Breaking

বৰ্ষাপাৰাত ভাৰত-আফগানিস্তানৰ খেল! অসম ক্ৰিকেট সন্থাৰ সংবাদমেল

0 76

দেওবাৰে অসম ক্ৰিকেট সন্থাই এক সংবাদমেল সম্বোধন কৰে। অসম ক্ৰিকেট সন্থাৰ সাধাৰন সভা অনুষ্ঠিত হৈ যোৱাৰ পাছত সম্বোধন কৰে এই সংবাদমেল। এচিএৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক বৰ্ষত গুৱাহাটীস্থ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত একাধিক আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুস্থিত কৰাৰ ইংগিত দিয়ে অসম ক্ৰিকেট সন্থাই।


সাধাৰণ সভাত মাজুলীক অসম ক্ৰিকেট সন্থাৰ নতুন জিলা হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। আচাম ষ্টেট ক্ৰিকেট একাডেমীখন এতিয়াৰেপৰা পূৰ্ণাংগ ৰূপ পাব। আচাম ষ্টেট ক্ৰিকেট একাডেমীৰ নতুন অধ্যক্ষ হিচাপে ৰাজিন্দাৰ সিঙক নিযুক্তি দিয়া হয়। নতুন বছৰৰ পূৰ্বে অসম ক্ৰিকেট সন্থাৰ ’91 YARDS’ বুলি এটা নতুন ক্লাব গঠন হ’ব। চৰকাৰে বর্ষাপাৰাত দিয়া ১১ বিঘা মাটিত পাৰ্কিং আৰু বাণিজ্যিক মাৰ্কেট স্থাপন কৰাৰ সিদ্ধান্ত লয় অসম ক্ৰিকেট সন্থাই।

জানুৱাৰী মাহত নিলয় দত্তৰ সোঁৱৰণত ইণ্টাৰ বিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে এচিএই। তেজপুৰ আৰু যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ১০ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিব। বিত্তীয় অনিয়ম ৰোধৰ বাবে এচিএই নিৰ্ধাৰণ কৰা নতুন নিয়ম অনুসৰি ১ লাখতকৈ অধিক খৰছ হ’লে পৰ্টেলত আপলোড কৰিব লাগিব ডাটা।

বৰ্ষাপাৰাত আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো ইংগিত দিয়ে অসম ক্ৰিকেট সন্থাই। মাৰ্চত বর্ষাপাৰাত ভাৰত-আফগানিস্তানৰ মাজত আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰে এচিএই। ইয়াৰ উপৰিও অক্টোবৰ মাহতো বর্ষাপাৰাত হ’ব পাৰে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল।

Leave A Reply