যোৰহাট মিচিং স্বায়ত্বশাসিত পৰিষদীয় সমষ্টিৰ সদস্য তথা কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেৰ উপস্থিতিত সমাপন হোৱা অনুষ্ঠানকেইটিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি গাঁৱৰ কৃষ্টি দলে ঢোলে দগৰে উষ্ম আদৰণি জনাই।এই উপলক্ষে লাখেৰাজ জনজাতি হাইস্কুলৰ চৌহদত এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰাই বিদ্যালয় খনৰ বিভিন্ন সমস্যা সম্বলিত এখনি স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক প্ৰদান কৰে।
বিদ্যালয়ৰ শিক্ষক দিলীপ পেগুৱে আঁতধৰা আৰু শিক্ষক দীপক কুমাৰ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানত যোৰহাট জিলা সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি কুশল পেগু, এম এম কেৰ প্ৰতিষ্ঠাপক (টানি টেকাৰ) তৰাচন পেগু , বি.জে.পি যোৰহাট জিলাৰ জনজাতি কোষৰ সভাপতি বিজয় কছাৰী, এম এম কে যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচং, টি এম পি কেৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিছঙকে ধৰি বহুসংখ্যক গন্য-মান্য ব্যক্তি উপস্থিত থাকে।
মাৰৈ -বিজুলীবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যসূচী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৰং ৰত্ন অতুল চন্দ্ৰ বৰুৱা স্মৃতি দিৱস ২৫ ডিচেম্বৰত মাৰৈ -বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে মাৰৈ -বিজুলীবাৰী শাখা সভাৰ সভাপতি চাহজামাল হ’কে । বন্তি প্ৰজ্বলন কৰে অৱসৰী বিষয় শিক্ষক আলতাফ বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে শাখা সভাখনৰ উপ সভাপতি ভদ্ৰকান্ত ডেকাই ।
পুৱা ১০’৩০ বজাত দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে দুনী শাখা সাহিত্য সভাৰ সভাপতি কৰুণা কান্ত ভট্টই। দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতামানন্দ গোস্বামী আৰু মাৰৈ -বিজুলীবাৰী শাখা সাহিত্য সভাৰ সম্পাদক বিজুফুকন বৰুৱাই আঁতধৰা সভাত নিদ্দিষ্ঠ বক্তা ৰূপে উপস্থিত থাকি দৰং ৰত্ন অতুল চন্দ্ৰ বৰুৱা দেৱৰ জীৱন আৰু সাহিত্য কৃতিৰ বিষয়ত বক্তব্য আগবঢ়াই কলাইগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা শ্বাশ্বতী শৰ্মা দেৱীয়ে । সভাত মাৰৈ -বিজুলীবাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ৰাজি কৃতি শিক্ষকৰ বঁটা প্ৰাপক এম,হাফিজ আলি ,শাখাৰ সভাৰ সভাপতি চাহজামাল হ’ক ,অৱসৰী বিষয় শিক্ষক আলতাফ বৰুৱা ,অৱসৰী শিক্ষক হৰি বড়া আদি উপস্থিত থাকি বক্তব্য আগবঢ়াই। সভাত ২৫ গৰাকী অসম সাহিত্য সভাৰ আজীৱন সদস্যপদ গ্ৰহণ কৰা ব্যক্তিক প্ৰমান পত্ৰ প্ৰদান কৰে।
বাহন, ক্ৰেতা আৰু বীমা বৃদ্ধি বাধ্যতামূলক হোৱাৰ লগে লগে বহুলোকে ভালতকৈ ভাল বীমা আঁচনি বাছনি কৰাৰ পৰামৰ্শ বিচাৰি আছে ৷ ভাল আৰু বেয়াবোৰ স্পষ্ট হোৱাৰ পিছতহে এখন বীমা আঁচনি ক্ৰয় কৰিব লাগে ৷ কিয়নো আপোনাৰ এটা ভুলে আপোনাক সমস্যাত পেলাব পাৰে ৷ সেয়ে আপুনি সাৱধান হোৱাৰ লগতে আন দহজনকো সাৱধান কৰক ৷ যাতে সঠিক বীমা আঁচনি বাছনি কৰিব পাৰে আৰু আপোনাৰ বাহনৰ সুৰক্ষা সঠিক দিশৰ পৰা কৰিব পাৰে ৷
নিজৰ গাড়ীত ভ্ৰমণ কৰাটো সকলোৰে বাবে এক সপোন আৰু ইয়াৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়ে লাখ লাখ টকা ব্যয় কৰে ৷ কিন্তু বাহনৰ বীমা আঁচনিৰ ক্ষেত্ৰত সকলোৱে কৰে অৱহেলা ৷ অৱশ্যে কোনো লোক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতহে তেওঁলোকৰ বাহনৰ বীমা নকৰাৰ বাবে অনুশোচনা কৰে ৷ একাংশ লোক যিসকলে পৰিণামৰ বিষয়ে অৱগত, তেওঁলোকে বাহনৰ বীমা আঁচনি গ্ৰহণ কৰে আৰু আন একাংশই তেওঁলোকে কৰা ভুলৰ বিষয়ে জনাৰ পিছতহে বীমা কোম্পানীবোৰৰ ওচৰলৈ যায় ৷
লক্ষণীয়ভাৱে ক’ভিড 19 ৰ সংক্ৰমণৰ পিছত বহুতে নিজৰ বাহনত ভ্ৰমণ কৰিবলৈ পছন্দ কৰে ৷ ইয়াৰ ফলত বাহনৰ ক্ৰেতাৰ সংখ্যা বৃদ্ধি হৈছিল ৷ যান-বাহন আইন অনুসৰি প্ৰতিখন বাহনৰ বাবে বীমা বাধ্যতামূলক ৷ এই দুই প্ৰকাৰৰ- সামগ্ৰিক আৰু তৃতীয় পক্ষ ৷ বাহনখন ৰাজপথলৈ নিয়াৰ পূৰ্বে তৃতীয় পক্ষৰ বীমা বাধ্যতামূলক ৷
বাহনৰ বীমাৰ ক্ষেত্ৰত কি নকৰিব :
অটো বীমা আঁচনি অনলাইন আৰু অফলাইন দুয়ো প্ৰকাৰতে উপলব্ধ ৷ আজিকালি বহুলোকে অনলাইন আঁচনি নৱীকৰণ কৰিবলৈ পছন্দ কৰে ৷ বীমা কোম্পানীৰ হেল্প ডেস্কবোৰ অনলাইন আঁচনি নৱীকৰণ কৰিব বিচৰাসকলক সহায় কৰিবলৈ সাজু থাকে সকলো সময়তে ৷ কিন্তু নতুন বাহন বীমা বা নৱীকৰণ কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰা উচিত ৷ বহু লোকে কম প্ৰিমিয়াম আঁচনি উলিয়াবলৈ খৰধৰ কৰে ৷ কিন্তু, সেয়া উচিত নহয় ৷ বহুতো কাৰক বিবেচনা কৰাৰ পিছতহে আপুনি আপোনাৰ বীমা সুনিশ্চিত কৰক ৷ আপোনাৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা আঁচনি বাছনি কৰাটো সদায়ে এক সঠিক সিদ্ধান্ত ৷
এনে এক বীমা আঁচনি গ্ৰহণ কৰা উচিত, যিয়ে যিমান সম্ভৱ সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে ৷ ইয়াত অন্তৰ্ভুক্ত থাকে তৃতীয় পক্ষৰ বীমা ৷ বীমাৰ প্ৰৱণতা কেৱল আইনী মেৰপেচ পালন কৰাৰ বাবেহে বুলি ভবা ধাৰণা পৰিত্যাগ কৰিব লাগে ৷ আনকি সৰু দুৰ্ঘটনাৰ ক্ষেত্ৰতো মেৰামতিৰ ব্যয় হাজাৰ হাজাৰ টকা হ’ব পাৰে বুলি পাহৰি যোৱা অনুচিত ৷
কেৱল প্ৰিমিয়াম কম হোৱাৰ বাবে আঁচনি এখন বাছনি নকৰিব ৷ বীমা কোম্পানীয়ে দাবী নিষ্পত্তিৰ ইতিহাস আৰু প্ৰদান কৰা সেৱাবোৰৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত হোৱাৰ পিছতহে সিদ্ধান্ত লোৱা উচিত ৷
যদি আপুনি মৌলিক আঁচনিত পৰিপূৰক যোগ দিয়ে, আপুনি সামান্য অতিৰিক্ত প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব ৷ ইয়াক এৰাই চলিবলৈ সংশ্লিষ্ট নীতি গ্ৰহণ নকৰাটো উচিত নহয় ৷ এই পৰিপূৰক নীতিবোৰে কেতিয়াবা অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে বাহন বা ইঞ্জিনৰ যিকোনো ক্ষতি সামৰি ল’ব ৷ অৱশ্যে সেইবোৰৰ কিমান প্ৰয়োজন সেই বিষয়ে সম্পূৰ্ণ বুজা উচিত ৷
ম্যাদ শেষ হোৱাৰ আগতে আঁচনিখন নবীকৰণ কৰিব লাগে ৷ অন্যথা No Claim Bonus (NCB) হেৰুওৱাৰ আশংকা আছে ৷ সেয়ে সময়সীমাৰ পূৰ্বে বীমাৰ নবীকৰণ কৰিবলৈ নাপাহৰিব ৷ যেতিয়া আপুনি এখন নতুন গাড়ী ক্ৰয় কৰে, আপোনাৰ পুৰণি গাড়ীখন এনচিবিলৈ পৰিৱৰ্তন কৰিব পাৰি ৷ বীমা কোম্পানীৰ সৈতে এই বিষয়ে আলোচনা কৰক ৷
বীমা আঁচনি এখন কৰাৰ সময়ত এয়া নিশ্চিত কৰিব যাতে বাহন আৰু মালিকৰ বিৱৰণ সঠিক হয় ৷ আপোনাৰ চকুত ধৰা পৰা ভুলবোৰত তৎক্ষণাৎ বীমা কোম্পানীৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে ৷ যিকোনো পৰিস্থিতিত প্ৰৱঞ্চনামূলক বীমা আঁচনিত বিশ্বাস নকৰিব ৷ কিয়নো এয়া এক শাস্তিযোগ্য অপৰাধ ৷ অৱশেষত আপুনি গ্ৰহণ কৰা বীমা সম্পূৰ্ণ সাৱধানে নিৰ্বাচন কৰা উচিত ৷