Home Blog Page 2648

লাৰকুছি গ্ৰন্থ মেলাত বিধায়ক দিগন্ত বৰ্মন

“কিতাপৰ প্ৰয়োজনীয়তা শেষ হ’ব নোৱাৰে, জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব লাগিলে কিতাপৰ আৱশ্যক। কিন্তু আমাৰ ডেকা ল’ৰা-ছোৱালী সকলোৰে এটাই সমস্য; মোবাইলটো হাতত পৰাৰ লগে লগে কিতাপৰ প্ৰতি কাৰো মন নোযোৱা হৈছে ।” এই মন্তব্য বিধায়ক দিগন্ত বৰ্মনৰ। শনিবাৰে কুৰুৱাট্টাৰী যুৱ সংঘৰ ৰূপালী জয়ন্তী উপলক্ষে ডায়মণ্ড উন্নয়ন সমিতিৰ সৌজন্যত অনুষ্ঠিত গ্ৰন্থ ও বাণিজ্য মেলাৰ মুকলি সভাত অংশগ্ৰহণ কৰি এই তাতপৰ্যপূৰ্ণ মন্তব্য কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে। তেওঁ লগতে সকলোকে কিতাপ পঢ়িবলৈ আহ্বান জনাই আৰু কয় যে-  গ্ৰন্থ ও বাণিজ্য মেলালৈ অহা প্ৰত্যেকেই যেন অন্ততঃ এখনকৈ কিতা কিনে।

গ্ৰন্থ ও বাণিজ্য মেলাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা শিক্ষক আব্দুল মতলেবৰ সভাপতিত্বত অনুষ্ঠি মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে দৌলাশাল জিলা পৰিষদৰ প্ৰাক্তন সদস্য জেহেৰুল হক, ভাংনামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুল মজিদ, ভাংনামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য তথা কণ্ঠ শিল্পী আইনুল হক, মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিন আহমেদ, ছাত্ৰ নেত্ৰী হাছিনা আহমেদ, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্যমান্য লোক।

নিজৰ ভাষণত বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে শিক্ষা অবিহনে আমাৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয়। আনহাত মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিন আহমেদে নিজৰ ভাষণ প্ৰসংগত-  এইখন গ্ৰন্থ ও বাণিজ্য মেলা-  এক সমন্বয়ৰ মঞ্চ হওক বুলি এক আশাব্যঞ্জক মন্তব্য আগবঢ়ায়। ছাত্ৰ নেত্ৰী হাছিনা আহমেদে নাৰী সবলীকৰণ, নাৰী শিক্ষা, বাল্য বিবাহ, জন্ম নিয়ন্ত্ৰণ, গ্ৰন্থ অধ্যয়ন, আৰ্থ-সামাজিক উন্নয়ন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি এলানি সজাগতামূলক মূল্যবান ভাষণ আগবঢ়ায়। 

সাপে কামুৰিলে ছলমান খানকঃ চিন্তিত অনুৰাগী

সোমবাৰে অৰ্থাৎ ২৭ ডিচেম্বৰত ছলমান খানৰ ৫৬সংখ্যক জন্মদিন। কিন্তু এই বিশেষ দিনটোৰ এদিন পূৰ্বে এনে এক ঘটনা ঘটিল, যাৰ পিছত তেওঁৰ অনুৰাগীসকল তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰা দেখা যায়। প্ৰতিবাৰৰ দৰেই এইবাৰো ছলমান খানে নিজৰ জন্মদিনৰ কিছুদিন পূৰ্বে পানভেলস্থিত ফাৰ্ম হাউছলৈ গৈছিল। ফাৰ্ম হাউছত ছলমান খানক নিশা সাপে দংশন কৰে। এই খবৰ অহাৰ পিছতে চিন্তিত হৈ পৰে অনুৰাগীসকল।

ছলমান খানক সাপে দংশন কৰাৰ পিছতে শীঘ্ৰে নৱী মুম্বাইৰ কামোঠে অঞ্চলৰ এমজিএম হাস্পতাললৈ লৈ যোৱা হয়। কোৱা হৈছে যে ছলমান খানক দংশন কৰা সাপডাল বিষধৰ নাছিল। সেয়ে তেওঁৰ স্বাস্থ্যক লৈ কোনো চিন্তাৰ প্ৰয়োজন নাই। এবিপিৰ এক ৰিপ’ৰ্ট মতে, ছলমান খানে নিশা হাস্পতাল কটায় আৰু চিকিৎসাৰ অন্তত আজি পুৱা প্ৰায় ৯ বজাত পানভেলস্থিত ফাৰ্ম হাউছলৈ উভতি আহে। তেওঁ বৰ্তমান সুস্থ।

এতিয়া কেনেকুৱা হ’ব ছলমান খানৰ জন্মদিনৰ পাৰ্টী?

‘ভাইজান’ৰ জন্মদিন এতিয়া কেনেকুৱা হ’ব? এই প্ৰশ্নই উদগ্ৰীৱ কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক। প্ৰতি বছৰে ছলমান খানে নিজৰ জন্মদিনত বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে গ্ৰেণ্ড চেলিব্ৰেচন কৰে ফাৰ্ম হাউছত। কিন্তু এইবাৰ ফাৰ্ম হাউছত ছলমান খানে জিৰণী ল’ব নে জন্মদিন উদযাপন কৰিব সেয়া সময়তহে জানিব পৰা যাব।

স্মৃতি ইৰাণীয়ে জোঁৱাইক ক’লে-পাগল পৰিয়াললৈ তোমাক স্বাগতম!

এতিয়া মাথোঁ বিয়াৰ বতৰ। এই বতৰতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ঘোষণা কৰিলে এক বিয়াৰ খবৰ। ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছৰ আনন্দ-উলাহৰ মাজতে মন্ত্ৰী ইৰাণীয়ে ঘোষণা কৰে যে তেওঁৰ কন্যা শ্যানেলৰ অৰ্জুন ভল্লাৰ সৈতে বাগদান সম্পন্ন হৈছে। স্মৃতিয়ে ইনষ্টাগ্ৰামত এই নৱ দম্পতীৰ ধুনীয়া ফটো এখন পোষ্ট কৰে। অৰ্জুন ভল্লা লণ্ডনৰ পৰা এমবিএ ডিগ্ৰীধাৰী। প্ৰথম ফটোখনত এক মনোৰম স্থানত অৰ্জুনে আঁঠু কাঢ়ি শ্যানেলক প্ৰস্তাৱ দিয়া দেখা গৈছে। দ্বিতীয় ফটোখনত শ্যানেল আৰু অৰ্জুনক ফটোৰ বাবে হাঁহি হাঁহি পজ দিয়া দেখা গৈছিল। স্মৃতি ইৰাণীয়ে ফটোৰ সৈতে এক হাস্যৰসেৰে ভৰপূৰ কেপশ্বনো লিখে।

কেপশ্বনটোত স্মৃতিয়ে লিখিছে- ”এই পোষ্টটো তেওঁৰ বাবে যিয়ে আমাৰ অন্তৰ জয় কৰিলে। অৰ্জুন ভাল্লা আমাৰ দৰে বলিয়া পৰিয়াল এটালৈ তোমাক স্বাগতম। তোমাক মই এইকাৰণেই আশীৰ্বাদ দিছো যে তুমি শহুৰ হিচাপে এজন পাগল ব্যক্তিক চম্ভালিব লাগিব আৰু তাতকৈও ওপৰত শাহু হিচাপে মোক(এয়া তোমালৈ সতৰ্কবাণী বুলি ধৰা)। ভগৱানে তোমাক মংগল কৰক।” এই পোষ্টটোৰ মন্তব্য শাখা কেইবাজনো চেলিব্ৰিটি আৰু স্মৃতিৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰে।

উল্লেখ্য যে স্মৃতি ইৰাণীৰ স্বামীৰ নাম জুবিন ইৰাণী। জুবিন ইৰাণীৰ দ্বিতীয় পত্নী স্মৃতি ইৰাণী।শ্যানেল হৈছে জুবিন ইৰাণীৰ প্ৰথমা পত্নী মনা ইৰাণীৰ কন্যা। স্মৃতিৰ ফালৰ পৰা আছে দুটি সন্তান জোহৰ আৰু জইশ। স্মৃতি ইৰাণী হৈছে কেন্দ্ৰীয় বস্ত্ৰ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী। একতা কাপুৰৰ দ্বাৰা পৰিচালিত ‘কিউকি চাছ ভি কভী বহু থী’ ধাৰাবাহিকত তুলসী চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল স্মৃতি ইৰাণী।তেওঁ আছিল মিছ ইণ্ডিয়া-১৯৯৮ৰ অন্যতম অংশগ্ৰহণকাৰী । ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়াৰে পৰা এগৰাকী শক্তিশালী নেত্ৰী হিচাপে নেতৃত্ব বহন কৰি আহিছে স্মৃতি ইৰাণীয়ে।

ছিপাঝাৰত এছ.অ’.পিৰ নিৰ্দেশনা ধোঁৱাচাঙত

চৰকাৰে ক’ৰোনা মহামাৰীৰ পাছত সংক্ৰমণ হ’ব ধৰা অমিক্ৰণ ৰোধৰ বাবে পুনৰ এছ অ’ পি নিৰ্দেশনা জাৰি আজিৰে পৰা সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰি নিপিন্ধিলে জৰিমনা ভৰাৰো নিৰ্দেশনা জাৰি কৰাৰ পাছত আজি ছিপাঝাৰৰ ভিতৰুৱা ঠাইত দেখা নগ’ল কোনো এগৰাকী মানুহৰ মুখত মাস্ক। বিশেষকৈ আজি ছিপাঝাৰৰ চেঙেলীয়াঝাৰ সাপ্তাহিক দেওবৰীয়া বজাৰত গ্ৰাহক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় যদিও বজাৰখনত দেখা নগ’ল ক্ৰেতা-বিক্ৰেতা সকলৰ কোনোজনৰে মুখত মাস্ক।

কাৰ্যত চৰকাৰৰ এনে নিৰ্দেশনাক যেন কোনো গুৰুত্বই দিয়া নাই । ইফালে ক’ৰোনা মহামাৰীত সৰ্বসাধাৰণ লোক সকলৰ মাজত জীৱন-জীৱিকাক  লৈ মহা সংকট নমাই অনাৰ পাছত পুনৰ অমিক্ৰণ ৰোধৰ বাবে যদি কিবা কাৰণত বজাৰ- হাট বন্ধ হৈ পৰে তেনেহলে দৰিদ্ৰ লোক সকলৰ চলাৰ যে সকলো পথেই বন্ধ হৈ পৰিব ই নিশ্চিত।

অসমলৈ গৌৰব কঢ়িয়াবলৈ সাজু মৰিগাঁৱৰ ৬ খেলুৱৈ

২৯ আৰু ৩০ ডিচেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ কানপুৰত অনুষ্ঠিত হব লগীয়া ক্যোকচিন কাৰাটে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসম ক্যোকচিন কাৰাটে একাডেমীৰ তৰফৰ পৰা নিৰ্বাচিতহৈ অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে মৰিগাঁৱৰ ৬ গৰাকীকৈ খেলুৱৈ।

উত্তৰ প্ৰদেশৰ কানপুৰত অনুষ্ঠিত হবলগীয়া ক্যোকচিন কাৰাটে প্ৰতিযোগিতা খনিত অসম দলৰ হৈ যোৱা এই মৰিগাঁৱৰ যুৱক যুৱতী সকলে চাব জুনিয়ৰ, আৰু চিনিয়ৰ শাখাত অংশগ্ৰন কৰিব। এই ক্যোকচিন কাৰাটে মার্চাল আৰ্টৰ সকলো কলা প্ৰদৰ্শন হব। ২৭ তাৰিখে উত্তৰ প্ৰদেশলৈ ৰাওনা হব লগীয়া দলটোক লৈ আশাবাদী মৰিগাঁৱৰ ৰাইজ। লগতে দলটোত নেতৃত্ব কৰা উপদেষ্টা স্বৰূপ তথা প্ৰচান্ন কুমাৰ বৰদলৈয়ে দলটোক উৎসাহ জনায় । 

অ’মিক্ৰনৰ দ্ৰুত সংক্ৰমণঃ ১০ ৰাজ্যলৈ বিশেষজ্ঞৰ দল প্ৰেৰণ কেন্দ্ৰৰ

ক’ভিডৰ সংক্ৰমণ দেশত সামান্য নিয়ন্ত্ৰিত হ’লে ইয়াৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে৷ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে দেশৰ সকলো নাগৰিককে ক’ভিড প্ৰতিষেধক লোৱাৰ বাবে চৰকাৰে সজাগ কৰা চেষ্টা চলাই আছে যদিও কিছুমান ৰাজ্যৰ পৰিস্থিতিক লৈ আশ্বস্ত হ’ব পৰা নাই কেন্দ্ৰ৷ অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱা তথা ক’ভিড টিকাকৰণৰ গতি লেহেমীয়া হোৱা ১০খন ৰাজ্যলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বহুমুখী বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ১০ খন ৰাজ্যত বিশেষজ্ঞৰ দল মোতায়েন কৰাৰ কথা ঘোষণা কৰে। এই ৰাজ্যকেইখন ক্ৰমে কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, মিজোৰাম, কৰ্ণাটক, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাব। লক্ষণীয় যে অ’মিক্রনত আক্রান্তৰ ৯১ শতাংশই হৈছে সম্পূর্ণ টিকাকৰণ কৰা লোক। ইয়াৰে ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা৷ অ’মিক্ৰন আক্ৰান্ত চিনাক্ত হোৱা ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু কর্ণাটকত সর্বাধিক আক্ৰান্ত চিনাক্ত হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত ভাৰতত অ’মিক্ৰন  ৰোগীৰ সংখ্যা ৪১৫লৈ বৃদ্ধি পায়। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক ১০৮ টা, দিল্লীত ৭৯ টা, গুজৰাটত ৪৩ টা, তেলেংগানাত ৩৮ টা, কেৰালাত ৩৭ টা আৰু তামিলনাডুত ৩৪ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। অ’মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত পুনৰ নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে। শনিবাৰৰে পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন। অ’মিক্রনৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি দিল্লীত বৰদিন আৰু নৱবর্ষ উদযাপন পার্টী নিষিদ্ধ কৰা হৈছে৷ মহাৰাষ্ট্রতো বৰদিন আৰু নৱবর্ষ ৫০ শতাংশৰ উপস্থিতিৰে আয়োজন কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ২২ ডিচেম্বৰলৈকে বিশ্বৰ ১১০খন দেশলৈ অ’মিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷

টীয়কৰ শিক্ষয়িত্ৰী ববী দত্তলৈ “শিক্ষক ৰত্ন বঁটা”

“সৃষ্টিৰ পদাতিক”আলোচনীৰ প্ৰকাশন বিভাগ আৰু সামাজিক ,সাহিত্য সংস্কৃতিৰ সংস্থা “সৃষ্টিৰ পদাতিক”এ বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ববী দত্তলৈ আগবঢ়াইছে “শিক্ষক ৰত্ন ২০২১” সন্মান।উল্লেখযোগ্য যে প্ৰতিবছৰে এই অনুষ্ঠানে অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা ব্যক্তিক বিভিন্ন বঁটা আৰু সন্মান আগবঢ়াই আহিছে।অসম সাহিত্য বঁটা,শিক্ষক ৰত্ন বঁটা,কাব্যশ্ৰী বঁটা,সমাজ ৰত্ন বঁটা,জীৱনজোৰা সাধনা বঁটা,সুধা কণ্ঠ বঁটা আদিৰে সাহিত্যিক,কবি আৰু সংস্কৃতিবান ব্যক্তিক মান্যতা প্ৰদান কৰি সাহিত্য,সংস্কৃতিৰ দিশত আগুৱাই নিয়াটোৱেই  এই অনুষ্ঠানৰ মূল লক্ষ্য।সাহিত্য ,সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় শিক্ষকক প্ৰতি বছৰে শিক্ষক ৰত্ন বঁটা প্ৰদান কৰি আহিছে।এইবাৰ টীয়কৰ ববী দত্তলৈ এই সন্মানীয়  বঁটা প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে টীয়কৰ যুগসম্ভৱা কবি ববী দত্ত একেধাৰে কবি,সাহিত্যিক,গল্পকাৰ,নাট্যকাৰ,আবৃত্তিকাৰ,গীতিকাৰ আৰু সুদক্ষ অভিনেত্ৰী।বৰ্তমানলৈকে ববী দত্তৰ প্ৰকাশিত গ্ৰন্থ সমূহ- শীতৰ হিমাদ্রি পুৱা, মাটিৰ পৃথিবীৰে মিঠা,প্ৰণয়ৰ নূপুৰ ৰাগিনী,Love The Melodies of Anklet ,ববী দত্তৰ লিমাৰিক,এটা মৌন প্ৰাৰ্থনা:ঈশ্বৰৰ কথা , হেঁপাহৰ ভৰুণ পৃথিৱীমৰ-চেওঁৰা,এনেদৰেই হাঁহি থাকোঁ আনৰ সুখৰ বাবে,  অন্য এক পেন্থিয়া, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ দৰ্শন,আই, ভিন্নসুৰী,মই নষ্ট নাৰীয়ে কৈছোঁ ইত্যাদি।আন্তঃৰাষ্ট্ৰীয় পয্যাযত নিজকে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ববী দত্তই নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত “আন্তঃৰাষ্ট্ৰীয় সাহিত্য আৰু কবি সন্মিলন”ত নিমন্ত্ৰণ ক্ৰমে অংশগ্ৰহণ কৰিছিল যোগ্যতাৰ পৰিচয় দিছিল।

ইতিমধ্যে ইংৰাজী,হিন্দী,বাংলা,নেপালী,তামিল,মালায়ালম,উৰ্দু আদি ভাষালৈ ববী দত্তৰ কবিতা অনুবাদ হৈছে। ববী দত্তই কাব্যস্বৰ্ণ বঁটা,বৰ্ষশ্ৰেষ্ঠ কবি সন্মান,কবিতা ৰাণী সন্মান ,বিশেষ কবি বঁটা ,বৰ্ষশ্ৰেষ্ঠ কাব্যচর্চাকাৰী বঁটা আদি লাভ কৰিবলৈ সক্ষম হৈছে।ববী দত্তই সদৌ অসম ভিত্তিত অনুষ্ঠিত নাট প্ৰতিযোগিতাত পাঁচবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এগৰাকী দক্ষ অভিনেত্ৰী আৰু সু আবৃত্তিকাৰ।।ববী দত্ত তামুলিছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক  লীলা কান্ত দত্ত আৰু ৰিনা দত্তৰ কন্যা।সৃষ্টিৰ পদাতিক আলোচনী প্ৰকাশন বিভাগে অসম সাহিত্য সভাৰ স্বীকৃত সভা সৃষ্টিৰ পদাতিক শাখা সাহিত্য সভাৰ উদ্যোগত নুনমাটি কবি সমাজ ,ৰসৰাজ সাহিত্য সাংস্কৃতিক সমাজ আৰু দক্ষিণায়ন গোষ্ঠীৰ সহযোগত অহা ইং ৩০ ডিচেম্বৰত গুৱাহাটীৰ সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ   সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা ভৱনত এই সন্মানীয় বঁটা সমূহ প্ৰদান কৰিব।

প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে বাইক ৰেলী ধুবুৰীত

ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধান মন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ তম জন্ম জয়ন্তী উপলক্ষে   ধুবুৰী জিলা বিজেপি ৰ উদ্দোগত আজি ধুবুৰীত এখন বাইক ৰেলী অনুষ্ঠিত হৈ যায়। এই বাইক ৰেলী খন ধুবুৰী চহৰৰ প্ৰায় সকলো কেইটা ওৱাৰ্ডেৰে অতিক্ৰম কৰি পুনৰ জিলা বিজেপি কাৰ্য্যালয়ত ঘুৰি আহে।

 লগতে অটল বিহাৰী বাজপেয়ী জন্মদিন উপলক্ষে আজি ৰাতিপুৱাৰ পৰা বিজেপিৰ সকলো বুথ বিলাকত প্ৰয়াত প্ৰধান মন্ত্ৰীক শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা বুলি জানিবলৈ দিয়ে ।আজি গধূলি বি.জে.পি জিলা কাৰ্যালয়ত বাজপেয়ী জীৰ জন্মদিন উপলক্ষে ৯৭ গৰাকী জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱা হ’ব আৰু এখন নাগৰিক সভা অনুষ্ঠিত হব আৰু বিশেষ কেইটামান ঠাইত বন্তি প্ৰজ্বলন কৰা হব বুলি জিলা সভাপতি ড° দেৱময় সান্যালে জানিবলৈ দিয়ে ।

বিশ্বনাথৰ ফুলবাৰীত উগ্ৰপন্থীৰ নৰহত্যাস্থলীত সপ্তম বাৰ্ষিকী উদযাপন

বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ  ফুলবাৰী-সোনাজুলিত এন,ডি. এফ.বি (সংবিজিত) উগ্ৰপন্থী গোটৰ দ্বাৰা   সংঘটিত হোৱা  নৰহত্যা স্থলীত পালন কৰা হয় ২০১৪ চনৰ ২৩ ডিচেম্বৰ তাৰিখে উগ্ৰপন্থীৰ গুলীত নিহত হোৱা চাওঁতালী লোকৰ  স্মৃতিত সপ্তম বাৰ্ষিক স্মৃতি দিৱস ৷ দেশ কপাই যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডক  এতিয়াও পাহৰিব পৰা নাই ফুলবাৰী-সোনাজুলিৰ ৰাইজে। আবালবৃদ্ধবনিতাকে ধৰি ৩০ জনকৈ নিৰিহ  লোকক গুলীয়াই হত্যা কৰা কালসন্ধিয়াৰ সেই মৰ্মান্তিক ঘটনা ৷ উগ্ৰপন্থীয়ে খেদি খেদি গুলীয়াই হত্যা কৰিছিল নিৰিহ চাওঁতালী লোকক।

কলা অধ্যায়ৰ সুচনা হোৱা সেই দিনটোতে ফুলবাৰী-সোনাজুলিৰ ৰাইজে নিহত লোক সকলক  এটোপাল  চকুলোৰে শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে বিগত বৰ্ষত পালন কৰাৰ দৰে এই বছৰতো পালন কৰিছে   সপ্তম বাৰ্ষিক স্মৃতি দিৱস ৷ কাৰ্যসুচী অনুসৰি   বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ যুটীয়া উদ্যোগত আৰু স্থানীয়  দল সংগঠন আৰু ৰাইজৰ সহযোগত ফুলবাৰী স্মৃতিসৌধ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা  স্মৃতি দিৱসত প্ৰথমে চাওঁতাল ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন  কৰা হয় ৷  ৯ বাজি ৩০ মান বজাত বিশ্বনাথ জিলা  অতিৰিক্ত উপায়ুক্ত ৰদ্বাৰা বন্তি প্ৰজ্বলন স্মৃতিতৰ্পণ অনুষ্ঠান সম্পন্ন  হয় ৷ পুৱা ১০ বজাত নিহত হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে  সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয় ৷ দুপৰীয়া ১২ বজাত  অনুষ্ঠিত হোৱা মুলসভাত  মুখ্য অতিথি হিচাবে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম আৰু সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে অংশগ্ৰহণ কৰে ৷

বিশিষ্ট অতিথি ৰূপে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সম্পাদক ৰিমান চৰেণ, প্ৰাক্তন আছু নেতা দুলদুল বৰকটকী , গুৱাহাটী বেলতলাৰ নিৰ্যাতিতা   লক্ষ্মী ওৰাঙ , সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপসভাপতি বিমল হেমৰম ,  সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিব্যজ্যোতি বৰুৱা , আছু নেতা আজমত শ্বেখকে প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি  অংশগ্ৰহণ কৰে ৷ সভাত সকলোৱে উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা হত্যাকাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ লগতে পিছপৰা  বৃহত্তৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী -সোনাজুলিত আজিকোপতি চৰকাৰে  যথোপযুক্ত সুবিধা প্ৰদান কৰা নাই  বুলি ক্ষোভ প্ৰকাশ কৰে ৷ আনকি ভুমি অধিকাৰৰ পৰাও বঞ্চিত কৰি ৰাখিছে  চাওঁতাল তথা আদিবাসী সকলক ৷ দীৰ্ঘদিন ধৰি অৱহেলিত কৰি ৰখা আদিবাসী তথা চাওঁতালী লোকসকলক মানৱ সম্পদ ৰূপে গঢ় দিব পৰাকৈ  শিক্ষা স্বাস্থ্যকে ধৰি উপযুক্ত সুবিধা প্ৰদান কৰাৰ আহ্বান জনাই সংগঠনৰ বিষয়ববীয়া সকলে ৷ সন্ধিয়া  স্মৃতিসৌধত বন্তি প্ৰজ্বলনেৰে  অনুষ্ঠানৰ সফল সামৰণি পৰে ৷

অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে নলবাৰীত বাইক ৰেলী

ভাৰত ৰত্ন,ভাৰতীয় ৰাজনীতিৰ এগৰাকী সুদক্ষ ৰাজনীতিবিদ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি জন্ম বাৰ্ষিকী তথা সুশাসন দিৱস। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি পালন কৰা হৈছে প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী লগতে সুশাসন দিৱস। নলবাৰী জিলাও ইয়াৰ ব্যতিক্ৰম নহয়। সেইমৰ্মে আজি ৰাতিপুৱাৰ ভাগত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ সহযোগত ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী তথা সুশাসন দিৱস উপলক্ষে এটি বাইক ৰেলীৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

প্ৰায় শতাধিকৰো অধিক যুৱ মৰ্চাৰ বিষয়ববীয়া আৰু সদস্য সকলে অংশগ্ৰহণ কৰা এই ৰেলীটো নলবাৰী চহৰস্থিত গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ এই বাইক ৰেলীটো নলবাৰী গৰ্ডন চকৰ পৰা আৰম্ভ হৈ চহৰ খনৰ মাজ মজিয়া পৰিভ্ৰমণ কৰি অৱশেষত নলবাৰী চহৰস্থিত ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা মুখ্য কাৰ্যালয়ত সমাপ্ত পৰে । আজিৰ এই বাইক ৰেলীৰ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ,ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ সভাপতি হেমন্ত বৰ্মন,সম্পাদক দিপাংকৰ তালুকদাৰ সহ যুৱ মৰ্চাৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে।