Breaking

অ’মিক্ৰনৰ দ্ৰুত সংক্ৰমণঃ ১০ ৰাজ্যলৈ বিশেষজ্ঞৰ দল প্ৰেৰণ কেন্দ্ৰৰ

0 2,044

ক’ভিডৰ সংক্ৰমণ দেশত সামান্য নিয়ন্ত্ৰিত হ’লে ইয়াৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে৷ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে দেশৰ সকলো নাগৰিককে ক’ভিড প্ৰতিষেধক লোৱাৰ বাবে চৰকাৰে সজাগ কৰা চেষ্টা চলাই আছে যদিও কিছুমান ৰাজ্যৰ পৰিস্থিতিক লৈ আশ্বস্ত হ’ব পৰা নাই কেন্দ্ৰ৷ অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱা তথা ক’ভিড টিকাকৰণৰ গতি লেহেমীয়া হোৱা ১০খন ৰাজ্যলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বহুমুখী বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ১০ খন ৰাজ্যত বিশেষজ্ঞৰ দল মোতায়েন কৰাৰ কথা ঘোষণা কৰে। এই ৰাজ্যকেইখন ক্ৰমে কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, মিজোৰাম, কৰ্ণাটক, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাব। লক্ষণীয় যে অ’মিক্রনত আক্রান্তৰ ৯১ শতাংশই হৈছে সম্পূর্ণ টিকাকৰণ কৰা লোক। ইয়াৰে ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা৷ অ’মিক্ৰন আক্ৰান্ত চিনাক্ত হোৱা ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু কর্ণাটকত সর্বাধিক আক্ৰান্ত চিনাক্ত হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত ভাৰতত অ’মিক্ৰন  ৰোগীৰ সংখ্যা ৪১৫লৈ বৃদ্ধি পায়। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক ১০৮ টা, দিল্লীত ৭৯ টা, গুজৰাটত ৪৩ টা, তেলেংগানাত ৩৮ টা, কেৰালাত ৩৭ টা আৰু তামিলনাডুত ৩৪ টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। অ’মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত পুনৰ নৈশ সান্ধ্য আইন ঘোষণা কৰা হৈছে। শনিবাৰৰে পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন। অ’মিক্রনৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি দিল্লীত বৰদিন আৰু নৱবর্ষ উদযাপন পার্টী নিষিদ্ধ কৰা হৈছে৷ মহাৰাষ্ট্রতো বৰদিন আৰু নৱবর্ষ ৫০ শতাংশৰ উপস্থিতিৰে আয়োজন কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ২২ ডিচেম্বৰলৈকে বিশ্বৰ ১১০খন দেশলৈ অ’মিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷

Leave A Reply