Home Blog Page 2655

দিল্লীৰ চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰ ২.৫ লাখ শিক্ষাৰ্থীঃ অৰবিন্দ কেজৰিৱাল

দিল্লীত ৰাজহুৱা শিক্ষা ব্যৱস্থাত আমাৰ উন্নতিৰ বাবে অতি কমেও ২.৫ লাখ শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ ব্যক্তিগত বিদ্যালয় বৰ্জন কৰিছিল, দেওবাৰে (১৯ ডিচেম্বৰ) দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কায়স্থ সমাজ সন্মিলনত ভাষণ দি কয়।

“ছয় বছৰৰ ভিতৰত, আমি চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰিছো আৰু 2.5 লাখ শিক্ষাৰ্থীয়ে ব্যক্তিগত বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়ত যোগদান কৰিছে। ৯৯.৭ শতাংশ ফলাফল একেজন শিক্ষকৰ সহায়ত আহিছে। নেতাজনে ৰাষ্ট্ৰীয় ৰাজধানীত চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা “উন্নত কৰিব নোৱাৰাৰ” বাবে আন ৰাজনৈতিক দলসমূহক তীব্ৰ সমালোচনা কৰে আৰু কয় যে এই দলবোৰে “ইচ্ছাকৃতভাৱে ভাৰতক দৰিদ্ৰ কৰি ৰাখিছে।”

“মই ৰাজনীতিত অতি নতুন আৰু এইটো মাত্ৰ ৭-৮ বছৰ যে মই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছো। মোৰ দলে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰিছে।”কিন্তু মোৰ পৰ্যৱেক্ষণ অনুসৰি, আন ৰাজনৈতিক দলবোৰে ইচ্ছাকৃতভাৱে ভাৰতক দৰিদ্ৰ কৰি ৰাখিছে, তেওঁলোকে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰাত ব্যৰ্থ হৈছে”, ৰাজহুৱা বিদ্যালয়সমূহত স্বাস্থ্য সম্পৰ্কীয় সুবিধাসমূহ যোগ দি কেজৰিৱালে কয়, “আনকি চৰকাৰী চিকিৎসালয় আৰু ঔষধালয়বোৰো বেয়া অৱস্থাত আছিল যি এতিয়া ব্যক্তিগত বিদ্যালয়সমূহক প্ৰতিযোগিতা প্ৰদান কৰিছে”।মুখ্যমন্ত্ৰীয়ে লগতে দিল্লীৰ বাসিন্দাসকলক আশ্বাস দিছে যে ব্যয়বহুল চিকিৎসাকে ধৰি সকলো চিকিৎসা দিল্লী চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া হ’ব।

মালয়বাৰীত ক্ৰছ-কান্ট্ৰী দৌৰৰ বাছনি শিবিৰৰ সামৰণি

অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ অসম দলৰ বাছনি শিবিৰৰ আজি সফলতাৰে সামৰণি পৰে। মালয়বাৰীৰ লক্ষ্মী মন্দিৰ খেলপৰাৰত অনুষ্ঠিত বাছনিত শিবিৰত ৰাজ্যৰ ডেৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰে।

লৰা-ছোৱালী উভয়ৰে ১৬ বছৰ,১৮ বছৰ,২০ বছৰ অনুৰ্ধ্বৰ লগতে পুৰুষ-মহিলা শাখাৰ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত এই বাছনি শিবিৰত অংশগ্ৰহনেৰে যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলে নাগালেণ্ডৰ কহিমাত অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক ক্ৰছ-ক্ৰান্টী চেম্পিয়নশ্বিপত অংশগ্ৰহনেৰে অসম দলক প্ৰতিনিধিত্ব কৰিব।

কনক দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি সকলক উদ্যোক্তা সকলে উষ্ম আদৰণি জনাই। বাছনি শিবিৰৰ খেলসমূহৰ ফ্লেগঅফ কৰে অসম এথলেটিকচ্ এচছিয়েশ্বনৰ সম্পাদক অশোক ভৰালী,প্ৰশিক্ষক নিপন দাসৰ লগতে মালয়বাৰী গা‍ঁও পঞ্চায়তৰ সভাপতি তথা আয়োজক কমিটিৰ সভাপতি পবিত্ৰ কুমাৰ দাসে।

গোগামুখত টাইকোৱানডো ওৱান ৰেড বেল্ট পৰীক্ষা সম্পন্ন

ধেমাজি জিলাৰ গোগামুখত ধেমাজি জিলা টাইকোৱানডো সন্হাৰ আতিথ্যত উত্তৰ অসম মণ্ডলৰ টাইকোৱানডো ওৱান ৰেড বেল্ট পৰীক্ষা আজি সুকলমে সম্পন্ন হৈ যায় ৷ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৮ আৰু ১৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা উক্ত ওৱান ৰেড বেল্ট পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ মুঠ ১০০ গৰাকী খেলুৱৈ পৰীক্ষাত অৱতীৰ্ণ হয় ৷

পৰীক্ষাত উত্তৰ অসম মণ্ডলৰ টাইকোৱানডোৰ সম্পাদক সূৰ্য কুমাৰ দাসে পৰীক্ষক আৰু অভিজিৎ গগৈয়ে সহকাৰী পৰীক্ষক, কৃষ্ণকান্ত গগৈয়ে পঞ্জীয়ক আৰু পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে খগেন কোৱৰ আৰু হৰেণ ভূমিজে ৷

আটাই ইউনাইটেড ক্লাবৰ উদ্যোগত ক্ৰিকেট প্ৰতিযোগিতা

গোগামুখৰ অন্যতম ক্লাব আটাই ইউনাইটেড ক্ৰিকেট ক্লাবৰ উদ্যোগত আজিৰে পৰা প্ৰাইজমাণি আৰু ট্ৰফী গোগামুখ ক্ৰিকেট লীগ আৰম্ভ হৈছে ৷ মুঠ ১৩ টা দলে অংশগ্ৰহণ কৰা উক্ত ক্ৰিকেট লীগখন আজিৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৷

আজি আৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকে এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে ৷ উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী তথা প্ৰাক্তন ক্ৰিকেট খেলুৱৈ অজিৎ প্ৰসাদ, শিৰোমণি দাস আদিয়ে ৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে আটাই ইউনাইটেড ক্লাবৰ সভাপতি খনিন্দ্ৰ কামানে ৷ আঁত ধৰে ধ্যান দলে আৰু চন্দন দলেয়ে ৷

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ৰাস্তাৰ কামৰ শুভাৰম্ভ

ৰাভা হাছং স্বাযত্ব শাসিত পৰিষদীয় এলেকাৰ গ্ৰামাঞ্চলৰ সকলো গ্ৰাম্য পথৰ উন্নতি কৰি যাতায়তৰ বাবে সুচল কৰাই হৈছে পৰিষদৰ প্ৰধান লক্ষ্য৷পৰিষদৰ দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাৰা বগৰীবাৰী গাওঁৰ ৪৫০ মিটাৰ দৈৰ্ঘৰ এটি গ্ৰাম্য পথ নতুনকৈ নিৰ্মাণৰ শুভাৰম্ভ কৰি মন্তব্য কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই৷ তেওঁ পুনৰ কয় যে পৰিষদীয় এলেকাৰ দীৰ্ঘ দুৰত্বৰ পথৰ লগতে গাওঁ সমুহৰ মাজত থকা চুটি পথ সমুহো উন্নয়নৰ জৰিয়তে যাতায়ত ব্যবস্থা সুচল কৰি তোলা হব৷

২০২০- ২০২১ বিত্তীয় বৰ্ষৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰিব লগীয়া পথটোৰ বাবে মুঠ ১০ লাখ টকা ধাৰ্য কৰা হৈছে৷ এই পথটো নিৰ্মাণ হৈ উঠিলে খাৰা বগৰীবাৰী গাওঁৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিনে ভুগি অহা এটা সমস্যাৰ পৰা মুক্তি পাব৷ আজিৰ এই কামৰ শুভাৰম্ভত অনুষ্ঠানত উপস্থিত থাকে গড় কাপ্তানী বিভাগৰ কণিষ্ঠ অভিযন্তা উৎপল খাখলাৰী, পৰিষদৰ কনিষ্ঠ অভিযন্তা মুনদ্বীপ ৰাভাৰ লগতে স্থানীয় ৰাইজ।

গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসত সভা

ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অৱস্থিত তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান চমুকৈ  আৰ. এম. এচ. এৰ অধীনস্থ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ছাত্ৰী নিবাসত এখন  গুৰুত্বপূৰ্ণ  সভা অনুষ্ঠিত হয়। উল্লেখ্য যে বিগত সময়ত উক্ত নিবাসীটি ক’ভিড আক্ৰান্ত ৰোগীৰ বাবে  ডিব্ৰুগড় জিলা প্ৰশাসনে কভিড কেয়াৰ চেন্টাৰ হিচাপে দীৰ্ঘ দিন ব্যৱহাৰ কৰা ফলত নিবাসটি বন্ধ হৈ আছিল । সম্প্ৰতি ক’ভিড সংক্ৰমণ ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ সমান্তৰালকৈ শিক্ষানুষ্ঠানসমূহো চৰকাৰে মুকলি কৰি দিয়াৰ পাছত নিবাসটি চৰকাৰী নিৰ্দেশনা অনুসৰি আবাসীৰ বাবে পুনৰ মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা নিবাসৰ সদস্য সচিব তৰুণ তামুলীৰ পৌৰোহিত্যত  নিবাসৰ প্ৰাংগনত আবাসী, অভিভাৱক আৰু অভিভাৱিকাৰ উপস্থিতিত নিবাস পৰিচালনা সম্পৰ্কীয় এখনি সৌহাদ্যমুলক আলোচনা সম্পন্ন হয়। উল্লেখ্য যে প্ৰায় এশ গৰাকী দৰিদ্ৰ সমীৰেখা তলৰ  ছাত্ৰী বাবে বিনামূলীয়া চৰকাৰী থকা-খোৱা সুবিধা উপলব্ধ এই আবাসত গৃহ জিলাৰ লগতে চুবুৰীয়া জিলাৰ  বিভিন্ন অঞ্চলৰ  বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ণৰত ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰি আহিছে। 

গোগামুখত প্ৰাইজমাণি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা

Cricket ball resting on a cricket bat on green grass of cricket pitch

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত গোগামুখত ২৩-২৬ ডিচেম্বৰত গোগামুখ ৰে’লৱে কলনি খেলপথাৰত দিবা-নৈশ প্ৰাইজমাণি আৰু চলন্ত ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷

মুঠ এক লাখ টকাৰ পুৰস্কাৰ সম্বলিত খেলখনত অংশগ্ৰহণ কৰিব বিছৰা ইচ্ছুক সকলক আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে ৷ যোগাযোগৰ নম্বৰ ৮০৯৯৫৩৫৪৯৭, ৯৩৬৫৭৩৮২৬২, ৯৭০৭৭৪৭৪১ ৷

ৰণবীৰে নিৰ্মাণ কৰিব ককাক ৰাজ কাপুৰৰ বায়’পিক ‘শ্ব’মেন’

ৰাজ কাপুৰ,ভাৰতীয় চিনেমাৰ যুগদ্ৰষ্টা। ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ ‘শ্ব’মেন’ হিচাপে পৰিচিত ৰাজ কাপুৰৰ বায়’পিক নিৰ্মাণ কৰিবলৈ আগ্ৰহী নাতি ৰণবীৰ কাপুৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰে বিচাৰে তেওঁৰ ককাক ৰাজ কাপুৰৰ জীৱনটোৰ বিষয়ে সকলো লোকেই জ্ঞাত হোৱা উচিত। ৰাজ কাপুৰ তেওঁৰ অভিনয়ৰ বাবে যিমান প্ৰশংসিত, সিমানেই “ববি” আৰু “সংগম”ৰ দৰে চলচ্চিত্ৰ পৰিচালনাৰ বাবেও প্ৰশংসিত ৷ অভিনেতা পৃথ্বীৰাজ কাপুৰৰ পুত্ৰ ৰাজ কাপুৰৰ পৰিয়ালটো পূৰ্বৰে পৰা বিনোদন জগতৰ সৈতে জড়িত আছিল৷ যিটো পৰিয়ালৰ প্ৰতি প্ৰজন্মৰ কেইবাগৰাকীও সদস্য এই জগতৰ সৈতে জড়িত হৈ আহিছে৷ ৰাজ কাপুৰৰ ভাতৃ শাম্মী আৰু শশী, পুত্ৰ ঋষি আৰু নাতি-নাতিনী কৰীণা আৰু ৰণবীৰ বলীউডৰ সৈতে জড়িত৷ সন্মানীয় কাপুৰ চলচ্চিত্ৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ অভিনেতাজনে ৰাজধানীত ‘ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক’ নামৰ কিতাপখন মুকলি কৰাৰ পিছত এক পেনেল আলোচনাত ভাষণ দি আছিল।

ৰাহুল ৰাৱেল নামৰ এজন লেখকে লিখা ‘ৰাজ কাপুৰ: দ্য মাষ্টাৰ এট ৱৰ্ক’ নামৰ কিতাপখনৰ মুকলি অনুষ্ঠানত ভাগ লৈ এই কথা সদৰী কৰে ৰণবীৰ কাপুৰে। ৰণবীৰে এই সন্দৰ্ভত কয় যে মই মোৰ ককাৰ ওপৰত এখন বায়পিক নিৰ্মাণ কৰাৰ সপোন বহুদিনীয়া। এই অনুষ্ঠানতে এজন সাংবাদিকে ৰণবীৰ কাপুৰক সুধিছিল যে তেওঁ এতিয়াও জীয়াই থকা হলে আপুনি কি কৰিলেহেঁতেন? এই প্ৰশ্নৰ উত্তৰ দি ৰণবীৰে কয় মই ককাৰ সৈতে জীৱনৰ কথা পাতিলোহেঁতেন। আনকি মই তেওঁৰ সৈতে বহি সুৰাপানো কৰিলোহেঁতেন।ৰাহুল ৰাৱেলে মোৰ ককাক বহু ওচৰৰ পৰা পাইছিল, তেওঁ ককাৰ বহু কাহিনী জানে, যিবোৰ এই কিতাপত লিখা হোৱা নাই। ককাৰ জীৱনৰ উন্মোচিত নোহোৱা কথাবোৰেৰে মই এখন বায়পিক নিৰ্মাণ কৰিবলৈ বিচাৰোঁ। উল্লেখ্য যে ১৯২৪ চনৰ ১৪ ডিচেম্বৰত পেছোৱাৰত ৰাজ কাপুৰৰ জন্ম হৈছিল৷

তেওঁ আৱাৰা, শ্ৰী ৪২০, আগ, বৰসাত, মেৰা নাম জ’কাৰ আৰু সত্যম শিৱম সুন্দৰমৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰি তুলিছিল।ৰাজ কাপুৰে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল ১০ বছৰ বয়সত৷ ৰাজ কাপুৰৰ বয়স মাত্ৰ ২৪ বছৰ থাকোতেই তেওঁ আৰ কে ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰিছিল৷ ১৯৪৯ চনত দিলীপ কুমাৰ আৰু নাৰ্গিছৰ সৈতে আন্দাজত কৰা অভিনয়ে অভিনেতা হিচাপে ৰাজ কাপুৰক প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। চিনেমা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ কাপুৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছিল পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটা ৷ তদুপৰি তেওঁ পাইছিল তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা আৰু ১১টাকৈ ফিল্মফেয়াৰ বঁটা৷ ১৯৮৮ চনত ৬৩ বছৰ বয়সত মৃত্যুবৰণ কৰে বিশিষ্ট অভিনেতা ৰাজ কাপুৰে। ৰণবীৰ কাপুৰৰ মন্তব্যৰ পাছতেই ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ ‘শ্ব’মেন’ ৰাজ কাপুৰৰ বায়’পিক চাবলৈ আগ্ৰহী হৈ পৰিছে চিনেমাপ্ৰেমীসকল।

পঞ্জাব নেচনেল বেংকক কিয় জৰিমনা বিহিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ?

ভাৰতীয় ৰিজাৰ্ভ বেংকে পঞ্জাব নেচনেল বেংকক ১.৮ কোটি টকাৰ জৰিমনা বিহিছে৷ একেদৰে, আইচিআইচিআই বেংকক নিয়ন্ত্ৰক অনুপালনৰ অভাৱৰ বাবে ৩০ লাখ টকাৰ জৰিমনা বিহা হৈছে। ৰিজাৰ্ভ বেংকে জাৰি কৰা এক বিবৃতি অনুসৰি, পাঞ্জাব নেচনেল বেংকক বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ৰ ব্যৱস্থা উলংঘন কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল৷ আৰবিআইৰ অনুসন্ধানত দেখা গৈছে যে পঞ্জাব নেচনেল বেংকে ঋণ লওঁতা কোম্পানীবোৰত শ্বেয়াৰ ৰাখিছিল, প্ৰতিশ্ৰুতি অনুসৰি, সেই কোম্পানীবোৰৰ পেইড-আপ শ্বেয়াৰ মূলধনৰ ত্ৰিশ শতাংশতকৈ অধিক পৰিমাণৰ। আৰবিআইয়ে এই কথা নিশ্চিত হৈ পঞ্জাব নেচনেল বেংকক নিয়ম উলংঘনৰ বাবে জৰিমনা বিহিছে৷

একেদৰে, আইচিআইচিআই বেংকৰ ক্ষেত্ৰত, আৰবিআইয়ে কৈছিল যে বেংকৰ পৰ্যবেক্ষক মূল্যাংকনৰ বাবে এক বিধিবদ্ধ পৰিদৰ্শন কৰাৰ পিছত, আইচিআইচিআই বেংকে সঞ্চয় একাউণ্টত নিম্নতম বেলেন্স ৰক্ষণাবেক্ষণ নকৰাৰ বাবে মাচুল আৰোপ সম্পৰ্কীয় নিৰ্দেশনা পালন নকৰা দেখা গৈছে।


আৰবিআইয়ে অৱশ্যে স্পষ্ট কৰি দিছে যে দুয়োটা ক্ষেত্ৰতে নিয়ামক অনুপালনৰ অভাৱৰ ওপৰত জৰিমনা আৰোপ কৰা হৈছে আৰু অৱশ্যে এই জৰিমনাই বেংকবোৰে তেওঁলোকৰ নিজ নিজ গ্ৰাহকৰ সৈতে কৰা কোনো লেনদেন বা চুক্তিৰ বৈধতাক প্ৰভাৱিত নকৰে৷

বিহালীত আকস্মিক বক্তৃতা প্ৰতিযোগিতা

দেওবাৰে বিহালী সমষ্টিৰ ৰাংছালী ৰংঘ মঞ্চত প্ৰাংগণত ৰাংছালী ৰামধেনু মইনা পাৰিজাতৰ উদ্যেগত আৰু বিহালী আঞ্চলিক মাইনা পাৰিজাতৰ সহযোগত  আকস্মিক বক্তৃতা প্ৰতিযোগিতা  অনুষ্ঠিত হয়। বিহালী আঞ্চলিক মইনা পাৰিজাতৰ ১২ টা শাখাৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৰাংছালী ৰামধেনু মইনা পাৰিজাতে। এই অনুষ্ঠানটোত বিশেষ ভাৱে  উদ্যোগ লয় ৰাংছালী যুৱক সমাজৰ কৰ্মী তথা  ৰামধেনু মইনা পাৰিজাতৰ সম্পাদক অৱনী হাজৰীকাই।


এই অনুষ্ঠানত বিহালীৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশু ছাত্ৰ-ছাত্ৰী  সকলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। এই প্ৰতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী মহম্মদ আলি,  দিপক শৰ্মা, শিক্ষক বিশ্বজিৎ ৰয়, শুকদেব বৰুৱা, কাৰ্তিক দাস, বিবেকানন্দ দাস, আৰু বহুকেইগৰাকী গন্য মান্য ব্যক্তি তথা মহিলা আৰু যুৱক যুবতি।