Home Blog Page 2650

ডবকাত আৰক্ষীৰ অভিযানত কোটি টকাৰ হেৰইন জব্দ

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰাজ্যৰ সৰ্বত্ৰে সৰ্বগ্ৰাসী ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়ত হোজাই জিলাৰ ডবকা আৰক্ষীৰ অভিযানত ধৰা পৰে অনুমানিক পাঁচ কোটি টকা বজাৰ মূল্যৰ নিষিদ্ধ হেৰইন ৷ হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এখন ব্যক্তিগত বাহনৰ জৰিয়তে এটা চক্ৰই হেৰইন সৰবৰাহ কৰি থকাৰ তথ্য এক গোপন সূত্ৰৰ পৰা লাভ কৰে ৷ সেই মতে, আৰক্ষী অধীক্ষক গৰাকীয়ে ডবকা আৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৷ হোজাই জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিঙে ২৩ ডিচেম্বৰৰ দিনা অভিযান চলাই AS 10 E 4078 নম্বৰৰ বলেনো গাড়ী এখন জব্দ কৰে ৷

আৰক্ষীয়ে গাড়ীখন জব্দ কৰি তন্নতন্নকৈ পৰীক্ষা কৰে যদিও হেৰইনখিনি উদ্ধাৰ কৰাত বিপাঙত পৰে ৷ এটা সময়ত গাড়ীখনৰ বডিৰ তলত এটা পৃথক চেম্বাৰ থকা দেখি সেইটো খোলাৰ লগে লগে ৰহস্য উদঘাটন হয় ৷ গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা ৬১ টা প্লাষ্টিকৰ বাকচত ভৰ্তি নিষিদ্ধ হেৰইনখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ ৭৭০ গ্ৰাম ওজনৰ হেৰইনখিনি জব্দ কৰাৰ লগতে গাড়ীখনত থকা দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে মোহাম্মদ ইমৰান আৰু মুকেশ বৰ্মন ৷ দুয়োৰে প্ৰকৃত ঘৰ বিহাৰত যদিও বৰ্তমান স্থায়ীভাৱে বাস কৰে নাগালেণ্ডৰ ডিমাপুৰত ৷ নিষিদ্ধ হেৰইনখিনি ডিমাপুৰৰ পৰা ঘাইপথেৰে ডবকা হৈ শিলচৰৰ পৰা আগৰতলালৈ সৰবৰাহৰৰ চেষ্টা কৰিছিল ৷ অৱশ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ উদ্দেশ্য সফল হব দিয়া নাই ৷ হোজাই জিলা আৰক্ষীয়ে দুয়োজন লোকক এন.ডি.পি.এছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ 

এন ডি আৰ এফৰ আন্তঃমণ্ডল এক মিনিটৰ ড্ৰীল

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন.ডি.আৰ.এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ উদ্যোগত  বুধবাৰৰ পৰা মিৰ্জাৰ  ডায়েট চৌহদত ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া  আন্তঃ মণ্ডল এক মিনিট ড্ৰীল, দক্ষতা প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাত দেশৰ চাৰিটা মণ্ডলৰ মুঠ ৮৮ জন প্ৰতিযোগিয়ে ভাগ লৈছিল। আনহাতে প্ৰতিযোগিতাত প্ৰথম.এন.ডি আৰ.এফ বাহিনীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। 

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা সমূহ বিতৰণ কৰে প্ৰথম এন.ডি.আৰ.এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট এইছ পি.এছ.কাণ্ডাৰীয়ে।   প্ৰতিযোগিতাখনত মূলত প্ৰাকৃতিক বা মানৱসৃষ্ট   যিকোনো দুৰ্যোগ সংঘটিত হলে সকলো বাধা নেওচিও এক মিনিটৰ ভিতৰত  পেশাদাৰী দক্ষতাৰে  কেনেদৰে আবদ্ধ, আক্ৰান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পাৰি তাক প্ৰদৰ্শন কৰা  হৈছিল।

চৰকাৰী আঁচনিৰ সহায়ত দৰিদ্ৰ মহিলাও হ’ল গাড়ীৰ গৰাকী

 বৰপেটা জিলাৰ চকচকা আৰু সৰুক্ষেত্ৰীৰ পিছত আজি চেঙা উন্নয়ন খণ্ডৰ অধীনতো এগৰাকী হিতাধিকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত সুদ বিহীন ঋণত এখন সৰু মালবাহী গাড়ী লাভ কৰিবলৈ সক্ষম হৈছে। বহৰিৰ আৰোহন মণ্ডল সংগঠনে আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ কোভিড সাহাৰ্য আচনিৰ অধীনত লাভ কৰা ৩.৫০ লাখ টকাৰ এককালিন অনুদানৰ ধনেৰে বহৰিৰ চৌধুৰীপাৰাৰ “শ্ৰী কৃষ্ণ” আত্ম সহায়ক গোটৰ সদস্যা হিমাশ্ৰী ৰাই চৌধুৰীক আজি আনুষ্ঠানিকভাৱে এখন মালবাহী অটোভেন অৰ্পন কৰা হয়।

এই উপলক্ষে নিজবহৰিত থকা আৰোহন মণ্ডল সংগঠনৰ কাৰ্যাল‌য় চৌহদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া চিত্তৰঞ্জন ডেকাই আনুষ্ঠানিকভাৱে গাড়ীখন হস্তান্তৰ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ এই আচঁনিৰ সুবিধা লৈ হিতাধিকাৰী সকলক ভালদৰে সংস্থাপিত হোৱাৰ প্ৰয়াস চলাবলৈ আহ্বান জনায়। তেওঁ পৰ্যায়ক্ৰমে জিলাখনৰ আটাইবোৰ উন্নয়ন খণ্ডতে এনে আঁচনি গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই দিয়া ভাষণত চৰকাৰে দিয়া সুদবিহীন ঋণ বুলিয়ে যাতে হিতাধিকাৰীয়ে ইয়াক সহজভাৱে আৰু আওকনীয়াভাবেৰে গ্ৰহণ নকৰে তাৰ বাবে আহ্বান জনায়।

চেঙা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক সৌৰভ  দাসে আঁতধৰা সভাখনৰ আৰম্ভণীতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক সুমিত প্ৰসাদ দাসে আঁচনিখনৰ বিষয়ে বুজাই কয়। সভাত চেঙাৰ খণ্ড উন্নয়ন বিষয়া লাচিত দাস আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগ, বহৰী গাওঁ পঞ্চায়তৰ সভাপতি পূৰ্ণ দাস আদি বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। উল্লেখযোগ্য যে এই আচঁনিৰ অধীনত ইতিপূৰ্বে বৰপেটা জিলাৰ যথাক্ৰমে চকচকা আৰু সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিনাকি আৰু ত্ৰিদেৱী মণ্ডল পৰ্যায়ৰ সংগঠনে লাভ কৰা অনুদানেৰে দুগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে দুখন মালবাহী  গাড়ীৰ গৰাকী হ’বলৈ সক্ষম হৈছে।

লাহৰীঘাটৰ হিন্দু জাপৰিত খহনীয়াগ্ৰস্ত ১০ খন গাঁও

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হিন্দু জাপৰিত ১০ খন গাঁৱৰ খহনীয়া গ্ৰস্ত ৰাইজৰ প্ৰতিবাদ । নদীৰ পৰা এক কিলোমিটাৰ দুৰত মথাউৰী নিৰ্মানৰ দাবীত এই প্ৰতিবাদ। লাহৰীঘাটৰ বৰালিমাৰীত প্ৰতিবাদত নামিল খহনীয়াগ্ৰস্ত ৰাইজ । এই প্ৰতিবাদ খহনীয়া প্ৰতিৰোধ বা মথাউৰী নিৰ্মণৰ বিৰুদ্ধে নহয়। এটা ৫৮.২৪ কোটি ব্যয় সাপেক্ষ মথাউৰীৰ স্হানক লৈ চলা ষড়যন্ত্ৰৰ  প্ৰতিবাদ।

অভিযোগ মতে মৰিগাঁও জলসম্পদ বিভাগে নদ্ধাৰণ কৰা স্হান সলনি কৰি একাংশ লোকে নদীৰ পৰা ৫০০ মিটাৰ দুৰত বৰালিমাৰীত মঠাউৰী নিৰ্মানৰ ষড়যন্ত্ৰত নামি জলসম্পদ বিভাগক ভুল বাটে পৰিচালনাৰ চেষ্টা কৰিছে। প্ৰতিবাদ কাৰী সকলে কৰা অভিযোগ মতে নদীৰ পৰা ৫০০ মিটাৰ দুৰত মথাউৰী নিৰ্মাণ কৰিলে এবছৰতে জাহ যাব বহুকোটি টকীয়া মঠাউৰীটো।

তদুপৰি ১০ খন গাৱৰ খহনীয়াগ্ৰস্তৰ আশ্ৰয় স্হল নোহোৱা হব। মধ্যভোগী দালালৰ ষড়যন্ত্ৰত ভুল নাযাবৰ বাবে প্ৰতিবাদ কাৰীৰ আবেদন চৰকাৰক। উল্লেখ্য যে নাৱাৰ্ডৰ ৫৮.২৪ কোটি পুঁজিৰে অঞ্চল টোত নিৰ্মান হব ১৪ কিলোমিটাৰৰ বৃহৎ মথাউৰীটো। সেয়ে জলসম্পদ বিভাগে নিশ্চিত কৰা বিজ্ঞানসন্মত স্হানতে নদীৰ পৰা ১০০০ মিটাৰ দুৰত মথাউৰী নিৰ্মাণৰ দাবী এইসকল খহনীয়াগ্ৰস্ত ৰাইজৰ । 

মুকেশ আম্বানীৰ জীৱন সলাই পেলোৱা পাঁচখন গ্ৰন্থ

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি, অন্যতম সফল ব্যৱসায়ী মুকেশ আম্বানীৰ জীৱনক প্ৰভাৱিত কৰিছে পাঁচখন গ্ৰন্থই ৷ হয়, উদ্যোগপতিগৰাকীৰ জীৱনৰ গতিপথ সলাই পেলাইছে গ্ৰন্থই৷ নিয়মিত গ্ৰন্থ অধ্যয়ন কৰে মুকেশ আম্বানীয়ে৷ ব্যস্ত জীৱনসূচীৰ মাজতো গ্ৰন্থ অধ্যয়নৰ অভ্যাস সলনি কৰা নাই আম্বানীয়ে৷ শীৰ্ষ প্ৰযুক্তিক ভাৰতবাসীৰ হাতে হাতে তুলি দিয়া এইগৰাকী আম্বানীয়ে নিজেই বাদ দিয়া নাই পঠন অভ্যাস।

অলপতে এটা অৰ্থনৈতিক প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত মুকেশ আম্বানীয়ে তেওঁক প্ৰভাৱিত কৰা পাঁচখন গ্ৰন্থৰ বিষয়ে উল্লেখ কৰিছে৷ আম্বানীয়ে কয় যে, ৫খন কিতাপে তেওঁক ২০২১ চনত আটাইতকৈ বেছি সহায় কৰিছিল৷ এটা প্ৰতিষ্ঠানে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মুকেশ আম্বানীক সুধিছিল কোনবোৰ কিতাপে তেওঁক ২০২১ৰ অৰ্থ বুজাবলৈ সহায় কৰিছিল আৰু তেওঁক ২০২২ চনৰ বাবে প্ৰস্তুত কৰি তুলিছে? মুকেশ আম্বানীয়ে পাঁচখন কিতাপৰ বিষয়ে উল্লেখ কৰিছিল, যিয়ে তেওঁক এই বৰ্ষটোত প্ৰভাৱিত কৰিছিল ৷ মুকেশ আম্বানীক প্ৰভাৱিত কৰা পাঁচখন কিতাপৰ কথাৰে এই বিশেষ অৱলোকন-

Ten Lessons for a Post-Pandemic World :


ভাৰতীয় মূলৰ আমেৰিকান সাংবাদিক ফৰিদ জাকাৰিয়াৰ দ্বাৰা প্ৰণীত এই গ্ৰন্থখনত ক’ভিড-১৯ মহামাৰী আৰু শেহতীয়া অতীতৰ কিছুমান আটাইতকৈ ধ্বংসাত্মক ঘটনাৰ মাজত কিছুমান সম্পূৰ্ণ সাদৃশ্য দেখুওৱা হৈছে৷ বিশ্বব্যাপী সংকটবোৰ প্ৰায়ে অবহনযোগ্য জীৱনশৈলী প্ৰণালী আৰু দুৰ্বল শাসন গাঁথনিৰ পৰা উদ্ভৱ হয়, এয়াই মূলতঃ গ্ৰন্থখনৰ সাৰমৰ্ম৷ গ্ৰন্থখন সম্পৰ্কত আম্বানীয়ে কয় যে, এই বিষয়বোৰ জৰুৰীভাৱে সমাধান কৰা প্ৰয়োজন, যিবোৰ কেৱল দক্ষ নেতৃত্ব, জীৱনশৈলী পৰিৱৰ্তন আৰু কাৰ্যকৰী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে কৰিব পাৰি। মোৰ লগত থকা কিতাপখনৰ এটা উদ্ধৃতি হৈছে ‘প্ৰাদুৰ্ভাৱ অনিবাৰ্য, কিন্তু মহামাৰীবোৰ বৈকল্পিক’, আম্বানীয়ে কয়৷

Principles for Dealing With the Changing World Order: Why Nations Succeed and Fail :


আমেৰিকান বিনিয়োগকাৰী ৰে’ ডালিঅ’ৰ এইখন এখন আকৰ্ষণীয় কিতাপ যিয়ে ৫০০ বছৰতকৈও অধিক ইতিহাসৰ বাবে মুখ্য দেশসমূহৰ সফলতা আৰু বিফলতা নিৰন্তৰভাৱে নিৰ্ধাৰণ কৰা গতিশীলতাক ব্যাখ্যা কৰিছে৷ এই গ্ৰন্থখনে আপোনাক আৱিষ্কাৰ কৰাত সহায় কৰিব যে আগন্তুক সময়বোৰ আমি এতিয়া অনুভৱ কৰি থকা সময়বোৰতকৈ কিয় আমূল পৃথক হ’ব। নীতি নিৰ্মাতা, উদ্যোগী, কাৰ্যবাহী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে যুৱসকলৰ বাবে এইখন এখন অৱশ্যে পঠনীয় গ্ৰন্থ, এইদৰে কয় মুকেশ আম্বানীয়ে৷

The Raging 2020s: Companies, Countries, People-and the Fight for Our Future :


আমেৰিকান লেখক এলেক ৰছৰ এই কিতাপখনত চৰকাৰ, ব্যৱসায় আৰু মানুহৰ মাজত হোৱা অকথিত চুক্তিক, যি ডিজিটেল যুগতো কেনেদৰে এক মৌলিক পৰিৱৰ্তনৰ মাজেৰে তাৰ গভীৰতালৈ গৈ আছে তাৰ আভাস পোৱা যায়৷ আম্বানীয়ে কয়, কিতাপখনত আমাৰ সময়ৰ কেইজনমান মহান চিন্তাবিদৰ সৈতে ৰাজনৈতিক আৰু অৰ্থনৈতিক শক্তিৰ সাক্ষাৎকাৰ আছে যিয়ে এই পৰিৱৰ্তনত অৰিহণা যোগাইছে আৰু আমাৰ সভ্যতাৰ বাবে কি আছে।

2030: How Today’s Biggest Trends Will Collide and Reshape the Future of Everything :


আমেৰিকান সমাজবিজ্ঞানী মাউৰো এফ. গুইলেনৰ দ্বাৰা ৰচিত কিতাপখনৰ বিষয়ত ২০৩০ চনত বিশ্বৰ অৱস্থাৰ বিষয়ে অন্তৰ্দৃষ্টিপূৰ্ণ অনুমানেৰে পৰিপূৰ্ণ, বিশেষকৈ জনগাঁথনিৰ সম্ভাৱ্য পৰিৱৰ্তন আৰু বিশ্বব্যাপী অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰা হৈছে। ই নগৰায়ন, প্ৰযুক্তি, গিগ অৰ্থনীতি, আৰু স্বয়ংক্ৰিয়কৰণৰ প্ৰৱণতাও অন্বেষণ কৰে, যিয়ে ক’ভিডৰ পাছৰ পৃথিৱীখন কঢ়িয়াবলৈ বাধ্য।

Big Little Breakthroughs: How Small, Everyday Innovations Drive Oversized Results :


আমেৰিকান উদ্যমী জছ লিংকাৰৰ এই গ্ৰন্থখন উদ্যোগীসকলৰ বাবে পঢ়িবলগীয়া। মুকেশ আম্বানীয়ে গ্ৰন্থখন সম্পৰ্কত কয় এইদৰে, আপুনি উপলব্ধি কৰিব যে এইটো সৰু সৃষ্টিশীল কাম যি ব্যৱসায়ত বৃহৎ পুৰস্কাৰ উন্মুক্ত কৰে। আৰু দৈনিক ক্ষুদ্ৰ উদ্ভাৱনৰ বিকাশৰ দ্বাৰা, ব্যক্তি আৰু সংগঠনে কঠিন প্ৰত্যাহ্বানৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰিব পাৰে আৰু ক’ভিড-পৰৱৰ্তী পৃথিৱীত পৰিৱৰ্তনশীল সুযোগবোৰ গ্ৰহণ কৰিব পাৰে। 

মুকেশ আম্বানীৰ জীৱনক কিতাপে প্ৰভাৱিত কৰা আৰু আম্বানীয়ে কিতাপ পঢ়া বিষয়টোৱে গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে৷ একেসময়তে, প্ৰযুক্তিৰ শীৰ্ষাৰোহণে যে গ্ৰন্থৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে, সেই কথা পুনৰবাৰ প্ৰতিপন্ন হৈছে৷

উত্তৰ প্ৰদেশৰ নিৰ্বাচন দুমাহ পিছুৱাই দিবলৈ অনুৰোধ উচ্চ ন্যায়ালয়ৰ

অ’মিক্ৰনৰ আতংক বৰ্তমান বিশ্বৰ চৌদিশে বিয়পি পৰিছে। কৰ’নাৰ নতুন প্রজাতি অমিক্ৰণে বিশ্বজুৰি পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। চিকিৎসক বিশেষজ্ঞই বর্তমানলৈকে লাভ কৰা তথ্য অনুসৰি ক’ভিডৰ এইবিধ প্রজাতি পূৰ্বৰ প্ৰজাতিৰ তুলনাত অধিক দ্রুত সংক্রামক আৰু এই প্রজাতিয়ে অতি সঘনে নিজৰ স্বৰূপ সলনি কৰে। অৱশ্যে অ’মিক্রন কিমান ঘাতক সেয়া এতিয়ালৈকে জানিব পৰা হােৱা নাই বুলি গৱেষকসকলে কৈছে। ভাৰতত এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ প্রতিৰােধ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।চিকিৎসকসকলে পৰামর্শ দি কয় যে অ’মিক্ৰনৰ সংক্রমণ সহজে আৰু সােনকালে চিনাক্ত কৰিবলৈ হ’লে সকলাে নাগৰিকে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগিব।

চর্দি লগা, কাহ, জ্বৰ, মূৰৰ বিষ, হাত-ভৰিৰ বিষ, ভােক নলগা, শ্বাস-প্রশ্বাসৰ সমস্যা, খাদ্যৰ সােৱাদ অনুভৱ নকৰা, গােন্ধ অনুভৱ নকৰাৰ দৰে উপসর্গই দেখা দিলে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল’বলৈ বিশেষজ্ঞসকলে সকলােকে আহ্বান জনাইছে। কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰিছিল৷ যাৰফলত ২ বছৰত প্ৰায় ৮ মাহে সম্পূৰ্ণ আৰু অৰ্ধ লকডাউন কবলত পৰিছিল ভাৰত৷ ইতিমধ্যেই কৰ’নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌত বিধ্বস্ত হৈ পৰা দেশখনত অ’মিক্রন নতুন সংকট হৈ ধৰা দিছে। অতি ঘাতকৰূপত দেখা গৈছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন৷ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ।

ইফালে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময় সমাগত। উত্তৰ প্ৰদেশত এতিয়া বলিছে মাথোঁ ৰাজনৈতিক বতাহ। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল ব্যস্ত হৈ পৰিছে কেনেদৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ কুচকাৱাজ ৰচনা কৰাত। এইখিনিতে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এমাহ বা দুমাহ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ কথা বিবেচনা কৰি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বানচী প্ৰচাৰ আৰু ৰে’লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে। এইক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অনুৰোধ নিৰ্বাচন আয়োগে কিদৰে গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ হ’ব লক্ষ্যণীয়।

অংকুৰ দাসক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক নিযুক্তি

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ পূৰ্বৰ সাধাৰণ সম্পাদক অংকুৰ দাসক পুনৰবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া খবৰটোৱে যুৱ কংগ্ৰেছীসকলৰ মাজত নতুন উদ্দ্যম আৰু আনন্দৰ জোৱাৰ তুলিছে।

এক প্ৰেছ বিবৃত্তিযোগে জানিব দিয়া মতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ড° অংকিতা দত্তই যোৱা ১৯-১২-২১ তাৰিখ দেওবাৰে অংকুৰ দাসক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়ে।

যুৱনেতা অংকুৰ দাসে যোৱা ২০০৩ চনৰ পৰাই ছাত্র সংগঠন এন.এছ.ইউ.আইৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ বিভিন্ন পদবীত কাৰ্য্যনিৰ্বাহ কৰি কংগ্ৰেছ দলৰ বাবে নি:স্বাৰ্থভাবে সেৱা আগবঢ়াই আহিছে।

এইবাৰ ভাৰতীয় নাগৰিকত্ব বিচাৰিলে ৭ হেজাৰ পাকিস্তানীয়ে

ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলবৎ হোৱাই নাই৷ তৎসত্ত্বেও ভাৰতৰ নাগৰিকত্ব বিচাৰি ১০ হাজাৰতকৈয়ো অধিক বিদেশীয়ে কৰিছে আৱেদন৷ তাৰ ভিতৰত ৭ হাজাৰতকৈয়ো অধিক পাকিস্তানী নাগৰিকে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবৰ বাবে অপেক্ষা কৰি আছে৷ সংসদত গৃহ-মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২১ চনৰ ১৪ ডিচেম্বৰলৈকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা বিভিন্ন দেশৰ মুঠ নাগৰিকৰ সংখ্যা হৈছে ১০,৬৩৫গৰাকী৷ এইসকল আৱেদনকাৰীৰ ভিতৰত ৭,৩০৬ গৰাকী পাকিস্তানৰ নাগৰিক৷

গৃহ-মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতীয় নাগৰিকত্বৰ বাবে বাকী থকা প্ৰায় ৭০ শতাংশ আৱেদন পাকিস্তানীসকলৰ। বুধবাৰে সাংসদ আব্দুল ৱাহাবে সোধা তেওঁলোকৰ বৰ্তমানৰ নাগৰিকত্বৰ তথ্যসহ ভাৰতীয় নাগৰিকত্বৰ বাবে বৰ্তমানৰ আৱেদনকাৰীসকলৰ বিৱৰণৰ উত্তৰত গৃহ-ৰাজ্যিক মন্ত্ৰী ৰায়ে এই তথ্য সদৰী কৰে৷

আফগানিস্তানৰ পৰা ১,১৫২খন আৱেদন আহিছিল, তাৰ পাছত শৰণাৰ্থীৰ পৰা ৪২৮খন, শ্ৰীলংকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২২৩খন, নেপালৰ পৰা ১৮৯খন আৰু বাংলাদেশৰ পৰা ১৬১খন আৱেদন কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছে৷ চীনৰ পৰা ১০গৰাকী আৱেদনকাৰীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছে৷ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষমতা গৃহ-মন্ত্ৰণালয়ৰ ওচৰত আছে, যিয়ে বিতং প্ৰমাণীকৰণ আৰু পৰীক্ষাৰ পাছত আৱেদনখন অনুমোদন কৰে।

কেনে আছে দৰ্শীল? ‘তাৰে জমিন পৰ’ৰ দৰ্শীল এতিয়া যুৱক

২০০৭ চনৰ ২১ ডিচেম্বৰত আমিৰ খান অভিনীত তাৰে জমিন পৰ ছবিখনে মুক্তি লাভ কৰিছিল। চলচ্চিত্ৰখনে মুক্তিলাভৰ পাছতে বিপুল জনপ্ৰিয়তা লাভ কৰা দেখা গৈছিল। কাহিনীৰ চৰিত্ৰয়ো বিশেষভাৱে ৰেখাপাত কৰিছিল অনুৰাগীৰ হৃদয়ত। আমাৰ সমাজে সাধাৰণতে উপেক্ষা কৰা কেতবোৰ কথাক কেন্দ্ৰ কৰিয়েই সাধাৰণ জনতাক মানুহৰ শিশু এটাৰ সজাগতাৰ বিভিন্ন দিশৰ বিষয়ে আভাস দিবলৈ চেষ্টা কৰিছিল ছবিখনে। আমিৰৰ লগতে শিশু অভিনেতা দৰ্শীল ছাফাৰীৰ অভিনয়েও মন্ত্ৰ-মুগ্ধ কৰিছিল চলচ্চিত্ৰ প্ৰেমীক। উল্লেখ্য যে, দৰ্শীলে ডিছলেক্সিয়া ৰোগত আক্ৰান্ত এটি শিশুৰ ভূমিকা পালন কৰিছিল ছবিখনত। ডিছলেক্সিয়া ৰোগত আক্ৰান্ত শিশু এটাৰ পঢ়া আৰু লিখাত অসুবিধা হয়। তেওঁলোকৰ শব্দবোৰ বুজি পোৱাত অসুবিধা হয়।

অমল গুপ্টে ৰচিত এই ছবিখন আমিৰ আৰু অমল দুয়ো একেলগে পৰিচালনা কৰিছিল। চলচ্চিত্ৰখনে অলপতে গৌৰৱোজ্জল ১৪টা বছৰ সম্পূৰ্ণ কৰে। ‘তাৰে জমিন পৰ’ৰ চমৎকাৰ সফলতাই আমিৰ খানৰ লগতে দৰ্শীল ছাফাৰীকো দিছিল প্ৰশংসা। ছবিখনৰ কাহিনীটো ইমানেই মৰ্মান্তিক আছিল যে, ছবিগৃহত বহি থকা দৰ্শকৰ চকু সেমেকি উঠিছিল।

বক্স অ’ফিছৰ ছুপাৰহিট এই ছবিখনে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে। অৱশ্যে, আমিৰ খানৰ নামটো পৰিচালক হিচাপে পোহৰলৈ অহা আৰু অমল গুপ্টেক কেৱল লেখক আৰু সৃজনশীল পৰিচালকৰ কৃতিত্ব দিয়া বাবে হৈছিল এলানী বিতৰ্ক। বহু বাত-বিতণ্ডাক একাশৰীয়া কৰি আজিও চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্পন্দিত হৈ আছে ‘তাৰে জমিন পৰ’ৰ প্ৰতিধ্বনি। ১০বছৰীয়া শিশু দৰ্শীল ছাফাৰীও এতিয়া ২৪ বছৰীয়া যুৱক হ’ল। ‘তাৰে জমিন পৰ’ ছবিত অভিনয়েৰে আটাইতকৈ কম বয়সীয়া শিশু অভিনতাৰো কৃতিত্ব অৰ্জন কৰিছিল দৰ্শীলে। ‘বুম বুম বোলে’;‘জ’ক’মন’; ‘মিডনাইট চিলড্ৰেন’ৰ দৰে ছবিটো অভিনয় কৰিছে দৰ্শীলে। জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ ‘লাগে ৰহো চাচু’তো উচ্চমানৰ অভিনয় কৰা বুলি চৰ্চিত হৈছে। সাৱলীল অভিনয়ৰ বাবে দৰ্শীলে ২০০৮ চনতে লাভ কৰিছে ফিল্মফেয়াৰ ক্ৰিটিকছ এৱাৰ্ড, ষ্টাৰ স্ক্ৰীন এৱাৰ্ড, জি চিনে এৱাৰ্ডকে ধৰি কেইবাটাও পুৰস্কাৰ।

মুখত হিলিয়াম গেছ লৈ কোহলীয়ে ক’লে জেট বিমান কেইখন আছে?

বিৰাট কোহলী-নামেই যাৰ পৰিচয়। বিগত সময়ছোৱাত ভাৰতীয় ক্ৰিকেটত তেওঁৰ অৱদান অনস্বীকাৰ্য। আকৰ্ষণীয় বেটিং বিক্ৰম, এগ্ৰেছিভ লুক ইত্যাদি বিভিন্ন কাৰণৰ বাবেও অনুৰাগীৰ মাজত সমাদৃত কোহলী । ক্ৰীজত কোহলীৰ নানা অংগী-ভংগীকে অনুকৰণ কৰিব বিচাৰে অনুৰাগীয়ে। পোছাক-পৰিচ্ছদৰ উপৰিও বহুতে জানিব বিচাৰে কোহলীয়ে কেনে ধৰণৰ পানী খায়? শেহতীয়াকৈ, এটা ভিডিঅ’ প্ৰকাশ পাইছে কোহলীৰ কেতবোৰ গোপন সত্য। ভিডিঅ’টোত কোহলীক ‘ব্লেক ৱাটাৰ’ খায় নে নাই সোধা হৈছিল। কোহলীয়ে টুইটাৰত পোষ্ট কৰা ভিডিঅ’টোৰ জৰিয়তে কয়, ‘মই কেইবাৰমান খাইছো, কিন্তু প্ৰতিদিনে নাখাওঁ। আমি ক্ষাৰীয় পানী খাওঁ।’

বিশেষজ্ঞসকলৰ মতে, ক্ষাৰীয় পানী পান কৰিলে শৰীৰত অতিৰিক্ত হাইড্ৰ’জেন পোৱা যায়। বিশেষকৈ যিসকলে কঠোৰ পৰিশ্ৰম কৰে, তেওঁলোকৰ শৰীৰত ক্ষাৰীয় পানীয়ে অধিক কাম কৰে। একাংশৰ মতে, সাধাৰণ পানী খালে আমাৰ শৰীৰত যিমান পৰিমাণৰ এচিড উত্‍পন্ন হয়, ক্ষাৰীয় পানীৰ খালে তেনে নহয়। শেহতীয়াকৈ এটা বহুজাতিক কোম্পানীৰ বিজ্ঞাপনত কোহলীয়ে এই কথা সদৰি কৰিছে। একেটি বিজ্ঞাপনতে কোহলীক সোধা হৈছিল যে, তেওঁ পাঞ্জৱী ভাষা জানে নে নাই? ইয়াৰ উত্তৰত কোহলীয়ে পঞ্জাৱীভাষাত কয়, ‘মই পঞ্জাৱী ভাষা কওঁ।’

ব্যক্তিগত জেট বিমান আছে নে নাই তাকো সোধা হৈছিল কোহলীক। উত্তৰত কোহলীয়ে কয়, ‘নাই, মোৰো কোনো ব্যক্তিগত বিমান নাই, এয়া উৰাবাতৰি।’ পঢ়াশুনাত আপুনি কেনেকুৱা আছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘মই পঢ়াশুনাত ভালে আছিলো, কিন্তু কেতিয়াও শীৰ্ষত নাছিলো।’ আশ্চৰ্যজনক কথাটো হ’ল এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিওতে, কোহলীয়ে মুখত হিলিয়াম গেছ লৈ কথা পাতিছিল। ফলস্বৰূপে, কোহলীৰ কণ্ঠস্বৰ সলনি হৈছিল আৰু ধেমেলীয়া লাগিল। কোহলীয়ে নিজেই তেওঁৰ মাতটো শুনি হাঁহি ৰখাব পৰা নাছিল। শেহতীয়াকৈ, প্ৰকাশিত কোহলীৰ সাক্ষাত্‍কাৰটিয়ে আমোদ দিছে অনুৰাগীক। বহুতে কোহলীক জনাইছে অভিবাদন।