Breaking

শিৱসাগত ডিজিটেল ফটোগ্ৰাফী প্ৰতিযোগিতা

0 1,041

আজাদী কা অমৃত মহোৎসৱ”- বাণী সাৰোগত কৰি ভাৰতবৰ্ষত সংখ্যক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ জিলা ভিত্তিত “Heritage Nazira through my lenses” শীৰ্ষক এখনি ডিজিটেল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই ডিজিটেল ফটোগ্ৰাফী প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীয়ে নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত অৱস্থিত বুৰঞ্জী প্ৰসিদ্ধ কীৰ্তিচিহ্ন, দ’ল-দেৱালয়, পুখুৰী আদি বিষয়বস্তু হিচাবে ল’ব আৰু তেখেতসকলে ফটোখনৰ বিষয়বস্তুৰ ওপৰত অতিকমেও ১০০ টা শব্দৰে তথ্যগত বৰ্ণনাৰ লগতে তথ্যৰ উৎস উল্লেখ কৰাটো বাধ্যতামূলক। বয়সৰ কোনো সীমাবদ্ধতা নাই।

ম’বাইল কেমেৰা ব্যৱহাৰ কৰিব পাৰিব যদিওঁ High Resolution ৰ হ’ব লাগিব। এজন প্ৰতিযোগীয়ে সৰ্বাধিক তিনিখন বিভিন্ন কীৰ্তিচিহ্নৰ ফটো প্ৰেৰণ কৰিব পাৰিব। প্ৰতিযোগীসকলে তেখেতসকলৰ ফটোসমূহত নিজৰ সম্পূৰ্ণ নাম-ঠিকনা, ম’বাইল নম্বৰ সহ অহা ১০ জানুৱাৰী, ২০২২ তাৰিখৰ ভিতৰত photographynazira@gmail.com ই-মেইল যোগেদি প্ৰেৰণ কৰিব লাগিব।  প্ৰথম তিনিটা স্থান লাভ কৰা বিজয়ী প্ৰতিযোগীক নাজিৰাত কেন্দ্ৰীয়ভাৱে উদযাপিত হব লগা আগন্তুক গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত পুৰস্কৃত কৰা হব। উল্লেখযোগ্য যে কিছু নিৰ্বাচিত ফটো একত্ৰিত কৰি এখনি Coffee Table Book  প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে । 

Leave A Reply