Breaking

কয়াকুছি তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল গুৱাহাটী বিশ্ববিদ্যালয়

0 1,339

১৬ ডিচেম্বৰৰ  পৰা কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত  আৰম্ভ হোৱা  ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাকৰিত আজি পুৱা স্বৰ্গীয় অতুল চন্দ্ৰ কলিতা সোৱৰণী ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  অধ্যক্ষ মহিৰ উদ্দিন আহমেদ। প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে তিনি হাজাৰ টকা লাভ কৰে বনবাহাৰৰ জাহিদুল ইছলাম, দ্বিতীয় স্থান দখল কৰি  প্ৰমাণপত্ৰৰ লগতে দুই হাজাৰ টকা লাভ কৰে চকিৰভিটাৰ মুন আহমেদ আৰু  তৃতীয় স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে এক হাজাৰ টকা লাভ কৰে খাবলাৰভিটাৰ কিয়াম উদ্দিন সিকদাৰে।।

প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰে কয়াকুছি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ক্ৰমে ছাদেক আলী আহমেদ, গোলাপ হুছেইন খান , দেৱান ছাদুল্লাহ আহমেদ আৰু মৰিছাৰ ছহিবৰ ৰহমানে। ভেশচন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী মাজেদা খাতুন,দক্ষিণ বেতবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী নাৰ্জিনা আকতাৰ  আৰু ৰহিজ উদ্দিনে। দুপৰীয়া ১২  বজাৰ পৰা  বৰপেটা জিলা ভিত্তিক মৰহুম জাবেদ আলী সোঁৱৰণী  দশম শ্ৰেণী অনুৰ্ধ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল মোবাইল ফোন বিদ্যাৰ্থীৰ বাবে উপযোগী।  শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক হৰমোহন বৰ্মনে। দ্যা আচাম ট্ৰিবিউনৰ সাংবাদিক  হৰমোহন বৰ্মনৰ সঞ্চালনত অনুষ্ঠিত এই  প্ৰতিযোগিতাৰ বিচাৰক হিচাপে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মো:নুৰ হোচেইন, ভক্তৰডবা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ছামছুল হক আৰু বৰপেটা জীৱন বীমা নিগমৰ জ্যেষ্ঠ ব্যৱসায়িক সহযোগী হৰ্ষজিৎ দাসে।প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে তিনি হাজাৰ টকা লাভ কৰে কয়াকুছিৰ ইউনিক একাডেমীৰ মাছুমা হাছানে ইউনিক একাডেমীৰ নাদিম হুছেইনে প্ৰমাণপত্ৰসহ দুই হাজাৰ টকা আৰু কয়াকুছিৰ জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ নিজুমা হাছানূ তৃতীয় স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে এক হাজাৰ টকা লাভ কৰে ।দুই বজাত মৰহুম ৰাকিবুল ইছলাম সোঁৱৰণী ৰাজ্যিক মুকলি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

তৰ্কৰ বিষয়বস্তু আছিল নিবনুৱা সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হৈছে। তৰ্ক প্ৰতিযোগিতাখন উদ্বোধন কৰে বৰপেটা জিলাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই। প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে চাৰি  হাজাৰ টকা লাভ কৰে অঞ্জুমান ভৰদ্বাজ দ্বিতীয় স্থান লাভ কৰি  প্ৰমাণ পত্ৰৰ লগতে তিনি  হাজাৰ টকা লাভ কৰে মনোজ কুমাৰ বৰুৱাআৰু  তৃতীয় স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে দুই  হাজাৰ টকা লাভ কৰে সুদৰ্শন শৰ্মা। আনহাতে দলীয় শাখাত প্ৰথম স্থান দখল কৰি   ইনষ্টিটিউট অৱ মাছ মেডিয়া এণ্ড  কমিনিকেশ্বন  দলে চাৰি হাজাৰ টকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলে দ্বিতীয় স্থান দখল কৰি দুই হাজাৰ টকা লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম এড শ্ৰেণীৰ সহকাৰী অধ্যাপিকা ড০ বিদুলা শৰ্মাই সঞ্চালনা কৰা এই তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক হিচাপে টাইম ৮ৰ সাংবাদিক নেত্ৰজিত বৰা আৰু গুৱাহাটীৰ দ্যা চাই কমিউনিটিৰ পৰিচালনা সঞ্চালক সৌৰভ জ্যোতি দত্ত‌ই।

Leave A Reply