Breaking

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ৰাস্তাৰ কামৰ শুভাৰম্ভ

0 48

ৰাভা হাছং স্বাযত্ব শাসিত পৰিষদীয় এলেকাৰ গ্ৰামাঞ্চলৰ সকলো গ্ৰাম্য পথৰ উন্নতি কৰি যাতায়তৰ বাবে সুচল কৰাই হৈছে পৰিষদৰ প্ৰধান লক্ষ্য৷পৰিষদৰ দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাৰা বগৰীবাৰী গাওঁৰ ৪৫০ মিটাৰ দৈৰ্ঘৰ এটি গ্ৰাম্য পথ নতুনকৈ নিৰ্মাণৰ শুভাৰম্ভ কৰি মন্তব্য কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই৷ তেওঁ পুনৰ কয় যে পৰিষদীয় এলেকাৰ দীৰ্ঘ দুৰত্বৰ পথৰ লগতে গাওঁ সমুহৰ মাজত থকা চুটি পথ সমুহো উন্নয়নৰ জৰিয়তে যাতায়ত ব্যবস্থা সুচল কৰি তোলা হব৷

২০২০- ২০২১ বিত্তীয় বৰ্ষৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰিব লগীয়া পথটোৰ বাবে মুঠ ১০ লাখ টকা ধাৰ্য কৰা হৈছে৷ এই পথটো নিৰ্মাণ হৈ উঠিলে খাৰা বগৰীবাৰী গাওঁৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিনে ভুগি অহা এটা সমস্যাৰ পৰা মুক্তি পাব৷ আজিৰ এই কামৰ শুভাৰম্ভত অনুষ্ঠানত উপস্থিত থাকে গড় কাপ্তানী বিভাগৰ কণিষ্ঠ অভিযন্তা উৎপল খাখলাৰী, পৰিষদৰ কনিষ্ঠ অভিযন্তা মুনদ্বীপ ৰাভাৰ লগতে স্থানীয় ৰাইজ।

Leave A Reply