Home Blog Page 2649

১৭ ৰাজ্যলৈ বিয়পিল অমিক্রনৰ সংক্রমণঃ ইউপি–হাৰিয়ানা মহাৰাষ্ট্রত নৈশ সান্ধ্য আইন

ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনৰ সংক্রমণ দ্রুতগতিত সম্প্রসাৰিত হৈছে৷ দেশৰ ১৭ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ সম্প্রসাৰিত অমিক্রনত এতিয়ালৈকে ৩৫৮জন আক্রান্ত হৈছে৷ এই আক্রান্তৰ ভিতৰত ৭০ শতাংশই উপসর্গহীন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এই কথা সদৰী কৰিছে৷ যোৱা ২ ডিচেম্বৰত কর্ণাটকত প্রথমজন ৰোগী চিনাক্ত হোৱাৰ পাছত ই দ্রুতগতিত সম্প্রসাৰিত হৈ ১৭ ৰাজ্যত অমিক্রনত আক্রান্ত লোক ধৰা পৰিছে৷ যোৱা ২৪ ঘণ্টাত ১২৪জন লোক অমিক্রনত আক্রান্ত হোৱাত দেশজুৰি আক্রান্তৰ সংখ্যা ৩৫৮জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ১৮৩জন লোক বিদেশ ভ্রমণ কৰি অহা অর্থাৎ ৭৩ শতাংশৰেই বিদেশ ভ্রমণৰ ইতিহাস আছে৷

লক্ষণীয় যে অমিক্রনত আক্রান্তৰ ৯১ শতাংশ সম্পূর্ণ টিকাকৰণ কৰা, ইয়াৰে ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা৷ স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, ৩৫৮জনৰ ভিতৰত ১১৪জন ইতিমধ্যে অমিক্রনৰ পৰা সুস্থ হৈ উঠিছে৷ ১৭খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্র, দিল্লী আৰু কর্ণাটকত সর্বাধিক আক্রান্ত হৈছে৷ অমিক্রনৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত বৰদিন আৰু নৱবর্ষ উদ্যাপন পার্টী নিষিদ্ধ কৰা হৈছে৷ মহাৰাষ্ট্রত বৰদিন আৰু নৱবর্ষ উদ্যাপন পার্টী ৫০ শতাংশৰ উপস্থিতিৰে আয়োজন কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছে৷ কালি মধ্যপ্রদেশত নৈশ সান্ধ্য আইন ঘোষণা কৰাৰ পাছত কাইলৈৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ ঘোষণা কৰিছে উত্তৰ প্রদেশে৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ২৫ ডিচেম্বৰৰ পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন বলৱতৰ ঘোষণা কৰিছে৷ উল্লেখ্য যে ক’ভিড প্রট’কল অনুসৰি ৰাজ্যখনত বিবাহত উপস্থিতি ২০০ৰ অনুমতি প্রদান কৰা হৈছে৷

আনপিনে অমিক্রনৰ সংক্রমনৰ বর্ধিত ৰূপ দেখি মহাৰাষ্ট্র আৰু হাৰিয়ানাতো নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্রত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ আৰু হাৰিয়ানাত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বিশ্ব স্বাস্থ্য সংস্থাই অমিক্রনক অধিক সংক্রমণশীল বুলি ঘোষণা কৰাৰ প্রসংগৰে সম্প্রতি বিশ্বৰ চতুর্থ জোৱাৰ আৰম্ভ হোৱা বুলি প্রকাশ কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশে কোনো কাৰণতে ক’ভিড–১৯ নির্দেশনাক লৈ শিথিলতা গ্রহণ নকৰিবলৈ নাগৰিকসকলক সতর্ক কৰি দিছে স্বাস্থ্য সচিবগৰাকীয়ে৷

আনপিনে বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, ২২ ডিচেম্বৰলৈকে বিশ্বৰ ১১০খন দেশলৈ অমিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷ ১১০খনতেই অমিক্রনৰ প্রভাৱ পৰিছে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাত প্রথমে চিনাক্ত হোৱা অমিক্রনৰ নেতিবাচক প্রভাৱ ইউৰোপীয় দেশ উত্তৰ আমেৰিকা আৰু আফ্রিকাত পৰিছে৷

শিৱসাগত ডিজিটেল ফটোগ্ৰাফী প্ৰতিযোগিতা

আজাদী কা অমৃত মহোৎসৱ”- বাণী সাৰোগত কৰি ভাৰতবৰ্ষত সংখ্যক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ জিলা ভিত্তিত “Heritage Nazira through my lenses” শীৰ্ষক এখনি ডিজিটেল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই ডিজিটেল ফটোগ্ৰাফী প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীয়ে নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত অৱস্থিত বুৰঞ্জী প্ৰসিদ্ধ কীৰ্তিচিহ্ন, দ’ল-দেৱালয়, পুখুৰী আদি বিষয়বস্তু হিচাবে ল’ব আৰু তেখেতসকলে ফটোখনৰ বিষয়বস্তুৰ ওপৰত অতিকমেও ১০০ টা শব্দৰে তথ্যগত বৰ্ণনাৰ লগতে তথ্যৰ উৎস উল্লেখ কৰাটো বাধ্যতামূলক। বয়সৰ কোনো সীমাবদ্ধতা নাই।

ম’বাইল কেমেৰা ব্যৱহাৰ কৰিব পাৰিব যদিওঁ High Resolution ৰ হ’ব লাগিব। এজন প্ৰতিযোগীয়ে সৰ্বাধিক তিনিখন বিভিন্ন কীৰ্তিচিহ্নৰ ফটো প্ৰেৰণ কৰিব পাৰিব। প্ৰতিযোগীসকলে তেখেতসকলৰ ফটোসমূহত নিজৰ সম্পূৰ্ণ নাম-ঠিকনা, ম’বাইল নম্বৰ সহ অহা ১০ জানুৱাৰী, ২০২২ তাৰিখৰ ভিতৰত photographynazira@gmail.com ই-মেইল যোগেদি প্ৰেৰণ কৰিব লাগিব।  প্ৰথম তিনিটা স্থান লাভ কৰা বিজয়ী প্ৰতিযোগীক নাজিৰাত কেন্দ্ৰীয়ভাৱে উদযাপিত হব লগা আগন্তুক গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত পুৰস্কৃত কৰা হব। উল্লেখযোগ্য যে কিছু নিৰ্বাচিত ফটো একত্ৰিত কৰি এখনি Coffee Table Book  প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে । 

খেলপথাৰত আৰু নেদেখিব স্পিনাৰ হৰভজন সিঙক

ভাৰতীয় দলৰ টাৰ্বানেটৰ হিচাপে পৰিচিত অফ স্পিনাৰ হৰভজন সিঙে অৱশেষত ২৩ বছৰীয়া কেৰিয়াৰ সমাপ্তি ঘোষণা কৰিছে। আজি এক টুইটযোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ কথা সদৰী কৰে ক্ৰিকেটাৰগৰাকীয়ে। দুটা দশকজুৰি ক্ৰিকেটৰ পথাৰত বেটছমেনৰ বাবে আতংকৰ সৃষ্টি কৰা ৪১ বছৰীয়া হৰভজনে ২০১৬ চনত ভাৰতৰ হৈ তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল।

টেষ্ট ক্ৰিকেটত ভাৰতৰ প্ৰথমটো হেট্ৰিক লোৱাৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়লৈকে সকলো ক্ৰিকেট প্ৰেমীৰ অন্তৰত বিশেষ স্থান লাভ কৰিছিল ভাজ্জিৰ বলিঙে।

১৯৮০ চনৰ ৩ জুলাইত জন্ম লাভ কৰা ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ স্পিনাৰ হৰভজন সিঙে ভাৰতৰ হৈ ১৯৯৮ চনৰ মাৰ্চ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ যোগেদি আত্মপ্ৰকাশ কৰিছিল। ভাজ্জিক প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে শ্বাৰজাহত এদিনীয়াত খেলিবলৈ সুযোগ দিয়া হৈছিল। আৰু তাৰপাছত উলতি যেন চাবলগীয়া হোৱা নাছিল এইগৰাকী স্পিনাৰে। টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত ভাজ্জিয়ে তেওঁৰ বলিংৰ দ্বাৰা বেটছমেনসকলক এনে ধৰণৰ সমস্যা সৃষ্টি কৰিছিল যে তেওঁৰ সন্মুখীন হ’বলৈ অভিজ্ঞ বেটছমেনসকলেও বহুবাৰ ভাবিছিল।

আগ্ৰাসী ৰূপত অ’মিক্ৰন! মুম্বাইত নিষিদ্ধ সকলো ৰাজহুৱা অনুষ্ঠান

ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ ইতিমধ্যে অ’মিক্ৰনে পশ্চিমীয়া দেশকেইখনত সন্ত্ৰাস আৰম্ভ কৰিছে৷ সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰন ৰ। ভাৰততো অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৩০০ ৰ ঘৰ অতিক্ৰম কৰিলে৷ ইফালে অ’মিক্ৰনৰ সমান্তৰালকৈ ক’ভিডৰ তৃতীয় লহৰৰ আশংকাই উদ্বিগ্ন কৰি তুলিছে কেন্দ্ৰক। নৱবৰ্ষ সমাগত, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশেষভাৱে সাজু হৈ পৰিছে দেশৰ সকলো ৰাজ্য৷ কৰণাৰ দৰে মাৰত্মক অ’মিক্ৰনৰ সন্ত্ৰাস ৰুধিবলৈ ৰাজ্যসমূহে গ্ৰহণ কৰিছে কেতবোৰ জনহিতকৰ পদক্ষেপ।

মহাৰাষ্ট্ৰ চৰকাৰে দিয়া নতুন নিৰ্দেশনা অনুসৰি-

১)মুম্বাই পৌৰ নিগমে (বিএমচি) ক’ভিড-১৯ পৰিস্থিতিৰ বাবে মুম্বাইৰ সকলো মুকলি বা বন্ধ স্থানত অনুষ্ঠান উদযাপনৰ কাৰ্যসূচী নিষিদ্ধ কৰিছে।
২)ৰাজ্যজুৰি ৰাজহুৱা স্থানত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ ৫ জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰিছে৷
৩) বিবাহ অনুষ্ঠানত মাত্ৰ ১০০ জন লোকক উপস্থিত অনুমতি দিয়া হৈছে৷
৪) জিম, স্পা, হোটেল, থিয়েটাৰ আৰু চিনেমা হলৰ বাবে ৫০% লোকৰ অনুমতি

কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশেষভাৱে সাজু হৈ পৰিছে দিল্লী চৰকাৰ। কৰ’নাৰ দৰে মাৰন ভাইৰাছ বিধক ৰুধিবলৈ গ্ৰহণ কৰিছে জনহিতকৰ কেতবোৰ পদক্ষেপ। ইতিমধ্যে, দিল্লীত কেজৰিৱাল চৰকাৰে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষত জন সমাৱেশ নিষিদ্ধ কৰিছে। সকলো জিলা দণ্ডাধীশে তেওঁলোকৰ অন্তৰ্গত অঞ্চলসমূহত চোকা দৃষ্টি ৰখাৰ কথাকে সদৰী কৰিছে।

তদুপৰি, হাৰিয়ানা চৰকাৰে ১ জানুৱাৰী ২০২২ ৰ পৰা ক’ভিড-১৯ টিকাকৰণৰ দ্বিতীয়টো পালি বাধ্যতামূলক কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনকি ৰাজ্য চৰকাৰসমূহেও নতুন বছৰৰ পৰা সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিকহে ৰাজহুৱা স্থানত থকাৰ অনুমতি প্ৰদানৰ লগতে পৰিবহনৰ দিশটোতো গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। ক’ভিডৰ সম্পূৰ্ণ ভেকচিন ল’লেহে বাছ আৰু ৰেল যাত্ৰা কৰিবলৈ অনুমতি দিব বুলিও সদৰী কৰে৷

ইফালে, পঞ্জাৱ চৰকাৰেও অনুৰূপ কাৰ্যব্যৱস্থা হাতত লোৱা দেখা গৈছে। চৰকাৰী কৰ্মচাৰীসকলক টিকাকৰণ কৰাটো বাধ্যতামূলক কৰিছে পঞ্জাৱ চৰকাৰে৷ যদি কোনো লোকে টিকাকৰণ নকৰে তেন্তে তেওঁলোকক দৰমহা আদায় দিয়া নহ’ব বুলি বুধবাৰে ৰাজ্য চৰকাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ ‌দিয়ে।

অ’মিক্ৰনৰ শংকাৰ মাজতে ৰাজ্যখনৰ লোকসকলক টিকাকৰণৰ বাবে হেঁচা দিয়াৰ উদ্দেশ্য, পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ‘নো ভেকচিন, নো জ’ব, নো দৰমহা’ নীতি আৰোপ কৰিছে৷ পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক তেওঁলোকৰ দৰমহা নিয়মীয়াকৈ লাভ কৰিব বিচাৰিলে ক’ভিড-১৯ ভেকছিনৰ প্ৰমাণপত্ৰ চৰকাৰী পৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনাইছে এক বিবৃতিযোগে।ইফালে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ বাবে চীনৰ বহুটো অঞ্চলত লকডাউনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰশাসনে৷

প্ৰণিধানযোগ্য যে, ভাৰত চৰকাৰেও অ’মিক্ৰনৰ সন্ত্ৰাস ৰুধিবলৈ বহুতো পদক্ষেপ হাতত লৈছে৷ আন্তৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত বহুতো নিষেধাজ্ঞ আৰোপ কৰিছে ভাৰত চৰকাৰে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা সকলো যাত্ৰীকে সতৰ্ক কৰি দিয়া হৈছে। উছাহৰ আনন্দৰ মাজতে যাতে সাধাৰণ জীৱন-জীৱিকাত মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰদিন আৰু নৱবৰ্ষ সৰ্তকতাৰে পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে৷

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৯৫৭৫ হিতাধিকাৰীক ভেকচিন

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অধীনস্থ  সুশাসন সপ্তাহ অভিযান। ২১ ডিচেম্বৰ ২০২১ৰ পৰা ২৪ডিচেম্বৰ ২০২১ তাৰিখলৈকে সপ্তাহযোৰা ক’ভিড-১৯ৰ টিকাকৰণৰ বিশাল অভিযানৰ  ২৪ ডিচেম্বৰ অন্তিম  দিনা ২১ গৰাকীক ভেকচিন প্ৰদান।
 

২৪ডিচেম্বৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় ভেকচিনেচন কেন্দ্রত টিকাকৰনৰ বিশাল অভিযান। ২৪ডিচেম্বৰৰ  অন্তিম দিনা  ২১ গৰাকীক ভেকচিন প্ৰদানকে ধৰি সৰ্বমুঠ ৯৫৭৫ গৰাকীয়ে ক’ভিড ভেকচিন গ্ৰহন  কৰে।

২৫ মে ২০২১ তাৰিখৰ পৰা আজিলৈ ১২১ দিন ভেকচিনেচন কাৰ্যসূচী স্বাস্থ্যকৰ্মী সকলে নিষ্ঠা সহকাৰে  সম্পূৰ্ণ কৰিলে । স্বাস্থ্যকৰ্মী সকলৰ  অতি পৰিশ্ৰম লগতে স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে  বন্ধৰ মাজতো ভেকচিন কাৰ্য্যসূচী নিয়াৰিকৈ চলাই লৈ যোৱা দেখি পাউৰীপোটা , ধনশিৰিবাসী ৰাইজে ভেকচিন কাৰ্য্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে।

কোচবিহাৰৰ মধুপুৰ সত্ৰত “মধুপুৰ মহোৎসৱ”ৰ শুভাৰম্ভণি

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি ৰসেৰে  ২৪ডিচেম্বৰত  মুখৰ হৈ পৰে পশ্চিমবংগৰ সমগ্ৰ কোচবিহাৰ অঞ্চল। অসমীয়া সাহিত্য-সংস্কৃতিৰ পীঠস্থান শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি উত্তৰ বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত ২৪ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মধুপুৰ মহোৎসৱ। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে

মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতি বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে মধুপুৰ সত্ৰ সমিতিয়ে এই মধুপুৰ মহোৎসৱৰ আয়োজন কৰিছে। ২৪ডিচেম্বৰত আবেলি তিনি বজাত কোচবিহাৰ আৰু মধুপুৰ সত্ৰত অসম আৰু বংগৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সহস্ৰাধিক ভকত-বৈষ্ণৱসকলক আদৰণি জনোৱা হয়। অসম সত্ৰ সমিতিৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি  জীতেন্দ্ৰ নাথ প্ৰধানী আৰু সম্পাদক কুমাৰ দীপক দাসৰ নেতৃত্বত মধুপুৰ সত্ৰৰ আশে-পাশে বাস কৰা ভকত-বৈষ্ণৱসকলে এই  সকল ভকতক আদৰণি জনায়। সন্ধিয়া পাঁচ বজাৰ পৰা বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক  ধনেশ্বৰ নাথৰ পৰিচালনাত ভাগৱৎ পাঠ আৰু ব্যাখ্যাৰ এক অভিনৱ কাৰ্য্যসূচী সম্পন্ন হয়।

ইয়াত উত্তৰ বংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰৰ উপৰিও শতাধিক উত্তৰ বংগৰ ভকত-বৈষ্ণৱে অংশ গ্ৰহণ কৰি গুৰু দুজনাৰ কৰ্মৰাজিৰ ওপৰত এক মননশীল আলোচনাত মিলিত হয়।  মধুপুৰ সত্রত প্ৰভাত ফেৰী সাংস্কৃতিক শোভাযাত্ৰা, থিয়নাম সমাৰোহ, স্মৰণিকা উন্মোচন, সাংস্কৃতিক অনুষ্ঠান আৰু ভাৰত চৰকাৰৰ সত্ৰীয়া কেন্দ্ৰৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰাৰ সুব্যৱস্থা গ্ৰহন কৰা বুলি আয়োজক সমিতিয়ে জনাইছে ৷ উল্লেখযোগ্য যে উত্তৰ বংগৰ সত্ৰৰ সমূহৰ লগতে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, সত্ৰশাল সত্ৰ, জিনকাটা সত্ৰ, গুৱাহাটী, বিজনী, হাউলী আদি অঞ্চলৰ বিভিন্ন সত্ৰ তথা নামঘৰৰ ভকত-বৈষ্ণৱসকল মধুপুৰ সত্ৰত উপস্থিত হৈছে।

আজি খ্ৰীষ্টমাছঃ কেৰলৰ ধ্বনিৰে মুখৰিত হ’ব বিশ্ব

আজি পবিত্ৰ বৰদিন৷ প্ৰতি বছৰেই যীশুৰ জন্মদিন ২৫ ডিচেম্বৰটো খ্ৰীষ্টান ধৰ্মৰ লোকসকলে খ্ৰীষ্টমাছ বা বৰদিন হিচাপে পালন কৰে৷ বৰদিন বা খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোক সকলে গীৰ্জাত যীশুক স্মৰণ কেৰল গোৱা দেখিবলৈ পোৱা যায় ৷ বৰদিন মানেই যেন সকলোৰে বাবে এক আনন্দৰ উৎসৱ ৷

মানুহৰ মাজত সুখ, হাঁহি, মৰম  ভালপোৱা বিলোৱা উৎসৱ বৰদিন৷ খ্ৰীষ্টমাছ বুলি ক’লেই সাধাৰণতে আমাৰ সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি আৰু পোহৰেৰে ঘৰ সজাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু ভিন্ন সুস্বাদু খাদ্যৰ অপূৰ্ব সমাহাৰ৷ যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তাৰ পৰিৱৰ্তে দেখা যায় যে বিশ্বৰ প্ৰায় সকলো জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে খ্ৰীষ্টমাছ পালন কৰে৷


কিন্তু সময় আমাৰ বাবে খুবেই জটিল৷ ক’ৰোনা মহামাৰীৰ বাবে স্তদ্ধ হৈ পৰা বিশ্ববাসীলৈ সাধাৰণ জীৱন ঘুৰি আহিছিল যদিও আকৌ বিশ্বখনক যেন এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ লৈ গ’ল কাল অ’মিক্ৰনে৷ ইখনৰ পাছত সিখন দেশলৈ বিয়পি পৰিছে অমিক্ৰন সন্ত্ৰাস৷ সেয়েহে সকলো লোকে সাৱধানতাৰে এই উৎসৱ পালৱ কৰিবলৈ আহ্বান জনাইছে সকলোৱে৷

ওম বিৰলাৰ বৰ্ণাঢ্য ৰাজনৈতিক পৰিক্ৰমা

এগৰাকী ছাত্ৰ নেতাৰ পৰা লোকসভাৰ অধ্যক্ষলৈ এক বৰ্ণাঢ্য পৰিক্ৰমাৰে বাট বুলিছে ওম বিৰলাই ৷ ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) জ্যেষ্ঠ নেতা তথা কোটা লোকসভা সমষ্টিৰ সাংসদ ওম বিৰলাই ১৭ বছৰ বয়সত স্কুলত পঢ়ি থাকোতেই ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল৷ ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) চৰকাৰৰ দ্বিতীয় কাৰ্যকালত সৰ্বসন্মতিক্ৰমে বিৰলাক লোকসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হয়৷

২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা কোটা সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা বিৰলা ৰাজস্থানৰ এগৰাকী প্ৰখ্যাত ৰাজনৈতিক নেতা। ৫৯ বছৰীয়া বিৰলা ৰাজস্থানৰ এগৰাকী কৃষিবিদ আৰু সমাজকৰ্মী আছিল।

কেনেকৈ আৰম্ভ হৈছিল ওম বিৰলাৰ ৰাজনৈতিক জীৱন…

১৯৭৯ চনত কোটাৰ গুমানপুৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসন্থাৰ সভাপতি হোৱাৰ সময়ত বিৰলাৰ ৰাজনৈতিক কেৰিয়াৰ ১৭ বছৰ বয়সত আৰম্ভ হৈছিল। ওম বিৰলা ৰাজস্থান বিধানসভাৰ তিনিবাৰৰ বিধায়ক আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ২০১৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

বাণিজ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিৰলাই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ অব্যাহত ৰাখি ৰাজস্থান কলেজ অব্ কমাৰ্চ, কোটাৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হয়। তেওঁ একেৰাহে ৬ বছৰ ৰাজস্থানৰ ভাৰতীয় জনতা যুৱ-মৰ্চাৰ ৰাজ্যিক সভাপতি হোৱাৰ আগতে চাৰি বছৰৰ বাবে কোটাত ভাৰতীয় জনতা যুৱ-মৰ্চাৰ জিলা সভাপতি আছিল। বিৰলা ৬ বছৰৰ বাবে ভাৰতীয় যুৱ-মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিও আছিল।

সংসদৰ ৱেবছাইটত তেওঁৰ প্ৰ’ফাইলত বিৰলাই কৈছে, তেওঁ ৰাম জন্মভূমি আন্দোলনত সক্ৰিয়ভাৱে জড়িত আছিল৷

ৰাষ্ট্ৰীয় বিজেপিৰ এগৰাকী ভদ্ৰলোক হিচাপে পৰিচিত ওম বিৰলা৷ অবিতৰ্কিত আৰু সৰল ভাৱমূৰ্তিৰ এইগৰাকী নেতাৰ পৰা সাম্প্ৰদায়িক আৰু বিভেদকামী মন্তব্য শুনিবলৈ পোৱা নাযায়৷ অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে অনুপ্ৰাণিত এইগৰাকী লোকসভাৰ সাংসদ তেওঁৰ বিনয়ী, নম্ৰ আৰু সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰৰ বাবে বহুজনৰ অনুকৰণীয়৷

উল্লেখযোগ্য যে, আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাষণ ৰাখে৷ ভাষণ প্ৰসংগত বিৰলাই অসম সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে৷

ৰভাতলীত নাই উছাহ! ক্ষুব্ধ যুৱতীয়ে প্ৰধানমন্ত্ৰীলৈ লিখিলে চিঠি

বিয়াৰ সাজত নিজকে চাব নিবিচৰা যুৱতী হয়তো পৃথিৱীতে নাই। সেই বিশেষ দিনটোক লৈ প্ৰতিগৰাকী যুৱতীৰে থাকে অনন্ত স্বপ্ন। সেই সপোনক বাস্তৱ ৰূপ দিবলৈও থাকে নানা পৰিকল্পনা তথা ভৱিষ্যতৰ আঁচনি । কিন্তু যদি কোনো কাৰণত আকাংক্ষিত সেই বিশেষ দিনটো এবাৰ নহয়, দুবাৰ পিছুৱাই দিয়া হয়? তেতিয়া খং উঠাটো একপ্ৰকাৰ স্বাভাৱিক। এইবাৰ এনে কেতবোৰ কাৰণতে ক্ষুব্ধ হৈ এগৰাকী যুৱতীয়ে প্ৰধানমন্ত্ৰীলৈ লিখিলে চিঠি । জানিবলৈ পোৱা মতে, আমেৰিকা নিবাসী যুৱতীগৰাকীয়ে কৰ’নাৰ মহামাৰীৰ বাবে চলিত বৰ্ষৰ ৩০ ডিচেম্বৰত তৃতীয়বাৰৰ বাবে বিবাহৰ দিন ধাৰ্য কৰিছিল। ইয়াৰ পূৰ্বে দুবাৰকৈ পিছুৱাব লগীয়া হৈছে বিবাহৰ দিন। কিন্তু এইবাৰো ৱাটত লাগিল কেনা। কৰ’না অতিমাৰীৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ বাবে, যুৱতীগৰাকীৰ পিতৃ আৰু হ’বলগীয়া শাহুৱেক আক্ৰান্ত হৈছে ক’ভিডত ।

ফলস্বৰূপে তেওঁলোকে উপস্থিত থাকিব নোৱাৰে বিবাহ অনুষ্ঠানত। সেইবাবে মনটো মৰা যুৱতিগৰাকীৰ। আমন-জিমনকৈ বহি থকা যুৱতীগৰাকীয়ে ল’লে বিশেষ পন্থা। বিয়ালৈ মাজত মাত্ৰ ৯ দিন থাকোতেই প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ বুলি লিখিলে চিঠি । পত্ৰখনত যুৱতীগৰাকীয়ে লিখিছে যে, ‘অ’মিক্ৰনৰ বাবে অত্যাধিক শংকিত হৈ পৰিছে বৃদ্ধাসকল। ৫৫ জন লোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰা হৈছে। এতিয়া বিয়াত এজনো অতিথি নাহিলে ইয়াৰ ক্ষতিপূৰণ কোনে দিব?’ কেৱল সেয়াই নহয়, বিয়াৰ বাবে ফুলৰ অৰ্ডাৰো দিয়া হৈছে। মতা হৈছে বেণ্ডপাৰ্টীৰ এটা দল। অতিথিসকলৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছিল যাৱতীয় ব্যৱস্থা। বিয়াৰ পোছাকো ক্ৰয় কৰা বুলি চিঠিখনত সদৰী কৰিছে যুৱতীগৰাকীয়ে।


উল্লেখ্য যে, বৰ্তমান ইউকেত অ’মিক্ৰনৰ পৰিস্থিতি কিছু পৰিমানে সন্তুলিত অৱস্থাত আছে। দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সকলোকে সাৱধানে থাকিবলৈ সতৰ্ক কৰিও দিছে। ইয়াৰ মাজতে যুৱতীগৰাকীৰ চিঠিখনে ভবাই তুলিছে সকলোকে। প্ৰধানমন্ত্ৰীৰ পৰা চিঠিখনৰ উত্তৰ আহে নে নাই ক’ব নোৱাৰিলেও এটা কথা ঠিক কৰ’না মহামাৰীয়ে যে সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাত বিৰূপ প্ৰভাৱ পেলাইছে সেইটো ঠিক।

অব্যাহত উত্তেজনাঃ ৰাছিয়াৰ সৈতে আলোচনাত বহিবলৈ সাজু আমেৰিকা

FILE PHOTO: Russian Prime Minister Vladimir Putin (R) shakes hands with U.S. Vice President Joe Biden during their meeting in Moscow March 10, 2011. REUTERS/Alexander Natruskin/File Photo

অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে আহিছে ভাল খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই অতিশীঘ্ৰে বিভিন্ন মাধ্যমত ৰাছিয়াৰ সৈতে কূটনৈতিক আলোচনা আৰম্ভ কৰিবলৈ হৈছে প্ৰস্তুত । বাইডেন প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে, তুৰ্কীৰ এক সংবাদ মাধ্যমে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে। বিষয়াজনে টেলি কনফাৰেন্সৰ জৰিয়তে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰেমলিনৰ সৈতে আৰু নাটো-ৰাছিয়া পৰিষদৰ জৰিয়তে আৰু ইউৰোপৰ নিৰাপত্তা আৰু সহযোগিতা সংস্থাৰ মাধ্যমেৰে পোনপটীয়াকৈ আলোচনাৰ বাবে আগ্ৰহী। যিকোনো আলোচনা পাৰস্পৰিক তাৰতম্যৰ ভিত্ততে গ্ৰহণযোগ্য হ’ব লাগিব আৰু ৰাছিয়াৰ কাৰ্যকলাপ সম্পৰ্কে আমাৰ উদ্বেগৰ সমাধানেই হ’ব একমাত্ৰ লক্ষ্য।‘


ইয়াৰ পূৰ্বেৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও কৰিছিল অনুৰুপ মন্তব্য। তেওঁ কয়, ‘আমেৰিকা যুক্তৰাষ্ট্ৰই আগন্তুক বৰ্ষত জেনেভাত ৰাছিয়াৰ নিৰাপত্তা সন্দৰ্ভত আলোচনাত বহিবলৈ সন্মত হৈছে। ইফালে মস্কোৰ এক সংবাদমেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয়,ৰাছিয়াৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰস্তাৱটোৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিবাচক সঁহাৰি আগবঢ়াইছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আগন্তুক বৰ্ষৰ আৰম্ভণিতে জেনেভাত এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ সাজু হৈছে।‘


উল্লেখ্য যে, ইউক্ৰেইনৰ সীমান্ততৰাছিয়াৰ সামৰিক সমদলক লৈ পশ্চিমীয়া বিশ্বৰ সৈতে উত্তেজনা বিয়পি পৰাৰ সময়তে দুয়োপক্ষই আলোচনাৰ মজিয়ালৈ অহা কথাটো বিভিন্ন মাধ্যমত আলোচনা হৈছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মস্কোৱে ইউক্ৰেইনত আক্ৰমণৰ পৰিকল্পনা কৰা বলিও হৈছে চৰ্চা। অৱশ্যে, ৰাছিয়াই এই অভিযোগ খাৰিজ কৰিছে। দেশখনে তেওঁলোকৰ পূৰ্বাঞ্চলত নাটোৰ সম্প্ৰসাৰণ বিচৰা নাই বুলিও স্পষ্ট কৰি দিছে।