Home Blog Page 2653

হেকৰাত বন্ধন বেংকৰ প্ৰশংসনীয় পদক্ষেপ

বন্ধন বেংকে বেংকিং সেৱা নিয়াৰিকৈ চলাই নিয়াৰ লগতে বিভিন্ন সামাজিক আৰু উন্নয়নমূলক কাম- কাজৰ মাজেৰে ৰাইজৰ অতি আস্থাভাজন হৈ পৰিছে ৷ তাৰে ভিতৰত ‘বন্ধন অতি দৰিদ্ৰ সহায়ক কৰ্মসূচী’, ‘বন্ধন স্বাস্থ্যমুলক আচঁনি’ , ‘বন্ধন শিক্ষামুলক আঁচনি’ , ‘নিৱনুৱা নিযুক্তি আচঁনি’ , ‘আৰ্থিক স্বাক্ষৰতা আচঁনি’ অন্যতম ৷ ২০০১ চনত চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ’ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল বন্ধনে ৷ উদ্দেশ্য আছিল সমাজৰ নিৰ্যাতিত,নিপীড়িত আৰু সমস্যাৰে জৰ্জড়িত মহিলাসকলক সমাজৰ মূলসুঁতিলৈ আগুৱাই অনা ৷ বন্ধনৰ এই উন্নয়নমূলক আচঁনিবোৰৰ ভিতৰত ২০০৬ চনত আৰম্ভ হোৱা বন্ধন “অতি দৰিদ্ৰ সহায়ক কৰ্মসূচী” নামৰ আচঁনিটোৱে সমাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷এই আঁচনিৰ অধীনত প্ৰথমেই পিআৰে সভাৰ জৰিয়তে চাৰ্ভে ফ্ৰমৰ সহায়ত উপভোক্তা বা হিতাধিকাৰীক নিৰ্বাচিত কৰা হয়। তাৰ পাছত তেওঁলোকে বিচৰা ব্যৱসায় বা প্ৰকল্পৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয় ।

প্ৰশিক্ষণৰ শেষত বিতৰণ কৰা হয় পচন্দমতে ব্যৱসায়ৰ বাবে সকলো ধৰনৰ সুবিধা ৷ এই ” অতিদৰিদ্ৰ সহায়ক কৰ্মসূচীৰ” দ্বাৰা হেকৰা শাখাত মঙলবাৰে প্ৰথম পৰ্যায়ত ২৫ গৰাকী মহিলা হিতাধিকাৰীক বিনামূলীয়াকৈ এককালীনভাৱে ব্যৱসায় কৰাৰ বাবে গেলামালৰ সামগ্ৰী, ৰেডিমেড কাপোৰ,চিলাই মেচিন আদি দি নিজৰ ভৰিত নিজে ঠিয় হবলৈ অনুপ্ৰেৰণা যোগোৱা হয় ৷ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিলকান্ত কম্বৰে ৷ অনুষ্ঠানটোৰ আতঁ ধৰে বন্ধন অতি দৰিদ্ৰ সহায়ক কৰ্মসূচীৰ এৰিয়া কৰডিনেটৰ গৌৰাঙ্গ ৰায়ে ৷সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বন্ধন বেংকৰ মাৰ্কেটিং টিম মেম্বাৰ অজয় কুমাৰ শীলে কয় এই কৰ্মসূচীৰ জৰিয়তে সমাজৰ অতি দৰিদ্ৰ বিধৱা স্বামী পৰিত্যক্তা, আৰু বিবাহৰ বয়স পাৰ হোৱা অবিবাহিত মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ বন্ধনে সদায় চেষ্টা অব্যাহত ৰাখিছে ৷মঙলবাৰে এই অঞ্চলত আমাৰ প্ৰথম সম্পদ বিতৰণ কাৰ্যসূচী, পৰ্যায়ক্ৰমে তালিকাভুক্ত আন মহিলাসকলোকো এই আচঁনিৰ আওঁতালৈ অনা হব ৷

কতৃপক্ষৰ এনে সুন্দৰ পদক্ষেপৰ শলাগ লৈ ২নং যোগীপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱক্তা হৰকুমাৰ কলিতাই ভাষণত কয় – এই অনুষ্ঠানটোৰ দ্বাৰা অতি দৰিদ্ৰতাৰ সৈতে যুঁজ দি অহা বিধৱা ,স্বামী পৰিত্যক্তা মহিলাসকল বিশেষ ভাৱে উপকৃত হব ৷ লগতে বন্ধন বেংকক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ৷ এই অনুষ্ঠানটোত উপস্থিত থাকে খুটাবাৰী গাওঁ পঞ্চায়তৰ সভাপতি ভজন বিশ্বাস,বাগডোবা বেছিমাৰী হাইস্কুলৰ শিক্ষক তথা বিশিষ্ট সমাজসেৱক হৰিদাস বিশ্বাস,ধুপধৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক খগেন সৰকাৰ,বিশিষ্ট ব্যৱসায়ী প্ৰবিন কলিতা,বিশিষ্ট সমাজসেৱক বলৰাম বিশ্বাস,সুবল বিশ্বাস আৰু তিলক দাস উপস্থিত থাকি বক্তব্য প্ৰদান কৰি সভাৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷

অনুষ্ঠানটোত বন্ধনৰ ফালৰ পৰা হেকৰা শাখাৰ শাখা পৰিচালক ৰিংকু কলিতা,দুধনৈ শাখাৰ শাখা পৰিচালক ৰূপম ডেকা ,ৰংজুলি শাখাৰ শাখা পৰিচালক উদয় বৰ্মনৰ লগতে মৰমী ৰায় ,দিপক দাস,শৈলেন বৰ্মন,ইলামণি সুত্ৰধৰ,বলোৰাম বৰ্মনো উপস্থিত থাকে। উল্লেখ যোগ্য যে বন্ধন বেংকৰ এই সংস্থাৰ যোগেদি বিধৱা,স্বামী পৰিত্যক্তা , আৰু বিবাহৰ বয়স পাৰ হোৱা অবিবাহিত মহিলা সকলক নিজে ঘৰত গৈ প্ৰদান কৰা হয় বিনামূলীয়া আচঁনি ।২০১০ চনৰ পৰা অসমৰ বৰপেটা,নলবাৰী,কামৰূপ, দৰং,গোৱালপাৰা,উদালগুৰি ,গোলাঘাট,যোৰহাট ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত এই আচঁনিৰ কাম চলি আছে ৷ এই আচঁনিটো অসমৰ আন আন জিলালৈ পৰ্যৱসিত কৰাৰ বাবে বন্ধন কৰ্তপক্ষই ইতিমধ্যে পৰিকল্পনা হাতত লৈছে ৷

কণমানিটিৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ প্ৰয়োজন

কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দূৰ্গাগাঁৱৰ কিশোৰ চহৰীয়াৰ একমাত্ৰ  সন্তান  আয়ন  চহৰীয়াৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। যিটো বয়সত সমনীয়া বন্ধু-বান্ধৱেৰে ওমলা সময় আছিল সেই বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত তিনিবছৰীয়া কণমানিটি বৰ্তমান চিকিৎসালয়ৰ বিছনাত জীৱন সংগ্ৰাম কৰিব লগা হৈছে। ঘৰৰ আৰ্থিক অৱস্থা অতিকৈ দুৰ্বল। আয়নৰ পিতৃ কিশোৰ চহৰীয়া ব্যক্তিগত কোম্পানীত কাম কৰা এগৰাকী সাধাৰণ কৰ্মচাৰী। শিশুটিৰ চিকিৎসাৰ বাবে পয়ত্ৰিশ লক্ষ্যধিক টকাৰ প্ৰয়োজন হৈছে। উপায়হীন পৰিয়ালটোৱে বৰ্তমান কণমানিটোৰ চিকিৎসাৰ বাবে ৰাইজৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে। সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈও‌ অনুৰোধ ‌জনাইছে‌ পৰিয়ালটোৱে। সকলোৰে সামৰ্থ্য অনুযায়ী আৰ্থিক সহায়ে কণমানিটোৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকক যথেষ্ট সকাহ দিব।

বেংক একাউণ্ট নম্বৰ:- 50100214473986

Branch:- MangaldaiI

FSC:- HDFC0002032

Account Holder:- Kishor Saharia

Google Pay:- 9859890350

বিশেষজ্ঞৰ দলে নাক বচালে শিৱসাগৰ জিলা বন বিভাগৰ

বিগত ১৩ টাকৈ দিন শিৱসাগৰ জিলা বন বিভাগক ব্যস্ত কৰি ৰখা দুটাকৈ গঁড় অৱশেষত কালি নাজিৰাৰ লিগিৰীপুখুৰী আৰু মেজেংগাৰ মধ্যস্থানত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বন বিভাগ। ৯ ডিচেম্বৰত শিৱসাগৰৰ দিখৌমুখ অঞ্চলত প্ৰথমবাৰৰ বাবে অৱস্থিতি ধৰা পৰা দুটাকৈ প্ৰাপ্তবয়স্ক গঁড়ে পৰৱৰ্তী সময়ত ১৭ ডিচেম্বৰত আমগুৰিৰ দিকচু অঞ্চলত দেখা যায়। ১৯ ডিচেম্বৰৰ পূৱাৰেপৰা নাজিৰাৰ মেকিপুৰ নিমতিতা অঞ্চলত পথাৰত চৰি থকা অৱস্থাত দুয়োটা গঁড় দৃষ্টিগোচৰ হোৱাত বন বিভাগৰ এটা বৃহৎ দল অঞ্চলটোত উপস্থিত হৈ ওৰে দিন গঁড় দুটা উদ্ধাৰৰ প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়। লগে লগে বন বিভাগে গুৱাহাটীৰপৰা এক বিশেষজ্ঞ চিকিৎসকৰ দলক গঁড় দুটা ট্ৰেংকুলাইজ কৰিবৰ বাবে নাজিৰালৈ আমন্ত্ৰণ জনায়। নিশালৈ স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত উক্ত স্থানতে গুৱাহাটীৰপৰা বিশেষজ্ঞৰ দলটো আহি নোপোৱা পৰ্যন্ত গঁড় দুটা আবদ্ধ কৰি ৰখাৰ প্ৰচেষ্টা চলায় যদিও আজি পূৱতি নিশা বন বিভাগৰ বেষ্টনী ফালি দুয়োটা গঁড় ওলাই আহে। লিগিৰীপুখুৰী আৰু মেজেংগাৰ মধ্যস্থল দিল্লী পাব্লিক স্কুলৰ সমীপৰ এখন হাবিত দুয়োটা গঁড়ে আশ্ৰয় লয়।

অতি ঘন জন বসতি পূৰ্ণ উক্ত এলেকাত গঁড় দুটাই আশ্ৰয় লোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। লগে লগে ২২ তাৰিখৰ পূৱা ৯ বজাত গুৱাহাটীৰ পৰা অহা বন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে উক্ত অঞ্চলত অভিযান আৰম্ভ কৰে। প্ৰথমে ড্ৰোণৰ সহায়ত গঁড় দুটাৰ অৱস্থিতি ধৰা পেলাই, পৰৱৰ্তী সময়ত দিনৰ ঠিক ১০ বাজি ৩০ মান বজাত বিশেষজ্ঞ চিকিৎসক ডাঃ বিজয় গগৈ, কাজিৰঙাৰ পৰা অহা দুই বিশেষজ্ঞ ডাঃ চামচুল হক আৰু ডাঃ খনীন চাংমাইৰ নেতৃত্বত এটা দলে এটা গঁড় ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় যদিও আনটো গঁড় সুযোগ বুজি কাষৰীয়া হাবিৰ দিশে আঁতৰি যায়। অৱশ্যে দিনৰ ১২ বাজি ৩০ মান বজাত আনটো গঁড়কো ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বিশেষজ্ঞৰ দলটোৱে। প্ৰাথমিক চিকিৎসাৰ অন্তত পিঞ্জৰাবদ্ধ কৰি দুয়োটা গঁড়ক বন বিভাগে সুৰক্ষিত স্থানলৈ আতৰাই নিয়ে। শিৱসাগৰ জিলা বন বিষয়া আৰু বিশেষজ্ঞ চিকিৎসকৰ দলটোৰ সৈতে হোৱা এই প্ৰতিবেদকৰ বাৰ্তালাপত সম্প্ৰতি গঁড় দুটাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত সংস্থাপিত কৰাৰ চিন্তা চৰ্চা কৰিব বুলি সদৰী কৰে। স্বাভাৱিকতেই কাজিৰঙাৰপৰা ওলাই অহা বুলি বন বিভাগে দাবী কৰা গঁড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে সংস্থাপিত কৰাৰ ইংগিত দিয়ে বন বিভাগে।

ইফালে  শিৱসাগৰ জিলাৰ বিভিন্ন জনাঞ্চলত মুকলিকৈ ঘূৰি ফুৰা গঁড় দুটাক উদ্ধাৰৰ বাবে ১৩ টাকৈ দিন প্ৰয়োজন হোৱা শিৱসাগৰ জিলা বন বিভাগ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। কোনো পৰিকল্পনা বিহীন শিৱসাগৰ জিলা বন বিভাগে পৰহি নিশা মেকিপুৰ অঞ্চলত গঁড় দুটা জনাঞ্চললৈ অতি বিপদজনক ভাৱে ওলাই অহাৰ সময়তো গাড়ীৰ হৰ্ণ বজাই গঁড় দুটাক ৰখোৱাৰ হাস্যকৰ প্ৰচেষ্টা চলায়। যাৰ ফলশ্ৰুতিত বন বিভাগৰ বেষ্টনী ফালি আজি দুয়োটা গঁড় জনাঞ্চলৰ দিশে গতি কৰে। অৱশ্যে গুৱাহাটী আৰু কাজিৰঙাৰপৰা অহা অভিজ্ঞ বন কৰ্মী আৰু চিকিৎসকে শিৱসাগৰ জিলা বন বিভাগৰ নাক বচাবলৈ সক্ষম হয় যদিও বিগত ১৩ টাকৈ দিনত জিলাখনৰ ভিন্ন প্ৰান্তত মুকলিকৈ দুটাকৈ গঁড় বিচৰণ কৰাৰ বেলিকা অসহায় হৈ পৰা জিলা বন বিভাগৰ ফোঁপোলা স্বৰূপ উদ্ভাষিত হৈ পৰিল সমগ্ৰ ঘটনাত।

মালয়েছিয়াত বানপানীৰ কবলত ২১,০০০ ৰো অধিক লোক

মালয়েছিয়াত মুষলধাৰ বৰষুণৰ ফলত হোৱা বানপানীৰ ফলত ২১,০০০ ৰো অধিক লোক ঘৰৰ পৰা স্থানান্তৰিত হৈছে বুলি ৰাজ্যিক সংবাদ সংস্থা বেৰ্ণামাই দেওবাৰে কয়। পেৰাক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শেহতীয়া ৰাজ্য আছিল, আন ছয়খন ৰাজ্যত বানপানীৰ অৱনতি ঘটিছিল।

শনিবাৰে ১১,০০০ ৰো অধিক লোকক তেওঁলোকৰ ঘৰৰ পৰা বিতাড়িত কৰা হৈছিল, কিয়নো শুক্ৰবাৰে ৰাতিপুৱা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডজনডজন পথ বন্ধ হৈ যায় আৰু জাহাজ চলাচল ব্যাহত হয়। প্ৰধানমন্ত্ৰী ইছমাইল চাবৰি য়াকোবে ৰাজধানী কুয়ালালামপুৰৰ চাৰিওফালে থকা মালয়েছিয়াৰ আটাইতকৈ ধনী আৰু জনবহুল অঞ্চল চেলাংগৰত এক সংবাদ মাধ্যমৰ সন্মিলনত কয় যে তাত থকা ১৫,০০০ লোকক ১০০ তকৈও অধিক সাহায্য কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে।

বানপানীৰ ফলত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাত আৰু শনিবাৰে পলমকৈ আশ্ৰয়লৈ লৈ যোৱাত সহায় কৰিবলৈ আৰক্ষী, সেনা আৰু অগ্নি নিৰ্বাপক বিভাগৰ ৬৬,০০০ তকৈও অধিক কৰ্মীক একত্ৰিত কৰা হৈছে।

যোৰহাটত অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণী নাট্য সন্ধিয়া

যোৰহাটত অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণী নাট্য সন্ধিয়া সূৰুয ড্ৰামাৰ অভূতপূৰ্ব সাফল্য ‘নিসংগতাৰ কোলাহল’। “নিসংগতাৰ কোলাহল”- শীতৰ সেমেকা সন্ধিয়া উমাল কৰিলে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে। সময়ানুৱৰ্তিতা মানি চলা সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ নাটক চাবলৈ দৰ্শক সময় মতে উপস্থিত হয়। এই নাট্যানুষ্ঠানৰ প্ৰতি অকৃত্ৰিম আন্তৰিকতা থকা প্ৰেক্ষাগৃহপূৰ্ণ দৰ্শকৰ উপস্থিতিত পাহৰিব নোৱাৰা নাট্যশিল্পী অনিল চন্দ্ৰ বৰদলৈৰ সোঁৱৰণত তৃতীয়বাৰৰ বাবে সূৰুযে উচৰ্গা কৰে সফল নাট্য সন্ধিয়া। অৱদান আগবঢ়াই থকাৰ সময়ত গুৰুত্ব দিয়া আৰু প্ৰয়াণৰ পাছত পাহৰি যোৱা নিয়মৰ বিপৰীতে থাকে যোৰহাটৰ ছয়ত্ৰিশ বছৰীয়া নাট্যানুষ্ঠান সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচ্।

যোৰহাটত অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণী নাট্য সন্ধিয়া

সেয়ে, পাহৰণিৰ গৰ্ভৰ পৰা তুলি আনি চাৰিগাঁও অঞ্চলৰ এসময়ৰ নাট আৰু শিল্পী স্ৰষ্টা অনিল চন্দ্ৰ বৰদলৈক যথাযোগ্য সন্মান জনাইছে। নাটকৰ আগে আগে তেখেতৰ সুযোগ্যা সাদৰি বোৱাৰী পূৰ্ণিমা বৰদলৈৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। যোৰহাট জিলা পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহৰ অগ্ৰগতিত ভূমিকা লোৱা, অৱসৰৰ সময় সমাগত হোৱা গ্ৰন্থাগাৰিক সুবোধ চন্দ্ৰ শৰ্মাক এই নাট্য সন্ধিয়াতে সূৰুযে আন্তৰিক সম্বন্ধ অক্ষুণ্ণ ৰখাৰ প্ৰয়াসেৰে সম্বৰ্ধনা জনায়। দুয়োটা কাৰ্যসূচীতে সাংস্কৃতিক দিশত বিভিন্ন অৱদান থকা সভাপতি বিনোদ গগৈয়ে বিশেষ ভূমিকা লয়। সদস্যা ৰুমা শৰ্মা ঠাকুৰে সহযোগিতা আগবঢ়ায়। নাট্যগোষ্ঠীৰ সৰ্ব নিয়ন্ত্ৰক মানবেন্দ্ৰ শৰ্মাই অনুষ্ঠানৰ আঁত ধৰে। এইগৰাকী নাট্যশিল্পী মানবেন্দ্ৰ শৰ্মা নাটকৰ মাধ্যমেৰে নিজৰ জীৱন, পৰিয়াল আৰু সমাজলৈ অৱদান যে আগবঢ়াব পাৰি তাৰ এক উজ্বল প্ৰমাণ। সৰ্ব নাট্য গুণীজনে নাটক ‘নিসংগতাৰ কোলাহল’ ৰচনা-পৰিচালনা কৰাৰ উপৰি ৰূপসজ্জা আৰু পোহৰ নিয়ন্ত্ৰণো কৰে নিজে। পোহৰাই তোলে আনে গুৰুত্ব নিদিয়া অভিনয় অনুৰাগীক।

যোৱা ১৯ ডিচেম্বৰৰ সন্ধিয়া ৬.৩০ বজাত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা নাটকখনৰ নেপথ্যত পূৰৱী শইকীয়া, অৰুণ দত্ত, চঞ্চলজ্যোতি বৰদলৈ, লাটু গগৈ আৰু ধীৰাজ বৰুৱা আছিল। বিবাদ নহৈ সকলো সন্তানৰ মিলাপ্ৰীতি অক্ষুণ্ণ ৰওক বুলি পিতৃয়ে নামজাৰী কৰি দিছিল সম্পত্তি। কিন্তু, পুত্ৰ-বোৱাৰীয়ে ল’লে সুবিধা। দেউতাকৰ বিয়োগৰ পাছত মাতৃ-ভগ্নীক এলাগী কৰিলে। আনৰ চৰিত্ৰত কালীমা দেখা পুত্ৰৰ নিজৰেই স্বভাৱ কিমান লোতোৰা সেই দিশো উদঙালে নিসংগতাৰ কোলাহলে। পিতৃ অৰ্পণ শৰ্মা পাঠক, মাতৃ ময়ুৰপংক্ষী কৌশিক, ৰোমাণ্টিক যুতি চন্দন ঠাকুৰ, স্নেহা বৰদলৈ, পুত্ৰ বিৰাজ দত্ত, কিচ্যুৎ দত্ত, জেঠেৰি দেৱজিৎ বৰা, খুহুতীয়া ডেকা যুতি পাৰ্থ প্ৰতিম শৰ্মা, দিপ্ৰণ শইকীয়া, নতুন মুখ অপৰাজিতা বৰা দত্ত, ন-বোৱাৰী অপৰাজিতা কৌশিক, মূল চৰিত্ৰত নিহাৰিকা বৰা আৰু পিতৃৰ সোঁৱৰণত অভিনয়েৰে ধন্য হোৱা সৌভাগ্যবান ৰঞ্জিত বৰদলৈ অভিনীত বিনামূলীয়া দৰ্শনীয়ে দৰ্শকক বাৰুকৈয়ে আপ্লুত কৰে। সংগীতত হাত বুলালে জনপ্ৰিয় বুবু মানসজ্যোতি বৰা আৰু প্ৰাণজিৎ শৰ্মাই। শব্দ সংযোজন সূৰুয শীলৰ। পৰিয়ালৰ সদস্যই জ্ঞান ল’ব পৰা নাটক ‘নিসংগতাৰ কোলাহল’ আৰু উদ্যোক্তা সফল হৈছে।

ওদালগুৰিত আৰক্ষীয়ে জ্বলালে ৩ কোটি মূল্যৰ ড্ৰাগচ আৰু গাঞ্জা

ওদালগুৰি জিলাৰ বিভিন্ন থানাৰ জৰিয়তে জব্দ কৰা  বিশাল  পৰিমানৰ ড্ৰাগছ আৰু গাঞ্জা  আদালতৰ নিৰ্দেশ মতে  ২০ডিচেম্বৰত  ওদালগুৰি জিলাৰ কাহিনলাৰ পথাৰত ৰাজহুৱাকৈ জ্বলাই দিয়ে আৰক্ষীয়ে। ইয়াৰ ভিতৰত  আছিল ১১০০ কিলোগ্ৰাম গাঞ্জা,৫ গ্ৰাম হিৰোইন আৰু ২৪০ গ্ৰাম অপিয়াম। আজি এই প্ৰজ্বলিত কাৰ্যসূচীত বিটিচিৰ আইজিপিএলআৰ বিঞ্চয় , ওদালগুৰিৰ উপায়ুক্ত ডাক্তৰ পি উদয় প্ৰবীন আৰু জিলা সত্ৰ ন্যায়ধীশৰ লগতে বিভিন্ন বিষয়া বৰ্গৰ উপস্হিতিত ৰাইজক সন্মুখত লৈ আৰক্ষীয়ে জ্বলাই দিয়ে এই বিশাল পৰিমানৰ ড্ৰাগচ আৰু গাঞ্জা খিনি।

বি টি চিৰ আই জি পি গৰাকীয়ে এল আৰ বিষ্ণয় প্ৰকাশ কৰা মতে, বিগত দুই বছৰত জিলা খনৰ বিভিন্ন থানাই জব্দ কৰিছিল এই ড্ৰাগছ আৰু গাঞ্জা খিনি।আদালতৰ নীতি নিয়মৰ মাজত  আনুষ্ঠানিকভাৱে জ্বলাই দিয়া হয় বুলি উল্লেখ কৰি বেছিভাগ গাঞ্জা অৰুনাচলৰ পৰাই সীমান্তৰ গাওৰ মাজেৰে প্ৰবেশ কৰাৰ কথা স্বীকাৰ কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ড্ৰাগচ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৪ পইন্ট লৈ আৰক্ষীয়ে কাম কৰি থকাৰ কথা উল্লেখ কৰাৰ লগতে ধ্বংস প্ৰাপ্ত গাঞ্জা,হিৰোইন খিনিৰ মূল্য প্ৰায় ৩ কোটীৰো অধিক হ’ব বুলি জনায় ।ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাৱে সমাজ খনৰো সহায় লাগিব বুলি সাংবাদিকৰ ওচৰত আৰক্ষী বিষয়া বিষ্ণয় লগতে মন্তব্য কৰে।

ধনশ্ৰী চাহ বাগিচাত বিশেষ ভাবে সক্ষম সকলক ভেকচিন প্ৰদান

ওদালগুৰি জিলাৰ ধনশ্ৰী চাহ বাগিচাৰ  চিকিৎসালয় ভেকচিনেচন কেন্দ্রত  ভেকচিনেচন কাৰ্যসূচীৰ লগতে ৩৫৯১ জন ব্যক্তিক  ক’ভিড ভেকচিন দিবলৈ  সক্ষম হৈছে। ধণশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ অন্তৰ্গত লাইন সমুহৰ ১৪ টা লাইনত  ৯৯% প্ৰথম পালি ক’ভিড ভেকচিন সম্পূৰ্ণ হৈছে।এই তথ্য ধণশ্ৰী চাহ  বাগিছাৰ চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্ৰৰ দায়িত্বত থকা Laboratory Technician ভৱেশ শৰ্মা ই জানিবলৈ দিয়ে। আনহাতে  কিছুমান লাইন সমুহত  কৰ্ম সূত্ৰে আন ৰাজ্য লৈ যোৱা  একাংশ ব্যক্তি  আকৌ  ভেকচিন কেন্দ্রত আহি  প্ৰথম পালি ভেকচিন গ্ৰহন কৰি আছে বুলি জানিবলৈ দিয়ে।

আন একাংশ আকৌ ভেকচিনৰ ভয়তে ঘৰত লুকাই থাকি ,ঘৰৰ সকলো ব্যক্তিয়ে ভেকচিন লোৱা বুলি কৈ এটাও ভেকচিন গ্ৰহন নকৰা লোকৰ ঘৰৰ পৰা প্ৰথম পালি ভেকচিন গ্ৰহন কৰি আছে। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে প্ৰথম পালি ভেকচিন নকৰা ব্যক্তি সকলক প্ৰথম পালি ভেকচিন গ্ৰহন কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছে আহিছে।

তিনিচুকীয়াৰ মাকুমত ধান ক্ৰয় কেন্দ্ৰ মুকলি

চৰকাৰী অধুসূচীত মূল্যৰ ‘মাকুম ধান ক্ৰয় কেন্দ্ৰ’ মুকলি। অসমৰ কৃষক সমাজক আৰ্থিক স্বচ্ছলতা প্ৰদানৰ লক্ষ্যৰে নূন্যতম সমৰ্থন মূল্যৰ আধাৰত ধান ক্ৰয়ৰ বাবে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুকলি কৰিছে ধান ক্ৰয় কেন্দ্ৰ। সোমবাৰে তিনিচুকীয়া জিলাৰ মাকুমতো এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়।

তিনিচুকীয়া জিলা কৃষি বিষয়া হেমকান্ত ফুকনে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা উদ্বোধনী অনুষ্ঠানত কৃষি বিষয়া লোহিত গগৈ আৰু ৰঞ্জিত দত্তৰ ওপৰিও তিনিচুকীয়া জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি দেৱান গুৰুং, উপ সভাপতি বাবলু ৰবীন্দ্ৰ কানু, সদস্য হিৰেণ গোসাঁই, ভাৰপ্ৰাপ্ত সচিব জিৎমনি গায়নৰ লগতে সমিতিৰ বিষয়া -কৰ্মচাৰী আৰু ভালেমান কৃষক ৰাইজ উপস্থিত থাকে।

বাণিজ্যিক পৰিদৰ্শক কিৰণ ৰাজখোৱাই আঁতধৰা সভাখনত বক্তাসকলে অসম চৰকাৰৰ অনুমোদিত, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰা পৰিচালিত ধান ক্ৰয় কেন্দ্ৰ সমূহত প্ৰতি কুইন্টেল ধানৰ বিপৰীতে নূন্যতম সমৰ্থন মূল্য ১৯৪০ টকা কিদৰে লাভ কৰিব সেই সম্পৰ্কে বিষদ ব্যাখ্যা দাঙি ধৰে।

বৰ্ষাপাৰাত ভাৰত-আফগানিস্তানৰ খেল! অসম ক্ৰিকেট সন্থাৰ সংবাদমেল

দেওবাৰে অসম ক্ৰিকেট সন্থাই এক সংবাদমেল সম্বোধন কৰে। অসম ক্ৰিকেট সন্থাৰ সাধাৰন সভা অনুষ্ঠিত হৈ যোৱাৰ পাছত সম্বোধন কৰে এই সংবাদমেল। এচিএৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক বৰ্ষত গুৱাহাটীস্থ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত একাধিক আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুস্থিত কৰাৰ ইংগিত দিয়ে অসম ক্ৰিকেট সন্থাই।


সাধাৰণ সভাত মাজুলীক অসম ক্ৰিকেট সন্থাৰ নতুন জিলা হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। আচাম ষ্টেট ক্ৰিকেট একাডেমীখন এতিয়াৰেপৰা পূৰ্ণাংগ ৰূপ পাব। আচাম ষ্টেট ক্ৰিকেট একাডেমীৰ নতুন অধ্যক্ষ হিচাপে ৰাজিন্দাৰ সিঙক নিযুক্তি দিয়া হয়। নতুন বছৰৰ পূৰ্বে অসম ক্ৰিকেট সন্থাৰ ’91 YARDS’ বুলি এটা নতুন ক্লাব গঠন হ’ব। চৰকাৰে বর্ষাপাৰাত দিয়া ১১ বিঘা মাটিত পাৰ্কিং আৰু বাণিজ্যিক মাৰ্কেট স্থাপন কৰাৰ সিদ্ধান্ত লয় অসম ক্ৰিকেট সন্থাই।

জানুৱাৰী মাহত নিলয় দত্তৰ সোঁৱৰণত ইণ্টাৰ বিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে এচিএই। তেজপুৰ আৰু যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ১০ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিব। বিত্তীয় অনিয়ম ৰোধৰ বাবে এচিএই নিৰ্ধাৰণ কৰা নতুন নিয়ম অনুসৰি ১ লাখতকৈ অধিক খৰছ হ’লে পৰ্টেলত আপলোড কৰিব লাগিব ডাটা।

বৰ্ষাপাৰাত আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো ইংগিত দিয়ে অসম ক্ৰিকেট সন্থাই। মাৰ্চত বর্ষাপাৰাত ভাৰত-আফগানিস্তানৰ মাজত আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰে এচিএই। ইয়াৰ উপৰিও অক্টোবৰ মাহতো বর্ষাপাৰাত হ’ব পাৰে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল।

লামডিংত পুনৰ সীমা বিবাদ লৈ উত্তপ্ত পৰিস্থিতি

হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ মাজত সীমা বিবাদ দীৰ্ঘ দিন ধৰি চলি আ্ছে ।এই সমস্যা হোজাই জিলাৰ অন্তৰ্গত দক্ষিণ লামডিঙ পঞ্চায়তৰ কৃষ্ণ বস্তিৰ কিছুমান মানুহে কাৰ্বি আংলঙৰ চিইএম তুলিৰাম ৰংহীনক এখন পত্ৰ  যোগেদি অৱগত কৰিছিল যদিও বৰ্তমান সময়ত কোনো সমস্যা সমাধান হোৱা দেখা নাই।

আজি পোৱাৰ ভাগত দক্ষিণ  লামডিং পঞ্চায়তৰ কৃষ্ণ বস্তিৰ কিছুমান কৃষকে গৰু, ছাগলী জঙ্ঘলত লৈ যোৱাৰ সময়ত কিছুমান কাৰ্বি মানুহে লামডিঙ কৃষ্ণ বস্তিৰ থকা কেইজনমান পুৰুষ আৰু মহিলাৰ লগত তৰ্কাতৰকি কৰে লগতে শাৰীৰিক প্ৰহাৰ কৰে।তাৰপিছত কাৰ্বি মানুহে   লামডিং কৃষ্ণ বস্তিৰ খেতিয়কৰ  গৰু ,ছাগলী আটক কৰি ‌ বান্ধি ৰাখে।লামডিঙ কৃষ্ণ বস্তিৰ ৰাইজে কাৰ্বি  মানুহৰ বিৰু্দ্ধে বহুত অভিযোগ কৰে তেওঁলোকৰ উৎপাদিত খেতি সমূহ নষ্টৰ লগতে খেতিয়কৰ মাটি দখল কৰি কাৰ্বি মানুহে খুটা লগোৱাৰ অভিযোগ কৰে।ঘটনা স্থলীত লামডিং আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ চেষ্টা কৰে।