰা বাতিল কৰিছিল।
দান দিয়াৰ নিয়ম ধৰ্ম শাস্ত্ৰত উল্লেখ আছে আৰু কোনবোৰ বস্তু বিনামূলীয়াকৈ দিব নালাগে(Astro Tips) সেই বিষয়েও উল্লেখ আছে। কিন্তু ইয়াৰ বাহিৰে আজি আমি জানো আহক কোনবোৰ বস্তু কেতিয়াও বিক্ৰী কৰিব নালাগে।
বহু সময়ত মানুহৰ জীৱনত এনে সমস্যা আহি পৰে যে তেওঁ নিজৰ ঘৰৰ বস্তুবোৰ বিক্ৰী কৰিবলগীয়া হয়। ইয়াৰ বাহিৰেও বহু সময়ত মানুহে অজানিতে এনে বস্তু বিক্ৰী কৰে যাৰ ফলত তেওঁলোকৰ ঘৰৰ সমৃদ্ধি আৰু সুখত নেতিবাচক প্ৰভাৱ পৰে। বিষ্ণু পুৰাণতো এইবোৰ কথা উল্লেখ আছে, যিবোৰ বিপদৰ সময়তো বিক্ৰী কৰিব নালাগে। এইবোৰ বিক্ৰী কৰিলে মা লক্ষ্মী, শনি দেৱ আৰু ভগৱান বিষ্ণুৰ খং উঠে। অৰ্থাৎ শুভকামনা, সমৃদ্ধি আৰু সুখৰ খং উঠে। জীৱনত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।
কোনবোৰ বস্তু বিক্ৰী কৰিব নালাগে-
বেছিভাগ ঘৰতে দীপাৱলীৰ দিনা ৰূপৰ মুদ্ৰা কিনি পূজা কৰা হয়। এই মুদ্ৰাবোৰত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ছবি আছে। লক্ষ্মী দেৱীৰ ছবি থকা এই মুদ্ৰাবোৰ কেতিয়াও বিক্ৰী নকৰিব। নতুবা দি আন কোনো গহনা আদি কিনিব নালাগে। এই কাম কৰাটো নিজৰ হাতেৰে নিজৰ ঘৰৰ সমৃদ্ধি ঘূৰাই দিয়াৰ দৰেই। ইয়াৰ ফলত দেৱী লক্ষ্মীৰ খং উঠে।