Breaking

লামডিংত পুনৰ সীমা বিবাদ লৈ উত্তপ্ত পৰিস্থিতি

0 63

হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ মাজত সীমা বিবাদ দীৰ্ঘ দিন ধৰি চলি আ্ছে ।এই সমস্যা হোজাই জিলাৰ অন্তৰ্গত দক্ষিণ লামডিঙ পঞ্চায়তৰ কৃষ্ণ বস্তিৰ কিছুমান মানুহে কাৰ্বি আংলঙৰ চিইএম তুলিৰাম ৰংহীনক এখন পত্ৰ  যোগেদি অৱগত কৰিছিল যদিও বৰ্তমান সময়ত কোনো সমস্যা সমাধান হোৱা দেখা নাই।

আজি পোৱাৰ ভাগত দক্ষিণ  লামডিং পঞ্চায়তৰ কৃষ্ণ বস্তিৰ কিছুমান কৃষকে গৰু, ছাগলী জঙ্ঘলত লৈ যোৱাৰ সময়ত কিছুমান কাৰ্বি মানুহে লামডিঙ কৃষ্ণ বস্তিৰ থকা কেইজনমান পুৰুষ আৰু মহিলাৰ লগত তৰ্কাতৰকি কৰে লগতে শাৰীৰিক প্ৰহাৰ কৰে।তাৰপিছত কাৰ্বি মানুহে   লামডিং কৃষ্ণ বস্তিৰ খেতিয়কৰ  গৰু ,ছাগলী আটক কৰি ‌ বান্ধি ৰাখে।লামডিঙ কৃষ্ণ বস্তিৰ ৰাইজে কাৰ্বি  মানুহৰ বিৰু্দ্ধে বহুত অভিযোগ কৰে তেওঁলোকৰ উৎপাদিত খেতি সমূহ নষ্টৰ লগতে খেতিয়কৰ মাটি দখল কৰি কাৰ্বি মানুহে খুটা লগোৱাৰ অভিযোগ কৰে।ঘটনা স্থলীত লামডিং আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ চেষ্টা কৰে।

Leave A Reply