Breaking

তিনিচুকীয়াৰ মাকুমত ধান ক্ৰয় কেন্দ্ৰ মুকলি

0 133

চৰকাৰী অধুসূচীত মূল্যৰ ‘মাকুম ধান ক্ৰয় কেন্দ্ৰ’ মুকলি। অসমৰ কৃষক সমাজক আৰ্থিক স্বচ্ছলতা প্ৰদানৰ লক্ষ্যৰে নূন্যতম সমৰ্থন মূল্যৰ আধাৰত ধান ক্ৰয়ৰ বাবে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুকলি কৰিছে ধান ক্ৰয় কেন্দ্ৰ। সোমবাৰে তিনিচুকীয়া জিলাৰ মাকুমতো এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়।

তিনিচুকীয়া জিলা কৃষি বিষয়া হেমকান্ত ফুকনে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা উদ্বোধনী অনুষ্ঠানত কৃষি বিষয়া লোহিত গগৈ আৰু ৰঞ্জিত দত্তৰ ওপৰিও তিনিচুকীয়া জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি দেৱান গুৰুং, উপ সভাপতি বাবলু ৰবীন্দ্ৰ কানু, সদস্য হিৰেণ গোসাঁই, ভাৰপ্ৰাপ্ত সচিব জিৎমনি গায়নৰ লগতে সমিতিৰ বিষয়া -কৰ্মচাৰী আৰু ভালেমান কৃষক ৰাইজ উপস্থিত থাকে।

বাণিজ্যিক পৰিদৰ্শক কিৰণ ৰাজখোৱাই আঁতধৰা সভাখনত বক্তাসকলে অসম চৰকাৰৰ অনুমোদিত, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰা পৰিচালিত ধান ক্ৰয় কেন্দ্ৰ সমূহত প্ৰতি কুইন্টেল ধানৰ বিপৰীতে নূন্যতম সমৰ্থন মূল্য ১৯৪০ টকা কিদৰে লাভ কৰিব সেই সম্পৰ্কে বিষদ ব্যাখ্যা দাঙি ধৰে।

Leave A Reply