Breaking

ধনশ্ৰী চাহ বাগিচাত বিশেষ ভাবে সক্ষম সকলক ভেকচিন প্ৰদান

0 38

ওদালগুৰি জিলাৰ ধনশ্ৰী চাহ বাগিচাৰ  চিকিৎসালয় ভেকচিনেচন কেন্দ্রত  ভেকচিনেচন কাৰ্যসূচীৰ লগতে ৩৫৯১ জন ব্যক্তিক  ক’ভিড ভেকচিন দিবলৈ  সক্ষম হৈছে। ধণশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ অন্তৰ্গত লাইন সমুহৰ ১৪ টা লাইনত  ৯৯% প্ৰথম পালি ক’ভিড ভেকচিন সম্পূৰ্ণ হৈছে।এই তথ্য ধণশ্ৰী চাহ  বাগিছাৰ চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্ৰৰ দায়িত্বত থকা Laboratory Technician ভৱেশ শৰ্মা ই জানিবলৈ দিয়ে। আনহাতে  কিছুমান লাইন সমুহত  কৰ্ম সূত্ৰে আন ৰাজ্য লৈ যোৱা  একাংশ ব্যক্তি  আকৌ  ভেকচিন কেন্দ্রত আহি  প্ৰথম পালি ভেকচিন গ্ৰহন কৰি আছে বুলি জানিবলৈ দিয়ে।

আন একাংশ আকৌ ভেকচিনৰ ভয়তে ঘৰত লুকাই থাকি ,ঘৰৰ সকলো ব্যক্তিয়ে ভেকচিন লোৱা বুলি কৈ এটাও ভেকচিন গ্ৰহন নকৰা লোকৰ ঘৰৰ পৰা প্ৰথম পালি ভেকচিন গ্ৰহন কৰি আছে। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে প্ৰথম পালি ভেকচিন নকৰা ব্যক্তি সকলক প্ৰথম পালি ভেকচিন গ্ৰহন কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছে আহিছে।

Leave A Reply