Breaking

হাস্পতালত ভৰ্তি আই-ফোন নিৰ্মাণ প্ৰতিষ্ঠানৰ ২৫৬জন কৰ্মচাৰী

0 2,044

আই-ফোন নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানত ঘটিছে অঘটন। প্ৰতিষ্ঠানটোৰ খাদ্যত বিষক্ৰিয়া ঘটি হাস্পতালত ভৰ্তি ২০০-ৰো অধিক কৰ্মচাৰী।এই ঘটনা সংঘটিত হৈছে ভাৰতৰ তামিলনাডুত থকা আই-ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ফক্সক’নত। তামিলনাডুৰ শ্ৰীপেৰুমবুদুৰত এই ফক্সক’নৰ কাৰাখানাটো আছে য’ত বিশ্বৰ বিখ্যাত এপ’ল কোম্পানীৰ আই-ফোন প্ৰস্তুত কৰা হয়।

ফক্সক’নত কাম কৰা কৰ্মচাৰীসকলে টিফিন টাইমত কাৰাখানাটোৰ খাদ্য গ্ৰহণ কৰি ডায়েৰিয়াত ভোগে যাৰ ফলত অধিকাংশ কৰ্মচাৰীকে হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়। ২৫৬ গৰাকী কৰ্মচাৰীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ অন্তত ১৫৫ গৰাকী সুস্থ হৈ ঘৰলৈ উভতি যায়। ১০১ গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে। এগৰাকী মহিলা কৰ্মচাৰীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হয় যদিও ফক্সক’ন কৰ্তৃপক্ষই এয়া উৰাবাতৰি বুলি সদৰী কৰে। খাদ্যৰ বিষক্ৰিয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply