Home Blog Page 2652

জিকিৰ শিল্পী মতিউৰ ৰহমান আৰু নাই

দৰং জিলাৰ ছিপাঝাৰৰ মাৰৈৰ গাঁৱৰ নিৱাসী এগৰাকী সুকণ্ঠী জিকিৰ শিল্পী মতিউৰ ৰহমান(৪৫)আৰু নাই। উল্লেখ্য যে আজান ফকীৰ ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত যুৱ শিল্পী মতিউৰ ৰহমান ২০২০ চনত হোৱা এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত আৰ্থিক অনাটনৰ বাবে শিল্পী গৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ আনিছিল।প্ৰায় দুবছৰ ধৰি ঘৰতে বিচনাত পৰি থকাৰ পাছত ২২ তাৰিখৰ পুৱা শিল্পী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দূৰদৰ্শন আৰু আকাশবাণীৰ এগৰাকী নিয়মীয়া শিল্পী মতিউৰ ৰহমানে আজান ফকীৰৰ সৃষ্টি জিকিৰ গীতেৰে বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীৰ মাজত একতাৰ সমন্বয় জৰী বন্ধাৰ অপ্ৰাণ চেষ্টা কৰিছিল।

গীতেৰে অসমীয়া সমাজ খনক বুজাই দিছিল যে- অসমীয়াৰ মাজত কোনো জাতি-ভেদৰ কথা নাই আমি সকলো এক। বিভিন্ন ধৰ্ম-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বৰভেটি বান্ধোতা জিকিৰ শিল্পী মতিউৰ ৰহমানে ‘আজান ফকীৰ চাহেব’ কথা ছবিতো এগৰাকী সুদৰ্শন অভিনেতাৰ দৰে বলিষ্ঠ অভিনয় কৰিছিল।শিল্পী গৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতখনত লগতে অসমীয়া সমাজখনৰ বাবে এক বৃহৎ ক্ষতি।

মৃত্যুৰ সময়ত সহধৰ্মিণী জিকিৰ শিল্পী পাৰবিণা চুলতানা, দুই সন্তান আৰু অলেখ গুণমুগ্ধক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ শিবিৰ

 অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যেগত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ২১ ডিচেম্বৰত খুুমটাাই কৃষি বিজ্ঞান কেন্দ্ৰত শুভাৰম্ভৰ হয়  । শস্য বিজ্ঞান বিভাগৰ বিজ্ঞানী কৃষ্ণাক্ষী বৰাই আঁত ধৰা অনুষ্ঠানটো শুভাৰম্ভ কৰে শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড° প্ৰসন্ন পাঠকে ।

কৃষি বিজ্ঞান কেন্দ্ৰৰ  বিজ্ঞানী ড° ভৱেশ চন্দ্ৰ ডেকা ,গোলাঘাট জিলা মহকুমা কৃষি বিষয়া কৃষ্ণ শইকীয়া ,জিলা কৃষি তথ্য বিষয়া অনুপম গগৈয়ে উপস্থিত লোক সকলক কৃষি সম্পৰ্কীয় বিভিন্ন তত্ব গধুৰ ভাষণ প্ৰদান কৰে ।

মাজবাটত চাৰি যুৱকে নিৰ্মাণ কৰিলে বাঁহৰ দলং

মাত্ৰ এখন দলং,এটা পথৰ নিৰ্মাণ আৰু সেই পথত এটা কালভাৰ্ট নিৰ্মাণৰ বাবে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত  দাবী উত্থাপন কৰি অহাৰ সময়তে মাজবাটত  চাৰিজন যুৱকে ১ লাখ ৫০ হাজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰিছে এখন বাহৰ দলং । ওদালগুৰি আৰু শোনিতপুৰ জিলাক  সীমা নিৰ্ধাৰণ কৰা মাজবাট পাচঁনৈখুটি আৰু দেৱালখণ্ড গাঁৱৰ পাচঁনৈ নদীৰ ওপত বাহেৰে নিৰ্মাণ কৰা হৈছে এই মালিকানাধীন দলং। ওদালগুৰি জিলাৰ  দেৱালখণ্ড গাঁৱৰ বিষ্ণু দৈমাৰী,প্ৰাঞ্জল বড়ো,আৰু শোণিতপুৰ জিলাৰ ঝাৰগাওঁ  হুগ্ৰাজুলীৰ  ধৰ্মেশ্বৰ বড়ো আৰু সঞ্জীৱ বড়ো এই চাৰিজন যুৱকে নৈখনৰ ওপৰত কাঠৰ খুটাৰে ৫০ ফুট দৈৰ্ঘ্যৰ ৯ ফুট বহল বাহৰ দলংখন নিৰ্মাণ কৰি উলিয়াইছে। কাৰণ যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি এখন ৰেলৰ দলঙৰ ওপৰেৰে বিপদ সংকুলতাৰে যাতায়ত কৰি আছিল দুয়োখন জিলাৰ ৰাইজ। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী,ব্যৱসায়, বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা লোক সকলে যাতায়তৰ  ক্ষেত্ৰত যথেষ্ট সকাহ পাবলৈকে সক্ষম হৈছে ।

ইয়াৰ আগতে শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ ৰাইজে আৰু  কৰ্মচাৰী সকলে চাৰিচকীয়া গাড়ী আৰু মটৰ চাইকেলেৰে চিৰাৰাজুলি হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে মাজবাটলৈ প্ৰায় ৩০ কিলোমিটাৰ যাতায়াত কৰি অহা -যোৱা কৰিব লগীয়া হৈছিল যদিও এতিয়া মাএ ২ কিলোমিটাৰ পথ অতিক্ৰম কৰিলেও মাজবাট অথবা শোণিতপুৰ জিলাৰ হুগ্ৰাজুলীলৈ যাব পাৰা হ’ল। এই চাৰিজন যুৱকে ১ লাখ ৫০ হাজাৰ টকা খৰছ কৰি নিৰ্মাণ কৰা মালিকানাধীন দলংখনৰ ওপৰেৰে অহা -যোৱা কৰাৰ নামত ছাত্ৰ- ছাত্ৰী ,ৰেলৱে কৰ্মচাৰী সকলৰ বিনামূলীয়া যাতায়ত কৰিবলৈ সুবিধা কৰি দিয়াৰ  লগতে এখন ট্ৰেক্টৰ পাৰ হ’বলৈ  এবাৰত ৫০ টকা, মটৰ চাইকেল ১০ টকা, চাইকেল ৫ টকা আৰু খোজ কাঢ়ি যোৱা পথচাৰী সকলৰ পৰা ৫ টকাকৈ লোৱা বুলি জানিবলৈ দিছে যুৱক কেইজনে । আনহাতে  অঞ্চলটোৰ ৰাইজে  এই দলংখনেৰে দৈনিক অহা – যোৱা কৰে যদিও সৰহ সংখ্যক পথচাৰীৰ পৰা টকা লোৱা নহয় বুলি জানিবলৈ দিছে । বৰ্তমান ৫০ ফুট দৈৰ্ঘ্যৰ   দলংখন বাৰিষাৰ সময়ত পুনৰ মেৰামতি কৰি দলংখনৰ দৈৰ্ঘ্য ৬০ পৰা ৭০ ফুট কৰা হ’ব বুলি জনাইছে। শিক্ষিত যুৱক কেইজনৰ এনে মহানুভৱতাৰ বাবে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে কাঠৰ খুটা পুতি  বাহেৰে নিৰ্মাণ কৰা দলংখনৰ চাবলৈ দূৰ- দূৰনিৰ পৰা বহু লোক আহি ভিৰ কৰা পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে ।

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সম্বৰ্ধনা

নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলত শান্তি-শৃংখলা অটুট ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ অসম আৰক্ষী প্ৰশাসনে সদ‍্য নিয়ুক্তি প্ৰদান কৰা  ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী চন্দন ডেকাক কালি অসম জাতীয়বাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক  সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখ‍্য যে এজন দক্ষ আৰক্ষী বিষয়া হিচাপে ভাস্কৰ মল্ল পাটোৱাৰীৰ ইন্সপেক্টৰ পদলৈ পদোন্নতি সহকাৰে ৰঙিয়া সদৰ থানালৈ বদলি হোৱাৰ পিছত ঘগ্ৰাপাৰ থানালৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে চন্দন ডেকাই যোগদান কৰাৰ পিছতে বৃহত্তৰ অঞ্চলটো বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে  বিগত দিনত আৰক্ষী বিষয়াগৰাকীক অভিনন্দন আৰু সম্বৰ্ধনা জনাই অহাৰ সময়তে  কালি  অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ আলী,চৰিফুল আলী,সভাপতি আনোৱাৰ হুছেইন,সাধাৰণ সম্পাদক নৱজ‍্যোতি কলিতাসহ এটি সজাঁটি দলে ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ আৰক্ষী বিষয়া ডেকাক গামোচা আৰু ফুলাম জাঁপি আদিৰে সম্বৰ্ধনা জনায়।

ওদালগুৰি লেখিকা সংস্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশন

ওদালগুৰি লেখিকা সংস্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশন খনি ২১ডিচেম্বৰত  এদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ  সভাকক্ষত অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে লেখিকা সংস্থাৰ সভাপতি মঞ্জু দেৱীয়ে। স্মৃতি তৰ্পণ কৰে লেখিকা সংস্থাৰ উপদেষ্টা প্ৰতিভা চহৰীয়াই।

পুৱা ১০ বজাত লেখিকা সংস্থাৰ সদস্যাৰ মাজত  আকস্মিক বক্তৃতা প্ৰতিযোগিতা খনি সঞ্চালনা কৰে উপ-সভাপতি অঞ্জু গোস্বামী কলিতাই।পুৱা ১১ বজাত বিষয়-বাচনি সভাত অঞ্জু গোস্বামী কলিতাক সভাপতি আৰু ৰেবিকা দেৱীক সম্পাদিকা হিচাপে লৈ ওদালগুৰি লেখিকা সংস্থাৰ ১৫ জনীয়া সমিতি গঠন কৰা হয়।দিনৰ ১বজাত মুকলি সভা উদ্বোধন কৰে লেখিকা সংস্থাৰ উপদেষ্টা প্ৰতিভা চহৰীয়াই।

দিনৰ ২ বজাত লেখিকা নিৰুপমা বৰগোহাঞিৰ সাহিত্যক জীৱনৰ ওপৰত আলোকপাত আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ক্ৰমে প্ৰতিভা চহৰীয়া,মেঘমালা সূত্ৰধাৰ,অঞ্জু গোস্বামী কলিতা,ৰঞ্জনা তালুকদাৰ,অৰ্পণা হাজৰিকা কলিতা আৰু ধনমণি ডেকা দত্তই।বিয়লি ৩ বজাত মুখপত্ৰ বিকশিতা উন্মোচন কৰে উপদেষ্টা মেঘমালা সূত্ৰধাৰে। বিয়লি ৪ বজাত মুকলি মঞ্চৰ জৰিয়তে নৃত্য গীত,কবিতা পাঠৰ অনুষ্ঠান।শলাগৰ  শৰাই আগবঢ়ায়  সম্পাদক জ্যোৎস্না বৰ্মন দাসে।

নব কুমাৰ ডেকা

পিকে’ত পিকাবলৈ কেইখন পাণ খাইছিল আমিৰে?

আমিৰ খান-নামেই যাৰ পৰিচয়। চলচিত্ৰপ্ৰেমীৰ মাজত এইগৰাকী তাৰকা অভিনেতাৰ বিষয়ে নুশুনা মানুহ নাই বুলিয়েই ক’ব পাৰি। শত-সহস্ৰ গুণমুগ্ধ ৰৈ থাকে তেওঁৰ ছবিৰ বাবে। দীৰ্ঘ বিৰতিৰ অন্তত প্ৰিয় অভিনেতাজনৰ পৰা অনুৰাগীয়ে বিচাৰিছে নতুন ছবি। পাছে নতুন ছবি উপহাৰ নিদিলেও অভিনেতাজনে ৰহস্যভেদ কৰিছে আন এক সত্যৰ। আজিৰ পৰা ৭বছৰ পূৰ্বে মুক্তি পোৱা এখন ছবিৰ নেপথ্যৰ কাহিনী প্ৰকাশ কৰিছে মুকলিকৈ। উল্লেখ্য যে, ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত ‘পিকে’ চলচ্চিত্ৰখনে ২০১৪ চনত মুক্তিলাভ কৰিছিল। বলীউডত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ খ্যাত আমিৰ খান অভিনীত যিকোনো চলচ্চিত্ৰৰ চৰিত্ৰতে গভীৰভাৱে লীন যায় তেওঁ।

ছবিৰ চৰিত্ৰৰ সৈতে খাপ খুৱাবলৈ যাওঁতে কেতিয়াবা নিৰ্দিষ্ট চৰিত্ৰটোৰ বাবে ওজন হ্ৰাস কৰিছে আৰু কেতিয়াবা ওজন বৃদ্ধি কৰিছে অভিনেতাজনে। অগণিত ছবিৰ লেখীয়া আমিৰ খান অভিনীত জনপ্ৰিয় ছবি ‘পিকে’ত তেওঁক দেখিবলৈ পোৱা গৈছিল এলিয়েনৰ চৰিত্ৰত। জানিবলৈ পোৱা মতে, এই ছবিখনৰ বাবে তেওঁ দৈনিক ১০০ খনতকৈ অধিক পাণ খাইছিল। এই বিষয়ে সোধাত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ আমিৰে কয়, ‘মই পাণ খোৱাত ইমান অভ্যস্ত নহয়। মাজে সময়ে পান খাওঁ। তথাপি এইখন ছবিৰ বাবে মই অধিক পাণ খাবলগীয়া হৈছিল।’ তেওঁ লগতে কয়, ‘ মই ভাবিছিলো যে, প্ৰতিটো দৃশ্যৰ বাবে ৫০-৬০খন পাণ খাবলগীয়া হ’ব পাৰে।

কিন্তু ছবিৰ পৰিচালকে আৰু অধিক খাবলৈ কৈছিল।’ সেইবাবে আমিৰ খানে ১০০খনতকৈও অধিক পাণ খাবলগীয়া হৈছিল। উল্লেখ্য যে, ‘পিকে’ৰ ছেটত এজন পানৱালাও আছিল। প্ৰতিটো দৃশ্যৰ বাবে এখন সতেজ পাণ খাবলগীয়া হৈছিল অভিনেতাজনে। ইয়াৰোপৰি, শ্বুটিং আৰম্ভ কৰাৰ পূৰ্বে, মুখৰ ভিতৰত কিম্বা ওঁঠত সুন্দৰ ৰং পাবলৈ অতিকমেও ১০-১২খন পাণ খাইছিল আমিৰে। ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত এই ছবিখন যুটীয়াভাৱে হিৰাণী আৰু বিধুবিনোদ চোপ্ৰাই প্ৰযোজনা কৰি উলিয়াইছিল। স্মৰ্তব্য যে, ছবিখনত অনুষ্কা শৰ্মা, সুশান্ত সিং ৰাজপুত, সঞ্জয় দত্ত, বোমান ইৰাণী আৰু সৌৰভ শুক্লাৰ দৰে বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। শেহতীয়াকৈ অভিনেতাজনে ব্যক্ত কৰা নেপথ্যৰ গল্পকথাই আমোদ দিছে অনুৰাগীক।

কোন নায়িকাৰ ৰাজত্ব বনীৰ হৃদয়ত?

ৰূপালী পৰ্দাত প্ৰথম দেখা পাওতেই বনীৰ প্ৰেমত পৰিছিল তেওঁ। সেই আকৰ্ষণৰে চাপ যেন ৰৈ গ’ল চিৰকালৰ বাবে! যি প্ৰেমৰ সুৰে আজিও ৰোমাঞ্চিত কৰি তোলে এহাল প্ৰেমিক-প্ৰেমিকাক। চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰৰ হৃদয়ত এতিয়াও সেইগৰাকী নায়িকাৰে ৰাজত্ব। পাছে আপুনি-মই ভবাৰ দৰে সেইগৰাকী নায়িকা কিন্তু বনীৰ স্বৰ্গগামী পত্নী শ্ৰীদেৱী নহয়। তেওঁ হৈছে শৰ্মিলা ঠাকুৰ। সাৱলীল তথা দৃষ্টিনন্দন অভিনয়েৰে অনুৰাগীৰ হৃদয়ৰ মণিকূটত বিশেষ স্থান দখল কৰিছিল শৰ্মিলাই। ৰৈ বৈ গৈছিল খ্যাতিৰ জখলা।

শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ সৈতে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰিছে বনীয়ে। মাত্ৰ তিনিটা শব্দৰেই বনিয়ে বৰ্ণনা কৰিছে শৰ্মিলাৰ প্ৰতি থকা প্ৰেম-ভালপোৱা আৰু আন্তৰিক সান্নিধ্যৰ নিটোল অনুভৱ। ফটোৰ কেপচনত বনীয়ে লিখিছে, ‘মোৰ প্ৰথম প্ৰেম’। ছবিখনত শৰ্মিলাক বনীৰ কাষত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। শৰ্মিলাৰ কান্ধত বনীৰ হাত,মুখত উজ্জ্বল হাঁহি। বলীউডৰ দুই তাৰকাক এনেদৰে একেখন ফ্ৰেমত দেখা পাই আপ্লুত অনুৰাগী। নানা মন্তব্যৰে উপচাই দিছে দুয়োকে। উল্লেখ্য যে, বনীৰ পত্নী শ্ৰীদেৱীয়ে তিনি দশকৰো অধিক কাল বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰীৰ সুখ্যাতি অৰ্জন কৰিছিল।

তথাপি বনীয়ে নিজ পত্নী শ্ৰীদেৱীক নহয়, শৰ্মিলাকহে জীৱনৰ প্ৰথম প্ৰেম বুলি স্বীকৃতি দি গৈছে। আজিও পুৰণি স্মৃতিয়ে আমনি কৰে বনীক। মন উৰা মাৰে শৰ্মিলাৰ কাষলৈ। মাজে সময়ে তেওঁৰ স্বৰ্গীয় পত্নীৰ স্মৃতিকথা সুঁৱৰি আটোম-টোকাৰিকৈ সজাই থোৱা পুৰণি ফটোবোৰ সামাজিক মাধ্যমত পোষ্ট কৰে বনীয়ে। অনুৰাগীৰ সৈতে পুৰণি দিনৰ স্মৃতিৰ ভাগ-বতৰা কৰি ভাল পায় বনীয়ে। দিনদিয়েক আগেয়ে বনীয়ে একেধৰণৰ ছবিকেই পোষ্ট কৰিছিল। কিন্তু শেহতীয়াকৈ শৰ্মিলাৰ প্ৰতি থকা গোপন প্ৰেমৰ ইস্তাহাৰখন ৰাজহুৱা কৰাৰ পাছতে আশ্চৰ্য প্ৰকাশ কৰিছে অনুৰাগীয়ে। বহুজনে দিছে শুভেচ্ছা বাৰ্তা কিম্বা অভিনন্দন।

কোচ ৰাজবংশী জনজাতিৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ

ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি ৬ দফীয়া দাবীত  ২১ডিচেম্বৰত ওদালগুৰি জিলাৰ উপায়ুক্ত ডা: পি উদয় প্ৰবীনৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই।

ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ত  আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ হৈ স্মাৰক পত্ৰত স্বাক্ষৰ কৰে সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা, মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বড়া কোচ, সহকাৰী সাধাৰণ সম্পাদক হেমন্ত ডেকা, ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি মিন্টু বৰুৱা, ওদালগুৰি জিলা আক্ৰাছুৰ যুটীয়া সাধাৰণ সম্পাদক মুকুন্দ ডেকা),পংকজ ডেকাই।চৰকাৰক অতিশীঘ্ৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দাবী সমূহ সমাধানৰ দাবীত জনায়।অন্যথা গনতান্ত্ৰিকভাবে আন্দোলন কৰা হ’ব বুলি সকিয়াই দিয়ে।

ওদালগুৰিৰ লালপুল আৰক্ষীৰ বৃহৎ সফলতা

ওদালগুৰি জিলাৰ  লালপুলত লক্ষীমপুৰৰ পৰা গুৱাহাটী অভিমূখে গৈ থকা অৱস্থাত চাৰিখন গাড়ীভৰ্তি অৱৈধ ভাবে গৰু সৰবৰাহ কৰা গাড়ী জব্দ কৰে লালপুল আৰক্ষীয়ে ।২১ডিচেম্বৰত  পুৱতি নিশা লালপুল আৰক্ষীৰ এটি তহলদাৰী দলে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত  জব্দ কৰিবলৈ সক্ষম হয়। ১২৬ টা গৰু সহ চাৰিখন ট্ৰাকৰ সমান্তৰালভাৱে  ৮ জনকৈ গৰু সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰে৷ ।

1

ব্যক্তিকেইজন হল ক্ৰমে- ছাইদুলা বেপাৰী-আবু ছাহেদ ,-ছাইজুদ্দিন আলী,হাইবুৰ ৰহমান,-আব্দুল মালেক, বিল্লাল হুছেইন,নাবীন কাৰমাকাৰ,আৰু আচমত আলী  । গাড়ী চাৰিখনৰ নম্বৰ হ’ল -AS-01-DD-3188, AS-11-BC-4053, AS-01-KC-3657, AS-01-KC-3657, আটকাধীন ব্যক্তিকেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি  লালপুল আৰক্ষীয়ে জানিবলৈ দিয়ে৷বৰ্তমান সময়ত লালপুল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷

এজন মানুহৰ ব্যক্তিগত অংশত আছে ২৭৮ বিন্ধা

গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ধাৰক ৰল্ফ বুকোলজৰ গোটেই শৰীৰটো বিন্ধাৰে ভৰি আছে। কেৱল ব্যক্তিগত অংশত ২৭৮ টা ছিদ্ৰ আছে। মানুহে ভাবিছিল যে তেওঁলোকৰ যৌন জীৱন ভাল নহ’ব, কিন্তু ৰল্ফে কয় যে বিন্ধাই তেওঁলোকৰ যৌন জীৱনত কোনো প্ৰভাৱ পেলাব পৰা নাই।

বাৰ্লিন – এজন জাৰ্মান ব্যক্তিৰ শৰীৰত পৰিৱৰ্তনৰ ভূত আছে যিটো তেওঁ তেওঁৰ গোটেই শৰীৰটো বিন্ধাইছে। অৱশ্যে, তেওঁৰ অদ্ভুত শৰীৰৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডতো নাম লিপিবদ্ধ কৰা হৈছে। শৰীৰত মুঠ ৪৫৩ টা ধাতু বিন্ধা থকা ব্যক্তিজন হৈছে ৰল্ফ বুকোলজ (ৰল্ফ বুচোলজ)

দ্য চানৰ মতে, ৰল্ফ বুকোলজৰ (ৰল্ফ বুচোলজ) শৰীৰৰ প্ৰায় প্ৰতিটো অংশতে বিন্ধা বা বিন্ধা (বিন্ধা) থাকে। আনকি তেওঁলোকৰ ব্যক্তিগত অংশতো ২৭৮ টা ছিদ্ৰ আছে। এতিয়া এই প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য যে ৰল্ফৰ যৌন জীৱন কেনেকুৱা আছিল। গতিকে এতিয়া তেওঁলোকেও এইটো প্ৰকাশ কৰিছে। ৰল্ফে কয় যে তেওঁ হয়তো বাহিৰৰ পৰা সলনি হৈছে, কিন্তু ভিতৰখন এতিয়াও একেই আৰু তেওঁৰ যৌন জীৱনত কোনো প্ৰভাৱ পৰা নাই।

৬১ বছৰীয়া ৰল্ফে কেৱল বিন্ধাই নহয়, আন বহুতো ধৰণে নিজৰ শৰীৰক পৰিৱৰ্তন কৰিছে। তেওঁৰ শৰীৰত বহুতো টেটু আছে, আৰু তেওঁৰ মূৰত দুটা শিং ৰোপণ কৰিছে। যেতিয়া ৰল্ফৰ বয়স ৪০ বছৰ আছিল, তেতিয়া তেওঁ শৰীৰৰ পৰিৱৰ্তনৰ প্ৰতি অনুৰাগী আছিল, যি অতি সোনকালেই আৱেগলৈ পৰিণত হৈছিল। তেওঁ ৪০ বছৰ বয়সত তেওঁৰ প্ৰথম বিন্ধা কৰিছিল আৰু এতিয়া তেওঁৰ গোটেই শৰীৰটো বিন্ধাৰে ভৰি আছে। আনকি ব্যক্তিগত অংশও।

ওঁঠৰ চাৰিওফালে ৯৪ টা বিন্ধা

বিশ্ব ৰেকৰ্ড ধাৰক ৰল্ফে তেওঁৰ যৌন জীৱনৰ বিষয়ে বৰ্ণনা কৰি কৈছিল, ‘ধাতু বিন্ধা কেতিয়াও সমস্যা হোৱা নাছিল। মোৰ যৌন জীৱন আগৰ দৰেই, ই গুৰুত্বপূৰ্ণ নাছিল’। জাৰ্মান টেলিকম কোম্পানীএটাত কাম কৰা ৰল্ফৰ ওঁঠৰ চাৰিওফালে ৯৪ টা ছিদ্ৰ আছে।

বিমানবন্দৰত সমস্যা হয়

ৰল্ফৰ ধাতু বিন্ধাৰ বিষয়ে শোৱনি কোঠাত কোনো সমস্যা নাথাকিব পাৰে, কিন্তু তেওঁ বিমানবন্দৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। দুটা কাৰণ আছে, প্ৰথমতে, বেছিভাগ দেশে এনে ধৰণৰ শৰীৰৰ পৰিৱৰ্তন চাবলৈ অভ্যস্ত নহয় আৰু দ্বিতীয়ত, বিমানবন্দৰৰ মেটাল ডিটেক্টৰবোৰ পাৰ হোৱাৰ লগে লগে বাজিবলৈ আৰম্ভ কৰে যেন তেওঁলোকে তেওঁলোকৰ সৈতে এটা অস্ত্ৰ লৈ আছে। ৰল্ফে কৈছিল যে তেওঁক এবাৰ ডুবাই বিমানবন্দৰত ৰখাই দিয়া হৈছিল। কাৰণ কৰ্তৃপক্ষই ভাবিছিল যে মই এজন ক’লা যাদুকৰী ব্যক্তি।