Breaking

ছিপাঝাৰত এছ.অ’.পিৰ নিৰ্দেশনা ধোঁৱাচাঙত

0 1,070

চৰকাৰে ক’ৰোনা মহামাৰীৰ পাছত সংক্ৰমণ হ’ব ধৰা অমিক্ৰণ ৰোধৰ বাবে পুনৰ এছ অ’ পি নিৰ্দেশনা জাৰি আজিৰে পৰা সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰি নিপিন্ধিলে জৰিমনা ভৰাৰো নিৰ্দেশনা জাৰি কৰাৰ পাছত আজি ছিপাঝাৰৰ ভিতৰুৱা ঠাইত দেখা নগ’ল কোনো এগৰাকী মানুহৰ মুখত মাস্ক। বিশেষকৈ আজি ছিপাঝাৰৰ চেঙেলীয়াঝাৰ সাপ্তাহিক দেওবৰীয়া বজাৰত গ্ৰাহক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় যদিও বজাৰখনত দেখা নগ’ল ক্ৰেতা-বিক্ৰেতা সকলৰ কোনোজনৰে মুখত মাস্ক।

কাৰ্যত চৰকাৰৰ এনে নিৰ্দেশনাক যেন কোনো গুৰুত্বই দিয়া নাই । ইফালে ক’ৰোনা মহামাৰীত সৰ্বসাধাৰণ লোক সকলৰ মাজত জীৱন-জীৱিকাক  লৈ মহা সংকট নমাই অনাৰ পাছত পুনৰ অমিক্ৰণ ৰোধৰ বাবে যদি কিবা কাৰণত বজাৰ- হাট বন্ধ হৈ পৰে তেনেহলে দৰিদ্ৰ লোক সকলৰ চলাৰ যে সকলো পথেই বন্ধ হৈ পৰিব ই নিশ্চিত।

Leave A Reply