Home Blog Page 265

India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে

India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে
India-Pak War: ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তঃ যিকোনো সন্ত্ৰাসবাদী কাৰ্যক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে

সন্ত্রাসবাদ নিঃশেষ কৰাৰ বাবে তৎপৰ ভাৰত।(India-Pak War)

এতিয়াৰে পৰা যুদ্ধ হিচাপে গণ্য হ’ব সন্ত্ৰাসবাদীৰ কূটাঘাত।

যিকোনো সন্ত্রাসবাদীৰ আক্ৰমণকেই যুদ্ধ বুলি লৈ ল’ব পদক্ষেপ।

সন্ত্রাসবাদীৰ আক্ৰমণৰ কঠোৰ প্ৰত্যাক্রমণ কৰিব ভাৰতে।

ভাৰত চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

ভাৰত-পাকিস্তানৰ উত্তেজনাময় পৰিৱেশৰ মাজতে এই কঠোৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ।

Himanta Biswa Sarma: ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব !

Himanta Biswa Sarma: ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব !
Himanta Biswa Sarma: ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব !

যুদ্ধ চলি থকা পৰ্যন্ত কেইবাটাও বিষয়ত গুৰুত্ব চৰকাৰৰ।(Himanta Biswa Sarma)

ভাৰত-পাকিস্তানৰ যুদ্ধ চলি থকা পৰ্যন্ত নোৱাৰিব বহুকেইটা কাম কৰিব।


ৰাজহুৱাকৈ চেমিনাৰ পাতিব নোৱাৰিব কোনোৱে।

চৰকাৰী খৰচত কোনো মন্ত্রী-বিষয়াই বিদেশ ভ্রমণ কৰিব নোৱাৰিব।

আৰক্ষীক বাদ দি কোনো চৰকাৰী বিষয়াই কিনিব নোৱাৰিব গাড়ী।


এই কথা আজি সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ; সমগ্ৰ দেশতে পৰ্যাপ্ত মাত্ৰাত মজুত আছে খাদ্য সামগ্ৰীঃ জনালে কেন্দ্ৰই

India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ
India-Pak tensions: দেশত হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ

ভাৰত-পাক যুদ্ধৰ অচিলালৈ(India-Pak tensions) দুষ্ট চক্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে। এনে সময়তে কেন্দ্ৰই বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই। তেওঁ কয়, ‘মই সকলোকে আশ্বস্ত কৰিব বিচাৰো যে বৰ্তমান আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত সাধাৰণ প্ৰয়োজনীয়তাতকৈ বহুগুণ বেছি পৰিমাণে আছে—সেয়া চাউলেই হওক, ঘেঁহু হওক, বুটেই হওক বা ৰহৰ দাইল, মাছুৰ দাইল বা মুগ দাইলেই হওক।


খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হৈ থকা বিভ্ৰান্তিকৰ বাতৰিৰ বলি নহ’বলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে সজাগ কৰি দিয়ে। দিছে। সামাজিক মাধ্যমত তেওঁ কয় , ‘দেশত খাদ্যৰ মজুত সম্পৰ্কীয় অপপ্ৰচাৰৰ বাৰ্তাত বিশ্বাস নকৰিব। আমাৰ হাতত প্ৰচুৰ খাদ্য সামগ্ৰী মজুত আছে, যিটো প্ৰয়োজনীয়তকৈ বহু বেছি পৰিমাণে আছে। তেনে বাতৰিত গুৰুত্ব নিদিব। অত্যাৱশ্যকীয় সামগ্ৰী অবৈধভাবে মজুত কৰাসকলৰ বিৰুদ্ধে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত গোচৰ চলোৱা হ’ব।”


উল্লেখ্য বৰ্তমান দেশত চাউলৰ মজুত থাকিবলগীয়া ১৩৫ লাখ মেট্ৰিক টনৰ বিপৰীতে ৩৫৬.৪২ লাখ মেট্ৰিক টন মজুত আছে। একেদৰে ঘেঁহুৰ মজুত থাকিবলগীয়া ২৭৬ লাখ মেট্ৰিক টনৰ বিপৰীতে ৩৮৩.৩২ লাখ মেট্ৰিক টন মজুত আছে । এনেদৰে প্ৰয়োজনীয় মজুত নীতিৰ আধাৰত দেশজোৰা খাদ্য সুৰক্ষা নিশ্চিত কৰা ।

ইয়াৰ উপৰি ভাৰতত বৰ্তমান প্ৰায় ১৭ লাখ মেট্ৰিক টন খোৱাতেল মজুত আছে। ঘৰুৱাভাৱে শীৰ্ষ উৎপাদনৰ বতৰত সৰিয়হৰ তেলৰ উপলব্ধতা যথেষ্ট হয়, যিয়ে খোৱাতেলৰ যোগানক অধিক শক্তিশালী কৰি তুলিছে।

চলি থকা চেনিৰ বতৰ আৰম্ভ হৈছে ৭৯ লাখ মেট্ৰিক টন উৎপাদনৰ জড়িয়তে।পৰৱৰ্তী সময়ত চেনিৰ উৎপাদন ২৬২ লাখ মেট্ৰিক টন হব বুলি অনুমান কৰা হৈছে। ইথানল উৎপাদনৰ বাবে ৩৪ লাখ মেট্ৰিক টন বাদ দি এই অনুমাণ কৰা হৈছে।

বৰ্তমানলৈকে প্ৰায় ২৫৭ লাখ মেট্ৰিক টন চেনি ইতিমধ্যে উৎপাদন কৰা হৈছে। ঘৰুৱা ব্যৱহাৰ ২৮০ লাখ মেট্ৰিক টন আৰু ১০ লাখ মেট্ৰিক টন ৰপ্তানিৰ বাবে ধৰিলে মজুতৰ পৰিমাণ প্ৰায় ৫০ লাখ মেট্ৰিক টন হ’ব বুলি আশা কৰা হৈছে। এই পৰিমাণৰ চেনিৰে দুমাহ সুন্দৰকৈ চলিব পৰা যাব। লক্ষ্যণীয় কথাটো হল অনুকূল বতৰৰ বাবে ২০২৫–২৬ বৰ্ষত চেনিৰ উৎপাদন বহু পৰিমাণে আশাব্যঞ্জক হিচাবে ধৰা দিছে।

INDIA-PAK WAR: ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰিছে পাকিস্তানে! কৰ্ণেল ছফিয়াই দিলে খবৰ

INDIA-PAK WAR: ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰিছে পাকিস্তানে! কৰ্ণেল ছফিয়াই দিলে খবৰ
INDIA-PAK WAR: ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰিছে পাকিস্তানে! কৰ্ণেল ছফিয়াই দিলে খবৰ

শনিবাৰে জম্মু-কাশ্মীৰৰ(INDIA-PAK WAR) বৃহৎ অঞ্চলত কাকৱৰৰ পৰা অব্যাহত আছে প্ৰচণ্ড গোলাবৰ্ষণ। জম্মুৰ শম্ভু মন্দিৰত পাকিস্তানৰ গোলাবৰ্ষণ। ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত হৈছে চৰকাৰী জ্যেষ্ঠ বিষয়াসহ তিনিজন লোক। পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিছে। ভাৰতীয় ক্ষেপণাস্ত্ৰই পাকিস্তানৰ তিনিটা বিমান ঘাটিত আঘাত কৰে। ইয়াৰ ভিতৰত ৰাৱালপিণ্ডিত নূৰ খান, সিন্ধ প্ৰদেশৰ চুক্কুৰ, চকৱালৰ মুৰিদ এয়াৰবেছ আদি।

পাকিস্তানে ভাৰতৰ পশ্চিম সীমান্তত সামৰিক নিয়োগ বৃদ্ধি কৰিছে। শনিবাৰে ভাৰতীয় সেনাই এই কথা প্ৰকাশ কৰে। সংবাদমেলত কয় যে পাকিস্তান সেনাই নিজৰ জোৱানক আগুৱাই লৈ যোৱা দেখা গৈছে। ইয়াৰ দ্বাৰা তেওঁলোকৰ আগ্ৰাসী উদ্দেশ্য প্ৰকাশ পাইছে।


কৰ্ণেল ছফিয়াই কয় যে ভাৰতে পাকিস্তানৰ ৰফিকী, মুৰিদ, চাকলালা আৰু ৰহিম ইয়াৰ খানত থকা পাকিস্তান সেনাৰ বিমান ঘাটিত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ উপৰিও চুক্কুৰ আৰু চুনিয়াত থকা পাকিস্তানৰ সামৰিক ঘাটি, পাছৰুৰ আৰু ছিয়ালকোটত থকা বিমান ঘাটিতো আক্ৰমণ কৰা হয়।


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সেনাৰ যৌথ বিবৃতিত কোৱা হৈছে যে, ভাৰতৰ পশ্চিম সীমান্তত পাকিস্তানৰ আক্ৰমণ অব্যাহত আছে। ভাৰতীয় সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছে। ড্ৰোন আৰু অন্যান্য উপায়েৰে গোলাবৰ্ষণ চলি আছে। ভাৰতে অধিকাংশ আক্ৰমণ নিষ্ক্ৰিয় কৰিছে। আদমপুৰ, উধামপুৰ, ভাটিন্দা আদি একাংশ ঠাইত ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে। পাকিস্তানী সৈন্যই শ্ৰীনগৰ, আৱন্তীপোৰা, উধামপুৰৰ চিকিৎসা সুবিধা আৰু বিদ্যালয়সমূহক লক্ষ্য কৰি লৈছে।


পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত সামৰিক নিয়োগ বৃদ্ধি কৰিছে। ভাৰতীয় সেনা আৰু চৰকাৰে যৌথ সংবাদমেলত এই কথা ঘোষণা কৰে।








India-Pakisan War: ‘শূন্য সহনশীলতা’: ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

India-Pakisan War: 'শূন্য সহনশীলতা': ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান
India-Pakisan War: 'শূন্য সহনশীলতা': ব্ৰিটেইনৰ সৈতে আলোচনা জয়শংকৰৰ, বিগ হিন্ট অন একচন এগেইনষ্ট পাকিস্তান

পাকিস্তানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ প্ৰতিশোধ হিচাবে ভাৰতে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ ব্ৰিটিছ বিদেশ মন্ত্ৰী ডেভিদ লেমীৰ সৈতে আলোচনা কৰে। আলোচনাত জয়শংকৰে স্পষ্টভাৱে প্ৰকাশ কৰে যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি ‘শূন্য সহনশীলতা’ নীতি বজাই ৰাখিছে।(India-Pakisan War)


শুকুৰবাৰে জয়শংকৰে ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদ প্ৰতিহতক কৰাৰ ক্ষেত্ৰত ভাৰতে দৃঢ় স্থিতি গ্ৰহণ কৰিছে। এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত জয়শংকৰে কয়, “আজি বিয়লি ব্ৰিটেইনৰ বৈদেশিক সচিবৰ সৈতে ফোন কল কৰিছিলোঁ। আমাৰ আলোচনা সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ওপৰত কেন্দ্ৰিত আছিল, যাৰ বাবে শূন্য সহনশীলতা থাকিব লাগিব।”যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে কেইবাজনো লোক আহত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে দুয়োগৰাকী নেতাৰ মাজত এই আলোচনা হয়।

উল্লেখ্য বুধবাৰে পুৱা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ সমন্বিত প্ৰচেষ্টাৰে পাকিস্তানৰ জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা ঘাটিৰ সমূহত আক্ৰমণ চলায় হৈছে। পাকিস্তানৰ ড্ৰ’ন আক্ৰমণক “কাৰ্যকৰীভাৱে নিষ্ক্ৰিয়” কৰা হৈছে । যুদ্ধবিৰতি উলংঘাৰ উপযুক্ত সঁহাৰি দিয়া হৈছে। এডিজি পিআইয়ে লগতে উল্লেখ কৰে যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সফল প্ৰতিশোধ বুধবাৰে পুৱতি নিশা আৰম্ভ হোৱা অপাৰেচন সিন্দুৰৰ অধীনত সশস্ত্ৰ বাহিনীয়ে কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ নিষ্ক্ৰিয় কৰে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ভাৰতীয় সেনাই এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত (আই বি)ৰ কাষত বৃহৎ পৰিসৰৰ কাউণ্টাৰ ড্ৰ’ন অভিযানৰ সময়ত ৫০খনতকৈও অধিক পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰিছিল ।

Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ

Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ
Airports: দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ

দেশৰ ৩২টাকৈ বিমান বন্দৰ বন্ধৰ নিৰ্দেশ ভাৰত চৰকাৰৰ।(Airports)

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এই জৰুৰী নিৰ্দেশনা।

নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ।

দেশৰ ৩২টা অসামৰিক বিমানবন্দৰ ১৪ মে’ৰ মাজ নিশালৈকে সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ভাৰতীয় অসামৰিক বিমান প্ৰাধিকৰণৰ।

বিমান বন্দৰকেইটা হৈছে- উধমপুৰ, আমবালা, অমৃতসৰ, অৱন্তীপুৰা, ভাথিন্দা, ভূজ, বিকানেৰ, ছণ্ডীগড়, হালৱাৰা বিমানবন্দৰ আৰু হিন্দন, জয়ছালমেৰ, জম্মু, জামনগৰ, যোধপুৰ, কান্দলা, কংগৰা, কেছড়, কিষাণগড়, কুল্লু মানালী, লেহ, লুধিয়ানা, মুন্দ্ৰা বিমানবন্দ আৰু নালিয়া, পাঠানকোট, পাটিয়ালা, পোৰবন্দৰ, ৰাজকোট, ছিমলা, শ্ৰীনগৰ, ঠৈছে, উত্তৰলাই বিমানবন্দৰ।

Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া

Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া
Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া

আজি পুৱা পাকিস্তানে(Rajouri News) ৰাজৌৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য অঞ্চলৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ সময়তে জম্মু-কাশ্মীৰ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়া নিহত হয়। নিহত ব্যক্তিগৰাকী জম্মু-কাশ্মীৰ প্ৰশাসনৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত। নিহত বিষয়াগৰাকীৰ নাম ৰাজকুমাৰ কুমাৰ থাপা। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰকাশ কৰিছে এই তথ্য।

বিজেপি নেতা ৰবিন্দৰ ৰাইনাই কয় যে ৰাজকুমাৰ কুমাৰ থাপাৰ মৃত্যুত গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। তেওঁ আছিল অতি সাহসী বিষয়া যিয়ে পৰম আন্তৰিকতাৰে জাতি আৰু সমাজৰ সেৱা কৰিছিল।

২৬ জন নিৰীহক হত্যা কৰা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত লক্ষ্যভিত্তিক আক্ৰমণ চলোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ অসামৰিক অঞ্চলসমূহত সীমান্তৰ সিপাৰৰ পৰা তীব্ৰ গুলীচালনাৰ সন্মুখীন হৈছে।

Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !

Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !
Earthquake in Pakistan: পাকিস্তানত ভূমিকম্পঃ এসপ্তাহত চতুৰ্থবাৰৰ বাবে ভূমিকম্প !

যুদ্ধ উত্তেজনাৰ মাজতে পাকিস্তানত ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.০। ৫ মে’তো ৪.২ প্ৰাবল্যৰ ভূমিকম্পকে ধৰি ধাৰাবাহিক ভূমিকম্পৰ পিছত এইটো চতুৰ্থটো ভূমিকম্প।(Earthquake in Pakistan)


নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজি (এনচিএছ)ৰ তথ্য অনুসৰি শনিবাৰে নিশা ১:৪৪ বজাত পাকিস্তানত ৪.০ ৰিখটাৰ স্কেলৰ ভূমিকম্প হয়। কোনো ধৰণৰ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই।

সোমবাৰে পাকিস্তান আৰু আফগানিস্তানৰ কিছু অংশত ৪.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছতে শেহতীয়া ভূমিকম্পৰ সৃষ্টি হৈছে।

S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’

S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’
S-400-Barak-8: বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে বৃদ্ধি পাইছে ভাৰতৰ ‘বিমান প্ৰতিৰক্ষা’ আৰু ‘আক্ৰমণাত্মক সামৰ্থ্য’

ভাৰতৰ বিকশিত(S-400-Barak-8) প্ৰতিৰক্ষা সামৰ্থ্যৰ এক শক্তিশালী প্ৰদৰ্শনত ‘ভাৰতীয় সশস্ত্ৰ বাহিনী’য়ে সীমান্তৰ সিপাৰে থকা ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা ‘অপাৰেশ্যন সিন্দূৰ’ শীৰ্ষক অভিযানটোৰ পিছত পাকিস্তানৰ পৰা চলোৱা কেবাটাও মিছাইল আক্ৰমণ সফলতাৰে বিফল কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ‘এছ-৪০০ ট্ৰাইউমফ প্ৰণালী’, বাৰাক-৮ মিছাইল’, ‘আকাশ’ ভূ-পৃষ্ঠৰ পৰা বায়ু সংভেদী প্ৰতিৰক্ষা প্ৰণালী’ আৰু ‘ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত ‘এণ্টি-ড্ৰোন প্ৰযুক্তি’ অন্তৰ্ভুক্ত থকা এক সমন্বিত পৰিস্থিতিতন্ত্ৰৰ সৈতে ইয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাটো সুৰক্ষিত কৰিছে। জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ সামৰিক ঘাটিসমূহলৈ লক্ষ্য কৰি অহা প্ৰতিটো প্ৰতিকূল মিছাইলকে ধৰা পেলোৱা কথাই ৰাষ্ট্ৰৰ উচিত প্ৰস্তুতিত আলোকপাত কৰাৰ বিপৰীতে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ দুৰ্বলতা উন্মোচিত কৰিছে। ভাৰতে প্ৰতিৰক্ষা নিশ্চিত কৰিয়ে থমকি ৰোৱা নাছিল।

‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণেৰে লাহোৰৰ ‘মুখ্য কাৰ্যালয়-৯’ত চীনে যোগান ধৰা বিমান প্ৰতিৰক্ষা প্ৰণালীকো লক্ষ্য কৰি ধ্বংস কৰে আৰু পাকিস্তানী ‘ৰাডাৰ আন্তঃগাঁথনি’ ক্ষতিগ্ৰস্ত কৰে। এই পদক্ষেপসমূহে ২০১৪ চনত আৰম্ভ হোৱা ভাৰতৰ ‘বিমান সুৰক্ষা ৰণনীতি’ৰ এক দশকজোৰা আমূল পৰিৱৰ্তনৰ সমাপ্তিকো চিহ্নিত কৰে। গুৰুত্বপূৰ্ণ অগ্ৰগতিসমূহৰ ভিতৰত আছে তিনিটা ‘এছ-৪০০ স্কোৱাড্ৰন’ৰ কাৰ্যকৰী নিয়োজন, ইজৰাইলৰ সৈতে ২.৫ বিলিয়ন ডলাৰৰ ‘বৰাক-৮ মিছাইল চুক্তি’, আৰু থলুৱা ‘আকাশ প্ৰণালী’ আৰু ‘আধুনিক কাউণ্টাৰ-ড্ৰোন প্লেটফৰ্ম’-ৰ একত্ৰীকৰণ।

ঐতিহাসিকভাবে এই প্ৰথমবাৰৰ বাবে ভাৰতে সক্ৰিয় যুঁজত ‘ঘূৰন্ত শস্ত্ৰ’ আৰু স্থানীয়ভাৱে নিৰ্মিত ‘হাৰোপ ড্ৰোন’ৰ লগতে লক্ষ্যনিৰ্দিষ্ট ‘স্কাল্প’ আৰু ‘হেমাৰ মিছাইল’ৰে সুসজ্জিত ‘ৰাফেল’ যুঁজাৰু বিমান নিয়োজিত কৰিছিল। এই অগ্ৰগতিসমূহে বাস্তৱ সময়ত ‘জামিং’, ভাবুকি চিনাক্তকৰণ আৰু নিষ্ক্ৰিয়কৰণ সম্ভৱ কৰিব পৰা এক স্থিতিস্থাপক, বহুস্তৰীয় প্ৰতিৰক্ষা নেটৱৰ্কৰ দিশে হোৱা পৰিৱৰ্তনকে প্ৰতিফলিত কৰে। ভাৰতে আকাশী প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নিজৰ আধিপত্য প্ৰদৰ্শন কৰাৰ উপৰি ‘অপাৰেশ্যন সিন্দূৰ’-ৰ জৰিয়তে ‘ভাৰত যে কেৱল নিজৰ আকাশীসীমা ৰক্ষা কৰিবলৈকে সক্ষম নহয়-বৰঞ্চ ই এতিয়া এওঁলোকক নিয়ন্ত্ৰণো কৰে’ বুলি এক স্পষ্ট বাৰ্তাও প্ৰেৰণ কৰিছে।

Nirmala Sitharaman: ভাৰত-পাক যুদ্ধৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ বৈঠক, চাইবাৰ অপৰাধৰ বিষয়েও সজাগ হোৱাৰ নিৰ্দেশ

Nirmala Sitharaman: ভাৰত-পাক যুদ্ধৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ বৈঠক, চাইবাৰ অপৰাধৰ বিষয়েও সজাগ হোৱাৰ নিৰ্দেশ
Nirmala Sitharaman: ভাৰত-পাক যুদ্ধৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ গুৰুত্বপূৰ্ণ বৈঠক, চাইবাৰ অপৰাধৰ বিষয়েও সজাগ হোৱাৰ নিৰ্দেশ

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে সীমান্তত সৃষ্টি(Nirmala Sitharaman)হোৱা উত্তেজনাৰ মাজতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংক তথা বীমা কোম্পানীসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে।বিত্তীয় সেৱা বিভাগ (ডি এফ এছ), বিত্ত মন্ত্ৰালয়, চি ই আৰ টি-ইন, আৰ বি আই, আই আৰ ডি এ আই আৰু এন পি চি আইৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা উক্ত বৈঠকত ইণ্টাৰনেট বেংকিং আৰু ইউ পি আইৰ দৰে ডিজিটেল এপ্লিকেচনকে ধৰি বেংকিং খণ্ডৰ কাৰ্যকৰী তথা চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। সীমান্তত চলি থকা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত সকলো বেংক আৰু বীমা কোম্পানীৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে বৈঠকত অৱগত কৰে।পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীগৰাকীক জনায় যে সমগ্ৰ বেংকিং ব্যৱস্থাতে চাইবাৰ সুৰক্ষা ব্যৱস্থাসমূহ শক্তিশালী কৰা হৈছে। বৃহৎ পৰিসৰৰ চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বেংকসমূহে এণ্টি-ডিডিঅ’এছ (ডিষ্ট্ৰিবিউটেড ডিনিয়েল-অফ-চাৰ্ভিচ) ব্যৱস্থা ৰূপায়ণ কৰিছে বুলিও জানিবলৈ দিয়ে । প্ৰতিষ্ঠানিক প্ৰস্তুতিৰ বাবে উচ্চ পৰ্যায়ৰ চাইবাৰ সুৰক্ষা আৰু দুৰ্যোগ নিৰ্মূল কাৰ্যসূচী সামৰি মক ড্ৰিল অনুষ্ঠিত কৰা হৈছে বুলিও তেওঁলোকে বিত্তমন্ত্ৰী সীতাৰমণক অৱগত কৰে। তেওঁলোকে লগতে এইবুলি অৱগত কৰে যে ফিছিঙৰ অপচেষ্টাৰ বিষয়টো সক্ৰিয়ভাৱে চোৱাচিতা কৰা হৈছে। লগতে কৰ্মচাৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেইবাটাও আভ্যন্তৰীণ সতৰ্কবাণী জাৰি কৰা হৈছে।


বৈঠকত বেংকৰ বিষয়াসকলে কয় যে তেওঁলোকৰ ছিকিউৰিটি অপাৰেচন চেণ্টাৰ (এছ অ’ চি) আৰু নেটৱৰ্ক অপাৰেচন চেণ্টাৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে আৰু সকলো ক্ষেত্ৰতে হাই এলাৰ্টত জাৰি কৰা হৈছে। এই কেন্দ্ৰসমূহে চিইআৰটি-ইন আৰু ৰাষ্ট্ৰীয় তথ্য আন্তঃগাঁথনি সুৰক্ষা কেন্দ্ৰ (এনচিআইআইপিচি)ৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি বাস্তৱ সময়ৰ তথ্য বিনিময় তথা ভাবুকি প্ৰতিৰোধৰ দিহা কৰিছে। বৈঠকত সীতাৰমণে শেহতীয়াকৈ সৃষ্টি হোৱা ভূ-ৰাজনৈতিক উত্তেজনা আৰু প্ৰত্যাহ্বানমূলক সময়ত অৰ্থনৈতিক স্থিতিশীলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত বেংকিং আৰু বিত্তীয় খণ্ডৰ জটিল ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।


কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সকলো বেংককে সম্পূৰ্ণ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে আৰু যিকোনো পৰিস্থিতি বা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ কয়। সমগ্ৰ দেশৰ, বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলত নাগৰিকসকলৰ বাবে বেংকিং আৰু বিত্তীয় সেৱাৰ নিৰৱচ্ছিন্ন সুবিধা নিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। শ্ৰীমতী সীতাৰমণে মন্তব্য কৰে যে ভৌতিক আৰু ডিজিটেল দুয়ো প্ৰকাৰৰ বেংকিং সেৱাই কোনো ধৰণৰ বিঘিনি নোহোৱাকৈ কাম কৰিব লাগিব আৰু উদ্ভৱ হোৱা যিকোনো আকস্মিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰীকালীন প্ৰট’কলসমূহ মানি চলিব লাগিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সীমান্ত অঞ্চলৰ আশে-পাশে থকা বেংকৰ শাখাসমূহত কাম কৰা বেংক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি নিৰাপত্তা সংস্থাসমূহৰ সৈতে ফলপ্ৰসূভাৱে সমন্বয় সাধনৰ জড়িয়তে তেওঁলোকৰ পৰ্যাপ্ত সুৰক্ষা নিশ্চিত কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়ে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বেংকৰ বিষয়াসকলক কয় যে নাগৰিক আৰু ব্যৱসায়ীসকলে যাতে কোনো পৰিস্থিতিত ক্ষতিগ্ৰস্ত নহয় আৰু এটিএমত নিৰৱচ্ছিন্ন নগদ ধনৰ উপলব্ধতা, নিৰৱচ্ছিন্নভাৱে ইউপিআই আৰু ইণ্টাৰনেট বেংকিং সেৱা তথা অত্যাৱশ্যকীয় বেংকিং সুবিধাসমূহ অব্যাহত ৰাখে সেই বিষয়ত অগ্ৰাধিকাৰ দিব লাগিব।

নিৰ্মলা সীতাৰমণে বেংকসমূহক নিজৰ চাইবাৰ সুৰক্ষা ব্যৱস্থা আৰু ডাটা চেণ্টাৰৰ নিয়মীয়া অডিট চলাবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে সকলো ডিজিটেল আৰু মূল বেংকিং আন্তঃগাঁথনি সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰাখিবলৈ নিয়মীয়া নিৰীক্ষণ কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। যাতে যিকোনো চাইবাৰ অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰিব পাৰে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বেংকসমূহক মুখ্য কাৰ্যালয়ে মনোনীত কৰা দুজন নিষ্ঠাবান জ্যেষ্ঠ বিষয়াক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে, এজনে চাইবাৰ সম্পৰ্কীয় সকলো বিষয়ৰ ৰিপৰ্ট দিয়াৰ বাবে আৰু আনজন বেংকৰ শাখাসমূহৰ কাম-কাজ আৰু এটিএমত নগদ ধনৰ উপলব্ধতাকে ধৰি কাৰ্যকৰী বিষয়সমূহ নিশ্চিত কৰিব নিয়োগ কৰাৰ কথা তেওঁ কয়। দুয়োগৰাকী নিষ্ঠাবান বিষয়াই যিকোনো ঘটনাৰ বিষয়ে চিইআৰচি- ইন / সংশ্লিষ্ট সংস্থা আৰু ডিএফএছক লগে লগে অৱগত কৰিব লাগিব।এই সন্দৰ্ভত বেংকসমূহক ভাৰতীয় ৰিজাৰ্ভ বেংক, চিইআৰটি-ইন আৰু সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহৰ সৈতে সকলো সময়তে সমন্বয় ৰক্ষা কৰি শক্তিশালী তথা সক্ৰিয় তথ্য বিনিময় প্ৰক্ৰিয়া আৰু সঁহাৰি নিশ্চিত কৰিবলৈ কোৱা হৈছিল। সীতাৰমণে বীমা কোম্পানীসমূহক সময়মতে গ্ৰহাকৰ দাবী নিষ্পত্তি আৰু নিৰৱচ্ছিন্ন গ্ৰাহক সেৱা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পৃষ্ঠপোষক বেংকসমূহে এই সময়ছোৱাত আৰ আৰ বিসমূহক ভালদৰে সহায় কৰাটো নিশ্চিত কৰিব লাগে আৰু তেওঁলোকে সন্মুখীন হোৱা যিকোনো সমস্যাৰ বাবে তেওঁলোকক সহযোগ কৰিব লাগে। সীতাৰমণে বৈঠকত লগতে কয় যে ভাৰত চৰকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিৱদ্ধ, দেশৰ বেংকিং আৰু বিত্তীয় ব্যৱস্থা শক্তিশালী তথা স্থিতিস্থাপক কৰি ৰখাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে।