Breaking

প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে বাইক ৰেলী ধুবুৰীত

0 1,032

ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধান মন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ তম জন্ম জয়ন্তী উপলক্ষে   ধুবুৰী জিলা বিজেপি ৰ উদ্দোগত আজি ধুবুৰীত এখন বাইক ৰেলী অনুষ্ঠিত হৈ যায়। এই বাইক ৰেলী খন ধুবুৰী চহৰৰ প্ৰায় সকলো কেইটা ওৱাৰ্ডেৰে অতিক্ৰম কৰি পুনৰ জিলা বিজেপি কাৰ্য্যালয়ত ঘুৰি আহে।

 লগতে অটল বিহাৰী বাজপেয়ী জন্মদিন উপলক্ষে আজি ৰাতিপুৱাৰ পৰা বিজেপিৰ সকলো বুথ বিলাকত প্ৰয়াত প্ৰধান মন্ত্ৰীক শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা বুলি জানিবলৈ দিয়ে ।আজি গধূলি বি.জে.পি জিলা কাৰ্যালয়ত বাজপেয়ী জীৰ জন্মদিন উপলক্ষে ৯৭ গৰাকী জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱা হ’ব আৰু এখন নাগৰিক সভা অনুষ্ঠিত হব আৰু বিশেষ কেইটামান ঠাইত বন্তি প্ৰজ্বলন কৰা হব বুলি জিলা সভাপতি ড° দেৱময় সান্যালে জানিবলৈ দিয়ে ।

Leave A Reply