অলপতে এটা গৱেষণাৰ পৰা জনা যায় যে যি লোকে প্রছেছেড মাংস, চেনিযুক্ত পানীয় আৰু লৱণযুক্ত স্নেক্স জাতীয় খাদ্য গ্রহণ কৰে, মগজুৰ ক্ষুদ্রতম অংশ হিপ্প’কেম্পাছত বিজুতি ঘটায়৷ এই অংশটোৱেই হ’ল মগজুৰ স্মৃতিশক্তিৰ প্রয়োজনীয় থলী৷ ২০১৫ চনত প্রকাশিত তথ্য মতে অধিক পৰিমাণে ৱালনাট গ্রহণ কৰিলে মগজুৰ স্মৃতিশক্তি বৃদ্ধি পায় বুলি কয়৷ সেয়ে আমি যিকোনো উপায়ে উপৰিউক্ত খাদ্যসমূহ আমাৰ দৈনন্দিন খাদ্য তালিকাত ৰাখিবলৈ যত্নপৰ হ’ব লাগে৷
ব্রিটেইনৰ পিছত ইউৰোপীয় দেশ ফ্রান্সত শেহতীয়াকৈ দৈনিক ক’ৰোনা সংক্রমিত লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ ২৩ ডিচেম্বৰত দেশখনত দৈনিক সংক্রমণ আছিল ৯১,৬০৮৷ ২৬ ডিচেম্বৰত এই সংখ্যাই এক লাখ অতিক্রম কৰি গৈছে৷ বিগত দুটা বছৰৰ ভিতৰত প্রথমবাৰলৈ ফ্রান্সত দৈনিক ক’ভিড আক্রান্তৰ সংখ্যাই এই নতুন অভিলেখ সৃষ্টি কৰিছে৷
বিহাৰৰ মুজাফফৰপুৰ জিলাত এক নুডল প্রস্তুত কাৰখানাত সংঘটিত বয়লাৰ বিস্ফোৰণত কমপক্ষেও ছজন শ্রমিক নিহত হোৱাৰ উপৰি আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ এই বিস্ফোৰণটো সংঘটিত হৈছে কালি নিশা ১০ বজাত৷ লক্ষণীয়ভাৱে বিস্ফোৰণটোৰ প্রচণ্ড শব্দ পাঁচ কিলোমিটাৰ নিলগৰ পৰা শুনিবলৈ পোৱা গৈছিল৷
এই বিস্ফোৰণৰ প্রভাৱত সমীপৱর্তী এটা ময়দাৰ মিল ধ্বংস হোৱাৰ উপৰি মিলটোত শুই থকা দুজন শ্রমিকো গুৰুতৰভাৱে আহত হয়৷ আজি পুৱা জিলা দণ্ডাধীশ প্রণৱ কুমাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি, তাৎক্ষণিকভাৱে পাঁচজন শ্রমিক ঘটনাস্থলীতে নিহত হয়৷ এজন শ্রমিকৰ মৃত্যু হয় হাস্পতালত৷ এই বিস্ফোৰণটোত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷