Home Blog Page 2654

ধূলিৰ বাবে স্তব্ধ হ’ল এটা সদাব্যস্ত ৰাজপথ

বাক্সা জিলাৰ এটা সদাব্যস্ত ৰাজপথ, এই পথটোৰে জিলাখনৰ সদৰ মুছলপুৰলৈ জালাহ, শালবাৰী আদি ঠাইৰ পৰা অহা-যোৱা কৰে দৈনিক হাজাৰ হাজাৰ পথাচাৰী ৷ কিন্তু এই পথটোৱে এতিয়া জীয়তু ভোগাইছে ৰাইজক ৷ ধূলিৰ বাবে পথটোৰে অহা-যোৱা কৰা এতিয়া দুৰ্বিসহ হৈ পৰিছে ৰাইজৰ বাবে ৷ ছমাহ পূৰ্বে লোক নিৰ্মাণ বিভাগে পুনঃনিৰ্মাণৰ বাবে হাতত লোৱা পথটোৰ নিৰ্মাণকাৰ্য দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত পথটো নিৰ্মাণৰ দাবীত আজি বৃহত্তৰ গাৰামদেউ, বন অহোপা, ভেহবাৰী, বেলগুৰি, পলাশগুৰি, ফুলগুৰি আদি অঞ্চলৰ ৰাইজে গাৰামদেউত পথ অৱৰোধ কাৰ্যসূচী হাতত লয় ৷ যাৰ ফলত আজি সেই পথটোৰে ৫ ঘন্টাৰ বাবে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ পুৱা ৮ বজাৰ পৰা ৰাইজে পথটো অৱৰোধ কৰি ঠিকাদাৰ তথা লোক নিৰ্মাণৰ বিভাগৰ বিৰুদ্ধে বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাক্সা জিলা সদৰ মুছলপুৰ সংযোগী জালাহ-মুছলপুৰ গড়কাপ্তানি পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বি.টি.চিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই৷

সেইমতে সংশ্লিষ্ট ঠিকাদাৰে পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও ৰহস্যজনকভাৱে নিৰ্মাণৰ কাম বন্ধ হৈ পৰে ৷ ফলত উক্ত পথটোৰে যাতায়ত কৰাৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যথেষ্ট অসুবিধাৰ সম্মুখীন হৈ আহিছে ৷ বিভিন্ন সময়ত ওখোৰা-মোখোৰা তথা ধূলিময় পথটোত দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে ধূলিৰ বাবে পথটোৰ কাষত বসবাস কৰা লোক তথা কণ কণ শিশুসকল সঘনাই পানীলগা তথা চৰ্মৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে ৷স্থানীয় ৰাইজে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাইও কোনো সুফল নোপোৱাত আজি স্বত:স্ফূৰ্তভাৱে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ওলাই আহি পুৱাৰে পৰা পথটো অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ আনকি স্থানীয় মহিলাসকলে পথৰ ওপৰতে নাগাৰা-তাল লৈ বিটিচি পৰিষদৰ সুমতি বিচাৰি নাম-কীৰ্তন কৰে ৷ পথটোৰ ওপৰত জুই জ্বলাই প্ৰায় তিনিঘন্টা সময় অৱৰোধ কৰি শীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনায় ৷ আনহাতে বি.টি.চিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই পথটোৰ নিৰ্মাণকাৰ্য অহা ছমাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

ধূলিস্যাৎ বচ্চন পৰিয়ালৰ গৰিমা!

ধূলিস্যাৎ হোৱাৰ দিশে বচ্চন পৰিয়ালৰ গৰিমা ! পানামা পেপাৰ্ছৰ বিতৰ্কই পুনৰ মূৰ দাঙি উঠি কালিমা সানিলে বচ্চন পৰিয়ালৰ গৰ্ব আৰু গৰিমাত। বহুচৰ্চিত এই পানামা পেপাৰ্ছ সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক চমন জাৰি কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে দেশজুৰি চৰ্চা আৰম্ভ হৈছে। পানামা পেপাৰ্ছ সম্পৰ্কত ইডি-এ ৪৮বছৰীয়া অভিনেত্ৰীগৰাকীক জেৰা কৰিব বিচাৰিছে। বিদেশত থকা সম্পত্তি সম্পৰ্কীয় গোচৰত বচ্চন পৰিয়ালৰো নাম সাঙোৰ খাইছিল। অভিষেক বচ্চনৰ পত্নী তথা অমিতাভৰ বোৱাৰী ঐশ্বৰ্যক ইয়াৰ আগেয়েও দুবাৰকৈ চমন দিছিল ইডি-এ। কিন্তু ইডিৰ এই চমনৰ পাছত দুবাৰকৈ অধিক সময় বিচাৰিছিল তাৰকাগৰাকীয়ে। এয়া তৃতীয়বাৰলৈ তেওঁলৈ জাৰি কৰা হ’ব চমন।

উল্লেখ্য যে, পানামা পেপৰ্ছ সম্পৰ্কীয় তদন্ত ২০১৭ চনতে আৰম্ভ কৰিছিল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। বচ্চন পৰিয়াললৈ সংস্থাটোৱে চমন জাৰি কৰি ২০০৪চনৰ পৰা বিদেশলৈ প্ৰেৰণ কৰা ধনৰ খতিয়ান বিচাৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘লিবেৰালাইড ৰিমিটেন্স স্কীম (এলআৰএছ)ৰ আধাৰত এই চমন জাৰি কৰা হৈছিল তাৰকা পৰিয়ালটোলৈ। উল্লেখ্য যে, ২০১৬ চনত এই পানামা পেপাৰ্ছ চুৰি হোৱা আৰু দেশৰ সংবাদ মাধ্যমত এই সম্পৰ্কীয় তথ্য প্ৰকাশৰ পাছতে তোলপাৰ লাগিছিল। বিশ্বৰ বিভিন্নজন প্ৰভাৱাশালী আৰু ধন্যঢ্য লোকৰ লগতে এই তালিকাত নাম সন্নিৱিষ্ট হৈছিল বচ্চন পৰিয়ালৰো। এই পানামা পেপাৰ্ছত ৩০০ৰো অধিক লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি প্ৰকাশ পাইছিল। পানামা পেপাৰ্ছৰ এই বিতৰ্কই এতিয়া ঐশ্বৰ্যলৈ চমন জাৰি কৰাৰ পাছত নতুন ৰূপ পালে।

এইবাৰ অসমৰ তেলেৰে বাংলাদেশক জীপাল কৰিব কেন্দ্ৰীয় চৰকাৰে

অসমৰ সমস্যাৰ প্ৰতি সততে পিঠি দি অহা কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদৰ ওপৰত কিন্তু ঠিকেই দৃষ্টি ৰাখিছে। অবাধ গতিৰে অসমৰ সম্পদ আহৰণেৰে কেন্দ্ৰই বাৰম্বাৰ নিজৰ স্বৰূপ উদঙাই দি আহিছে। অসমক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ পূৰণ কৰা চৰকাৰৰ আন এক পদক্ষেপ শেহতীয়াকৈ পোহৰলৈ আহিছে।অসমৰ সম্পদেৰে বাংলাদেশেৰে বিশেষ সহযোগিতা চুক্তি ৰূপায়ন কৰিব কেন্দ্ৰীয় চৰকাৰে! অসমৰ তেলেৰে বাংলাদেশৰ শক্তিৰ চাহিদা পূৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত চৰকাৰ। দেশৰ বিদেশ মন্ত্ৰণালয়ে এই তথ্য সদৰি কৰিছে। দেশৰ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই সদৰি কৰে যে, ভাৰত-বাংলাদেশ ‘ফ্ৰেইণ্ডশ্বিপ পাইপলাইন প্ৰকল্প’ৰ অহা বছৰ মুকলি কৰা হ’ব আৰু শক্তি খণ্ডৰ চাহিদা পূৰণৰ দিশত দুয়ো দেশক এই প্ৰকল্পই সহায় কৰিব। উল্লেখ্য যে, ২০১৮ চনতে এই ৩৪৬কোটিটকীয়া ‘ভাৰত-বাংলাদেশ ফ্ৰেইণ্ডশ্বিপ পাইপলাইন প্ৰকল্প’ (আইবিএফপিপি)ৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু ই এতিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই প্ৰকল্পৰ জৰিয়তে ভাৰতৰ শিলিগুৰিৰ সৈতে সংযোজিত কৰা হ’ব বাংলাদেশৰ দিনজানপুৰৰ পাৰ্বতীপুৰক। ১৩০ কিলোমিটাৰ জোৰা এই তেল পাইপলাইনৰ জৰিয়তে বছৰি এক নিযুত মেট্ৰিকটন তেলৰ সৰবৰাহ কৰা হ’ব।


উল্লেখ্য যে, বাংলাদেশৰ বিজয় দিৱসৰ কাৰ্যসূচীত ‘গেষ্ট অব অনাৰ’ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শেহতীয়াকৈ অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি তথা বাংলাদেশৰ শীৰ্ষ নেতাসকলৰ সৈতে সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছতে ভাৰতৰ বৈদেশিক সচিবে কৰা এই ঘোষণা তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। চুবুৰীয়া দুয়ো দেশৰ মাজৰ এই প্ৰকল্পক ‘বিশেষ’ আখ্যা দি শ্ৰীংলাই অহা বছৰ এই প্ৰকল্প কাৰ্যকৰী কৰা সম্পৰ্কীয় আনুষ্ঠানিক ঘোষণা কৰে।ৰাষ্ট্ৰপতি কোবিন্দে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতাৰ বিষয়টো উন্নীত কৰাৰ কথা তেওঁৰ ভ্ৰমণকালত প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে ভাৰকে এই দিশত তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।


এতিয়া মন কৰিবলগীয়া কথাটো হৈছে এই প্ৰকল্পৰ জৰিয়তে বাংলাদেশলৈ সৰবৰাহ কৰিবলগীয়া তেল ক’ৰ পৰা নিয়া হ’ব? এই তেল যাব অসমৰ নুমলীগড় শোধনাগাৰৰ পৰা। শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেলৰ জৰিয়তে বাংলাদেশলৈ তেল প্ৰেৰণ কৰা হ’ব। দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতাৰ বিষয়টোত এই পদক্ষেপে নিশ্চয় সহায় কৰিব। এই ক্ষেত্ৰত সন্দেহৰ অৱকাশ নাই। কিন্তু এই প্ৰকল্পৰ জৰিয়তে অসমে কি লাভ কৰিব? কেন্দ্ৰই কেৱল অসমৰ সম্পদৰ ওপৰতহে চকু দি অহাৰ যি অভিযোগ তাক এই প্ৰকল্পই পুনৰ প্ৰমাণ কৰি তুলিলে নেকি? অসমৰ সমস্যা আৰু ৰাজ্যখনৰ অতি স্পৰ্শকাতৰ বিষয়বোৰ সন্দৰ্ভত কেন্দ্ৰৰ নিষ্ক্ৰিয়তাৰ বিপৰীতে অসমৰ সম্পদেৰে অন্য ৰাষ্ট্ৰৰ সৈতে মিতিৰালি বঢ়োৱাৰ এই পদক্ষেপ বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে। অসমৰ সম্পদৰ ওপৰত অসমৰ মানুহৰ অধিকাৰৰ দৰে দাবীৰ প্ৰাসংগিকতাক পুনৰ চৰ্চালৈ আনিছে কেন্দ্ৰৰ এই ভূমিকাই।

বিশ্বনাথ চাৰিআলি সাহিত্য সভা প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচন

দেওবাৰে বিশ্বনাথ চাৰিআলি সাহিত্য সভা প্ৰেক্ষাগৃহত বিশ্বনাথ জিলাৰ কবি চক্ৰ  দ্বাৰা আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে  শোনিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই।দুখনকৈ গ্ৰন্থ উন্মোচন কৰা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সেৱিকা তৰামাই শইকীয়াই।সভাৰ আৰম্ভনি গীত পৰিবেশন কৰে  মঞ্জিত বৰঠাকুৰে ! সভাৰ মাজতে বিষ্ণু ৰাভা সঙ্গীত পৰিবেশন কৰে নীলাক্ষী দেবীয়ে।আনহাতে সভাৰ খনৰ আতঁ ধৰে বিশ্বনাথ জিলা কবি চক্ৰ কাৰ্যকৰী সভাপতি টেজেন হাজৰিকাই।

ইয়াৰ পিছতে সভাত বিশিষ্ট লেখক কবি সাহিত্যিক ভূধৰ দাসে লিখিত  “জীৱন জীয়াৰ স্বপ্ন” গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক কবি সাংবাদিক অনূপ কুমাৰ তালুকদাৰে।আনখন বিশিষ্ট লেখিকা  কবি সাহিত্যিক ৰুবি শইকীয়া  দাসে  লিখা  “ৰঙা চোলাটো” নামৰ গ্ৰন্থ   উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয় অধ্যক্ষ ড০ চিন্তামণি শৰ্মাই। ইফালে সভাত নিদিষ্ট বক্তব্য হিচাপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ   জ্যেষ্ঠ ইংৰাজী প্ৰবক্তা ড০ নিপম শইকীয়াই। অধ:শতাধীক সাহিত্য প্ৰেমীৰ লগতে  গহপুৰৰ কবি দীপা শইকীয়া “বৰগাঙৰ অৰ্পনা শইকীয়া দাস “বিহালীৰ প্ৰেম বৈষ্ণৱ  ৰ’দ আলোচনীৰ সম্পাদক জয়ন্ত বৰুৱা “বৰগাঙৰ জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা আদিয়ে অংশ লয়।

ফকিৰাগ্ৰাম ৰেলৱে এম্প্লয়িজ ইউনিয়নৰ অধিবেশন

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম ৰেলৱে এম্প্লয়িজ ইউনিয়ন কাৰ্যালয় প্ৰাংগণত এনএফ ৰেলৱে এম্প্লয়িজ ইউনিয়নৰ আলিপুৰদুৱাৰ সংমন্ডলৰ  অধীনৰ ফকিৰাগ্ৰাম শাখাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন হয়।

উক্ত অধিবেশনত এনএফ ৰেলৱে এম্প্ৰোয়িজ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ মুনিন্দ্ৰ শইকীয়া, সভাপতি বিজন দেব ৰয়, কোষাধ্যক্ষ জন দাস,আলিপুৰদুৱাৰ সংমন্ডলৰ সাধাৰণ সম্পাদক সুজিত কুমাৰ মিশ্ৰ, সভাপতি সুব্ৰত গাংগুলী, ফকিৰাগ্ৰাম শাখাৰ কাৰ্যকৰী সভাপতি সুবল ৰায়, উপ-সভাপতি ৰঞ্জিত কৰ, সম্পাদক শংকৰ ৰায় উপস্থিত থাকে।

মোক ধৰাৰ পূৰ্বে ফেৰেংগা, বিদাই আৰু চাওৰাইগৌৰাক ধৰকঃ এম বাথা

এনডিএফবিৰ দুধৰ্ষ নেতা বিনোদ মুছাহাৰী ওৰফে এম বাথা মূলসূঁতিলৈ ঘূৰি অহাৰ পিছত নিয়াৰ বিশেষ আদালতে এম বাথাক পলাতক ঘোষণা কৰাৰ উপৰিও আদালতত হাজিৰ হবলৈ চমন জাৰি কৰাৰ পিছতে আজি এম বাথাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সম্প্ৰতি কোকৰাঝাৰ ডেজিগনেটেট কেম্পত থকা এম বাথাই নিয়াৰ চমন বাহিৰ হোৱাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মোক ধৰাৰ পূৰ্বে ফেৰেংগা ,বিদাই আৰু চাওৰাইগৌৰাক ধৰক । এয়া ২০১৫ চনৰ কেচ আৰু সেইসময়ত মই বেমাৰত আছিলো । সিহঁতক হে ধৰিব লাগে ।সিহঁত শান্তি চুক্তি কৰিছে , শান্তি চুক্তি মতে গোচৰ প্ৰত্যাহাৰ হব লাগে । অকল মোক কিয় নিৰ্যাতন কৰি থাকে , সিহঁতক আগত ধৰক । বৰ্তমান মই এনএলএফবি হিচাপে ডেজিগনেটেট কেম্পত আছো ।

মুখ্যমন্ত্ৰীৱে ভালদৰে থাকিব কৈছে , আমিও ভালদৰে আছো কিন্তু খোৱা -লোৱাৰ অভাৱ হৈছে । ৰাজ্য চৰকাৰে খোৱা – লোৱাৰ খৰছ বহন কৰিব বিচাৰিছিল কিন্তু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে খোৱাৰ দায়িত্ব নিজে লৈছিল যদিও এতিয়া প্ৰমোদ বড়োই তেওঁলোকক খাব নিদিয়ে । প্ৰমোদ বড়োৰ ওপৰত ক্ষুব্ধ হৈ এম বাথাই কয় যে প্ৰমোদ বড়োই এতিয়া তেওঁলোকক খাব নিদিয়ে কিন্তু  কিমানদিন ?  তিনিবছৰ পিছত নতুন চৰকাৰ হব । তেতিয়া কিবা নহয় কিবা এটা হব । চৰকাৰৰ সতে আলোচনা চলি আছে  আৰু অহা জানুৱাৰীত কিবা এটা ভাল হব বুলি আশা প্ৰকাশ কৰিছে একালৰ দুধৰ্ষ বিনোদ মুছাহাৰী ওৰফে এম বাথাই। উল্লেখ্য যে নিয়াৰ বিশেষ আদালতে ৫/১৫ নং গোচৰৰ ভিত্তিত এম বাথাক গুৱাহাটীৰ নিয়াৰ বিশেষ আদালতত কালি অৰ্থাৎ ১৮ ডিচেম্বৰত হাজিৰ হবলৈ বাতৰি কাকত যোগে বিজ্ঞাপন প্ৰকাশ কৰিছিল । 

কিয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মাতি পঠাইছিল নিৰ্বাচন আয়োগৰ বিষয়াক?

বিজেপি চৰকাৰ কেন্দ্ৰত শাসনত অধীষ্ঠিত হোৱাৰ পাছতে দেশৰ বিভিন্ন স্বতন্ত্ৰ সংস্থাৰ স্বকীয়তা নাইকিয়া কৰি তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিভিন্ন কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ পৰা আৰম্ভ কৰি নিৰ্বাচন আয়োগলৈকে সকলোতে কেন্দ্ৰৰ অবাঞ্চিত হস্তক্ষেপে দেশৰ গণতান্ত্ৰিক গাঁঠনি সোলোক-ঢোলোক কৰি তোলা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে।

প্ৰায়বোৰ নিৰ্বাচনতে শাসকীয় দলে বিজেপিৰ সহায় হোৱাকৈ কাম কৰা বুলি উঠা অভিযোগো সৰ্বজনবিদিত। নিৰ্বাচন আয়োগৰ পূ্ৰ্বে বিজেপি নেতাই দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা তথা পশ্চিমবংগৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দীঘলীয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে কেন্দ্ৰৰ শাসনাধীষ্ঠ দলক সহায় কৰাৰ চেষ্টা নিৰ্বাচন আয়োগে কৰি অহা বুলিও অভিযোগ উত্থাপন হৈ আহিছে। বিভিন্ন বিৰোধী দলে অভিযোগ কৰি আহিছে যে, নিৰ্বাচন আয়োগে বিভিন্ন নিৰ্বাচনত বিজেপিৰ সহযোগীৰ দৰে কাম কৰি আহিছে।

শেহতীয়াকৈ অনুৰূপ অভিযোগ উত্থাপন হৈছে আৰু ইয়াকৈ লৈ দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। দেশে উত্তৰ প্ৰদেশ, পঞ্জাবকে ধৰি পাঁচখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। সকলো দল ব্যস্ত হৈ পৰিছে প্ৰচাৰত। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশৰ নিৰ্বাচন আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি বৈঠকৰ বাবে নিমন্ত্ৰণ কৰাক লৈ চলিছে ব্যাপক বিতৰ্ক। এই কাৰ্যৰ জৰিয়তে নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ আৰু গুৰুত্বপূৰ্ণ সংস্থাৰ স্বতন্ত্ৰতাত আঘাত হনা বুলি অভিযোগ কৰিছে বিভিন্ন ৰাজনৈতিক দলে। ইয়াকে লৈ এতিয়া বিতৰ্ক চলিছে দেশৰ ৰাজনীতিত।


দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি)ক চৰকাৰী পত্ৰ প্ৰেৰণ কৰি বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে। এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে। এই স্পষ্টীকৰণৰ আইন মন্ত্ৰণালয়ে প্ৰকাস কৰিছে যে, চিইচিলৈ প্ৰেৰণ কৰা পত্ৰ নিৰ্বাচন আয়োগৰ সচিব বা চিইচিৰ কোনো প্ৰতিনিধিক আমন্ত্ৰণ জনোৱাৰ বাবে আছিল আৰু এই বৈঠকৰ পাছত চিইচি আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্তৰ মাজৰ টেলিফোনিক বৈঠক নিৰ্বাচন সম্পৰ্কীয় সংস্কাৰ বিষয়ত মতভেদ আঁতৰ কৰাৰ বাবে আছিল।

এক বিজ্ঞপ্তিৰ জৰিয়তে নিৰ্বাচন আয়োগে প্ৰকাশ কৰে যে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কেবিনেট সচিব, বিধি সচিবৱ আৰু বিধায়ী সচিবলৈ পত্ৰ প্ৰেৰণ কৰি ১৬ নৱেম্বৰত এক ‘সমান মতদাতা সূচী’ সম্পৰ্কীয় বিষয়ত বৈঠক অনুষ্ঠিত কৰা হৈছিল। এই পত্ৰ দেশৰ নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা হোৱা নাছিল। কিন্তু এই স্পষ্টীকৰণে বিৰোধী দলসমূহক আশ্বস্ত কৰি তুলিব পৰা নাই।

কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ চেষ্টা চলাই থকা বুলি অভিযোগ কৰিছে। এই বিষয় সন্দৰ্ভত কংগ্ৰেছে লোকসভাত ‘কাৰ্যস্থগন’ নটিচ জাৰি কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই বিতৰ্কৰ খুব সোনকালে অৱসান হোৱাৰ সম্ভাৱনা নাই। ই দেশৰ নিৰ্বাচনী ব্যৱস্থাত সৃষ্টি হোৱা কেৰোণক প্ৰতিফলিত কৰা বুলিও তুমুল চৰ্চা চলিছে।

হাস্পতালত ভৰ্তি আই-ফোন নিৰ্মাণ প্ৰতিষ্ঠানৰ ২৫৬জন কৰ্মচাৰী

আই-ফোন নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানত ঘটিছে অঘটন। প্ৰতিষ্ঠানটোৰ খাদ্যত বিষক্ৰিয়া ঘটি হাস্পতালত ভৰ্তি ২০০-ৰো অধিক কৰ্মচাৰী।এই ঘটনা সংঘটিত হৈছে ভাৰতৰ তামিলনাডুত থকা আই-ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ফক্সক’নত। তামিলনাডুৰ শ্ৰীপেৰুমবুদুৰত এই ফক্সক’নৰ কাৰাখানাটো আছে য’ত বিশ্বৰ বিখ্যাত এপ’ল কোম্পানীৰ আই-ফোন প্ৰস্তুত কৰা হয়।

ফক্সক’নত কাম কৰা কৰ্মচাৰীসকলে টিফিন টাইমত কাৰাখানাটোৰ খাদ্য গ্ৰহণ কৰি ডায়েৰিয়াত ভোগে যাৰ ফলত অধিকাংশ কৰ্মচাৰীকে হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়। ২৫৬ গৰাকী কৰ্মচাৰীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ অন্তত ১৫৫ গৰাকী সুস্থ হৈ ঘৰলৈ উভতি যায়। ১০১ গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে। এগৰাকী মহিলা কৰ্মচাৰীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হয় যদিও ফক্সক’ন কৰ্তৃপক্ষই এয়া উৰাবাতৰি বুলি সদৰী কৰে। খাদ্যৰ বিষক্ৰিয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

দিল্লীৰ চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰ ২.৫ লাখ শিক্ষাৰ্থীঃ অৰবিন্দ কেজৰিৱাল

দিল্লীত ৰাজহুৱা শিক্ষা ব্যৱস্থাত আমাৰ উন্নতিৰ বাবে অতি কমেও ২.৫ লাখ শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ ব্যক্তিগত বিদ্যালয় বৰ্জন কৰিছিল, দেওবাৰে (১৯ ডিচেম্বৰ) দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কায়স্থ সমাজ সন্মিলনত ভাষণ দি কয়।

“ছয় বছৰৰ ভিতৰত, আমি চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰিছো আৰু 2.5 লাখ শিক্ষাৰ্থীয়ে ব্যক্তিগত বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়ত যোগদান কৰিছে। ৯৯.৭ শতাংশ ফলাফল একেজন শিক্ষকৰ সহায়ত আহিছে। নেতাজনে ৰাষ্ট্ৰীয় ৰাজধানীত চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা “উন্নত কৰিব নোৱাৰাৰ” বাবে আন ৰাজনৈতিক দলসমূহক তীব্ৰ সমালোচনা কৰে আৰু কয় যে এই দলবোৰে “ইচ্ছাকৃতভাৱে ভাৰতক দৰিদ্ৰ কৰি ৰাখিছে।”

“মই ৰাজনীতিত অতি নতুন আৰু এইটো মাত্ৰ ৭-৮ বছৰ যে মই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছো। মোৰ দলে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰিছে।”কিন্তু মোৰ পৰ্যৱেক্ষণ অনুসৰি, আন ৰাজনৈতিক দলবোৰে ইচ্ছাকৃতভাৱে ভাৰতক দৰিদ্ৰ কৰি ৰাখিছে, তেওঁলোকে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰাত ব্যৰ্থ হৈছে”, ৰাজহুৱা বিদ্যালয়সমূহত স্বাস্থ্য সম্পৰ্কীয় সুবিধাসমূহ যোগ দি কেজৰিৱালে কয়, “আনকি চৰকাৰী চিকিৎসালয় আৰু ঔষধালয়বোৰো বেয়া অৱস্থাত আছিল যি এতিয়া ব্যক্তিগত বিদ্যালয়সমূহক প্ৰতিযোগিতা প্ৰদান কৰিছে”।মুখ্যমন্ত্ৰীয়ে লগতে দিল্লীৰ বাসিন্দাসকলক আশ্বাস দিছে যে ব্যয়বহুল চিকিৎসাকে ধৰি সকলো চিকিৎসা দিল্লী চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া হ’ব।

মালয়বাৰীত ক্ৰছ-কান্ট্ৰী দৌৰৰ বাছনি শিবিৰৰ সামৰণি

অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ অসম দলৰ বাছনি শিবিৰৰ আজি সফলতাৰে সামৰণি পৰে। মালয়বাৰীৰ লক্ষ্মী মন্দিৰ খেলপৰাৰত অনুষ্ঠিত বাছনিত শিবিৰত ৰাজ্যৰ ডেৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰে।

লৰা-ছোৱালী উভয়ৰে ১৬ বছৰ,১৮ বছৰ,২০ বছৰ অনুৰ্ধ্বৰ লগতে পুৰুষ-মহিলা শাখাৰ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত এই বাছনি শিবিৰত অংশগ্ৰহনেৰে যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলে নাগালেণ্ডৰ কহিমাত অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক ক্ৰছ-ক্ৰান্টী চেম্পিয়নশ্বিপত অংশগ্ৰহনেৰে অসম দলক প্ৰতিনিধিত্ব কৰিব।

কনক দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি সকলক উদ্যোক্তা সকলে উষ্ম আদৰণি জনাই। বাছনি শিবিৰৰ খেলসমূহৰ ফ্লেগঅফ কৰে অসম এথলেটিকচ্ এচছিয়েশ্বনৰ সম্পাদক অশোক ভৰালী,প্ৰশিক্ষক নিপন দাসৰ লগতে মালয়বাৰী গা‍ঁও পঞ্চায়তৰ সভাপতি তথা আয়োজক কমিটিৰ সভাপতি পবিত্ৰ কুমাৰ দাসে।