Breaking

হেকৰাত বন্ধন বেংকৰ প্ৰশংসনীয় পদক্ষেপ

0 1,042

বন্ধন বেংকে বেংকিং সেৱা নিয়াৰিকৈ চলাই নিয়াৰ লগতে বিভিন্ন সামাজিক আৰু উন্নয়নমূলক কাম- কাজৰ মাজেৰে ৰাইজৰ অতি আস্থাভাজন হৈ পৰিছে ৷ তাৰে ভিতৰত ‘বন্ধন অতি দৰিদ্ৰ সহায়ক কৰ্মসূচী’, ‘বন্ধন স্বাস্থ্যমুলক আচঁনি’ , ‘বন্ধন শিক্ষামুলক আঁচনি’ , ‘নিৱনুৱা নিযুক্তি আচঁনি’ , ‘আৰ্থিক স্বাক্ষৰতা আচঁনি’ অন্যতম ৷ ২০০১ চনত চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ’ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল বন্ধনে ৷ উদ্দেশ্য আছিল সমাজৰ নিৰ্যাতিত,নিপীড়িত আৰু সমস্যাৰে জৰ্জড়িত মহিলাসকলক সমাজৰ মূলসুঁতিলৈ আগুৱাই অনা ৷ বন্ধনৰ এই উন্নয়নমূলক আচঁনিবোৰৰ ভিতৰত ২০০৬ চনত আৰম্ভ হোৱা বন্ধন “অতি দৰিদ্ৰ সহায়ক কৰ্মসূচী” নামৰ আচঁনিটোৱে সমাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷এই আঁচনিৰ অধীনত প্ৰথমেই পিআৰে সভাৰ জৰিয়তে চাৰ্ভে ফ্ৰমৰ সহায়ত উপভোক্তা বা হিতাধিকাৰীক নিৰ্বাচিত কৰা হয়। তাৰ পাছত তেওঁলোকে বিচৰা ব্যৱসায় বা প্ৰকল্পৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয় ।

প্ৰশিক্ষণৰ শেষত বিতৰণ কৰা হয় পচন্দমতে ব্যৱসায়ৰ বাবে সকলো ধৰনৰ সুবিধা ৷ এই ” অতিদৰিদ্ৰ সহায়ক কৰ্মসূচীৰ” দ্বাৰা হেকৰা শাখাত মঙলবাৰে প্ৰথম পৰ্যায়ত ২৫ গৰাকী মহিলা হিতাধিকাৰীক বিনামূলীয়াকৈ এককালীনভাৱে ব্যৱসায় কৰাৰ বাবে গেলামালৰ সামগ্ৰী, ৰেডিমেড কাপোৰ,চিলাই মেচিন আদি দি নিজৰ ভৰিত নিজে ঠিয় হবলৈ অনুপ্ৰেৰণা যোগোৱা হয় ৷ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিলকান্ত কম্বৰে ৷ অনুষ্ঠানটোৰ আতঁ ধৰে বন্ধন অতি দৰিদ্ৰ সহায়ক কৰ্মসূচীৰ এৰিয়া কৰডিনেটৰ গৌৰাঙ্গ ৰায়ে ৷সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বন্ধন বেংকৰ মাৰ্কেটিং টিম মেম্বাৰ অজয় কুমাৰ শীলে কয় এই কৰ্মসূচীৰ জৰিয়তে সমাজৰ অতি দৰিদ্ৰ বিধৱা স্বামী পৰিত্যক্তা, আৰু বিবাহৰ বয়স পাৰ হোৱা অবিবাহিত মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ বন্ধনে সদায় চেষ্টা অব্যাহত ৰাখিছে ৷মঙলবাৰে এই অঞ্চলত আমাৰ প্ৰথম সম্পদ বিতৰণ কাৰ্যসূচী, পৰ্যায়ক্ৰমে তালিকাভুক্ত আন মহিলাসকলোকো এই আচঁনিৰ আওঁতালৈ অনা হব ৷

কতৃপক্ষৰ এনে সুন্দৰ পদক্ষেপৰ শলাগ লৈ ২নং যোগীপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱক্তা হৰকুমাৰ কলিতাই ভাষণত কয় – এই অনুষ্ঠানটোৰ দ্বাৰা অতি দৰিদ্ৰতাৰ সৈতে যুঁজ দি অহা বিধৱা ,স্বামী পৰিত্যক্তা মহিলাসকল বিশেষ ভাৱে উপকৃত হব ৷ লগতে বন্ধন বেংকক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ৷ এই অনুষ্ঠানটোত উপস্থিত থাকে খুটাবাৰী গাওঁ পঞ্চায়তৰ সভাপতি ভজন বিশ্বাস,বাগডোবা বেছিমাৰী হাইস্কুলৰ শিক্ষক তথা বিশিষ্ট সমাজসেৱক হৰিদাস বিশ্বাস,ধুপধৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক খগেন সৰকাৰ,বিশিষ্ট ব্যৱসায়ী প্ৰবিন কলিতা,বিশিষ্ট সমাজসেৱক বলৰাম বিশ্বাস,সুবল বিশ্বাস আৰু তিলক দাস উপস্থিত থাকি বক্তব্য প্ৰদান কৰি সভাৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷

অনুষ্ঠানটোত বন্ধনৰ ফালৰ পৰা হেকৰা শাখাৰ শাখা পৰিচালক ৰিংকু কলিতা,দুধনৈ শাখাৰ শাখা পৰিচালক ৰূপম ডেকা ,ৰংজুলি শাখাৰ শাখা পৰিচালক উদয় বৰ্মনৰ লগতে মৰমী ৰায় ,দিপক দাস,শৈলেন বৰ্মন,ইলামণি সুত্ৰধৰ,বলোৰাম বৰ্মনো উপস্থিত থাকে। উল্লেখ যোগ্য যে বন্ধন বেংকৰ এই সংস্থাৰ যোগেদি বিধৱা,স্বামী পৰিত্যক্তা , আৰু বিবাহৰ বয়স পাৰ হোৱা অবিবাহিত মহিলা সকলক নিজে ঘৰত গৈ প্ৰদান কৰা হয় বিনামূলীয়া আচঁনি ।২০১০ চনৰ পৰা অসমৰ বৰপেটা,নলবাৰী,কামৰূপ, দৰং,গোৱালপাৰা,উদালগুৰি ,গোলাঘাট,যোৰহাট ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত এই আচঁনিৰ কাম চলি আছে ৷ এই আচঁনিটো অসমৰ আন আন জিলালৈ পৰ্যৱসিত কৰাৰ বাবে বন্ধন কৰ্তপক্ষই ইতিমধ্যে পৰিকল্পনা হাতত লৈছে ৷

Leave A Reply