Home Blog Page 2651

নিয়োগ মেলা’ত নিবনুৱাৰ হাহাকাৰ

নিয়োগ মেলা’ত আজি হাহাকাৰ লক্ষাধিক নিবনুৱাৰ৷ অসম চৰকাৰৰ উদ্যোগত আজি আৰু ৪ জানুৱাৰীত জিলাভিত্তিত আয়োজন কৰা ‘নিয়োগ মেলা’ই প্ৰমাণ কৰিলে ৰাজ্যত নিবনুৱা সমস্যাৰ এখন ভয়াৱহ ছবি৷ এটা চাকৰিৰ আশাত পুৱাৰে পৰা নিয়োগ মেলাত ভিৰ কৰিলেহি বহু চাকৰি প্ৰত্যাশীয়ে৷ এই নিয়োগ মেলাৰ বিজ্ঞাপনত নিয়োগ প্ৰত্যাশীক বিভিন্ন আশা দেখুওৱা হৈছিল। নিয়োগ মেলাত সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিজ জিলা তথা অসমৰ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি বিজ্ঞাপনত কোৱা হৈছিল। চৰকাৰে দিয়া এটা বিজ্ঞাপনৰ পাছতে বহু নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাতে সাক্ষাৎকাৰৰ বাবে আহে যদিও এই নিয়োগ মেলাত বেচৰকাৰী খণ্ডত খালী হোৱা পদৰ বাবেহে সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল৷

প্ৰতিতো কেন্দ্ৰতে দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ নিবনুৱাৰ শাৰী৷ লকডাউনে বহু লোকৰ সংস্থাপনৰ বাট বন্ধ কৰি দিয়াৰ পাছতে এই নিয়োগ মেলাই বিভিন্নজনক বাবে সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ আশা কৰা হৈছিল যদিও বাস্তৱত তাৰ বিপৰীত আৰু নিৰাশাজনক ছবি এখনহে দেখিবলৈ পোৱা গ’ল৷বিভিন্ন জিলাৰ লগতে মহানগৰীৰ ৰিহাবাৰী নিয়োগ বিনিময় কেন্দ্ৰতো চাকৰিৰ বাবে নিবনুৱাৰ দীঘল শাৰী পৰিলক্ষিত হয়৷ তদুপৰি বৰপেটা, শিৱসাগৰ, তিনিচুকীয়া, দৰং, ধুবৰী, নলবাৰী, শোণিতপুৰৰ লগতে মুঠ ২০খন জিলাত আজি অনুষ্ঠিত নিয়োগ মেলাই উদঙাই দিয়ে নিবনুৱা সমস্যাৰ প্ৰকৃত ছবিখন৷ শোণিতপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালক হিমাংশু কুমাৰ দাসে আজিৰ মেলাত অংশগ্ৰহণ কৰা কোম্পানীসমূহে বিয়লিৰ ভাগলৈ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। বিশ্বনাথ জিলাতো বহু অনুষ্ঠান-প্ৰতিষ্ঠানে শিবিৰ পাতি যুৱক-যুৱতীসকলৰ পৰা সাক্ষাৎকাৰ লয়।

ইপিনে, আকৌ পুৱাৰে পৰা গোলাঘাট জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে সংস্থাপনৰ বাবে ভিৰ কৰিলেহি গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। সংস্থাপন দিবলৈ আগবাঢ়ি অহা কোম্পানীসমূহক লৈ মুঠেও সন্তুষ্ট নহয় বুলি ব্যক্ত কৰিলে যুৱক-যুৱতীসকলে। এনে নিয়োগ মেলাৰ নামত নিবনুৱাসকলক হাৰাশাস্তি কৰাৰহে অভিযোগ উত্থাপন কৰে কৰিছে একাংশই। দৰং জিলাতো নিয়োগ মেলালৈ আহি হতাশাত ভোগে যুৱক-যুৱতীসকলে৷

ব্যক্তিগত চাকৰিৰ সাক্ষাৎকাৰ বুলি জানিব পাৰি যুৱক যুৱতীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু নথি-পত্ৰ লৈ ঘৰমুৱা হোৱাও পৰিলক্ষিত হয়৷ বঙাইগাঁৱতো ব্যক্তিগত প্ৰতিষ্ঠাত প্ৰয়োজন হোৱা মাত্ৰ ৭৫টা পদৰ বিপৰীতে অভাৱনীয় ভিৰ নিবনুৱা প্ৰাৰ্থীৰ। প্ৰাৰ্থীসকলৰ মাজত হেতা-ওপৰা লগাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰাৰ্থীসকলক ছত্ৰভংগ দিয়াবলৈ বাধ্য হৈ পৰে। নিয়োগখণ্ডৰ এনে অনগ্ৰসৰতা আৰু এটা সংস্থাপনৰ বাবে নিবনুৱাৰ এনে হাহাকাৰে ৰাজ্যত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

অসমৰ জোঁৱাই মিলিন্দ সুমনৰ ফিটনেছৰ আঁৰৰ ৰহস্য!

মিলিন্দ সুমন নামটো শুনাৰ লগে লগেই প্ৰথম মনলৈ ভাঁহি আহে নিজৰ ফিটনেছৰ ওপৰত খুব গুৰুত্ব দিয়া এজন ব্যক্তিৰ মুখ।এক আকৰ্ষণীয় শাৰীৰিক সুষমাৰ অধিকাৰী তেওঁ। পেছাত এগৰাকী মডেল তথা অভিনেতা মিলিন্দ সুমন এগৰাকী সফল দৌৰবিদো। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইখন মাৰাথান আৰু দীৰ্ঘ দূৰত্বৰ দৌৰত অংশগ্ৰহণ কৰি মিলিন্দ সুমনে গঢ়ি থৈছে অভিলেখ। বহুতেই হয়তো জানে দৌৰবিদগৰাকীৰ অসমৰো লগত আছে এক গভীৰ সম্পৰ্ক। মিলিন্দ সুমন অসমৰ জোঁৱাই। গুৱাহাটীৰ জীয়ৰী অংকিতা কোঁৱৰ মিলিন্দৰ পত্নী। মিলিন্দৰ বৰ্তমান বয়স ৫৬। এই ৫৬ বছৰ বয়সতো তেওঁ ইমানেই ফিট যে তেওঁ বহু যুৱকৰ বাবেই ঈৰ্ষাৰ বিষয়। ৫৬ বছৰ বয়সতো হাজাৰ হাজাৰ কিলোমিটাৰ দৌৰাৰ শক্তি ক’ৰ পৰা আহে? স্বাস্থ্যৱান, ফিট, প্ৰাণৱন্ত মিলিন্দ সুমনৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানোচোন আহক-

মিলিন্দ সদায় জিমৰ পৰা আঁতৰত থাকে

হয় আপুনি ঠিকেই পঢ়িছে। মিলিন্দ সুমন কেতিয়াও জিমলৈ নাযায়। মিলিন্দে নিজৰ শৰীৰত চৰ্বী জমা নহবলৈ কেৱলমাত্ৰ দৌৰে। মিলিন্দৰ মতে জিম কেৱল বডী বিল্ডাৰসকলৰ বাবেহে উপযুক্ত, শৰীৰৰ ফিটনেছ ধৰি ৰাখিব খোজা সকলৰ বাবে নহয়। মিলিন্দ সুমনৰ বয়স যেতিয়া ৩৮ বছৰ আছিল তেতিয়াই তেওঁ জিমলৈ যোৱা বন্ধ কৰিছিল। জিম যোৱা বন্ধ কৰি মিলিন্দে বিশ্বাস কৰে যে ২০ বছৰ আগৰ তুলনাত তেওঁ আজি বেছিকৈ ফিট হৈ আছে।

মিলিন্দৰ সৰল ফিটনেছ ৰুটিন

মিলিন্দে নিজক শৰীৰ ঠিকে ৰাখিবলৈ তেনেই সৰল ব্যায়াম পুশ্ব-আপ, পুল-আপ কৰে আৰু দৌৰে। ফিট থাকিবলৈ জিমলৈ যোৱাটো প্ৰয়োজনীয় নহয়। মিলিন্দে প্ৰতিদিনে নহয় সপ্তাহত ৩-৪ বাৰ দৌৰে। মিলিন্দে কয় যে আপোনাৰ শৰীৰ সকলো সময়তে সক্ৰিয় থকাটো অতি গুৰুত্বপূৰ্ণ। মানুহ এক্টিভ হৈ থাকিব লাগে বুলি কয় মিলিন্দে।

মিলিন্দে ডায়েটিং নকৰে

যদি আপুনি ভাবে যে মিলিন্দৰ দৰে শৰীৰ এটা পাবলৈ আপুনি কঠোৰ ডায়েটিং কৰিব লাগিব তেন্তে ই একেবাৰে নহয়। মিলিন্দে কেতিয়াও ডায়েটিং নকৰে। তেওঁ কেৱল স্বাস্থ্যকৰ সুষম খাদ্য খায়। চেনীৰ পৰা তেওঁ দূৰত থাকে, মিঠাৰ বাবে কেৱল গুড় বা মৌৰে তৈয়াৰী বস্তু খায়। পেকেটযুক্ত খাদ্য, জাংক ফুড আৰু ৰাসায়নিক খাদ্যৰ পৰাও আঁতৰি থাকে।

ধূমপানৰ পৰা আঁতৰি থাকে

মিলিন্দৰ মতে, যেতিয়া তেওঁ টিভিত কেৰিয়াৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ধূমপানৰ প্ৰতি আসক্ত হৈ পৰিছিল, আৰু সেই সময়ছোৱাত তেওঁ এদিনত ৩০ টালৈকে চিগাৰেট সেৱন কৰিছিল। কিন্তু ২০০৪ চনত, ১৭ বছৰ আগতে মিলিন্দ সুমনে ধূমপান ত্যাগ কৰিছিল আৰু তেওঁৰ অভ্যাস সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ ৩ বছৰ সময় লাগিছিল।

ৰাতি সোনকালে শুৱা, পুৱা সোনকালে উঠা

‘Early to bed and early to rise makes a man healthy, wealthy, and wise.’ বেঞ্জামিন ফ্ৰেংকলিনে সৌ তাহানিতে কৈ যোৱা ইংৰাজী বাক্যশাৰী আমি সৰুৰে পৰা শুনি আহিছো। কিন্তু আমি ডাঙৰ হোৱাৰ লগে লগে বাস্তৱ জীৱনত ইয়াক অনুসৰণ কৰাটো অতি কঠিন হৈ পৰে। কিন্তু মিলিন্দে নিজৰ জীৱন সুন্দৰৰূপে পৰিচালিত হ’বলৈ সম্পূৰ্ণৰূপে এই বাক্যশাৰী অনুসৰণ কৰি আহিছে। তেওঁ নিশা ১০ বজাত শুৱে আৰু পুৱা ৫ বজাত উঠে। এইটো তেওঁৰ ফিটনেছৰ এটা ৰহস্য।

বিশিষ্ট শিক্ষাবিদ ফণীধৰ কোৱৰলৈ জ্যেষ্ঠ নাগৰিক বটা

শতায়ু গৰকা বিশিষ্ট শিক্ষাবিদ ফণীধৰ কোৱৰলৈ ডিম্বেশ্বৰ শৰ্মা আৰু কিৰণময়ী দেৱী সোৱৰণী জ্যেষ্ঠ নাগৰিক বটা। নাজিৰাৰ শতায়ু গৰকা অভিজ্ঞপুষ্ট বিশিষ্ট শিক্ষাবিদ ফণীধৰ কোৱৰলৈ ২০২১ বৰ্ষৰ ডিম্বেশ্বৰ শৰ্মা আৰু কিৰণময়ী দেৱী সোৱৰণী বটা আগবঢ়াইছে নাজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে ।

অহা ২৫ ডিচেম্বৰত নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি জীৱনৰ বিয়লি পৰলৈকে মানৱ জাতিৰ সৰ্বমংগলৰ বাবে আগবঢ়োৱা ত্যাগ আৰু অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰৱীণ শিক্ষাবিদ গৰাকীক এই বটা প্ৰদান কৰিব । নাজিৰা মহকুমা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগা নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱসৰ সমূহ কাৰ্যক্ৰমণিকাতে সদাশয় ৰাইজৰ সহযোগিতাৰ বাবে সন্মিলনৰ সভাপতি প্ৰভাত বৰঠাকুৰ আৰু সম্পাদক বিজয় চন্দ্ৰ বৰাই আহ্বান জনাইছে । 

ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত দিৱস

বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ গণিত আৰু বিজ্ঞান ক্লাৱৰ উদ্যোগত ২২ ডিচেম্বৰৰ  দিনা দশম  ৰাষ্ট্ৰীয় ‘ গণিত দিৱস ‘পালন কৰা হয় । বিদ্যালয়খনৰ প্ৰাংগণত  দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত বিদ্যালয়ৰখনৰ  চৌহদ চাফাই , বন্তি প্ৰজ্বলনৰ পাছত বিদ্যালয়খনৰ  অধ্যক্ষা অৰুনমণি দেৱীৰ সভাপতিত্বত  এখন শিক্ষামূলক সভা অনুস্থিত হৈ যায় ।

বিদ্যালয়খনৰ  উপাধ্যক্ষ লক্ষ্মী ছেৰাই , বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক হাফিজুৰ ৰহমান , সোণমণি দাস, বিপুল ভৰালীয়ে সভাখনত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলে গণিত আৰু বিজ্ঞানৰ বিষয়টো কেনেদৰে সহজ কৰি ল’ব পাৰিব, তাৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে এগৰাকী ছাত্ৰ অথবা ছাত্ৰীয়ে দিনত কেইঘন্টা পঢ়িব লাগে আৰু কেনেকুৱা সময়ত অংক কৰিলে পাহৰি নাযায় ইত্যাদি সাৰুৱা ভাষাৰে বক্তব্য আগবঢ়ায়। ঐতিহ্যমণ্ডিত বিদ্যালয়খনত এক সুন্দৰ পৰিৱেশৰ  মাজত  প্ৰশিক্ষণ  শিবিৰৰদৰে অনুষ্ঠিত হোৱা সভাখনত বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰীসকল ক্ৰমে  বিকাশ আলী , বিদ্যুৎপ্ৰাণ চহৰীয়া , মৰমী দাস ,হৰেশ্বৰ শইকীয়া , পাঞ্জল দাসৰ লগতে কৰ্মচাৰী আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে তদানীন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে বিখ্যাত গণিতজ্ঞ পণ্ডিত ৰামানুজনৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰিবলৈ  ঘোষণা  কৰিছিল । সেয়েহে  তেওঁৰ এই জন্ম  দিনটোক ৰৌতাৰ দণ্ডচহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত ‘গণিত দিৱস’ হিচাপে পালন কৰা হয় । 

৭,৮ ফেব্রুৱাৰীত নিলাম হ’ব আই পি এল

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণৰ খেলুৱৈ নিলাম অহা বর্ষৰ ৭, ৮ ফেব্রুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ চিন্তা–চর্চা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

বি চি চি আইৰ এগৰাকী আগশাৰীৰ বিষয়াই আজি এই কথা সদৰী কৰিছে৷ লোভনীয় প্রতিযোগিতাখনৰ খেলুৱৈ নিলাম অনুষ্ঠানটো বাংগালুৰুত অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি ব’ৰ্ডৰ বিষয়াগৰাকীয়ে লগতে কয় যে খেলুৱৈ নিলাম অনুষ্ঠানটোৰ বাবে বাংগালুৰুত ব্যাপক প্রস্তুতি চলোৱা হৈছে৷

স্থগিত নহয় ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট আৰু এদিনীয়া শৃংখলা

অমিক্রনৰ ভয়াৱহতা যিমানে বৃদ্ধি নাপাওক কিয়, টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট আৰু এদিনীয়া শৃংখলাটো আধাতে স্থগিত নহয়৷ ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ প্রাদুর্ভাৱৰ মাজতো ভাৰত আৰু ঘৰুৱা দলৰ মাজত হ’বলগীয়া আগন্তুক শৃংখলা চলাই নিয়াৰ সহমতত উপনীত হৈছে ক্রিকেট ছাউথ আফ্রিকা আৰু ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড৷ দক্ষিণ আফ্রিকাত দিনকদিনে অমিক্রনত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দুয়ো দেশৰ মাজৰ আগন্তুক শৃংখলাটোলৈ অনিশ্চয়তা আহি পৰাৰ মাজতে আজি দুয়োখন দেশৰ ক্রিকেট ব’র্ডে শৃংখলাটো চলাই নিয়াত সন্মতি জনায়৷ দুয়ো দেশৰ মাজৰ তিনিখনীয়া টেষ্ট শৃংখলাটো অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷ দেশখনত দিনকদিনে অমিক্রনৰ ভয়াৱহতা বৃদ্ধি পোৱাত ক্রিকেট দক্ষিণ আফ্রিকাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক এইবুলি আশ্বাস দিছে যে যদি অমিক্রনৰ ভয়াৱহতাৰ বাবে সীমান্ত বন্ধ হয়, তেতিয়াহ’লে ভাৰতীয় দলটোক সুকলমে স্বদেশলৈ ঘূৰাই পঠিওৱাৰ সমস্ত দায়িত্ব দক্ষিণ আফ্রিকা চৰকাৰে ল’ব৷ ইপিনে, শৃংখলাটো চলি থকাৰ সময়ত যদি টীম ইণ্ডিয়াৰ কোনো খেলুৱৈ তথা ছাপ’ট ষ্টাফৰ সদস্যক কোনো কাৰণত যদি চিকিৎসালয়ত ভর্তি কৰিবলগীয়া হয়, তাৰ বাবেও ক্রিকেট দক্ষিণ আফ্রিকাই সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ এই সন্দর্ভত চি এছ এই কেইখনমান চিকিৎসালয়ৰ সৈতেও কথা–বতৰা পাতিছে৷ ইপিনে, দুয়ো দেশৰ মাজৰ শৃংখলা দুটা বন্ধ ষ্টেডিয়ামৰ মাজত অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি ক্রিকেট ছাউথ আফ্রিকাই কয় যে ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ সৈতে যাতে কোনো লোক সংস্পর্শলৈ নাহে তাৰ প্রতি লক্ষ্য ৰাখি শৃংখলাটো বন্ধ ষ্টেডিয়ামত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ মুঠতে ভাৰতীয় দলটোৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ শৃংখলা চলি থকাৰ সময়ছোৱাত প্রতিদিনে দুয়োটা দলৰ খেলুৱৈসকলৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হ’ব৷ উল্লেখ্য যে শৃংখলাটোৰ দ্বিতীয়খন টেষ্ট ৩–৭ জানুৱাৰীত আৰু তৃতীয় তথা অন্তিমখন টেষ্ট ১১–১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ ইপিনে দুয়ো দেশৰ মাজৰ এদিনীয়া শৃংখলাটো ১৯–২১ আৰু ২৩ জানুৱাৰীত খেলোৱা হ’ব৷

শীতকালীন Wonderlandলৈ পৰিণত শ্বিলং

ৰাতিপুৱা ধাৰাসাৰ বৰষুণৰ ফলত চহৰখন শীতকালীন ৱণ্ডাৰলেণ্ডলৈ পৰিণত হোৱাৰ পিছত শ্বিলং আৰু সংলগ্ন অঞ্চলৰ লোকসকলক আজি হঠাতে শিলাবৃষ্টিৰে আদৰণি জনোৱা হয়।নংস্পুং, উজনি শ্বিলং আৰু ৰি-ভই জিলাৰ কেইবাটাও অঞ্চলকে ধৰি সমগ্ৰ ৰাজ্যৰ পৰা প্ৰচণ্ড শিলাবৃষ্টিহোৱাৰ খবৰ পোৱা গৈছে।শিলাবৃষ্টিৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হোৱাৰ বাবে প্ৰচুৰ যান-বাহনও দেখা গৈছিল।

উল্লেখ কৰিব পাৰি যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে ২২ ৰ পৰা ২৫ ডিচেম্বৰলৈ পশ্চিম হিমালয় অঞ্চলত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু তুষাৰপাতৰ ভৱিষ্যতবাণী কৰিছিল।বিভাগটোৱে ২১ ৰ পৰা ২৪ ডিচেম্বৰলৈ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বজ্ৰপাতৰ সৈতে বৰষুণৰ আগজাননি দিছে।শ্বিলঙৰ বাসিন্দাসকলে তেওঁলোকৰ চাৰিওফালৰ চাৰিওফালৰ ফটো বগা ৰঙেৰে আৱৰি থকা ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল যিবোৰ সম্পূৰ্ণৰূপে শিলাশিলেৰে আবৃত আছিল।

বৰষুণ আৰু প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত চহৰখনৰ তাপমাত্ৰা হ্ৰাস পাইছে।

ফিলিপাইনছত টাইফুনত মৃত্যু ১৬৯

প্ৰকৃতিৰ তাণ্ডৱ চলিল ফিলিপাইনছত ৷ টাইফুনে তচ-নচ কৰিলে ফিলিপাইনছৰ একাধিক অঞ্চল ৷ ৰায় নামৰ এই ধুমুহাৰ ফলত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে প্ৰায় ১৬৯ গৰাকীকৈ লোকে ৷ বিগত সপ্তাহত এই ধুমুহাৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছিল৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, এতিয়াও প্ৰায় ৫০ গৰাকী লোক সন্ধানহীন হৈ আছে ৷

ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ’ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷ ফিলিপাইনছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ (পিএনপি) মুখপাত্ৰ কৰ্ণেল ৰ’ডৰিক আগষ্টাছ আলবাৰে দেওবাৰে সদৰী কৰা অনুসৰি, ভিছায়া এলেকাৰ অধিকাংশ লোক মৃত্যুমুখত পৰিছে৷ অঞ্চলটোত বৰ্তমানলৈকে মৃত্যু ঘটিছে ১২৯ জন লোকৰ ৷ বিপৰীতে কাৰাগাত ১০ গৰাকী, উত্তৰ মিন্দানাও ৭ গৰাকী আৰু জাম্বোয়াংগা অঞ্চলত এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷

দেশখনৰ ৩,০০০ ৰো অধিক অঞ্চলত প্ৰায় ১,৮০,৮০০ ৰো অধিক লোক গৃহহাৰা হৈছে৷ এই স্থানসমূহত বৰ্তমান পৰ্যন্ত বিচ্ছিন্ন হৈ আছে বিদ্যুত সংযোগ ৷ দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু ব্যৱস্থাপনা পৰিষদৰ (NDRRMC) মতে, ১৬ ডিচেম্বৰত ৰায়ে ফিলিপাইনছত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত ৩,৩২,০০০ ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল৷ পৰিষদে বৰ্তমানলৈকে ৩১ গৰাকী লোকৰ মৃত্যুৰ খবৰ লাভ কৰিছে ৷ যাৰ ভিতৰত ৪ গৰাকীৰ এই ৰায় নামৰ ধুমুহাৰ কবলত পৰি মৃত্যু ঘটিছে ৷

বৰ্ধিত অ’মিক্ৰণ সম্পৰ্কে বিশেষ বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুধবাৰে ভাৰতত অ’মিক্ৰণৰ ঘটনা ২১৮ টালৈ বৃদ্ধি হ’ল। শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানত ৫ গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে অ’মিক্ৰণত।ইয়াৰে এগৰাকী তিৰুপতি আৰু ৪ গৰাকী জয়পুৰত ধৰা পৰিছে । এতিয়ালৈ অ’মিক্ৰণত আক্ৰান্ত ৰোগী ভাৰতৰ ১৫ খন ৰাজ্যত ধৰা পৰিছে । বুধবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অ’মিক্ৰণত আক্ৰান্ত ৯০ গৰাকী সুস্থ হৈ উঠিছে ।

ইফালে দিল্লীত এতিয়াও সৰ্বাধিক ৫৭ গৰাকী অ’মিক্ৰণত আক্ৰান্ত ৰোগী আছে । সমান্তৰালকৈ মহাৰাষ্ট্ৰত ৫৪ গৰাকী, তেলেংগানাত ২৪ গৰাকী, কৰ্ণাটকত ১৯ গৰাকী, ৰাজস্থানত ২২ গৰাকী, কেৰালাত ১৫ গৰাকী আৰু গুজৰাটত ১৪ গৰাকী অ’মিক্ৰণত আক্ৰান্ত ৰোগী আছে। জানিব পৰা মতে ভাৰতত অ’মিক্ৰণৰ ঘটনা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত নতুনকৈ ৬,৩১৭ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে দেশত ক’ভিড-১৯ ৰোগীৰ সংখ্যা ৩,৪৭,৫৮,৪৮১ লৈ বৃদ্ধি পাইছে । আনহাতে দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৮,১৯০ টা ।

যোৱা ২৪ ঘণ্টাত দেশত ৩১৮ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ ফলত দেশত মুঠ ক’ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা হ’লগৈ ৪,৭৮,৩২৫ টা । দেশত আৰোগ্যৰ হাৰ ৯৮.৪০ শতাংশলৈ বৃদ্ধি হৈছে ।ক’ভিড সংক্ৰমণৰ সমান্তৰালকৈ দেশত টীকাকৰণ অভিযানো অব্যাহত আছে । বুধবাৰে পুৱালৈ ভাৰতত মুঠ ১৩৮.৯৬ কোটি ক’ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ওচৰত এতিয়াও ১৭.৭৩ কোটিতকৈও অধিক ক’ভিড প্ৰতিষেধকৰ পালি মজুত আছে ।

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি ষষ্ঠ দিন আন কেইদিনৰ দৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়। ২২ ডিচেম্বৰৰ পুৱা  ১০ বজাত মৰহুম জুলহাস সিকদাৰ সোঁৱৰণী স্মৃতি পৰীক্ষা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন পাটাছাৰকুছি ক্ষেত্ৰিয় পথ উপ-সংমণ্ডল সহকাৰী কাৰ্যবাহী অভিযন্তা ইমামুল ইছলাম উদ্দিনে উদ্বোধন কৰে । এই প্ৰতিযোগিতাত অতিথি হিচাপে শংকৰ আজান ৰুৰেল ডেভলপমেন্ট ছ’চাইটিৰ সভাপতি বাবুল শিকদাৰে। প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰ আৰু নগদ তিনি হাজাৰ হাজাৰ টকা লাভ কৰে আছাম ডাউন টাউন ইউনিভাৰ্ছিটিৰ নায়েবুল ইছলামে দ্বিতীয় স্থান লাভ কৰি প্ৰমাণপত্ৰ আৰু দুই হাজাৰ টকা লাভ কৰে কয়াকুছি জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ মাজিদুৰ আহমেদে  ।

আনহাতে আছাম ব্ৰিলিয়ান্ট একাডেমী স্বাহানুৰ ইছলামে তৃতীয় স্থান লাভ কৰি নগদ এক হাজাৰ আৰু প্ৰমাণপত্ৰ লাভ কৰে সাহানুৰ ইছলামে। দুপৰীয়া ১২ বজাত মৰহুম হজৰত আলী সোঁৱৰণী প্ৰবন্ধ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰৱন্ধ লিখা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কয়াকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ছিকান্দাৰ আলী আহমেদে । প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰ আৰু নগদ তিনি হাজাৰ টকা লাভ কৰে আছাম ব্ৰিলিয়ান্ট একাডেমীৰ সাহানুৰ ইছলামে। দ্বিতীয় স্থান লাভ কৰি প্ৰমাণ পত্ৰ আৰু দুই হাজাৰ টকা লাভ কৰে দিল্লীৰ জামিয়া মিলিয়াৰ ছাত্ৰ ৰাজিবুল আৱালে ।

আনহাতে তৃতীয় স্থান দখল কৰি একহাজাৰ টকা আৰু প্ৰমাণপত্ৰ লাভ কৰে জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ নাছিমা আকতাৰে। এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বি এইচ বি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোফাজ্জেল হুছেইন, পাঠশালা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা ক্ৰমে  ভৱেশ কলিতা,দ্বীপেন মেধি আৰু পংকজ পাটগিৰি। লগতে আবেলি চাৰি বজাত আদৰ্শ বিদ্যালয় পাকাবেতবাৰীৰ প্ৰতিভা সন্ধানী কাৰ্যসূচী শুভউদ্বোধন কৰে নগাও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ আব্দুল কদ্দুছ সিকদাৰে । উক্ত অনুষ্ঠানত বৰপেটা জিলা সামাজিক বনানীকৰণৰ বিষয়া অহেৰ আলীৰ লগতে ডাঃ জিন্টুমনি নাথ প্ৰমোক্ষে কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকি শোভা বৰ্ধন কৰে ।