Home Blog Page 2657

লাহৰীঘাটত সামাজিক সমস্যাৰ ওপৰত সজাগতা সভা

মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ উদ্যোগত লাহৰীঘাট শিক্ষা খণ্ডৰ অধীনস্থ মৰিতলী প্ৰাথমিক বিদ্যালয়ত আজি দিনৰ ১২ বজাত বাল্য বিবাহ শিশু শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাখন সঞ্চালনা কৰে লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কাছেমদেৱে।

উদ্দেশ্য বাখ্যা আৰু আদৰণি পৰ্বৰ আঁত ধৰে মৰিতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ নাথে। সভাত UNICEF- IGSSS ৰ জিলা সমন্বয়ক ৰাজশ্ৰী শইকীয়া, সখী একক অৱস্থান কেন্দ্রৰ  সমন্বয়ক লাকী ফুকন, মহিলা শক্তি কেন্দ্ৰৰ পৰিমিতা ডেকা, সমাজ কল্যাণ বিভাগৰ পৰা হামিদা খাতুন, অৰুণা শইকীয়া,দীপা শ্যাম, CRCC পংকজ কুমাৰ মেধি, মোখলেছুৰ ৰহমান, অংগনবাদী কৰ্মী সকল, শিক্ষা গুৰু, ছাত্র-ছাত্রী লগতে অভিভাৱক সকলো উপস্থিত থাকে । এই সজাগতা মুলক সভা খনত বিশেষকৈ লিংগ বৈষম্য, বাল্য বিবাহ, শিশু শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত আলোচনা কৰা হয়। 

খাইৰুল ইছলাম ভূৰাগাঁও

পশ্চিম গুৱাহাটীৰ উমশ্ৰত বন ধন বিকাশ কেন্দ্ৰ মুকলি

মেঘালয় সীমান্তৱৰ্তী উমশ্ৰু গাঁওত ১৬ ডিচেম্বৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে  ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বন ধন বিকাশ কেন্দ্ৰৰ এটা কেন্দ্ৰ মুকলি কৰা হয়। অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত ৰংমন ট্যুৰিজিম চছাইটিৰ সভাপতি ধ্ৰুৱজ্যোতি দলৈয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰটো মুকলি কৰে আইআইই গুৱাহাটীৰ শিক্ষক প্ৰশান্ত গোস্বামীয়ে।

অনুষ্ঠানত আইআইইৰ প্ৰকল্প সহযোগী গৌৰাংগ বড়ো আৰু ক্লাষ্টাৰ উন্নয়ন কাৰ্যবাহী তাপস কলিতাই ভাষণত কেন্দ্ৰটোৰ পৰা ৰাইজ কিদৰে উপকৃত হ’ব তাৰ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত  বন্ধন বিকাশ কেন্দ্ৰ সমবায় সমিতিৰ সভাপতি লীলা ৰাভা, সম্পাদক পংকজ দলৈ, উপদেষ্টা প্ৰমোদ কলিতা,  সদস্য মাইনাত চাংমা, প্ৰণৱ দলৈ, বিজিত ৰাভা, জিন্টু ৰাভা, সীমান্ত আৰ মাৰাক, দত্ত ৰাভা, বৰণ্য আৰ মাৰাক, সৰ্বানন্দ ৰাভা উপস্থিত থাকে। আনহাতে অনুষ্ঠানত কেবাটাও মহিলা আত্মসহায়ক গোটে ভাগ লোৱাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় ।

জীতুমণি, মিৰ্জা

কিডনীত ওলাল ১৫৬ টা পাথৰঃ হতভম্ভ চিকিৎসক

কিডনীৰ পাথৰৰ ৰোগত ভুগিছে নেকি? অতি সোনকালে পৰামৰ্শ লওক চিকিৎসকৰ৷ হায়দৰাবাদৰ এজন ৰোগীৰ দেহৰ পৰা চিকিৎসকে ডেৰশো অধিক পাথৰ উলিওৱাৰ পাছতে এই বাতৰিয়ে দখল কৰিছে সংবাদ শিৰোনাম৷ বহু দিন ধৰি কিডনীৰ সমস্যাত ভুগি থকা হায়দৰাবাদৰ এজন ৰোগীৰ দেহৰ পৰা উলিওৱা হৈছে শতাধিক পাথৰ৷ হায়দৰাবাদৰ এখন চিকিৎসালয়ৰ চিকিৎসকে ঘোষণা কৰিছে যে এজন ৫০ বছৰীয়া ৰোগীৰ পৰা ১৫৬ টা কিডনী পাথৰ আঁতৰ কৰিছে।

চিকিৎসকসকলে এক ডাঙৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে লেপাৰোস্কোপী আৰু এণ্ডোস্কোপী ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে৷ এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি এজন ৰোগীৰ শৰীৰৰ পৰা আঁতৰ কৰা পাথৰৰ এয়াই সৰ্বাধিক সংখ্যা। প্ৰায় তিনি ঘণ্টা ধৰি চলা এই চিকিৎসাৰ পাছতে এয়া অভিলেখ বুলি কয় চিকিৎসকসকলে। জানিব পৰা মতে ৰোগীজন হুবলিৰ পৰা আহিছিল আৰু প্ৰীতি ইউৰোলজি এণ্ড কিডনী হাস্পতালত ভৰ্তি হৈছিল। চিকিৎসাৰ পাছত তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ হৈ আছে।


বাসবৰাজ মাদিৱালাৰ নামৰ ৰোগীজন পেছাত বিদ্যালয়ৰ শিক্ষক৷ বহু দিন ধৰি হৈ থকা পেটৰ বিষৰ পৰীক্ষা কৰোঁৱাবলৈ আহোঁতে স্ক্ৰীণিঙত কিডনী ষ্ট’নৰ এটা ডাঙৰ গোটৰ উপস্থিতি দেখা গৈছিল। চিকিৎসকে কৈছিল যে ৰোগীজনৰ এক্টোপিক বৃক্কৰ ৰোগ আছিল, কিয়নো ই মূত্ৰনলীত ইয়াৰ স্বাভাৱিক স্থিতিৰ পৰিৱৰ্তে তেওঁৰ পেটৰ ওচৰত অৱস্থিত আছিল। ‘যদিও অস্বাভাৱিক স্থানত বৃক্কৰ উপস্থিতি সমস্যাটোৰ কাৰণ নহয়, অস্বাভাৱিকভাৱে অৱস্থিত বৃক্কৰ পৰা পাথৰ আঁতৰ কৰাটো নিশ্চিতভাৱে এক প্ৰত্যাহ্বানমূলক কাম আছিল।’ চিকিৎসকে এইকথা প্ৰকাশ কৰে। চিকিৎসকসকলে সন্দেহ কৰিছে যে ৰোগীজনে দুবছৰতকৈ অধিক সময় ধৰি এই পাথৰৰ সমস্যাত ভুগি আছিল।

অসম চিকিৎসা সেৱা সন্থাৰ ৰঙিয়া গোট গঠন

অসম চিকিৎসা সেৱা সন্থাৰ অন্তভূৰ্ক্ত আমছাৰ ৰঙিয়া গোটৰ ২০২১-২২ বৰ্ষৰ সমিতিখন যোৱা বৃহস্পতিবাৰে গঠন কৰা হয়। ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ চৌহদত উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত চিকিৎসক সকলৰ বাবে ‘কেডাৰ পুনৰীক্ষণ’ আৰু সময়োচিত পদোন্নতি, টাইম স্কেল পদোন্নতি, অনুজ চিকিৎসকৰ দৰমহাৰ তুলনাত পূৰ্বৰ পৰা কৰ্মৰত জ্যেষ্ঠ চিকিৎসকৰ দৰমহাৰ হাৰৰ অসমতুলতা, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সুৰক্ষা,আদিৰ দাবী তুলি উপস্থিত চিকিৎসক সকলে বক্তব্য  আগবঢ়ায়।

ইয়াৰ পিছতে আমছাৰ ৰঙিয়া গোটৰ সমিতিখন গঠন কৰা হয়। ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ পদ্মেশ্বৰ কলিতাক সভাপতি, মহকুমা স্বাস্থ্য বিষয়া ডাঃ জোনাকী ডেকাক উপ সভানেত্রী, গোটৰ সম্পাদক পদত ডাঃ কামাখ্যা দাস, সহকাৰী সম্পাদক ডাঃ অশোক কলিতাক, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ হেমেন দাস, সাংগঠনিক সম্পাদক ৰঙিয়া মডেল হস্পিতালৰ ডাঃমিন্টু মনি দাস, সাস্কৃতিক সম্পাদক ডাঃ পিকুলি হাজৰিকা, কোষাধ্যক্ষ ডাঃ গৌৰাঙ্গ মেধিৰ লগতে উপদেষ্টা ডাঃ দিলীপ কুমাৰ বৈশ্য, গুন গোবিন্দ শৰ্মা, ডাঃ নৱনীতা বৰা, ডাঃ ডিম্বেশ্বৰ শৰ্মা, ডাঃ এম.এ.এ.কামাল,ডাঃ সত্য ৰাম বৈশ্যক লৈ সমিতিখন গঠন কৰা হয়।

ধুবুৰীত পথ নিৰ্মাণক লৈ উত্তেজনা

দীৰ্ঘদিনীয়া এটা পথ , এই পুৰণি পথটো হৈছে ধুবুৰী জিলাৰ আলমগঞ্জ অঞ্চলৰ ফুলকাটাৰী গাওঁ পঞ্চায়তৰ । এই পুৰণি পথটোৱেই হৈছে বৃহৎ অঞ্চলটোৰ একমাত্ৰ যাতায়তৰ মূল পথ । পিছে বিগত দিন ধৰি অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে এই পথেৰেই অহা-যোৱা কৰিছিল , যদিও বৰ্তমান পথটো  নিৰ্মাণৰ ক্ষেত্ৰত এতিয়া চৰম সমস্যাত পৰিছে অঞ্চলটোৰ লোক সকল । 

কিয়নো পথটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰায় ৮০ শতাংশ কামহে হৈ উঠিছে । স্থানীয় ৰাইজৰ অভিযোগ মতে ,পথটো নিৰ্মাণত বাধা প্ৰদান কৰিছে অঞ্চলটোৰ একাংশ লোকে , ইফালে পথটো নিৰ্মাণত বাধা প্ৰদান কৰা লোকসকে কৈছে – আমাৰ এয়া পট্টাৰ মাটি , মাটিৰ মূল্য হিচাপে ১২ লাখ টকা বিচাৰিছিল পথ নিৰ্মাণত বাধা প্ৰদান কৰা লোকসকলে ।

পিছে অঞ্চলটোৰ প্ৰায় কেইবা শতাধিক ৰাইজে উপায়হীন হৈ পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সমাধানৰ বাবে ধুবুৰী জিলা উপায়ুক্তৰ ওচৰত যোৱা ২৬ নবেম্বৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল , ইয়াৰ উপৰিও আজি ফুলকাটাৰী গাঁও পঞ্চায়তৰ প্ৰায় পাঁচ শতাধিক ৰাইজে ওলাই আহি ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াক এই সন্দৰ্ভত অৱগত কৰে , যদিও অতি শীঘ্ৰেই পথটো নিৰ্মাণৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধান কৰিবলৈ এক আশ্বাস প্ৰদান কৰে চক্ৰ বিষয়াই ।

ৰৌতাত হেৰ’ইন সৰবৰাহকাৰী দুজনক জেললৈ প্ৰেৰণ

ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে ১৭ ডিচেম্বৰৰ দিনা দুজন সন্দেহজনক মাৰাত্মক নিচাযুক্ত হেৰ’ইন সৰবৰাহকাৰী ব্যক্তিক জেল হাজোতলৈ প্ৰেৰণ কৰে । উক্ত ব্যক্তি দুজন হৈছে  ওদালগুৰি জিলাৰ বৰপুখুৰী গাঁৱৰ প্ৰয়াত সন্তোষ গুপ্তাৰ পুত্ৰ দীপক গুপ্তা (২২) আৰু  বিশ্বনাথ জিলাৰ বিহালীৰ চম্পক চাহুৰ পুত্ৰ  বিজয় চাহু (২৫) ।

আজি আৰক্ষীসূত্ৰে জানিব পৰা মতে , যোৱা ১৬ ডিচেম্বৰৰ দিনা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ  দলে থানাখনৰে অন্তৰ্গত আমিনপাৰা গাঁৱত এক  অভিযান চলায় । গোপন তথ্যৰ ভিত্তিত অভিযান চলাবলৈ গৈ আমিনপাৰা গাঁৱত দিনৰ ১১ -৪৫ বজাত  হাতে-লোতে  ১২’২৩ গ্ৰাম সন্দেহজনক হেৰ’ইন পাই  জব্দ কৰাৰ লগতে নম্বৰ প্লেট নথকা মটৰচাইকেলৰ সৈতে  দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে  ।

সেয়েহে এই ঘটনাৰ সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত  ধৃত ব্যক্তি  দুজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰপ্তাৰ কৰা ব্যক্তি দুজনক আজি ওদালগুৰি জিলা জেল হাজোতলৈকে প্ৰেৰণ কৰিছে ।

সেয়েহে এই ঘটনাৰ সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত  ধৃত ব্যক্তি  দুজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰপ্তাৰ কৰা ব্যক্তি দুজনক আজি ওদালগুৰি জিলা জেল হাজোতলৈকে প্ৰেৰণ কৰিছে । উল্লেখ্য যে আৰক্ষীয়ে পাঁচ দিনৰ বাবে হেৰ’ইন ব্যৱসায়ৰ বিষয়ে নতুন নতুন তথ্য সংগ্ৰহ কৰিবলৈ ধৃত ব্যক্তি  দুজনক আৰক্ষীৰ জিম্মাত বিচাৰিছে ।

দুমুনিচকীত সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা

পশ্চিম দৰং উন্নয়ন পৰিষদৰ  উদ্যোগত  দৰং জিলাৰ দুমুনিচকী হাইস্কুল খেলপথাৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত  তিনি দিনীয়া দিবা নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মুখ্যদ্বাৰ উদ্ধোধন কৰে সমাজকৰ্মী বৈয়তুল্লা আহমেদে । পতাকা উত্তোলন কৰে পশ্চিম দৰং উন্নয়ন পৰিষদৰ সভাপতি তহিদ আলীয়ে। 

পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত দুমুনিচকী হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা প্ৰয়াত মহিবুল্লা আহমেদ আৰু ছাইফুল্লা আহমেদ সোঁৱৰণি তৃতীয় বাৰ্ষিক দিবা নৈশ তিনি দিনীয়া প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা খন কালি সন্ধিয়া আনুষ্ঠানিক ভাৱে মুকলি কৰে মঙলদৈ সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। 

সন্ধিয়া জনপ্ৰিয় কণ্ঠ শিল্পীৰ দেৱৰ্চনা কাশ্যপ,ৰিংকো প্ৰীয়মৰ , শিশু শিল্পী ঈশান আফ্ৰিদি, প্ৰিন্স নিহাল, জিত সাজাহানে গীত পৰিবেশন কৰে। লগতে ভঙা টিভি তথা ইউটিউবৰ জনপ্ৰিয় কৌতুক অভিনেতা ‘খিতেই কাই’ খ্যাত দিপজ্যতি ডেকাৰ  উপস্থিত থাকি  সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বিকি দান্স একাডেমীৰ শিল্পী সকলে নৃত্য পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে।  সাংস্কৃতিক অনুষ্ঠানৰ  পিছতে প্ৰথমখন খেলৰ শুভ উদ্বোধন কৰে মঙলদৈ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ  প্ৰতাপ বৰদলৈ ডাঙৰীয়াই।

এই সমূহ ৰাশিৰ লোক ৩১ ডিচেম্বৰলৈকে সাৱধানে থকা উচিত

৩১ ডিচেম্বৰলৈকে সাৱধান হওক এইসমূহ ৰাশিৰ লোক৷ ৪টা গ্ৰহৰ ৰাশিৰ সলনি হ’ব পাৰে জীৱন৷ জ্যোতিষশাস্ত্ৰৰ মতে, কিছুমান ৰাশিৰ পৰিৱৰ্তন ঘটিব, কিছুমান ৰাশিৰ লোক ৩১ ডিচেম্বৰলৈকে অতি সাৱধান হ’ব লাগিব। এই খ্ৰীষ্টমাছ আৰু ইংৰাজী নৱবৰ্ষৰ সময়ছোৱাত কোনবোৰ ৰাশিৰ চিহ্ন অলপ সাৱধান হ’ব লাগে জানি লওঁক।

বৃষ

কামত কামৰ বোজা বাঢ়িব। বহুক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা থাকে। শিশুৰ স্বাস্থ্যৰ বাবে বিশেষ যত্ন পৰিশোধ কৰিব লাগে। আপুনি বন্ধুবৰ্গৰ সৈতে কথা পাতি সময় অতিবাহিত কৰিব। বিবাহিত জীৱনত সমস্যা থাকিব পাৰে।

মিথুন

চাপ বৃদ্ধি হ’ব পাৰে। যিয়ে পাৰিবাৰিক খণ্ডত সমস্যাৰ সৃষ্টি কৰিব। কেৰিয়াৰৰ বাধা উদ্ভৱ হ’ব পাৰে। বিত্তীয় লোকচান হ’ব পাৰে। জীৱন সংগীক সময় নিদিয়াৰ ফলত পৃথিৱীত সংকট ৰৈ যাব পাৰে।

কন্যা

যিকোনো ক্ষেত্ৰত, কথা কোৱা প্ৰয়োজন হ’ব। আপুনি কঠোৰ পৰিশ্ৰমৰ মূল্য নাপাব। কাজিয়াৰ পৰা আঁতৰি থাকিব। আপুনি টকাখিনি অলপ বুদ্ধিমত্তাৰে খৰচ কৰিব লাগিব।

তুলা

মনটো বৰ অস্থিৰ হৈ পৰিব। ই কামটো ব্যাঘাট জন্মাব পাৰে। যদি আপুনি নতুন কাম হাতত লয় তেন্তে আপুনি অতি সাৱধান হ’ব লাগিব। অন্যথা দুৰ্যোগ ঘটিব পাৰে। খং সংক্ৰমিত হ’ব লাগিব। বন্ধুবৰ্গৰ জৰিয়তে আৰ্থিক লোকচান হ’ব পাৰে।

মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ নাগাৰা নামৰ পাঠক-পাঠিকাৰ

শিল্পী পেন্সনপ্ৰাপক,অসমৰ আগশাৰীৰ বিশিষ্ট নাগাৰা নামৰ পাঠক (শিল্পী) কৈলাশ তালুকদাসহ নাগাৰা নামৰ কেইবাগৰাকী পাঠক-পাঠিকাৰ এটি সজাঁটি দলে আজি অসমৰ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ  বিধায়ক জয়ন্ত মল্ল বৰুৱাক অসম সচিবালয়ত সাক্ষাৎকাৰ কৰে।

দলটিয়ে মুখ্যমন্ত্ৰী  আৰু নলবাৰী বিধায়কক  পিতলৰ নাগাৰা, কুৰকুৰি আৰু  মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।লগতে দলটোৱে শিল্পীসকলে বিগত দিনত ভুগি অহা তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক  অৱগত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নাগাৰা নামৰ পাঠক -পাঠিকাসকলৰ সমস্যাসমুহ পৰ্যায় ক্ৰমে সমাধান কৰাৰ উপৰিও অসমৰ ধৰ্মীয় সংস্কৃতিৰ লাইখুটা সদৃশ গুৰুজনাৰ অমৰ সৃষ্টি নাগাৰা নামক বিশ্বৰ বুকুত প্ৰতিস্থা কৰিবলৈ চেষ্টা কৰি যাম বুলি  আশ্বাস প্ৰদান কৰাৰ লগতে নলবাৰীৰ চৰকাৰী ভুমিত নলবাৰী জিলা নাগাৰা নাম সংঘৰ কাৰ্যালয় এটি স্থাপন কৰাৰ সুবিধাও প্ৰদান কৰিব বুলি দলটোক আশ্বাস প্ৰদান কৰে ।

লামডিং এছবিআইৰ পৰা ঋণ লৈ পলায়ন ৰে’লৱেৰ ঠিকাদাৰ

লামডিং এছবিআইৰ পৰা ১০০.২৫ কোটি টকাৰো অধিক ঋণ লৈ পলাতক  অনন্ত চৰন নায়ক । বেঙ্কৰ টকা পৰিশোধ নকৰাৰ বাবে আজি হোজাই জিলা কাৰ্য্যকৰী দণ্ডাধীশৰ উপস্থিতিত এচবিআই বেঙ্ক কতৃপক্ষই  জব্দ কৰে অনন্ত চৰন নায়কৰ দুটা বিল্ডিং।

অনাগত দিনত ,অনন্ত চৰন নায়কৰ কেইবাটাও সম্পত্তি জব্দ কৰা হ’ব বুলি সাংবাদিকৰ আগত কাৰ্য্যকৰী দণ্ডাধীশে প্ৰকাশ কৰে। অনন্ত চৰন নায়ক Nayak Infrastructure Pvt Ltd ৰো কৰ্ণধাৰ । উল্লেখ যে দীর্ঘদিন ধৰি বেংকৰ পৰা ঋণ লৈ নিৰুদ্দেশ হৈ আছে নায়ক।