Breaking

স্মৃতি ইৰাণীয়ে জোঁৱাইক ক’লে-পাগল পৰিয়াললৈ তোমাক স্বাগতম!

0 2,078

এতিয়া মাথোঁ বিয়াৰ বতৰ। এই বতৰতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ঘোষণা কৰিলে এক বিয়াৰ খবৰ। ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছৰ আনন্দ-উলাহৰ মাজতে মন্ত্ৰী ইৰাণীয়ে ঘোষণা কৰে যে তেওঁৰ কন্যা শ্যানেলৰ অৰ্জুন ভল্লাৰ সৈতে বাগদান সম্পন্ন হৈছে। স্মৃতিয়ে ইনষ্টাগ্ৰামত এই নৱ দম্পতীৰ ধুনীয়া ফটো এখন পোষ্ট কৰে। অৰ্জুন ভল্লা লণ্ডনৰ পৰা এমবিএ ডিগ্ৰীধাৰী। প্ৰথম ফটোখনত এক মনোৰম স্থানত অৰ্জুনে আঁঠু কাঢ়ি শ্যানেলক প্ৰস্তাৱ দিয়া দেখা গৈছে। দ্বিতীয় ফটোখনত শ্যানেল আৰু অৰ্জুনক ফটোৰ বাবে হাঁহি হাঁহি পজ দিয়া দেখা গৈছিল। স্মৃতি ইৰাণীয়ে ফটোৰ সৈতে এক হাস্যৰসেৰে ভৰপূৰ কেপশ্বনো লিখে।

কেপশ্বনটোত স্মৃতিয়ে লিখিছে- ”এই পোষ্টটো তেওঁৰ বাবে যিয়ে আমাৰ অন্তৰ জয় কৰিলে। অৰ্জুন ভাল্লা আমাৰ দৰে বলিয়া পৰিয়াল এটালৈ তোমাক স্বাগতম। তোমাক মই এইকাৰণেই আশীৰ্বাদ দিছো যে তুমি শহুৰ হিচাপে এজন পাগল ব্যক্তিক চম্ভালিব লাগিব আৰু তাতকৈও ওপৰত শাহু হিচাপে মোক(এয়া তোমালৈ সতৰ্কবাণী বুলি ধৰা)। ভগৱানে তোমাক মংগল কৰক।” এই পোষ্টটোৰ মন্তব্য শাখা কেইবাজনো চেলিব্ৰিটি আৰু স্মৃতিৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰে।

উল্লেখ্য যে স্মৃতি ইৰাণীৰ স্বামীৰ নাম জুবিন ইৰাণী। জুবিন ইৰাণীৰ দ্বিতীয় পত্নী স্মৃতি ইৰাণী।শ্যানেল হৈছে জুবিন ইৰাণীৰ প্ৰথমা পত্নী মনা ইৰাণীৰ কন্যা। স্মৃতিৰ ফালৰ পৰা আছে দুটি সন্তান জোহৰ আৰু জইশ। স্মৃতি ইৰাণী হৈছে কেন্দ্ৰীয় বস্ত্ৰ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী। একতা কাপুৰৰ দ্বাৰা পৰিচালিত ‘কিউকি চাছ ভি কভী বহু থী’ ধাৰাবাহিকত তুলসী চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল স্মৃতি ইৰাণী।তেওঁ আছিল মিছ ইণ্ডিয়া-১৯৯৮ৰ অন্যতম অংশগ্ৰহণকাৰী । ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়াৰে পৰা এগৰাকী শক্তিশালী নেত্ৰী হিচাপে নেতৃত্ব বহন কৰি আহিছে স্মৃতি ইৰাণীয়ে।

Leave A Reply