Home Blog Page 2656

বিহালীত আকস্মিক বক্তৃতা প্ৰতিযোগিতা

দেওবাৰে বিহালী সমষ্টিৰ ৰাংছালী ৰংঘ মঞ্চত প্ৰাংগণত ৰাংছালী ৰামধেনু মইনা পাৰিজাতৰ উদ্যেগত আৰু বিহালী আঞ্চলিক মাইনা পাৰিজাতৰ সহযোগত  আকস্মিক বক্তৃতা প্ৰতিযোগিতা  অনুষ্ঠিত হয়। বিহালী আঞ্চলিক মইনা পাৰিজাতৰ ১২ টা শাখাৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৰাংছালী ৰামধেনু মইনা পাৰিজাতে। এই অনুষ্ঠানটোত বিশেষ ভাৱে  উদ্যোগ লয় ৰাংছালী যুৱক সমাজৰ কৰ্মী তথা  ৰামধেনু মইনা পাৰিজাতৰ সম্পাদক অৱনী হাজৰীকাই।


এই অনুষ্ঠানত বিহালীৰ বিভিন্ন প্ৰান্তৰ কণ কণ শিশু ছাত্ৰ-ছাত্ৰী  সকলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। এই প্ৰতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী মহম্মদ আলি,  দিপক শৰ্মা, শিক্ষক বিশ্বজিৎ ৰয়, শুকদেব বৰুৱা, কাৰ্তিক দাস, বিবেকানন্দ দাস, আৰু বহুকেইগৰাকী গন্য মান্য ব্যক্তি তথা মহিলা আৰু যুৱক যুবতি।

বিদেশৰ মাটিত কঠোৰ অনুশীলনত কোহলী ব্ৰিগেড

দক্ষিণ আফ্ৰিকাত উপস্থিত হোৱাৰ পাছতে কঠোৰ অনুশীলনত নামি পৰিছে ভাৰতীয় দলটো। টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত প্ৰথম অনুশীলনত নামি পৰিছে দলটো। ভাৰতীয় দলটোৰ অনুশীলনৰ দৃশ্যপট বিচিচিআইয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ভিডিঅটোত ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক বিৰাট কোহলীক জোহান্সবাৰ্গৰ ছুপাৰস্পৰ্ট পাৰ্কত ‘ফুটভলী’ খেলি থকা দেখা গৈছে। কোহলীয়েও ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছে। কেপচনত কোহলীয়ে লিখিছে, ‘প্ৰথম ছেছনৰ অনুশীলনৰ সামৰণি পৰিছে।‘

কোহলীয়ে পোষ্ট কৰা ছবিখনত উমেশ যাদৱ, মহম্মদ ছিৰাজ, ঈশান্ত শৰ্মা, জয়ন্ত যাদৱ, ৰবিচন্দ্ৰন অশ্বিন আৰু চেতেশ্বৰ পূজাৰাক একেটা ফ্ৰেমতে দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোত প্ৰথমে কোহলী আৰু দ্ৰাবিড়ক দৌৰি থকা দেখা গৈছে। উল্লেখ্য যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হবলগীয়া প্ৰথম টেষ্ট মেচখন ২৬ ডিচেম্বৰত চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব। সম্প্ৰতি কোহলী ব্ৰিগেডে জোহান্সবাৰ্গৰ এটা ৰিজৰ্টত বাহৰ পাতি আছে।

কৰ’না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দলটোক বিশেষ সুৰক্ষা-ব্যৱস্থাৰ মাজত ৰখা হৈছে। আগন্তুক মেচখনক লৈ আশাবাদী ভাৰতীয় অনুৰাগী। নানা বাদ-বিবাদে ভাৰতীয় ক্ৰিকেট বৰ্ডক চুই গলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সবল স্থিতি লাভ কৰাৰ লগতে ভাৰতীয় দলটোৱে নিজ মতত অলৰ-অচৰ-অবিচল হৈ থকাৰে পোষকতা ক্ৰীড়ানুৰাগীৰ।

গোলাঘাট জিলা সাংবাদিক সন্থাৰ পূৰ্ণাংগ সমিতি গঠন

অসম ৰাজ্যিক সাংবাদিক সন্থা গোলাঘাট জিলা সমিতিখন আজি পূৰ্ণাংগ ৰূপত গঠন কৰি কাৰ্যভাৰ প্ৰদান কৰা হয় ৷ সেই উপলক্ষে বাদুলিপাৰ আঞ্চলিক সাংবাদিক সন্থাৰ আতিথ্যত বাদুলিপাৰৰ ভোলাগুৰি লাচিত ক্লাৱত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বুবুল দত্তই ৷ গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পবিত্ৰ বৰবৰাই উদ্বোধন কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে গোলাঘাট জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক পৱন কামানে ৷

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,জেষ্ঠ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী অপূৰ্ব ভল্লব গোস্বামী,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদিকা তথা কবি পলিমা চেতিয়া বসুমতাৰীয়ে বক্তব্য প্ৰদান কৰে৷ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুকুৰিৰো অধিক সাংবাদিকৰ উপস্থিতিত থকা অনুষ্ঠানতোত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাংগঠনিক সম্পাদিকা পলিমা চেতিয়া বসুমতাৰীৰ তত্ত্বাৱধানত পৰাগ বৰুৱা সভাপতি আৰু পৱন কামানক সম্পাদক হিচাপে লৈ পূৰ্ণাংগ সমিতিখন গঠন কৰি দায়িত্ব ভাৰ প্ৰদান কৰে৷

নিৰ্মলা শৰ্মালৈ সুন্দৰ সাধনা বঁটা

অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ ২০২১ বৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ বঁটা প্ৰদান অনুষ্ঠান অলপতে গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণভাবে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানতে আজাৰাৰ নিৰ্মলা শৰ্মাক “সুন্দৰ সাধনা বঁটা -২০২১” প্ৰদান কৰা হয়। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ডালিমী কোঁৱৰ, অজিত দত্ত, ৰণাল্ডো টাইড,ৰত্নেশ্বৰ বসুমতাৰী,ৰিজু হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ যে ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন চাৰ্জেণ্ট  সুভাষ শৰ্মাৰ পত্নী নিৰ্মলা শৰ্মা ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰী নাৰ্চাৰী স্কুল বৰঝাৰৰ এগৰাকী শিক্ষয়িত্ৰী।

কয়াকুছি তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল গুৱাহাটী বিশ্ববিদ্যালয়

১৬ ডিচেম্বৰৰ  পৰা কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত  আৰম্ভ হোৱা  ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাকৰিত আজি পুৱা স্বৰ্গীয় অতুল চন্দ্ৰ কলিতা সোৱৰণী ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  অধ্যক্ষ মহিৰ উদ্দিন আহমেদ। প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে তিনি হাজাৰ টকা লাভ কৰে বনবাহাৰৰ জাহিদুল ইছলাম, দ্বিতীয় স্থান দখল কৰি  প্ৰমাণপত্ৰৰ লগতে দুই হাজাৰ টকা লাভ কৰে চকিৰভিটাৰ মুন আহমেদ আৰু  তৃতীয় স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে এক হাজাৰ টকা লাভ কৰে খাবলাৰভিটাৰ কিয়াম উদ্দিন সিকদাৰে।।

প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰে কয়াকুছি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ক্ৰমে ছাদেক আলী আহমেদ, গোলাপ হুছেইন খান , দেৱান ছাদুল্লাহ আহমেদ আৰু মৰিছাৰ ছহিবৰ ৰহমানে। ভেশচন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী মাজেদা খাতুন,দক্ষিণ বেতবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী নাৰ্জিনা আকতাৰ  আৰু ৰহিজ উদ্দিনে। দুপৰীয়া ১২  বজাৰ পৰা  বৰপেটা জিলা ভিত্তিক মৰহুম জাবেদ আলী সোঁৱৰণী  দশম শ্ৰেণী অনুৰ্ধ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল মোবাইল ফোন বিদ্যাৰ্থীৰ বাবে উপযোগী।  শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক হৰমোহন বৰ্মনে। দ্যা আচাম ট্ৰিবিউনৰ সাংবাদিক  হৰমোহন বৰ্মনৰ সঞ্চালনত অনুষ্ঠিত এই  প্ৰতিযোগিতাৰ বিচাৰক হিচাপে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মো:নুৰ হোচেইন, ভক্তৰডবা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ছামছুল হক আৰু বৰপেটা জীৱন বীমা নিগমৰ জ্যেষ্ঠ ব্যৱসায়িক সহযোগী হৰ্ষজিৎ দাসে।প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে তিনি হাজাৰ টকা লাভ কৰে কয়াকুছিৰ ইউনিক একাডেমীৰ মাছুমা হাছানে ইউনিক একাডেমীৰ নাদিম হুছেইনে প্ৰমাণপত্ৰসহ দুই হাজাৰ টকা আৰু কয়াকুছিৰ জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ নিজুমা হাছানূ তৃতীয় স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে এক হাজাৰ টকা লাভ কৰে ।দুই বজাত মৰহুম ৰাকিবুল ইছলাম সোঁৱৰণী ৰাজ্যিক মুকলি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

তৰ্কৰ বিষয়বস্তু আছিল নিবনুৱা সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হৈছে। তৰ্ক প্ৰতিযোগিতাখন উদ্বোধন কৰে বৰপেটা জিলাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই। প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে চাৰি  হাজাৰ টকা লাভ কৰে অঞ্জুমান ভৰদ্বাজ দ্বিতীয় স্থান লাভ কৰি  প্ৰমাণ পত্ৰৰ লগতে তিনি  হাজাৰ টকা লাভ কৰে মনোজ কুমাৰ বৰুৱাআৰু  তৃতীয় স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে দুই  হাজাৰ টকা লাভ কৰে সুদৰ্শন শৰ্মা। আনহাতে দলীয় শাখাত প্ৰথম স্থান দখল কৰি   ইনষ্টিটিউট অৱ মাছ মেডিয়া এণ্ড  কমিনিকেশ্বন  দলে চাৰি হাজাৰ টকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলে দ্বিতীয় স্থান দখল কৰি দুই হাজাৰ টকা লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম এড শ্ৰেণীৰ সহকাৰী অধ্যাপিকা ড০ বিদুলা শৰ্মাই সঞ্চালনা কৰা এই তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক হিচাপে টাইম ৮ৰ সাংবাদিক নেত্ৰজিত বৰা আৰু গুৱাহাটীৰ দ্যা চাই কমিউনিটিৰ পৰিচালনা সঞ্চালক সৌৰভ জ্যোতি দত্ত‌ই।

ওদালগুৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন

ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশন খনি ১৮ডিচেম্বৰত  এদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি পৌৰ সভাৰ সভা কক্ষত সামৰণি পৰে ।কাৰ্যসূচী অনুসৰি পুৱা ৮বজাত পতাকা উত্তোলন কৰে সন্মিলনীৰ সভাপতি গৌতম জ্যোতি তালুকদাৰে। স্মৃতি তৰ্পণ কৰে সম্পাদক নাৰায়ন ছেত্ৰীয়ে। পুৱা ৮-৩০ বজাত প্ৰতিনিধিৰ সন্মিলন।দিনৰ ১১ বজাত  প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা উদ্বোধন কৰে মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ- সভাপতি সুৰেশ কলিতাই।দিনৰ ১.৩০ বজাত সন্মিলনীৰ সভাপতি গৌতম জ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,খণ্ড মিচন সমন্বয়ক তথা ভাৰপ্ৰাপ্ত উপ পৰিদৰ্শক অশ্বিনী কুমাৰ বড়োই কয়- প্ৰাথমিক শিক্ষক সকল পথ প্ৰদৰ্শক। তেওঁলোকৰ জৰিয়তে সমাজৰ মূল্যৱান  কাম সম্পন্ন কৰা হয়।

নতুন শিক্ষা নীতিৰ প্ৰতি শিক্ষক সকলে সহযোগ কৰিব লাগিবই।পেঞ্চনৰ ব্যৱস্হা সুচাৰুৰূপে পোৱাৰ ব্যৱস্হা কৰাৰ কথাও উল্লেখ কৰে। মুকলি সভাত আদৰণি ভাষন পাঠ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মিনেন চন্দ্ৰ দাসে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি সুব্ৰত ধৰ উপস্থিত থাকি সন্মিলনীৰ সাংগঠনিক দিশৰ বিষয়ে বক্তব্য ৰখাৰ লগতে বিদ্যালয় সমূহৰ আন্ত:গাঠনি, এজনীয় শিক্ষকৰ সমস্যা আদিৰ বিষয়ে বক্তব্য ৰাখি নতুন শিক্ষা নীতিয়ে শিক্ষক সমাজৰ প্ৰতি প্ৰত্যাহ্বান আহিব বুলি উল্লেখ কৰে।চৰকাৰী বিদ্যালয় সমূহত পাঠদানৰ সু-ব্যৱস্থা নথকাৰ বাবেই ব্যক্তিগত বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী সকলৰ ভিৰ দেখা যায়। মুখ্য অতিথি হিচাপে জিলা প্ৰাথমিক শিক্ষা বিষয়া,জিলা মিচন সমন্বয়ক তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই কয়- শিক্ষক সমাজে গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব। বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলে দায়িত্ব ল’ব লাগিব। নতুন শিক্ষা নীতি আৰু গুণোৎসৱৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।শিক্ষক সকলৰ  সমস্যা সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়ায়।নীতি নিয়মেৰে নিজৰ কাম কৰিলে সকলোৰে সুবিধা হয়। তেওঁ শিক্ষকে ই শিক্ষকৰ শত্ৰু বুলিও উল্লেখ কৰে।

ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি ম: আব্দুল আলি, প্ৰাক্তন সম্পাদক শিৱনাথ ওজা্ পৌৰ সভাৰ সভাপতি ৰাকেশ বড়ো আদিয়ে ,নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।বিষয় বাচনি সভাত ২০২২-২০২৪ বৰ্ষৰ বাবে প্ৰমোদ বসুমতাৰীক সভাপতি আৰু নাৰায়ণ চেত্ৰীক সম্পাদক হিচাপে লৈ ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমিতাখন গঠন কৰা হয়।ইপিনে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য হিচাপে হেমন্ত সূত্ৰধাৰ,দুলুমণি দেৱী আৰু ৰেণুকা দেৱীক নিৰ্বাচন কৰা হয়।

বৰপেটাত ধান আহৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি

বৰপেটা জিলাৰ কৃষক সকলৰ উৎপাদিত ধান উচিত মূল্যত বিক্ৰীৰ স্বাৰ্থত এইবাৰ প্ৰথমবাৰলৈ জিলাখনত ৭ টাকৈ ধান আহৰণ কেন্দ্ৰ  স্থাপন হ’ব।  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ধান ক্ৰয় কৰা চৰকাৰী সংস্থা সমূহৰ ওপৰত দিয়া হেঁচাৰ পৰিপ্ৰেক্ষিতত সংস্থা সমূহে তেওঁলোকৰ ধান আহৰণ কেন্দ্ৰ পূৰ্বৰ ৩ টাৰ পৰা ৭ টালৈ বৃদ্ধি কৰিবলৈ সন্মত হৈছে। বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ভাৰতীয় খাদ্য নিগমে (এফচিআই) এইবাৰ প্ৰথমবাৰলৈ সৰভোগ, চেঙা, বেলবাৰী আৰু গোমূৰাত ধান আহৰণ কেন্দ্ৰ স্থাপনৰ কৰিব বুলি জানিবলৈ দিয়ে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে, অসম কৃষি বিপণন পৰিষদে সৰ্থেবাৰী আৰু বৰপেটাত কেন্দ্ৰ স্থাপন কৰিব। একেদৰে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বাণিজ্য ফেডাৰেচনে (নাফেড) বৰপেটা ৰোডত কেন্দ্ৰ স্থাপন কৰিব। ইয়াত নিৰ্দিষ্ট মান সম্পন্ন ধান প্ৰতি কুইন্টলত ১৯৪০ টকা দৰত বিক্ৰী কৰিব পাৰিব। জানুৱাৰীৰ পৰাই ইয়াত ধান আহৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি কেউটা সংস্থাই জনাইছে যদিও কৃষক সকলৰ স্বাৰ্থত এই প্ৰক্ৰিয়া তাৎক্ষণিকভাবে কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত‌ই আহ্বান জনাইছে। তেওঁ লগতে প্ৰকৃত কৃষকৰ পৰাহে ধান ক্ৰয় কৰা হয় আৰু কোনো মধ্যভোগীয়ে যাতে সুবিধা লব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। সভাত ভাৰতীয় খাদ্য নিগম, অসম কৃষি বিপণন পৰিষদ, ৰাষ্ট্ৰীয় কৃষি সমবায় বাণিজ্য ফেডাৰেচনৰ বিষয় ববীয়াৰ উপৰিও কৃষি আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া সকলো উপস্থিত থাকে।

গোগামুখ মহৰিকেম্পত পেঞ্চাক চিলাটৰ সজাগতা সভা

আজি ধেমাজি জিলাৰ গোগামুখ মহৰি কেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অসম পেঞ্চাক চিলাট স্কুল আৰু অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্নৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন টিএমপিকে, এম এম কে আৰু টি এম এম কেৰ সহযোগত এখনি পেঞ্চাক চিলাট সমৰকলাৰ সজাগতা সভা অনুষ্ঠিত হয় ।

উক্ত সভাত মহৰিকেম্প হাইস্কুল, ডাইমণ্ড মিচন স্কুল, কচুতলি হাইস্কুল, মহৰিকেম্প এল পি স্কুল, মহৰিকেম্প ২নং নতুন এল পি স্কুল, মাজগাওঁ এল পি স্কুল, শঙ্কৰদেৱ শিশু নিকেতন, উজনি কচুতলি এল পি স্কুল, তৰাজান এল পি স্কুল, সোৱনশিৰি ভেলি একাডেমি বিদ্যালয় সমূহৰ প্ৰধানসকল উপস্থিত থকাৰ লগতে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । সজাগতা সভাত ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ উপ-সভাপতি তথা অসম পেঞ্চাক চিলাট এছ’চিয়েশ্বনৰ প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ চায়েঙীয়া, সম্পাদক লক্ষ্যজিত দলে, অসম পেঞ্চাক চিলাট স্কুলৰ তত্বাৱধায়ক সঞ্জীৱ মিলি উপস্থিত থাকে ৷

সভাত অসম পেঞ্চাক চিলাট স্কুলৰ পৰা ৪ৰ্থ উত্তৰ-পূৱ ভাৰত পেঞ্চাক চিলাট প্ৰতিযোগিতাত পদক বিজেতা সকলক সভাত ৰাজহুৱাভাৱে সম্বৰ্ধণা জনোৱা হয়। সজাগতা সভাৰ মাজতে পেঞ্চাক চিলাট খেলুৱৈ সকলে সমৰকলাৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰে ৷

ভৱিষ্যতে অসমত শূন্য হ’ব বিৰোধীঃ কৃষ্ণ কমল তাতী

শোণিতপুৰ জিলাৰ ৭৪নং ৰঙাপৰা  বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাত শণিবাৰে বিভিন্ন দলৰ  ১৮৪ গৰাকী ব্যক্তি বিজেপি দলৰ নীতি আৰ্দশ আৰু বিধায়ক কৃষ্ণ কমল তাতীৰ কৰ্মদক্ষতাৰ প্ৰতি আকৃষ্ট হৈ দলটিত যোগদান কৰে ৷ দিনৰ ১১ বজাত ফুলবাৰী চাহ বাগিচাৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা সভাত স্থানীয় বিধায়ক কৃষ্ণ কমল তাতীয়ে দলীয় টুপী আৰু মালাৰে পৰিধান কৰাই উক্ত লোকসকলক দললৈ আদৰণি জনায় ৷ সভাত বিধায়ক কৃষ্ণ কমল তাতীয়ে ভৱিষ্যতে অসমত বিৰোধী শূন্য হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ভৱিষ্যতে অসমৰ প্ৰতিগৰাকী ব্যক্তি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হব বুলি তেওঁ আশা প্ৰকাশ কৰে। জাতিৰ উন্নয়নৰ স্বাৰ্থত তেওঁ প্ৰথম অৱস্থাত ছাত্র ৰাজনীতিৰ সৈতে জড়িত হৈছিল যদিও পৰবৰ্তী সময়ত জাতিৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে বুলি উল্লেখ কৰে। ভাৰতীয় জনতা পাৰ্টীত কাৰ্য্যকৰ্তা সকলক আগ স্থান তথা জেষ্ঠ কাৰ্য্যকৰ্তা সকলক সন্মান দিয়া হয়। দলক ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কাৰ্য্যকৰ্তাৰ প্ৰয়োজন বুলি নিজৰ ভাষনত উল্লেখ কৰে।

ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্য হৈছে দেশৰ সৰ্বস্তৰ লোকৰ কাৰণে কাম কৰা। শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাছ ওৰাংয়ে বিজেপি দলক মহাসাগৰৰ লগত তুলনা কৰি কয় যে বিজেপি দলত সকলো সমান আৰু দলৰ সুকীয়া নীতি আদৰ্শ আছে আৰু সেয়েহে এই দলত বিভাজন হোৱা দেখা পোৱা নাযায়। শোণিতপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক কেশৱ উপাধ্যায়ে আতঁ ধৰা সভাত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন,শোণিতপুৰ জিলা বিজেপিৰ সম্পাদক ধ্ৰুৱজ্যোতি কুৰ্মী,বিজেপি ৰাজ্যিক কিষান মৰ্চাৰ উপ সভাপতি মৃনাল শইকীয়া,তেজপুৰ নগৰ উন্নয়ন পৰিষদৰ সভাপতি বিৰাজ নাথ,শোণিতপুৰ জিলা বিজেপি মহিলা মৰ্চাৰ সম্পাদিকা এমি শৰ্মা, শোণিতপুৰ জিলা বিজেপি কিষান মোৰ্চাৰ সম্পাদক পৰাগ তামুলী, জিলা বিজেপি সামাজিক মাধ্যমৰ সদস্য ৰানা ভাটিয়া প্ৰমূখ্য কৰি বহু সংখ্যক লোক উপস্থিত থাকে ৷ সভাত বিধায়কগৰাকীয়ে বিজেপি দলৰ নীতি আদৰ্শ আৰু সাংগঠনিক দিশৰ ওপৰত আলেকপাত কৰে।

লাহৰীঘাটত সামাজিক সমস্যাৰ ওপৰত সজাগতা সভা

মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ উদ্যোগত লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনস্থ মৰিতলী প্ৰাথমিক বিদ্যালয়ত আজি দিনৰ ১২ বজাত বাল্য বিবাহ শিশু শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাখন সঞ্চালনা কৰে লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কাছেমদেৱে।

উদ্দেশ্য বাখ্যা আৰু আদৰণি পৰ্বৰ আঁত ধৰে মৰিতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ নাথে। সভাত UNICEF- IGSSS ৰ জিলা সমন্বয়ক ৰাজশ্ৰী শইকীয়া, সখী একক অৱস্থান কেন্দ্রৰ  সমন্বয়ক লাকী ফুকন, মহিলা শক্তি কেন্দ্ৰৰ পৰিমিতা ডেকা, সমাজ কল্যাণ বিভাগৰ পৰা হামিদা খাতুন, অৰুণা শইকীয়া,দীপা শ্যাম, CRCC পংকজ কুমাৰ মেধি, মোখলেছুৰ ৰহমান, অংগনবাদী কৰ্মী সকল, শিক্ষা গুৰু, ছাত্র-ছাত্রী লগতে অভিভাৱক সকলো উপস্থিত থাকে । এই সজাগতা মুলক সভা খনত বিশেষকৈ লিংগ বৈষম্য, বাল্য বিবাহ, শিশু শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত আলোচনা কৰা হয়। 

খাইৰুল ইছলাম ভূৰাগাঁও