Breaking

অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে নলবাৰীত বাইক ৰেলী

0 22

ভাৰত ৰত্ন,ভাৰতীয় ৰাজনীতিৰ এগৰাকী সুদক্ষ ৰাজনীতিবিদ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি জন্ম বাৰ্ষিকী তথা সুশাসন দিৱস। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি পালন কৰা হৈছে প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী লগতে সুশাসন দিৱস। নলবাৰী জিলাও ইয়াৰ ব্যতিক্ৰম নহয়। সেইমৰ্মে আজি ৰাতিপুৱাৰ ভাগত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ সহযোগত ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী তথা সুশাসন দিৱস উপলক্ষে এটি বাইক ৰেলীৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

প্ৰায় শতাধিকৰো অধিক যুৱ মৰ্চাৰ বিষয়ববীয়া আৰু সদস্য সকলে অংশগ্ৰহণ কৰা এই ৰেলীটো নলবাৰী চহৰস্থিত গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ এই বাইক ৰেলীটো নলবাৰী গৰ্ডন চকৰ পৰা আৰম্ভ হৈ চহৰ খনৰ মাজ মজিয়া পৰিভ্ৰমণ কৰি অৱশেষত নলবাৰী চহৰস্থিত ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা মুখ্য কাৰ্যালয়ত সমাপ্ত পৰে । আজিৰ এই বাইক ৰেলীৰ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ,ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ সভাপতি হেমন্ত বৰ্মন,সম্পাদক দিপাংকৰ তালুকদাৰ সহ যুৱ মৰ্চাৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে।

Leave A Reply