Breaking

বিশেষজ্ঞৰ দলে নাক বচালে শিৱসাগৰ জিলা বন বিভাগৰ

0 1,532

বিগত ১৩ টাকৈ দিন শিৱসাগৰ জিলা বন বিভাগক ব্যস্ত কৰি ৰখা দুটাকৈ গঁড় অৱশেষত কালি নাজিৰাৰ লিগিৰীপুখুৰী আৰু মেজেংগাৰ মধ্যস্থানত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বন বিভাগ। ৯ ডিচেম্বৰত শিৱসাগৰৰ দিখৌমুখ অঞ্চলত প্ৰথমবাৰৰ বাবে অৱস্থিতি ধৰা পৰা দুটাকৈ প্ৰাপ্তবয়স্ক গঁড়ে পৰৱৰ্তী সময়ত ১৭ ডিচেম্বৰত আমগুৰিৰ দিকচু অঞ্চলত দেখা যায়। ১৯ ডিচেম্বৰৰ পূৱাৰেপৰা নাজিৰাৰ মেকিপুৰ নিমতিতা অঞ্চলত পথাৰত চৰি থকা অৱস্থাত দুয়োটা গঁড় দৃষ্টিগোচৰ হোৱাত বন বিভাগৰ এটা বৃহৎ দল অঞ্চলটোত উপস্থিত হৈ ওৰে দিন গঁড় দুটা উদ্ধাৰৰ প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়। লগে লগে বন বিভাগে গুৱাহাটীৰপৰা এক বিশেষজ্ঞ চিকিৎসকৰ দলক গঁড় দুটা ট্ৰেংকুলাইজ কৰিবৰ বাবে নাজিৰালৈ আমন্ত্ৰণ জনায়। নিশালৈ স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত উক্ত স্থানতে গুৱাহাটীৰপৰা বিশেষজ্ঞৰ দলটো আহি নোপোৱা পৰ্যন্ত গঁড় দুটা আবদ্ধ কৰি ৰখাৰ প্ৰচেষ্টা চলায় যদিও আজি পূৱতি নিশা বন বিভাগৰ বেষ্টনী ফালি দুয়োটা গঁড় ওলাই আহে। লিগিৰীপুখুৰী আৰু মেজেংগাৰ মধ্যস্থল দিল্লী পাব্লিক স্কুলৰ সমীপৰ এখন হাবিত দুয়োটা গঁড়ে আশ্ৰয় লয়।

অতি ঘন জন বসতি পূৰ্ণ উক্ত এলেকাত গঁড় দুটাই আশ্ৰয় লোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। লগে লগে ২২ তাৰিখৰ পূৱা ৯ বজাত গুৱাহাটীৰ পৰা অহা বন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে উক্ত অঞ্চলত অভিযান আৰম্ভ কৰে। প্ৰথমে ড্ৰোণৰ সহায়ত গঁড় দুটাৰ অৱস্থিতি ধৰা পেলাই, পৰৱৰ্তী সময়ত দিনৰ ঠিক ১০ বাজি ৩০ মান বজাত বিশেষজ্ঞ চিকিৎসক ডাঃ বিজয় গগৈ, কাজিৰঙাৰ পৰা অহা দুই বিশেষজ্ঞ ডাঃ চামচুল হক আৰু ডাঃ খনীন চাংমাইৰ নেতৃত্বত এটা দলে এটা গঁড় ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় যদিও আনটো গঁড় সুযোগ বুজি কাষৰীয়া হাবিৰ দিশে আঁতৰি যায়। অৱশ্যে দিনৰ ১২ বাজি ৩০ মান বজাত আনটো গঁড়কো ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বিশেষজ্ঞৰ দলটোৱে। প্ৰাথমিক চিকিৎসাৰ অন্তত পিঞ্জৰাবদ্ধ কৰি দুয়োটা গঁড়ক বন বিভাগে সুৰক্ষিত স্থানলৈ আতৰাই নিয়ে। শিৱসাগৰ জিলা বন বিষয়া আৰু বিশেষজ্ঞ চিকিৎসকৰ দলটোৰ সৈতে হোৱা এই প্ৰতিবেদকৰ বাৰ্তালাপত সম্প্ৰতি গঁড় দুটাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত সংস্থাপিত কৰাৰ চিন্তা চৰ্চা কৰিব বুলি সদৰী কৰে। স্বাভাৱিকতেই কাজিৰঙাৰপৰা ওলাই অহা বুলি বন বিভাগে দাবী কৰা গঁড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে সংস্থাপিত কৰাৰ ইংগিত দিয়ে বন বিভাগে।

ইফালে  শিৱসাগৰ জিলাৰ বিভিন্ন জনাঞ্চলত মুকলিকৈ ঘূৰি ফুৰা গঁড় দুটাক উদ্ধাৰৰ বাবে ১৩ টাকৈ দিন প্ৰয়োজন হোৱা শিৱসাগৰ জিলা বন বিভাগ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। কোনো পৰিকল্পনা বিহীন শিৱসাগৰ জিলা বন বিভাগে পৰহি নিশা মেকিপুৰ অঞ্চলত গঁড় দুটা জনাঞ্চললৈ অতি বিপদজনক ভাৱে ওলাই অহাৰ সময়তো গাড়ীৰ হৰ্ণ বজাই গঁড় দুটাক ৰখোৱাৰ হাস্যকৰ প্ৰচেষ্টা চলায়। যাৰ ফলশ্ৰুতিত বন বিভাগৰ বেষ্টনী ফালি আজি দুয়োটা গঁড় জনাঞ্চলৰ দিশে গতি কৰে। অৱশ্যে গুৱাহাটী আৰু কাজিৰঙাৰপৰা অহা অভিজ্ঞ বন কৰ্মী আৰু চিকিৎসকে শিৱসাগৰ জিলা বন বিভাগৰ নাক বচাবলৈ সক্ষম হয় যদিও বিগত ১৩ টাকৈ দিনত জিলাখনৰ ভিন্ন প্ৰান্তত মুকলিকৈ দুটাকৈ গঁড় বিচৰণ কৰাৰ বেলিকা অসহায় হৈ পৰা জিলা বন বিভাগৰ ফোঁপোলা স্বৰূপ উদ্ভাষিত হৈ পৰিল সমগ্ৰ ঘটনাত।

Leave A Reply