Breaking

গোলাঘাট জিলা সাংবাদিক সন্থাৰ পূৰ্ণাংগ সমিতি গঠন

0 1,069

অসম ৰাজ্যিক সাংবাদিক সন্থা গোলাঘাট জিলা সমিতিখন আজি পূৰ্ণাংগ ৰূপত গঠন কৰি কাৰ্যভাৰ প্ৰদান কৰা হয় ৷ সেই উপলক্ষে বাদুলিপাৰ আঞ্চলিক সাংবাদিক সন্থাৰ আতিথ্যত বাদুলিপাৰৰ ভোলাগুৰি লাচিত ক্লাৱত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে গোলাঘাট জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বুবুল দত্তই ৷ গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পবিত্ৰ বৰবৰাই উদ্বোধন কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে গোলাঘাট জিলা সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক পৱন কামানে ৷

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,জেষ্ঠ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী অপূৰ্ব ভল্লব গোস্বামী,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদিকা তথা কবি পলিমা চেতিয়া বসুমতাৰীয়ে বক্তব্য প্ৰদান কৰে৷ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুকুৰিৰো অধিক সাংবাদিকৰ উপস্থিতিত থকা অনুষ্ঠানতোত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাংগঠনিক সম্পাদিকা পলিমা চেতিয়া বসুমতাৰীৰ তত্ত্বাৱধানত পৰাগ বৰুৱা সভাপতি আৰু পৱন কামানক সম্পাদক হিচাপে লৈ পূৰ্ণাংগ সমিতিখন গঠন কৰি দায়িত্ব ভাৰ প্ৰদান কৰে৷

Leave A Reply